কেথৰিণৰ স্মৃতি, শ্ৰমৰ মৰ্য্যাদা আৰু কিছু বিক্ষিপ্ত চিন্তা
লেখক- —জিতেন কলিতা
“আনৰ হাতত পিতৃ-মাতৃ অপদস্থ হোৱাৰ সাক্ষী শিশুসকলে সন্মুখীন হোৱা মানসিক ক্ষতি বহুসময়ত দীৰ্ঘম্যাদী তথা স্থায়ী হোৱাৰ সম্ভাৱনা থাকে। প্ৰাপ্তবয়স্ক হোৱা পৰ্য্যন্ত তেওঁলোকে উদ্বেগ, হতাশা, হীনমন্যতা আৰু সামাজিকভাৱে মিলা-মিচা কৰাত জটিলতা আদি সমস্যাত ভোগে। তেওঁলোকৰ মাজত বিশ্বাসঘাতকতা, প্ৰতি-আক্ৰমণ আৰু কোনো কোনো ক্ষেত্ৰত আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পায়।”
(Journal of child and adolescent trauma ৰ পৰা সংগৃহীত)
সিদিনা কিয় জানো হঠাৎ কেথৰিণলৈ মনত পৰিল। তেওঁক শেষবাৰৰ বাবে লগ পোৱাৰ অৰ্ধশতিকাৰো অধিক সময় পাৰ হৈ গ’ল। মই প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতে মাজে মাজে পিতিৰ (মোৰ পিতৃ) সৈতে তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ। সত্তৰ আশী দশকত আমি বাস কৰা উজানবজাৰ ছত্ৰাকাৰ আৰু তাৰ ওচৰ পাজৰৰ এলেকাবোৰত এজন সুনিপুণ ইলেক্ট্ৰিচিয়ান হিচাপে মোৰ পিতৃৰ নাম আছিল। প্ৰাথমিক বিদ্যালয়ৰ দেওনা পাৰ নোহোৱা মোৰ পিতৃয়ে কেনেকৈ ক’ৰপৰা সেই বিদ্যা আহৰণ কৰিলে সি আজিও মোৰ বাবে সাঁথৰ হৈয়ে থাকিল। চাকৰিসূত্ৰে তেখেত পূৰ্বোত্তৰ সীমান্ত ৰেলৱেৰ কাৰিকৰী বিভাগৰ এজন অতি সাধাৰণ কৰ্মচাৰী আছিল। দৰমহাৰ তাকৰীয়া উপাৰ্জনেৰে সাতজনীয়া পৰিয়ালটোৰ লগতে অনবৰতে আলহী-দুলহীৰে ভৰি থকা ঘৰখন চলোৱাটো ইমান সহজ কথা নাছিল। সেয়েহে তেওঁ আজৰি সময়ত ইলেক্ট্ৰিচিয়ানৰ কাম কৰি অতিৰিক্ত দুপইচা অৰ্জন কৰাৰ প্ৰয়াস কৰিছিল। স্কুলত পঢ়ি থাকোঁতে আমাৰ কোৱাৰ্টাৰত বিদ্যুৎ সংযোগ নাছিল যদিও ওচৰ পাজৰৰ এলেকাবোৰত কাৰোবাৰ ঘৰত ৱাইৰিং (wiring) কৰিবলগীয়া থাকিলে বা বিদ্যুতৰ কিবা বিজুতি ঘটিলে পিতিয়েই আছিল একমাত্ৰ ভৰসা। সেইসূত্ৰেই কাৰোবাৰ ঘৰলৈ কামলৈ গ’লে পিতিয়ে মাজে মাজে মোকো লগত লৈ গৈছিল। লগ নধৰিলেও পিতিক ইমানকৈ কুটুৰিছিলোঁ যে তেওঁ মোক লগত নিবলৈ বাধ্য হৈছিল। ইয়াৰ আঁৰত আছিল সেই ঘৰবোৰত গৃহস্থৰ পৰা পোৱা মৰম-চেনেহ আৰু নতুন ঘৰ এখন চোৱাৰ কৌতূহল। তেনেদৰেই কেথৰিণহঁতৰ তাত মোৰ প্ৰৱেশ। তেওঁৰ পিতৃ-মাতৃ আছিল যথাক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন কলেজৰ অধ্যাপক। গাঢ় ৰঙা ৰঙৰ ফ্ৰক, গাখীৰত সেন্দূৰ মিহলোৱা ৰং আৰু দুডাল টিকনী বন্ধা চুলিটাৰিৰে সৈতে তেওঁক সাইলাখ পুতলা এটিৰ দৰে লাগিছিল। লণ্ডনত জন্মগ্ৰহণ কৰা কেথৰিণ সম্ভৱত মোতকৈ এক দুই বছৰমান ডাঙৰ আছিল। মই তেওঁলোকৰ ঘৰলৈ গ’লেই কেথৰিণে ৰঙ-বিৰঙৰ ছবি থকা সাধুকথাৰ কিছুমান ইংৰাজী কিতাপ আনি মোক চাবলৈ দিয়াৰ লগতে আমাৰ ঘৰত সততে উপলভ্য নোহোৱা অতি সুস্বাদু চকলেট কিছুমান খাবলৈ দিছিল। সেই বয়সতে ফুকলীয়া ছোৱালীজনীৰ আচৰণত মোৰ প্ৰতি এক ভাতৃসুলভ অভিভাৱকত্ব প্ৰকাশ পাইছিল। এই সম্ভ্ৰান্ত অসমীয়া পৰিয়ালটোৰ আন সদস্যসকলৰো পিতিৰ প্ৰতি ব্যৱহাৰ আছিল পৰিয়ালৰ সদস্যৰ দৰে। পিতিয়ে কাম কৰা আন ঠাইবোৰতো গৃহস্থসকলে তেওঁৰ প্ৰতি সন্মানসূচক আচৰণ প্ৰদৰ্শন কৰিছিল। (অন্ততঃ মোৰ শিশুমনে তেনেদৰেই উপলব্ধি কৰিছিল।) বোধকৰোঁ তেনে এটি পৰিৱেশত ডাঙৰ-দীঘল হোৱা বাবেই পিতৃ-মাতৃৰ তথাকথিত শিক্ষাগত অৰ্হতা বা পিতৃৰ দৰমহাৰ স্কেলে আমাৰ মনত কেতিয়াও হীনমন্যতাৰ ভাব জগাব পৰা নাছিল। এই প্ৰসংগ বাৰু সদ্যহতে ইমানতে এৰিছোঁ।
দুদিনমান আগতে কৃষি, মৎস্য আৰু পশুপালনৰ যোগেৰে নতুন দিগন্তৰ সূচনা কৰা উচ্চশিক্ষিত মেধাবী যুৱ উদ্যোগী অমৰ শইকীয়াই ফেচবুকত দিয়া এটা প’ষ্ট পঢ়াৰ সৌভাগ্য ঘটিছিল। তাত বহিঃৰাজ্যলৈ গমন কৰা অসমীয়া যুৱক-যুৱতীৰ সৈতে হোৱা তেওঁৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ কথা সদৰি কৰি কৈছিল যে তেওঁলোক বহুতৰে অসম এৰাৰ মূল কাৰণ পেটৰ ভোক নহয়। দৰাচলতে আমাৰ সমাজ ব্যৱস্থাইহে তেওঁলোকক অসম এৰিবলৈ বাধ্য কৰে। তেওঁৰ পাম ‘ৰংমন’ত পূৰ্বে নিয়োজিত বহুজনে ১৩ হাজাৰ টকাৰ মাহেকীয়া দৰ্মহা এৰি ১৭ হাজাৰ দৰমহাত কাম কৰিবলৈ বাংগালোৰলৈ ঢাপলি মেলিছে। অলপ বিচাৰ-খোচাৰ কৰিলে ই সহজেই বোধগম্য যে নিজৰ ঘৰতে থাকি অসমত উপাৰ্জন কৰা ১৩ হাজাৰ টকা বাংগালোৰৰ ভাৰা ঘৰত থাকি পোৱা ২০ হাজাৰ টকাৰ সমতুল্য। তৎসত্ত্বেও অসম তেওঁলোকৰ প্ৰথম পচন্দ নহয়। কাৰণ অসমত থাকিলে আমাৰ সমাজখনে তেওঁলোকক সন্মান দিয়াত কাৰ্পণ্য কৰে। প্ৰতি মুহূৰ্ততে তেওঁলোকক সোঁৱৰাই থাকে যে প্ৰকৃততে তেওঁলোক একো একোজন বেকাৰহে। যাৰ বাবে পেটৰ ভোক তেওঁলোকৰ বাবে গৌণ হৈ পৰে, মনৰ ভোক নিৰ্বাপণৰ বাবেহে বহিঃৰাজ্যলৈ তেওঁলোকৰ এই সোঁত।
শইকীয়াৰ প’ষ্টটোৰ লগতে কেইদিনমানৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰচাৰিত ৰাতিপুৱাৰ নিয়োগ বাতৰিত Multitasking staff পদৰ বাবে (ন্যূনতম অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণ) আৱেদন পত্ৰ আহ্বানৰ ঘোষণা এটাই প্ৰায় দুকুৰি বছৰৰ আগৰ ঘটনা এটালৈ মনত পেলাই দিলে। তেতিয়াও ভাৰতীয় ডাক আৰু টেলিগ্ৰাম বিভাগ (P & T) বি এছ এন এল হোৱাগৈ নাই। সেইসময়ত মই কটন কলেজৰ স্নাতক প্ৰথম বাৰ্ষিকৰ ছাত্ৰ। তাৰ আগৰ বছৰতে, অৰ্থাৎ ১৯৮৫ চনত মোৰ পিতৃয়ে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে যদিও তেতিয়ালৈকে পেঞ্চনৰ পইচা আহি তেখেতৰ বেংক একাউণ্টত জমা হোৱাহি নাই। আহুকাণে-পহুকাণে গ্ৰেছুইটিৰ ধনৰাশিৰ চেকখনহে আগতে জমা হ’ব বুলি শুনি থাকিলোঁ যদিও তাৰো কোনো উম-ঘাম নাই। আমাৰ অৰ্থনৈতিক সংকট চলি থাকোঁতেই এদিন মোৰ ডাঙৰ বাইদেউ আৰু ভিনদেউ আমাৰ ঘৰলৈ আহিল। তেওঁলোক দুয়ো আছিল পিএণ্ডটিৰ গুৱাহাটীৰ মূল কাৰ্যালয়টোৰ কৰ্মচাৰী। এবাৰ কথা প্ৰসংগত ওলাল যে বাইদেউহঁতৰ অফিচত কেইটামান পিয়নৰ চাকৰি খালী হৈছে। ঘৰখনক অৰ্থনৈতিকভাৱে সকাহ যোগাবলৈ ব্যাকুল হৈ বাইদেউক মই ক’লোঁ, “ময়ো এপ্লাই কৰিম দে। তই মোক এপ্লিকেশ্যন ফৰ্ম এখন আনি দিবি।” মই লক্ষ্য কৰিলোঁ যে তাৎক্ষণিকভাৱে তাইৰ মুখৰ ৰঙ সলনি হৈ কেঁহৰাজ বৰণ ধাৰণ কৰিছে। তাই সেমেনা-সেমেনিকৈ উত্তৰ দিলে, “ইছ ভাইটি, তই পঢ়া-শুনাত ইমান ভাল ল’ৰাটোৱে পিয়নৰ চাকৰি কিয় কৰিব লাগে? আমাৰ অফিচত পিয়নৰ চাকৰি কৰিলে মোৰ সন্মুখতেই কোনোবাই তোক ফাইল অনা-নিয়া কৰিবলৈ কৈ ধমকি দিব। আন কোনোবাই চাহ আন, পানী আন বুলি কৈ পাচি থাকিব। তেতিয়া মোৰ কেনেকুৱা লাগিব ভাবি চাইছনে?” মোৰ পিয়নৰ চাকৰি বিচৰা পৰ্বৰ তাতেই আধ্যা পৰিল।
ওপৰৰ ঘটনাটো অতি সাধাৰণ যেন লাগিলেও ই আমাৰ দেশত শ্ৰমৰ মৰ্য্যাদাৰ অসমতাৰ এখন দুখজনক ছবি দাঙি ধৰে। আমাৰ সমাজত তথাকথিত সৰু কামবোৰত নিযুক্ত লোকসকলৰ প্ৰতি ব্যৱহাৰত সন্মানসূচক বা সমভাৱৰ প্ৰদৰ্শন এটা নিয়ম (norm) নহয়, ব্যতিক্ৰমহে। হয়তো পশ্চিমীয়া দেশসমূহত সকলো ধৰণৰ শ্ৰমকে সমান দৃষ্টিৰে চোৱা হয় বাবেই তাত শাৰীৰিক শ্ৰমৰ মূল্য যথেষ্ট বেছি। এই আপাহতে আমেৰিকাত অধ্যাপনাৰ কালছোৱাত প্ৰথম বছৰৰ এটা অভিজ্ঞতাৰ কথা উনুকিয়াব খুজিছোঁ। আমি থকা এপাৰ্টমেণ্ট বিল্ডিঙটোৰ ক’ৰিডৰবোৰ (ভেকুৱাম ক্লিনাৰ জাতীয় যন্ত্ৰ পাতিৰে) সৰা-মোচা কৰাৰ দায়িত্বত আছিল দুকুৰি বছৰীয়া হটঙা আফ্ৰিকান আমেৰিকান ভদ্ৰমহিলা এগৰাকী। সদায় এখন পুৰণি মাৰ্চিডিজ গাড়ী চলাই তেওঁ অফিচ পায়হি। পাৰ্কিঙত গাড়ীখন ৰখাই এপাৰ্টমেণ্টৰ কাৰ্য্যালয়ৰ পৰা সা-সৰঞ্জামবোৰ সংগ্ৰহ কৰিয়েই তেওঁ কামত লাগি যায়। মুখত হাঁহিটোৰ লগতে কণ্ঠত অনবৰতে জাজ্জ্ বা ব্লু সংগীতৰ কলি এটি লাগিয়ে থাকে। মই আৰু শ্ৰীমতীক দেখা পালেই, “Hi dear, how are you doing today?” বুলি সম্ভাষণ জনাবলৈ কেতিয়াও নাপাহৰে। মাজে মাজে প্ৰায়েই তেওঁক অফিচৰ পাছফালে থকা মুকলি ঠাইডোখৰত এপাৰ্টমেণ্টৰ মেনেজাৰজন আৰু অন্য কৰ্মচাৰীৰ সৈতে হাঁহি খিকিন্দালি কৰি চুৰট হুপি থকা দেখিবলৈ পাওঁ। কামৰ শেষত সকলোকে ‘বাই বাই’ দি পুনৰাই তেওঁৰ চিকচিকীয়া বগা দাঁত দুপাৰিৰে দুশ ৱাটৰ হাঁহিটো মাৰি ফোঁ-ফোঁৱাই গাড়ী চলাই প্ৰস্থান কৰে। হে পাঠকগণ, আমাৰ ইয়াৰে কৰ্মক্ষেত্ৰবোৰত এনে এটা পৰিৱেশৰ কল্পনা কৰাটো পৰ্বতত কাছৰ কণী বিচৰাৰ দৰে নহয়নে?
বাৰবছৰমান আগতে আমাৰ বিভাগত অফিচ কোঠালি আৰু ক’ৰিডৰবোৰ সৰা-মোচাৰ কাম কৰিছিল এগৰাকী মহিলা চাফাই কৰ্মীয়ে। বিভাগৰ মূল অফিচটোৰ উপৰিও পোন্ধৰ ষোলজন অধ্যাপক-অধ্যাপিকাৰ প্ৰতিটো ৰূমেই অফিচ। আৰম্ভণিৰ প্ৰথম দুঘণ্টাৰ ভিতৰতেই সৰা আৰু মোচা, দুয়োটাই শেষ কৰাটো ইমান সহজ কথা নহয় যদিও ইমানদিনে আমাৰ অফিচৰ চাফাই কৰ্মচাৰীসকলে একাগ্ৰতাৰে এই কামটো নিয়াৰিকৈ সম্পন্ন কৰা দেখি আহিছোঁ। মই সাধাৰণতে মোতকৈ বয়সত বহুত সৰু (পুত্ৰ-কন্যা বয়সৰ) নহ’লে নিকট আৱৰ্তৰ বাহিৰৰ সকলোকে আপুনি বুলিয়েই সম্বোধন কৰোঁ। সেই মহিলাগৰাকীও তাৰ ব্যতিক্ৰম নাছিল। তেওঁক আপুনি সম্বোধন কৰা কাৰ্য্যত বিতুষ্ট হৈ সহকৰ্মী এগৰাকীয়ে এবাৰ মোক তাচ্ছিল্য কৰি ক’লে, “তুমিতো sweeper, cleaner শ্ৰেণীৰ মানুহবিলাকক আপুনি বুলি সম্বোধন কৰাত নাম্বাৰ ওৱান।” মই কোনো প্ৰত্যুত্তৰ নিদি এটি মিচিকিয়া হাঁহি মাৰি কথাটো সিমানতে সামৰিলোঁ। এতিয়াও যেতিয়াই অফিচ ৰূমৰ দুৱাৰ খুলিয়েই সদ্য পৰিস্কৃত মজিয়া আৰু মেজখনৰ পৰা চিত্ৰনলাৰ গোন্ধ আহি মোৰ নাসিকাগৃহত প্ৰৱেশ কৰে, এই অভাজনৰ মুখৰ পৰা cleaner জনক উদ্দেশ্যি আপোনা আপুনি “thank you” বাক্যটি নিঃসৃত হয়। হয়তো ইয়াৰ উমান পালে অনবৰতে “আমি আনতকৈ বহু ওপৰত” দম্ভৰে মত্ত সহকৰ্মীজনে মোক চুই কিলাবলৈহে বাকী থাকিব। পিতৃ-মাতৃৰ প্ৰতি আনৰ তুচ্ছ ব্যৱহাৰে সন্তানৰ মানসিকতাৰ ওপৰত কেনে বিৰূপ প্ৰভাৱ পেলায়, বোধকৰোঁ সেয়া অনুধাৱন কৰাটো তেওঁলোকৰ বাবে সপোনৰো অগোচৰ। তেখেতৰ দৰে বহুতেই এই সাধাৰণ সত্যটোকে মানি ল’বলৈ টান পায় যে সৰু সৰু কামত নিয়োজিত কৰ্মচাৰীসকলো একো একোটা পৰিয়ালৰে সদস্য। তেওঁলোকৰ সন্তানেও দিনজোৰা পৰিশ্ৰমৰ অন্তত ঘৰলৈ ওভতা ভাগৰুৱা মাক-দেউতাকৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থাকে।
তেতিয়া মই ডিগবৈত কেন্দ্ৰীয় আৱকাৰী আৰু সীমা শুল্ক বিভাগত কৰ্মৰত। বন্ধত ঘৰলৈ আহিলেই আমাৰ সকলোৰে আপোন ধনেশ্বৰ দাদাৰ নুনমাটিৰ কিতাপৰ দোকানখনৰ পুৰণি আড্ডা স্থলীলৈ এপাক মৰাটো আমাৰ এক নিত্যনৈমিত্তিক কাম। ৰাজনীতি, ক্ৰীড়া, বিজ্ঞান, সাম্প্ৰতিক ঘটনাৱলী আদি কৰি বিভিন্ন বিষয়ৰ মুখৰোচক আলোচনাৰে ধনেদাৰ দোকান অনবৰতে সৰব হৈ থাকে। তেনে কোনো সময়তে এবাৰ তালৈ আহি দেখোঁ যে এহাল ন-দহ বছৰীয়া ল’ৰা-ছোৱালীয়ে বুক ষ্টলৰ সন্মুখতে থিয় হৈ ইনাই-বিনাই কান্দি আছে। ধনেদাৰ পৰা গম পালোঁ যে স্কুলত নতুনকৈ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ বাবে কিতাপ কিনিবলৈ লিষ্টখন দি সিহঁতক দেউতাকে তাত ৰৈ থাকিবলৈ দিছিল। অলপ পাছত দেউতাক আহি পইচা পৰিশোধ কৰি সিহঁত দুয়োটাকে লৈ যোৱাৰ কথা। ৰিক্সাচালক দেউতাকজন মোৰো চিনাকি। উচ্চাকাংক্ষী দেউতাকজনে সিহঁতক ওচৰৰে ইংৰাজী মাধ্যমৰ স্কুলখনত পঢ়ুৱাইছে। এইমাত্ৰ আন এজন ৰিক্সাচালকে আহি খৱৰ দি গৈছে যে দেউতাকৰ ৰিক্সাত উঠা দুজন উদণ্ড ডেকা ল’ৰাই ভাড়া নিদিয়াকৈ তেওঁক বেয়াকৈ প্ৰহাৰ কৰি বীৰত্ব প্ৰদৰ্শন কৰি উধাও হৈছে। চকু মুখত বেয়াকৈ আঘাত প্ৰাপ্ত দেউতাকক ওচৰৰে চৰকাৰী ডিছপেঞ্চেৰীখনত ভৰ্তি কৰিবলগীয়া হৈছে। সেই মুহূৰ্তত ল’ৰা-ছোৱালী হালক দোকানৰ ভিতৰত বহুৱাই সান্ত্বনা দিয়াৰ বাহিৰে মোৰ আন কোনো উপায় নাছিল। ছমাহমানৰ পাছত দেউতাকজনক গুৱাহাটী শোধনাগাৰৰ ৰেলৱে ক্ৰছিঙত চাইকেল-যুক্ত ঠেলা গাড়ী এখনৰ সৈতে ৰৈ থাকোঁতে লগ পাই সুধিলোঁ, “আপুনি আজিকালি ৰিক্সা নচলায় নেকি?” মিচিকিয়া হাঁহিৰে তেওঁ উত্তৰ দিলে, “ভাইটি, এইটো লাইনত ৰিক্সাতকৈ লাভ বেছি নহ’লেও লোকচান হোৱা নাই।”
সেই নিষ্পাপ শিশু দুটিৰ কান্দোনমুৱা মুখকেইখনলৈ মনত পৰিলে আজিও এই অভাজনৰ বুকুত শোকে খুন্দা মাৰি ধৰে। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিৰীক্ষকৰ দায়িত্ব পালন কৰিবলৈ গৈ চিলাপথাৰত উদণ্ড ছাত্ৰৰ নিগ্ৰহৰ সন্মুখীন হৈ মগজুৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হোৱা কলেজৰ শিক্ষকজনৰ ল’ৰা-ছোৱালী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মানসিক অৱস্থাও নিশ্চয় সেই ৰিক্সাচালকজনৰ কণমাণি পুত্ৰ-কন্যাৰ দৰেই হৈছেগৈ। কোনোবা পাঠকে হয়তো ৰিক্সাচালনা আৰু কলেজৰ শিক্ষকতাক একে শাৰীতে ৰখাটো লেখকৰ এক ধৃষ্টতা বুলিও অভিহিত কৰিব পাৰে। পাছে আমি পাহৰি যোৱা উচিত নহয় যে বহু সময়ত পৰিস্থিতি আৰু ভাগ্যচক্ৰৰ চিকাৰ হৈয়ো ব্যক্তি এজনে ইচ্ছাৰ বিৰুদ্ধে নিৰ্দিষ্ট বৃত্তি এটাক আঁকোৱালি ল’বলৈ বাধ্য হ’ব পাৰে। সামাজিক বৈষম্যই সৃষ্টি কৰা বহু সমস্যাৰ মূলতেই হ’ল বাল্যকাল বা ছাত্ৰাৱস্থাতে সকলো বৃত্তিকে সন্মানেৰে চোৱাৰ আদিপাঠৰ অভাৱ। যেনেদৰে পূৰ্বতে ঘৰতে পোৱা সংস্কাৰবোৰ এতিয়া মাথোঁ টেলিভিছনৰ পৰ্দাত উপলভ্য তথাকথিত “সংস্কাৰী” ধাৰাবাহিকবোৰতেই সীমাবদ্ধ হৈছে, একেদৰেই জীৱনৰ পাঠশালাতকৈ ছ’চিয়েল মিডিয়া প্ৰদত্ত জ্ঞানৰ প্ৰতিহে আজিকালি সৰ্বসাধাৰণ দ্ৰুতগতিত আকৃষ্ট হ’বলৈ লৈছে। তৎসত্ত্বেও মই আশাবাদী যে অভিভাৱক আৰু ৰাইজ সচেতন হ’লে সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু ভাতৃ জয়ন্ত হাজৰিকাৰ “অটোৰিক্সা চলাওঁ, আমি দুয়ো ভাই” গীতটিৰ ‘dignity of labour’ কথাশাৰীৰ সাৰ্থকতা এদিন হ’লেও সম্পূৰ্ণৰূপে প্ৰতিপন্ন হ’ব।
