তুলিকা শইকীয়াৰ উপন্যাসঃ চাৰিশাল গোসাঁনীৰ তেজ

লেখক- ধৰ্মেন্দ্ৰ বৰুৱা

ঔপন্যাসিক তুলিকা শইকীয়াৰ এখন জনপ্ৰিয় উপন্যাস ‘চাৰিশাল গোসাঁ‌নীৰ তেজ’। মুনীন বৰকটকী বঁ‌টাপ্ৰাপ্ত এই উপন্যাসখন চুতীয়া ৰজা নীতিপাল আৰু ৰাণী সাধনীৰ জীৱনৰ আধাৰত ৰচিত। উপন্যাসখনৰ পাতনিত লেখিকাই লিখিছে -‘সৰুতে সাধুকথা শুনাৰ দৰে শুনিছিলোঁ-নিতাই নামৰ গৰখীয়া ল’ৰা এটাই কেৰ্কেটুৱা মাৰি ৰজাৰ জীয়েকক বিয়া পাতিছিল আৰু ৰজা হৈছিল। ডাঙৰ হৈ বুৰঞ্জীৰ পৃষ্ঠা লুটিয়াই জানিব পাৰিলোঁ নিতাই কোনো ৰূপকথাৰ নায়ক নাছিল, এই মাটিৰে তেজ মঙহৰ মানুহ আছিল। নিতাই সঁ‌চাকৈয়ে চুতীয়া ৰাজ্যৰ ৰজা হৈছিল। সয়ম্বৰৰ চৰ্ত পূৰণ কৰি চুতীয়া ৰজাৰ জীয়েকক বিয়া পতাৰ পাছত নিতায়ে সিংহাসনত বহিবলৈ সুয়োগ পাইছিল। ৰাজতন্ত্ৰত গৰখীয়া ল’ৰা এটিৰ স্থান কাৰো অনুমানৰ বাহিৰত নহয়। কিমান সাহস থাকিলে গৰু চৰাই থকা ল’ৰা এটাই এখন শক্তিশালী ৰাজ্যৰ ৰাজকন্যাক বিয়া কৰোৱাৰ কথা ভাবিব পাৰে। কথাটোৱে মন চুই গৈছিল।’
ঔপন্যাসিক তুলিকা শইকীয়াৰ ‘চাৰিশাল গোসাঁ‌নীৰ তেজ’ শীৰ্ষক উপন্যাসখনৰ মূল চৰিত্ৰ নীতিপাল আৰু সাধনী। ৰজা নীতিপাল আৰু ৰাণী সাধনীক কেন্দ্ৰ কৰিয়ে উপন্যাসখন আগবাঢ়িছে। গৰখীয়া ল’ৰা নিতাই ৰজা ধীৰনাৰায়ণৰ জীয়েক সাধনীৰ সয়ম্বৰৰ চৰ্ত পূৰণ কৰি ৰাজকন্যাৰ লগতে ৰাজপাট লাভ কৰাৰ কাহিনী উপন্যাসখনৰ মূল বিষয়। কাহিনী মতে চুতীয়া ৰাজ্যৰ ঔগুৰি গাঁৱৰ এজন সাধাৰণ প্ৰজা হলধৰ। এঘাৰটি সন্তান, নাতি-বোৱাৰীৰে হলধৰ বুঢ়াৰ ভৰপুৰ সংসাৰ। বুঢ়াৰ সাতোটা পুতেক, তাৰে নুমলীয়াজন হ’ল নীতাই। এই নিতাইৰ বাহিৰে বুঢ়াৰ আন পুতেক কেইজন কৰ্মঠ, দিনৰ দিনতো কামতে ব্যস্ত থাকে। বোৱাৰীকেইজনীও দিনৰ দিনতো ইটো-সিটো কাম কৰি কৰি আহৰি নাপায়। পিছে নিতাইৰহে কামৰ প্ৰতি কোনো আগ্ৰহ নাই, দিনৰ দিনতো ধনুৰে চিকাৰ কৰা, গৰু চৰোৱা অথবা ধৱলীত সাঁ‌তুৰি-নাদুৰি কটায়। কাম বন নকৰি অনাই-বনাই ঘূৰি ফুৰা নিতাইক লৈ বাপেক হলধৰৰ সদায় ক্ষোভ, কিন্তু মাক কেতেকী বুঢ়ীয়ে সৰু পুতেকৰ গাত টোপ এটাও পৰিবলৈ নিদিয়ে।
উপন্যাসখনৰ আন দুটা প্ৰধান চৰিত্ৰ চুতীয়া ৰজা ধীৰনাৰায়ণ আৰু ৰাণী নিশিপ্ৰভা। ৰজা-ৰাণীয়ে নানা যাগ-যজ্ঞ, পূজা-পাতল কৰি জীয়ৰী সাধনীক লাভ কৰিছিল। সেয়েহে ৰজাই জীয়েকৰ বিয়াৰ উপযুক্ত বয়স হোৱাৰ পিছত সীতাদেৱীৰ সয়ম্বৰৰ দৰে সাধনীৰো সয়ম্বৰ পাতিবলৈ স্থিৰ কৰিছিল। সয়ম্বৰৰ চৰ্ত আছিল-শ দিয়া মৈদামত বগাই ফুৰা কেৰ্কেটুৱা এটা একেপাট শৰেৰে শালি পেলোৱা। সয়ম্বৰৰ দিনা বিভিন্ন ৰজা-মহাৰজা আহি ভৰি পৰিছিল। কিন্তু কোনো এজনেও সয়ম্বৰৰ চৰ্ত পূৰণ কৰিব পৰা নাছিল। যিমানেই সময় আগবাঢ়িছিল, সিমানেই ৰজা ধীৰনাৰায়ণৰ চিন্তা বাঢ়িছিল। দুপৰ শেষ হৈ তিনিপৰো শেষ হ’বৰ হৈছিল, বীৰৰ দৰে মণ্ডপৰ পৰা ওলাই যোৱা পাণিপ্ৰাৰ্থীসকলৰ এজনো মণ্ডপলৈ উভতি অহা নাছিল। সয়ম্বৰৰ চৰ্ত পূৰণ কৰিব নোৱাৰি তেওঁলোকে মৈদামৰ পৰাই নিজ নিজ গৃহ অভিমুখে প্ৰস্থান কৰিছিল। এটা সময়ত মণ্ডপ উদং হৈ পৰিছিল, ৰজা -ৰাণীৰ মুখত যেন আকাশী সৰগ হে ভাগি পৰিল। এনেতে নিতাই গৰখীয়াই সাধাৰণ পোছাকেৰে, সাধাৰণ ধনুকাঁড় লৈ মণ্ডপত উপস্থিত হ’ল আৰু সয়ম্বৰৰ চৰ্ত পূৰণ কৰিব পাৰিম বুলি দৃঢ় বিশ্বাসৰে কয়। উপায়হীন হৈ পৰা ৰজা ধীৰনাৰায়ণে নিতাৰ সাহস আৰু দৃঢ়তাত মুগ্ধ হ’ল। পুৰোহিতৰ লগত আলোচনা কৰি নিতাইক চৰ্ত পূৰণ কৰিব দিয়া হ’ল। কিন্তু এই কথাত ৰাজ বিষয়া কোনোৱে ভাল নাপালে। সকলোকে আচৰিত কৰি গৰখীয়া ল’ৰা নিতাই সয়ম্বৰৰ চৰ্ত পূৰণ কৰিলে, নিতায়ে এৰি দিয়া শৰপাতে কেৰ্কেটুৱা এটা শালি ধৰিলে। এনেদৰে গৰখীয়া ল’ৰা নিতাই ৰজাৰ জোঁ‌ৱাই হৈছিল, ৰাজকুমাৰী সাধনীৰ স্বামী হৈছিল। নিতাইক প্ৰায়শ্চিত্ত বিধান কৰাই ক্ষত্ৰিয় কুললৈ নীতিপাল নামেৰে অভিহিত কৰিছিল আৰু ৰজা-ৰাণী দুয়ো ৰাজ্য এৰি বনলৈ গুচি গৈছিল। প্ৰথম অৱস্থাত সাধনীয়ে নীতিপালক অৱজ্ঞা কৰিছিল যদিও পিছলৈ তেওঁ ৰাজ্যৰ কথা ভাবি, ভায়েক সাধকৰ কথা ভাবি স্বাভাৱিক হৈ পৰিছিল। ‘এই নীতিপাল এতিয়া কেৱল সাধনীৰে নহয়, এই ৰাজ্যৰো সৰ্বস্ব। পিতাকে তাইৰ হাতত অৰ্পণ কৰা সোণৰ মেকুৰী আৰু ঢাল-তৰোৱাল ৰক্ষা কৰা এতিয়া তাইৰ প্ৰথম দায়িত্ব। নীতিপালৰ পত্নী হৈ, চুতীয়া ৰাজ্যৰ ৰাণী হৈ সাধনীয়ে এই সম্পদ আৰু ৰাজ্যৰ মৰ্যাদা ৰক্ষা কৰিব লাগিব। এয়া নিয়তিৰ বিধান। এয়াই পিতৃ -মাতৃৰ ইচ্ছা, এয়াই কেঁ‌চাইখাঁ‌তী গোসাঁ‌নীৰো ইচ্ছা।’ (পৃষ্ঠা-৪৩)
সাধনীৰ সহযোগত নীতিপালৰ ৰাজ অভিষেক হৈছিল, নীতিপাল নতুন চুতীয়া ৰজা হৈছিল। অনভিজ্ঞ নীতিপালে সাধনীৰ সহায়ত ৰাজকাৰ্য চলাই গৈছিল যদিও ৰাজবিষয়াসকলে ভিন্ন সময়ত গা এৰা দিছিল। যাৰবাবে ৰাজ্য চলোৱাত বিভিন্ন অসুবিধাই দেখা দিছিল। আনহাতে নীতিপালৰ কিছুমান অদুৰদৰ্শী সিদ্ধান্তৰ বাবেও ৰাজ্য দুৰ্বল হৈ পৰিছিল। তদুপৰি কিছুমান বিষয়াই ৰাজকাৰ্যত অসহযোগিতা কৰিবলৈ লৈছিল। বিশেষকৈ মন্ত্ৰী কাচিতৰাই নীতিপাল ৰজা হোৱা কথাটো প্ৰথমৰে পৰা সহ্য কৰিব পৰা নাছিল। সেয়েহে তেওঁ গোপনে আহোমৰ লগত মিতিৰালি কৰিছিল। আহোমৰ হতুৱাই নীতিপালক হেৰুৱাই নিজৰ স্বাৰ্থ সিদ্ধিৰ পৰিকল্পনা কৰিছিল কাচিতৰাই। আহোম সৈন্যই কাচিতৰাৰ সহযোগত অতি সহজে চুতীয়া ৰাজ্য আক্ৰমণ কৰিবলৈ সক্ষম হৈছিল।
তুলিকা শইকীয়াৰ ‘চাৰিশাল গোসাঁ‌নীৰ তেজ’ শীৰ্ষক উপন্যাসখনত চুতীয়া ৰজা নীতিপাল আৰু ৰাণী সাধনীৰ অমৰ প্ৰেমৰ মূৰ্ত প্ৰকাশ ঘটিছে। মাজতে ৰজাই পৰিস্থিতিত পৰি আন কুঁ‌ৱৰী অনাৰ পিছত দুয়োৰে মাজত মনোমালিন্য হৈছিল যদিও শেষত পুনৰ মিল হয়। আনকি যুদ্ধত হাৰিও নীতিপালে পত্নীক আহোম ৰজাৰ হাতত অৰ্পণ নকৰি যুঁ‌জি যুঁ‌জি মৃত্যুবৰণ কৰিছিল। একেদৰে ৰাণীও আহোম সৈন্যৰ হাতত ধৰা নিদি নৈত জপিয়াই মৃত্যুক আঁকোৱালি লৈছিল।
তুলিকা শইকীয়াৰ ‘চাৰিশাল গোসাঁ‌নীৰ তেজ’ এখন সাৰ্থক উপন্যাস। তুলিকা শইকীয়াই উপন্যাসখনৰ মাজেৰে চুতীয়া ৰাজ্যৰ জনজীৱন আৰু সংস্কৃতি, চুতীয়া ৰাজ পৰিয়াল আৰু ৰাজ কাৰেঙৰ জীৱন যাত্ৰা, সেই সময়ৰ সমাজ ব্যৱস্থা, লোকবিশ্বাস, লোকাচাৰ আদিও সুন্দৰ ৰূপত তুলি ধৰিছে।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!