কুচুইতে ধৰা নাৰী

লেখক----নিখিল কুমাৰ ভট্টাচাৰ্য্য

ৰমলাৰ মাক আৰু যমুনাৰ মাকৰ আলোচনা, 

:”বৈনি তই কালি হিতেশ আহাৰ বিয়াৰ বৰ কইনাই পাতত আদা দিয়া খাবা গৈছিলিনা?”

: “উম গৈছিলু, পিছে কিও বা সুধলি?”

:”কইনা কেনাই দেখলিনু?”

:”অ’ ডাঙাৰ দীঘল দে। স্বাস্থ্যপাতিও মত মত কৰে। বয়া নহয়দে। কিয়নু?”

:”হেই মই সেতু সুধা নাই এ।”

:”কি সুধচাতে?”

:”কইনাতু বগা না ক’লা এ?”

:”ও তাই বেটী দেখাত ঢকঢক কৰে বগা যা। মুহ লাগা আপি এ বৈনি।”

:”হৈনা! হক দে বেচেৰি হিতেশোৰ মাক মৰি গেল। তাই হিতেশোক লগি বগা আপি বিচৰোঁতে বিচৰোঁতে সিপুৰীয়ে পালাক। হকদে হক তাইৰ আত্মাতুই শান্তি পাব ইতা।”

:”হৈ দে বৈনি।”

:”পিচে ৰহচুন ৰহ, তই আপিতুক মূৰোৰপৰা ভৰিক লগি ভালকে চাইছলিনা?”

:”ই আই তয়ো যে আৰু! মুখখান ঢকঢইকা বগা দেখচু যিত্তে বাকি চাবা লাগা কি আছে, আপি বগাই হ’ব।”

:”নহয়ে বৈনি। আজিকালি মুখখান বগা দেখলিয়ে আপিতুৰ গোটেই গাতু বগা বুলি কবা নৰা। আজিকালি কিবা বোলে কলাক বগা কৰা কিবা ওলচিয়ে। সেগলাখানৰ নাম চাম আমাৰ মুখোত নাহেও নহয়- -“

:”তিত্তে হলি তই জানলি কিংকে?”

:”কালি বুইধাৰ মাক আইহছিল এ। তায়ে কলাক। তায়ো বোলে ক’বাত শুনচি। তাকে আহি মোকো কলাক।”

:”ও তাইৰ কথা শুনচা তই? নাইজনুদে বৈনি, মই সেলগা নাইজনু। আমি হলু আগৰ দিনৰ তিৰি। গাত একো ঘোহিয়ে নাপলু। গৰমৰ দিনোত মিঠাতেল আৰু ঠাণ্ডাৰ দিনোত নাইৰকলোৰ তেল ঘুহাতেই আমাৰ জীৱন গেল। পিছে তই তাইৰ কথা বিশ্বাস কচ্চা না কিএ? তাই কিন্তু নক কথা আৰু নাইজনা কথা নাই। হইনা?”

:”হৈ ৰহ। পিছে তাইৰ কথাতু দৈলে ফেলবাও নৰা কিও জানানা?”

:”কিও?”

:”কিও মানে, য মাহত খগেনৰ কৈনাতু চাই আহি তই নকৈচলি কইনাতু থৌগাদে। এনেহেন বগা জগা আপি আমাৰ গাউতে নাই বুলি। তই নকৈচলি তাইৰ গাল দুখানোত তেজে ফুটু ফটু কৰে বুলি? পিছে ইতা দেখোনসকলে কয়ে আপিতুৰ একলাই গাল দুখানহে বোলে বগা। বাকি গাৰিচিঙা শিঙি মাছোৰ দৰে কেট কেইটা কলা বুলেয়ে? তাই বোলে চহৰোৰ কিবা দোকানত যাই কিবা বোলে ফেচিয়েল নে চেচিয়েল কৰি আৰু ৰং ঘোহিহে সেনেহেন হৈ আইছিল। হইনা কথাতু?”

:”কবা নৰু কি ঘোহি আইছিল তাই! তই কৰ দৰে ইতা কিন্তু তাইৰ ছাল টুকৰা বিয়াৰ কইনাৰ দৰে বগা হৈ থাকা নাই। তই গোটে মিছাও কনায় দে।”

: “তাকেতো। এটা কাম কৰুং দে!”

: “কিনু?”

:”এসপ্তাহ মান পাছত হিতেশোৰ কইনাতুক আমি আৰু আকবাৰ চাবা যাম দে। যাবিনা?”

:”কিও এ?”

:”আমাৰ দেখু নাতি টুই আজি পুৱাৰ পৰা বকিয়ে আছে ফেচবুক না চেচবুকত কিবা বোলে ক’লা আপিক বগা কৰা নতুন এপ না চেপ কিবা এটা ওলছি। হিতেশোতৰ কইনাতুইও যদি সেনাই কিবা কৰি বগা হৈ আইছি কিনকে জানবি? তাকে একবাৰ চাই আইহলু হৈ। যাবিনা?”

:”ই আই তয়ো বৰ কুচুইতে ধৰা তিৰিএ। হিতেশে ক’লা আপি বগা কৰি আনে না বগা আপি ক’লা কৰি আনে তাতে আমাৰ কি আহে যায়ে। এগলা ফাল্টু চিন্তা বাদ দি বুতচা। তামোল আখান আনি দেউং তাকে চবে চবে ঘৰক যা। নহয়নু কি।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments