আশ্ৰয় ;মূল হিন্দী: আৰ. কে. নাৰায়ণ;

অনুবাদ: মনালিছা পাঠক নেওগ

হঠাতে নামি অহা বৰষুণজাকে যেন সমগ্ৰ পথটো মুহূৰ্ততে নিস্তব্ধ কৰি পেলালে। পথৰ কাষত থিয় হৈ থকা বিশাল বটগছজোপাই তেওঁক আশ্ৰয় দিলে। গছজোপাৰ শকত গা আৰু বিস্তৃত ডাল-পাতৰ তলত থিয় হৈ তেওঁ নীৰৱে বৰষুণৰ ধাৰাবোৰ চাই থাকিল। মাজে মাজে বতাহে বৰষুণৰ সূক্ষ্ম ফোঁটা উৰুৱাই তেওঁৰ গাল চুই গৈছিল।

 

পথৰ কাষত তিতি কঁপি থকা এটা কুকুৰ আৰু কলপাত চোবাই থকা দুটা বলধ গৰু— এই সকলোবোৰ যেন বৰষুণজাকৰ সৈতে মিলি এক বিষণ্ণ দৃশ্য অংকন কৰি আছিল।

 

হঠাতে তেওঁৰ অনুভৱ হ’ল— গছৰ আন এটা বেঁকা ডালৰ তলত আৰু কোনোবা আছে। ফুলৰ মৃদু সুগন্ধি বতাহত ভাহি আহিল। কৌতূহলত তেওঁ লাহে লাহে সেইফালে আগবাঢ়িল। তাৰ পিছতেই তেওঁ থমকি ৰ’ল।

 

সন্মুখত থিয় হৈ আছিল তেওঁৰ স্ত্ৰী।

 

তেওঁৰ ওঁঠৰ কাষলৈ “অ’!” বুলি এটা শব্দ আহি থমকি ৰ’ল। আচৰিত, সংকোচ আৰু অনুশোচনাৰ এক অদ্ভুত মিশ্ৰ অনুভূতিয়ে তেওঁক নিশ্চুপ কৰি পেলালে। আনহাতে মহিলাগৰাকীও তেওঁক দেখি ভয় খাই উঠিছিল। যেন মুহূৰ্তটোৱে দুয়োৰে বুকুৰ বহু পুৰণি ক্ষত আকৌ জগাই তুলিছিল।

 

কিছুসময় পিছত তেওঁ নিজকে চম্ভালি মৃদুস্বৰে ক’লে—

“ভয় নকৰিবা… মই গুচি যাওঁ।”

 

কিমান অদ্ভুত! বহুদিনৰ বিচ্ছেদৰ পিছত নিজৰ স্ত্ৰীৰ সৈতে সাক্ষাৎ হোৱাৰ পিছতো এই কথাই তেওঁৰ মুখৰপৰা ওলাইছিল।

 

তেওঁ পুনৰ আগৰ ঠাইলৈ উভতি গ’ল। কিন্তু মনটো স্থিৰ হৈ নাথাকিল। অলপ পাছতেই আকৌ আহি সুধিলে—

“তুমি ইয়াত কেনেকৈ?”

তেওঁ ভাবিছিল, হয়তো কোনো উত্তৰ নাপাব।

 

কিন্তু শান্ত স্বৰে উত্তৰ আহিল—

“বৰষুণৰ বাবে।”

 

তেওঁ ম্লান হাঁহি এটা মাৰি ক’লে—

“অ’… ময়ো সেইকাৰণেই আহিছোঁ।”

 

কথাটো কৈ তেওঁ নিজেই নিজৰ ওচৰত লাজ পালে।

 

মহিলাগৰাকী নীৰৱে থাকিল।

 

নীৰৱতাটো ভাঙিবলৈ তেওঁ পুনৰ ক’লে—

“হঠাতে বৰষুণ আহিল নহয়…”

 

কিন্তু মহিলাগৰাকীয়ে যেন একো শুনাই নাপালে। তেওঁ আনফালে চাই থাকিল।

 

তেওঁ পুনৰ ক’লে—

“আগতেই গম পোৱা হলে হয় ঘৰতে থাকিলোঁহেঁতেন, নহ’লে ছাতি লৈ ওলাই আহিলোঁহেঁতেন।”

 

তথাপি কোনো সঁহাৰি নাহিল।

 

এই নীৰৱতাই তেওঁক অস্বস্তিত পেলাইছিল। তেওঁ সুধিব খুজিছিল— “তোমাৰ কাণত কিবা সমস্যা হৈছে নেকি?” কিন্তু কথাটো মুখলৈ আহিও ৰৈ গ’ল। তেওঁ জানিছিল— এই মহিলাগৰাকীৰ খং কিমান ভয়ংকৰ হ’ব পাৰে।

 

সেই শেষৰ ৰাতিটোৰ আগলৈকে তেওঁ কেতিয়াও সম্পূৰ্ণকৈ বুজি পোৱা নাছিল, তেওঁৰ স্ত্ৰীৰ অভিমান কিমান গভীৰ।

 

বিবাহিত জীৱনত তেওঁলোকৰ মাজত অসংখ্য তৰ্ক হৈছিল। প্ৰায় প্ৰতিটো সৰু কথাক লৈ মতানৈক্য— ৰেডিঅ’ চিলন শুনিব নে অল ইণ্ডিয়া ৰেডিঅ’, ইংৰাজী ছবি চাব নে তামিল ছবি, চম্পা ফুলৰ সুগন্ধি বেছি তীব্ৰ নেকি, নে গোলাপেই পৃথিৱীৰ আটাইতকৈ ধুনীয়া ফুল— যিকোনো বিষয়েই তেওঁলোকৰ মাজত কাজিয়াৰ সৃষ্টি কৰিব পাৰিছিল।

 

কেতিয়াবা দিনৰ পিছত দিন কথা বন্ধ থাকিছিল। তাৰ পিছত আকৌ মিলন হৈছিল। এবাৰ তেওঁলোকে আনকি এখন দীঘল চুক্তিপত্ৰও লিখিছিল। পূজাঘৰত দেব-দেৱীৰ সন্মুখত স্বাক্ষৰ কৰি শপত লৈছিল—“এতিয়াৰপৰা আমি আৰু কেতিয়াও কাজিয়া নকৰোঁ।”

 

কিন্তু মাত্ৰ চব্বিশ ঘণ্টাৰ ভিতৰতে সেই প্ৰতিজ্ঞা ভাঙি গৈছিল। ঘৰুৱা খৰচ, আত্মীয়-স্বজন, খাদ্য, বাজেট— সকলো বিষয়তেই তেওঁলোকৰ সংঘাত আছিল।

 

বৰষুণৰ তলত থিয় হৈ আজি তেওঁৰ হঠাতে অনুভৱ হ’ল— যেন ভাগ্যই তেওঁলোকক আকৌ এবাৰ একেলগে থিয় কৰাইছে। সেই ৰাতিটোৰ কথা তেওঁৰ মনলৈ আহিল— খঙত তেওঁ কৈ পেলাইছিল—

“যাব বিচাৰিলে গুচি যোৱা।”

 

আৰু মহিলাগৰাকী সঁচাকৈয়ে গুচি গৈছিল।

 

তাৰ পিছত বহুদিন তেওঁ ঘৰৰ দুৱাৰ খোলা ৰাখিছিল। হয়তো কোনো এদিন তেওঁ উভতি আহিব বুলি। কিন্তু তেওঁ উভতি অহা নাছিল। আজিৰ এই আকস্মিক সাক্ষাতে তেওঁৰ বুকুৰ বহুদিনৰ শূন্যতা জগাই তুলিছিল। তেওঁ লাহে লাহে ক’লে—“তোমাক পুনৰ লগ পাম বুলি কেতিয়াও ভবা নাছিলোঁ।”

 

মহিলাগৰাকীয়ে মৃদু বিদ্ৰূপেৰে ক’লে—“তুমি ভাবিছিলা নেকি মই গৈ পানীত ডুবি মৰিম?”

 

তেওঁ শান্তভাৱে ক’লে—

“ভয় লাগিছিল… হয়।”

 

“চুবুৰিৰ কুঁৱা, পুখুৰীত মোক বিচাৰিছিলা নে?”

“নদীতো,” তেওঁ মৃদুস্বৰে যোগ কৰিলে।

 

মহিলাগৰাকী ঠাণ্ডা হাঁহি এটা হাঁহিল—

“যদি বিচাৰিলাহেঁতেন, মই আচৰিত হ’লোঁহেঁতেন।”

 

তেওঁ ক’লে—

“যেতিয়া তুমি মৰিবলৈ যোৱা নাছিলা, তেতিয়া মই কিয় বিচাৰিম বুলি ভাবিলা?”

 

এই কথাত মহিলাগৰাকী খঙত মাটিত ভৰি আচাৰি উঠিল—

“কিয়নো এইটো স্পষ্ট যে তোমাৰ হৃদয় বোলা বস্তুটো নাই।”

 

“তোমাৰ লগত তৰ্ক কৰা অত্যন্ত অযুক্তিকৰ,” তেওঁ ক’লে।

 

“হে ভগৱান! এতিয়া মোৰ চৰিত্ৰ বিশ্লেষণো আৰম্ভ কৰিলা নেকি?”

মহিলাগৰাকী তিক্ত স্বৰে ক’লে—

“এই বৰষুণ নহাহলে মই কেতিয়াও ইয়াত থিয় হৈ নাথাকিলোঁহেঁতেন।”

 

তেওঁ কোমল স্বৰে ক’লে—

“নাই… বৰষুণ ভালেই হ’ল। অন্ততঃ ই আমাক পুনৰ লগ ধৰালে।”

তাৰ পিছত অলপ থমকি তেওঁ সুধিলে—“ইমানদিন তুমি ক’ত আছিলা?”

 

মহিলাগৰাকীয়ে ক’লে—

“সেইটো জানি কি হ’ব?”

 

তেওঁ অনুভৱ কৰিলে— কণ্ঠস্বৰত অলপ কোমলতা আছে। সেইটোৱে তেওঁৰ বুকুত সৰু আশাৰ পোহৰ জ্বলালে। কিন্তু “ঘূৰি আহা” বুলি ক’বলৈও তেওঁ সাহস নকৰিলে।

 

বৰষুণ বেছি জোৰেৰে নামিবলৈ ধৰিল। বতাহে উৰুৱাই অনা পানীৰ ফোঁটাবোৰ মহিলাগৰাকীৰ মুখত পৰিবলৈ ধৰিলে। তেওঁ তৎক্ষণাৎ ৰুমালখন আগবঢ়াই দিলে।

 

কিন্তু মহিলাগৰাকী আঁতৰি গ’ল—

“মোৰ বাবে চিন্তা নকৰিবা।”

 

“তুমি সম্পূৰ্ণ তিতি গৈছা…”

 

“মোৰ বাবে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই।”

 

তেওঁ আকুল হৈ ক’লে—

“মই দৌৰি গৈ টেক্সি বা ছাতি আনিম নেকি?”

 

মহিলাগৰাকীয়ে তীক্ষ্ণ দৃষ্টিৰে চাই ক’লে—“মই তোমাৰ খেলাৰ বস্তু নেকি?”

 

“মই তেনেকুৱা একো কোৱা নাই।”

 

“তুমি ভাবা তেনেকৈ, ইচ্ছা হ’লে মোক আঁকোৱালি ল’বা, ইচ্ছা হ’লে এৰি দিবা। খেলা বস্তুৰ লগতেই তেনেকুৱা কৰা হয়।”

 

“মই তোমাক যাবলৈ কোৱা নাছিলোঁ…”

 

“এতিয়া মই এইবোৰ শুনিব নিবিচাৰোঁ।”

 

তেওঁৰ কণ্ঠত গভীৰ অনুশোচনা স্পষ্ট হৈ উঠিল—

“বিশ্বাস কৰা… মই সলনি হৈছোঁ।”

 

মহিলাগৰাকীয়ে শান্তভাৱে ক’লে—

“ময়ো সলনি হৈছোঁ। এতিয়া মই কাৰোপৰা একো আশা নকৰোঁ… সেয়ে হতাশো নহওঁ।”

 

তেওঁ পুনৰ সুধিলে—

“ইমানদিন কি কৰিছিলা?”

 

মহিলাগৰাকীয়ে মাত্ৰ মূৰ জোকাৰি দিলে।

 

তেওঁ ক’লে—

“কোনোবাই কৈছিল তুমি হৰিজন সেৱাৰ কামত জড়িত আছা… চোৱা, তোমাৰ খবৰ মই ৰাখিছিলোঁ। তেওঁ সুধিলে—

তুমি সদায় তাতেই থাকা নে…?”

কিন্তু কোনো উত্তৰ নাহিল।

স্পষ্টকৈ বুজা গৈছিল, তেওঁ আচলতে মহিলাগৰাকীৰ ঠিকনা জানিবলৈ চেষ্টা কৰিছিল।

 

হঠাতে মহিলাগৰাকী বৰষুণৰফালে চাই উঠিল। তেওঁৰ চকুত এক অদ্ভুত দৃঢ়তা জ্বলি উঠিছিল।

মহিলাগৰাকীয়ে এবাৰ বৰষুণজাকৰফালে চাই পুনৰ বিষণ্ণ দৃষ্টিৰে তেওঁৰফালে চালে।

 

মানুহজনে মৃদুস্বৰে ক’লে—

“এই বৰষুণ মই মাতি অনা নহয়। ইয়াৰ সন্মুখীন আমি দুয়োজনে একেলগে হ’ব লাগিব।”

 

“সেইটোৰ কোনো প্ৰয়োজন নাই। এইদৰে মোক কোনেও ৰখাব নোৱাৰে…” কথাখিনি শেষ কৰিয়েই মহিলাগৰাকী মুহূৰ্ততেই বৰষুণৰ ধাৰাৰ মাজলৈ দৌৰি গ’ল— যেন বহুদিন ধৰি বুকুত জমা হৈ থকা সকলো অভিমান সেই বৰষুণজাকৰ লগতেই উজাৰি দিব বিচাৰিছে।

 

পিছফালৰপৰা মানুহজনে ব্যাকুল কণ্ঠেৰে চিঞৰি উঠিল—

“ৰ’বা… অনুগ্ৰহ কৰি ৰৈ যোৱা! মই প্ৰতিশ্ৰুতি দিছোঁ আৰু একো নকওঁ। উভতি আহা… এইদৰে তিতি নাথাকিবা…”

 

কিন্তু মহিলাগৰাকী এবাৰো পিছলৈ ঘূৰি নাচালে। বৰষুণৰ ঘন পানীৰ পৰ্দাৰ আঁৰত ধীৰে ধীৰে তেওঁৰ অৱয়ব ম্লান হৈ গ’ল— যেন তেওঁ কেতিয়াও সেই মানুহজনৰ জীৱনৰ অংশই নাছিল।।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments