ভ্ৰম

ভ্ৰম

লেখক- বন্তি বৰঠাকুৰ বৰুৱা

আজি দুবছৰ ধৰি মোহনে অকলেই অসুখীয়া ঘৈণীয়েকজনীৰ আলপৈচান ধৰি আছে, তথাপি ভাগৰি পৰা নাই। দৰৱৰ জালতে মানুহজনীয়ে ৰাতিপুৱা চকু মেলিবই নোৱাৰে, দহমান বজালৈকে শোৱেই থাকে। সেয়ে বোৱাৰী-পুৱাতে উঠি ৰঙা চাহ একাপ খাই মোহনে দহবজাৰ আগতেই ৰন্ধা-বঢ়াকে আদি কৰি ঘৰখনৰ যাৱতীয় কামবোৰ সামৰি আজৰি হয়। মানুহজনী উঠিলে একেলগে জা-জলপান অকণ ঠিক কৰি শোৱা কোঠালৈকে লৈ আহে। মানুহজনীক পাতলীয়াকৈ চেৰেলেক অকণ গুলি খুৱাই আজৰি হৈহে নিজৰ ভাগৰ জলপানকণ মুখত দিয়ে । জলপানৰ পিছত নিজে প্ৰেচাৰৰ দৰৱটো খাই উঠি মানুহজনীক দহ মিনিটৰ অন্তৰে অন্তৰে একেলেথাৰিয়ে তিনিটা দৰৱ খুৱাই আজৰি হৈ মোহনে দৈনিক বাতৰি কাকতখন মেলি লয়। সেইখিনি সময়তে প্ৰায়েই একমাত্ৰ পুত্ৰই এবাৰ ফোন কৰি মাক-দেউতাকৰ খবৰ লয়। পুত্ৰ-বোৱাৰী দুয়ো কোম্পানীৰ চাকৰিয়াল, বাংগালুৰুত থাকে। বছেৰেকৰ মূৰত কেতিয়াবা ঘৰলৈ আহে। এইবাৰ দেৰবছৰ ধৰি ঘৰলৈ আহিবই পৰা নাই, বোৱাৰীৰ হেনো প্ৰমোচন হৈছে।
বাৰমান বজাত পাৰ্টটাইম কাম কৰা বাইজনী আহি ঘৰখন সাৰি-মচি দি মানুহজনীক গাটো ধুৱাই দি কাপোৰ-কানিবোৰ ধুই ৰ’দত মেলি দি গুছি যায়।
ৰাতিপুৱা এঘাৰমান বজাত মোহনে কামবোৰ সামৰি কাকতখন মেলি লৈছিলহে, তেনেতে “হেৰি পানী এটুপি দিয়কচোন” বুলি সেহাই সেহাই মানুহজনীয়ে গিৰীয়েক মোহনক মাতিলে।
কাষৰ বিছনাখনতে ভেজা দি পেপাৰ পঢ়ি থকা থকা মোহনে খপজপকৈ উঠি ওচৰৰ টেবুলখনত থকা ফ্লাস্কটোৰপৰা বাতি এটাতে অকণমান গৰম পানী লৈ চামুচ এখনেৰে মানুহজনীৰ মুখত দিলে, এচামুচ পানীৰ আধাখিনি কোৱাউৰিয়েদি বাহিৰলৈ ওলাই আহিল।
মানুহজনীয়ে বিছনা লোৱা আজি দুবছৰেই হ’ল। চেন্নাইলৈ লৈ গৈছিল, কেঞ্চাৰ। এতিয়া লাষ্ট ষ্টেজ। আয়ুসত চাউল প্ৰায় শেষ হৈ আহিছে। পেটলৈ পানী এটোপো যাব নোখোজে, ওলাই আহে।
পুনৰ এচামুচ পানী মানুহজনীৰ মুখত দি মোহনে গামোচা এখনেৰে মুখখন মচি দি মানুহজনীৰ কাষতে বহিল। আজি দুকুৰি তিনি বছৰৰ সংগী এই মানুহজনীয়ে তেওঁৰ সংগ এৰি যাবলৈ যে আৰু বেছি দিন নাই সেয়া তেওঁ জানিছে। তেওঁৰো বয়স পৰি আহিছে। তথাপি দুবছৰে তেওঁ মানুহজনীৰ লগত ছাঁটোৰ দৰে লাগি আছে। কাষতে বহি মানুহজনীৰ আধা মচখোৱা সেন্দূৰৰ ফোঁটটোলৈ চাই চাই মোহন কল্পনাৰ সাগৰত ডুব গ’ল। সুখ-দুখৰ সংগী এই মানুহজনীক আকস্মিকভাৱে নিজৰ কৰি লোৱাৰ সেই দিনটোৰ কথা মোহনৰ মনত এনেদৰে ডোলা দিলে যেন সৌ সিদিনাৰহে কথা।
********
টক্ টক্ টক্……
মাজনিশা দুৱাৰত টোকৰ শুনি মোহন সাৰ পাই খকা-মকাকৈ উঠি বিছনাত বহিল, ভয় নে আশংকাত মোহনে মাটিত ভৰি দিব পৰা নাই। গোটেই গাটো জ্বৰে ঘমাদি ঘামিছে। চোৰ ডকাইত নহয়তো, কোন আহিল এই গভীৰ নিশা ‌? চিন্তা কৰিবলৈ নৌপাওতেই চিনাকি মাত দুটামান শুনি মোহন আৰু বেছি আচৰিত হৈ পৰিল।
বোপা উঠাচোন
এয়া চোন গাঁৱৰ হৰেন খুৰাদেউৰ মাত।
দাদা উঠক
এইটো মাত হাজৰিকা মাষ্টৰৰ পুতেক পংকজৰ যেনেই লাগিছে ।
এই ৰাতিখন, সপোন নে দিঠক। নিশ্চয় ঘৰত কিবা বিপদ- আপদ হৈছে। বিজুলী বেগেৰে তাৰ মন পখী উৰি গ’ল সি প্ৰথম শ্ৰেণীত পঢ়ি থকা সেই দিনটোলৈ।
মোহন প্ৰথমমান শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা। চাইকেলখন লৈ হৰেন খুৰাদেৱেকে মোহনৰ ককায়েক দুটা আৰু মোহনক স্কুলৰ পৰা নিবলৈ আহিছে। খুৰাদেৱেকে হেড মাষ্টৰৰ লগত কথা পতাৰ পাছত ককাই-ভাই তিনিওটাকে ঘৰলৈ যাবলৈ অনুমতি দিছে। ডাঙৰ দুটাক খোজ কাঢ়ি যাবলৈ দি মোহনক খুৰাদেৱেকে চাইকেলত তুলি কোবা-কোবিকৈ ঘৰ পালেহি । একো তত্ ধৰিব পৰা হোৱা নাছিল সেই সময়ত সি। মনে মনে ভালেই পাইছিল আধা স্কুল কৰি চাইকেলত উঠি ঘৰলৈ আহিবলৈ পায়। আঁতৰৰ পৰাই ঘৰৰ চোতালত মানুহৰ জুম দেখিও একো উৱাদিহ পোৱা নাছিল সি। সকলোৱে যেন সিহঁতলৈকে বাট চাই আছিল। সি ভেবা লাগি ইফালে সিফালে চাবলৈ ধৰিলে। হিয়ালি- জিয়ালিকৈ কান্দি থকা মাকক দেখোন ওচৰৰ মাইকী মানুহবোৰে আগুৰি ধৰি আছে। তাৰ মাজৰে এজনীয়ে মাকৰ পূৰ্ণিমাৰ জোনহেন সেন্দূৰৰ ফোঁটটো মচি দিছে। এনেতে ককায়েক দুটা স্কুলৰপৰা আহি পোৱাত হৰেন খুৰাদেৱেকে চোতালত বগা কাপোৰেৰে ঢাকি থোৱা দেউতাকৰ মুখৰ কাপোৰখন আঁতৰাই তিনিওকে চাবলৈ দিলে। তাকে দেখি গোট খাই থকা মাইকী মানুহবোৰৰ মাজৰপৰা মাকৰে সৈতে পেহীয়েক কেইজনী ওলাই আহি ৰাউচি জুৰি কান্দিবলৈ ধৰিলে। সেই সময়ত সি খুব ভয় খাইছিল। দেউতাকক বাহিৰৰ চোতালত বগা কাপোৰেৰে ঢাকি কিয় শুৱাই থৈছে সেয়াও বুজা নাছিল। ঘৰৰ মানুহবিলাকে কন্দা-কটাখন কৰা দেখি ভয়তে ককায়েকহঁতৰ লগতে সিয়ো ৰাওচি ধৰিলে। ডাঙৰ হোৱাতহে দেউতাক নোহোৱা কথাটোৱে তাক দুখ দিবলৈ ধৰিলে।
সৰুৰেপৰাই মোহনে মাকক বাৰী- ঘৰৰপৰা আৰম্ভ কৰি বোৱা-কটালৈকে সকলো জপতিয়াই কৰি থকাকে দেখিলে। ভাগ্যে সৰু-সুৰা হ’লেও দেউতাকৰ এটা চৰকাৰী চাকৰি আছিল। পেন্সনটোৰেই চলিব লগা হোৱা বাবে তেতিয়াৰ পৰা মাকজনীয়ে কমখন কষ্ট কৰিলেনে? আঠটাকৈ এমা ডিমা ল’ৰা-ছোৱালী পঢ়াই- শুনাই অকলেই মানুহ কৰিলে। এতিয়া পিচে মাকৰ সেই দুখৰ দিনৰ অন্ত পৰিল। পাঁচজনী ছোৱালীৰ তিনিজনী উপযুক্ত বয়সত সুপাত্ৰলৈ বিয়া দি উলিয়াই দিলে। চাকৰি পোৱাৰ পাছত মোহনৰ ককায়েক দুটাকো বিয়া পাতি দিলে। বায়েকহঁতৰ দৰে উপযুক্ত দৰা পালে কলেজত পঢ়ি থকা সৰু ভনীয়েক দুজনীকো মাকে সোনকালে বিয়া দি উলিয়াই দিয়াৰ কথাকে ভাবিছে। জী-জোঁৱাই, পো-বোৱাৰী আটায়ে মাকক বৰ শ্ৰদ্ধা-ভক্তি কৰে। কথাতে কয় নহয় একালত দুখ হ’লে একালত সুখ হয় বুলি। মোহনে কৃষি বিভাগত গ্ৰামসেৱকৰ চাকৰিটো পোৱাৰ এবছৰহে হৈছে। ঘৰখন নগাঁও টাউনৰ দাঁতিকাষৰীয়া হোৱা বাবে বি এ পাছ কৰালৈকে সি ঘৰৰ বাহিৰত থাকিব লগা হোৱা নাছিল। মৰিগাঁৱত চাকৰিত জইন কৰাৰ পাছতহে একোঠলীয়া ঘৰ এটা ভাড়াত লৈ অকলশৰে থাকিবলৈ লয়।
*******
মোহন অ’ ভয় খাব নেলাগে, আমিহে আহিছোঁ, দৰ্জাখন খুলি দেচোন।
সৰু ককায়েকৰ মাতটো শুনি তাৰ বুকুখন দুৰু দুৰুকৈ কঁপি উঠিল। মাকৰ নে ঘৰৰ আন কাৰোবাৰ হানি বিঘিনি? একে জাপে উঠি গৈ সি দুৱাৰখন খুলি দিলে।
তাৰ অবাক চাৱনি দেখি হৰেন খুৰাদেৱেকে ভিতৰলৈ আহি তাৰ দুবাহুত হাত থৈ আশ্বাস দি ক’লে- “তই চাগৈ ভয়েই খাইছ আমি এই ৰাতিখন আহি ওলোৱাৰ বাবে। চিন্তা কৰিব লগীয়া একো হোৱা নাই, সকলো কুশলে আছে। আজি তই আমাক এটা ডাঙৰ সহায় কৰিব লাগিব। সময় হাতত খুব কম, তই কাপোৰযোৰ পিন্ধি সোনকালে সাজু হচোন। গাড়ীত বহি সকলো কথা ভাঙি-পাতি ক’ম।”
সৰুতে তাৰ দেউতাক ঢুকোৱাৰ দিনা হৰেন খুৰাদেৱেকৰ লগত স্কুলৰপৰা চাইকেলত উঠি আহি চোতালত মানুহৰ জুমটো দেখি যেনে অনুভৱ হৈছিল ঠিক তেনে এক অবুজ অনুভৱে তাৰ দেহ-মন জোকাৰি গ’ল।
গাড়ীত বহি লৈ খুৰাদেৱেকে আচল কথাটোৰ পাতনি মেলিলে। আজি আমাৰ গাঁওবুঢ়াৰ জীয়েক মলয়াৰ বিয়া আছিল বুলি তইতো জানই ‌। দৰা চাবলৈ বুলি আমি আটাইমখা বিয়াঘৰতে আছিলো। ফুলগুৰিৰপৰা দৰা আহি দহ বজাত কইনাঘৰৰ পদূলি পালেহি। কলৰ গুৰিত কইনাৰ বাপেকে দৰা আদৰিবলৈ যো -জা কৰোঁতেই দৰা বহি থকা গাড়ীৰ ওচৰত হুলস্থূল লাগিল। দিনটো লঘোনে- ভোকে থকা বাবে তাৰ গাটো অকণমান বেয়া লাগিছে বুলি কৈ দৰাৰ মাহীয়েকে কথাটো গাপ দিব খুজিছিল। কইনাৰ ককায়েক মৃগাংকই ৰভাতলিৰ পৰাই দৌৰাদৌৰিকৈ পানীৰ জগ এটা লৈ দৰাৰ গাড়ীৰ ওচৰলৈ আহি দেখে কথা বিষম। ইকাণ সিকাণ বাগৰি কথা আহি গাওঁবুঢ়াৰ কাণত পৰিল। কেউফালে হোৱা- দোৱাখন লাগিল। হওঁতে কথাটো গাওঁবুঢ়াই ঘুনুক -ঘানাককৈ নুশুনাকৈ থকা নাছিল। টুটকীয়া মানুহে বিয়া ভাঙিবলৈ কোৱা কথা বুলি গাওঁবুঢ়াই কথাটোত গুৰুত্ব নিদিলে। দৰাৰ মৃগী বেমাৰ থকা কথাটো নিশ্চিত হৈ কলৰ গুৰিতে গাওঁবুঢ়া গৰজি উঠিল – ‘মোৰ ছোৱালী ঘৰতে বুঢ়ী হ’ব, তথাপি এই বিয়া হ’ব নোৱাৰে। ’
কইনাৰ ককায়েক মৃগাংকই বাপেকক বুজাই বঢ়াই ভিতৰলৈ লৈ আহিল। বিচাৰ বুদ্ধিৰে মৃগাংক বৰ বুজন ল’ৰা। মিত-মাত কৰি দৰাঘৰীয়াক ওভটাই পঠাই সংকল্প ল’লে আজিয়েই এই ৰভাতলিতে ভনীয়েকক বিয়া দি উলিয়াই দিব। বিয়া পাতিম বুলিলেইতো নহ’ব, বিয়া কৰাবলৈ দৰা এটাও ওলাব লাগিব। আমি সকলোৱে গুণাগথা কৰি দৰা তোকেই বাছনি কৰিলো। ছোৱালী সাইলাখ লখিমী, এনে এজনী ছোৱালী সতকাই পোৱা টান। মাৰেও সন্মতি দিছে, ছোৱালীজনী তয়েই উদ্ধাৰ কৰিব লাগিব। ঘৰৰ সকলোৰে মত আছে। ককায়েৰে নিজে তোক নিবলৈ আহিছে। জন্ম, মৃত্যু, বিবাহ সকলো তেৰাৰ হাতত। আমি সাধাৰণ নৰ-মনিচে কৰোঁ বুলি একো কৰিব নোৱাৰোঁ। তাইক কিজানি তেৰাই তোৰ বাবেই সৃজন কৰি থৈছিল। তই আমাৰ কথা ৰাখ মোহন, না নকৰিবি।
মৃগাংক আৰু মোহন হাইস্কুলত একেলগে পঢ়া। সিহঁত ক্লাছ নাইন পাওঁতে মৃগাংকৰ মলয়া নামৰ ভনীয়েকজনীয়ে ক্লাছ ফাইভত নাম লগাইছিল। তাই হৰেন খুৰাদেৱকৰ জীয়েক মাধুৰীৰ বান্ধৱী। দুয়োজনীয়ে একেলগে মেট্ৰিক পাছ কৰা। গাঁৱৰে ছোৱালী যেতিয়া মাজে সময়ে সি মলয়াক নেদেখা নহয়। মাধুৰীৰ বিয়াৰ দিনা সি মলয়াক ওচৰৰপৰা দেখিছে । দেখিছে মানে লুকাই চুৰ কৰি চাইছেও। গহীন গম্ভীৰ, দেখনিয়াৰ ছোৱালী। বিয়াৰ দিনা সাজি কাচি আহোঁতে তাইক একেবাৰে সৰগৰ পৰী যেন লাগিছিল। এনেকুৱা ধুনীয়া ছোৱালী দেখিলে তাৰ সৰুতে মাকৰ মুখত শুনা সাধুকথাৰ চিলনীৰ জীয়েকজনীলৈ মনত পৰে। দেখাত যিমান শুৱনি কামে কাজেও তাই সিমানেই কাজী। তাই হেনো কইনাক নিজ হাতেৰে বোৱা তিনিখন গামোচা আৰু দহখন ৰুমাল উপহাৰ দিছে। টাউনৰপৰা যোৱা মৃগাংকৰ বন্ধু এটাই বোলে তাইক দেখি বিয়াৰ প্ৰস্তাৱেই দিছিল। মৃগাংকহে আগনাবাঢ়িল, ল’ৰাটোৰ হেনো চৰিত্ৰ বৰ ভাল নহয়, ৰঙাপানীটুপীও ধৰে বোলে।
এনে এজনী ৰূপে গুণে চহকী ছোৱালী মোহনে নাকচ কৰিব নোৱাৰিলে। বিয়াৰ বাবে সি তেনে এজনী ছোৱালীৰ সন্ধানতেই আছিল ইমানদিনে। ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে বুলি মনতে ভাবি সি ঘৰত সোমাই মাকক আৰু দেউতাকৰ ফটোখনত সেৱা জনাই কইনা ঘৰৰ পদূলিৰ কলৰ তল পালেহি। দৰা আহি পোৱাৰ লগে লগে কলৰ তলৰপৰা ৰভাতলিলৈকে ওথপথপ লাগিল। ভিতৰৰপৰা ভাহি আহিল _
শিৱ গোসাঁই আহিছে ডম্বৰু বাজিছে।
শহুৰৰ পদূলিত কন্যা ভিক্ষা মাগিছে। ।
ৰভাতলিৰপৰা অহা আয়তীৰ এজাউৰি উৰুলিৰ ধ্বনিয়ে এক মিঠা অনুভূতিত মোহনৰ গা -মন শিহঁৰিত হৈ পৰিল।
সেই কাহিনী এতিয়া সুদূৰ অতীত। তথাপি কেতিয়াবা মোহনৰ এনে লাগে যেন এয়া সৌ সিদিনাৰহে ঘটনা। বেমাৰে কোঙা কৰি পেলোৱা, গাত মঙহৰ লেশমাত্ৰও নথকা শুকান মানুহজনীৰ মুখখনৰ ঠাইত মোহনে কপালত উজ্জ্বল ৰঙা ফোঁটটোৰে কইনাৰূপী মানুহজনীকহে প্ৰায়েই দেখা পায়। দিঠকৰ কথা পাহৰি আজিকালি মোহনে প্ৰায়েই এনে ভ্ৰমৰ মাজতে বাস কৰে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!