ঘৰমুৱা
লেখক- তাপস দত্ত
ৰাতিপুৱা শুই উঠি অতনুৱে বিছনাৰ ঠাইত দীঘল চোফাখনতে নিজকে আৱিষ্কাৰ কৰি উঠাৰ পিছত কিছুসময় তেনেকৈয়ে পৰি থাকি কালিৰেপৰা কি কি পৰ্যায়ৰ মাজেৰে আহি সি বিছনাৰ ঠাইত এই চোফাখনতে শুলেহি তাকে চিন্তা কৰিবলৈ ধৰিলে। প্ৰথমেই তাৰ চকুত পৰিল সৰু গোল টেবুলখনৰ ওপৰত থকা বটলটো আৰু কাষতে থকা গিলাচটোৰ ওপৰত। গিলাচটোত তেতিয়াও অলপ ৰঙীন পানীয়ৰ অৱশিষ্ট বিদ্যমান। তাৰমানে সি এটাৰ পিছত এটাকৈ পেগ গিলি গৈ থাকোঁতে ক’ব নোৱৰাকৈয়ে টোপনিত ঢলি পৰিছিল। লগতে ক’ব নোৱৰাকৈয়ে আৰু এটা নিশা তাৰ অকলশৰে পাৰ হৈ গ’ল। আজি দেওবাৰ। অফিচ নাই, নন্দিনীও নাই। এই দুয়োটা কথাই তাক অৱশ হৈ নোযোৱা পৰ্যন্ত এটাৰ পিছত এটাকৈ পেগ গিলি যাবলৈ যেন অনুপ্ৰাণিত কৰিছিল।
নন্দিনীয়ে ঘৰ এৰি যোৱা এসপ্তাহ পাৰ হৈ গ’ল। ইয়াৰ আগৰটো দেওবাৰে সাধাৰণ কথা এটাতে লাগি সৰুকৈ আৰম্ভ হোৱা মনোমালিন্যই লাহে লাহে এটাৰ পিছত এটাকৈ পৰ্যায় পাৰ হৈ শেষত এনে এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে যাৰ বাবে নন্দিনীয়ে তাক এৰি যোৱাৰ দৰে এটা সাংঘাতিক সিদ্ধান্ত লৈ পেলালে। দোষ তাৰো আছিল আৰু তাইৰো আছিল। প্ৰথম দুটা দিন সি ভাবি আছিল যে তাই সোনকালেই ঘূৰি আহিব। কিন্তু তাৰ পিছতো আৰু দুটাকৈ দিন পাৰ হৈ গ’ল অথচ তাই ঘূৰি অহা দূৰৰ কথা তাইৰ ঘৰৰপৰাও কোনো খবৰ নাহিল। তাইৰ মতি-গতি দেখি সি বাৰুকৈয়ে হতাশ হ’ল আৰু লাহে লাহে তাৰ মনতো এটা জেদী ভাৱ আহিল। এনেকৈয়ে এটা সপ্তাহ পাৰ হৈ গ’ল। তাৰ মূৰটোৱেই যেন এতিয়া কাম নকৰা হৈছে।
লাহেকৈ উঠি আহি সি বাথৰুমৰ ভিতৰত সোমাল। আইনাত নিজৰ চেহেৰাটো দেখি সি অবাক হৈ গ’ল। এই এটা সপ্তাহতে তাৰ চকুৰ গুৰি ক’লা পৰিল, দাঢ়ি-গোঁফ বাঢ়ি আহিল। সি সচকিত হৈ তৎক্ষণাৎ খৰকৈ দাড়ি খুৰাবলৈ ল’লে। পিছে লৰালৰিতে ৰেজৰডালে তাৰ গালত দুবাৰকৈ কাটিলে। কটা ঠাইত ডেটল লগাই সি এইবাৰ পাকঘৰত সোমাল। কালি ৰাতি একো খোৱাই নহ’ল। চচপেন এটাত অলপ পানী গৰম কৰি সি মেগী এপেকেট খোৱাৰ চিন্তা কৰিলে। পিছে তাৰ আজি দেওবাৰৰ দিনটো যেন আৰম্ভণিৰেপৰাই বেয়া হোৱাৰ লক্ষণ ফুটি উঠিল। ঘৰত মেগীৰ এটাও পেকেট নাই। এইকেইদিন নন্দিনী নথকাৰ বাবে সি ভোক লাগিলেই মেগী সিজাই খাইছিল আৰু তাৰ ফলতে এতিয়া ৰাতিপুৱাতে ঘৰখনত পতককৈ খাবলৈ একো এটা নাই। অন্য কিবা বনাবলৈকো সি কোনো উৎসাহবোধ নকৰিলে।
এতিয়া ইমান ৰাতিপুৱাতে দোকান বা খুলিছে নে নাই! সি ড্ৰয়িং ৰুমলৈ উভতি আহি মোবাইলত সময়টো চালে। দহ বাজি বিছ মিনিট। এতিয়া আৰু ৰাতিপুৱা হৈ থকা নাই। তাৰমানে আজিও জাবৰ পেলোৱা মানুহ আহি ঘূৰি গ’ল আৰু জাবৰবোৰ ঘৰৰ ভিতৰতে থাকিল। এই এসপ্তাহতে নন্দিনীয়ে পৰিষ্কাৰ কৰি ৰখা ঘৰটো গোহালিৰ দৰে হ’ল আৰু সি যেন হৈ পৰিল এটা বোকাত লেটি লোৱা গোনাম’হ। তাৰ বিৰক্তিয়ে চৰম সীমা পালেগৈ এইবাৰ। আলনাৰপৰা চোলা এটা গাত সুমুৱাই সি এইবাৰ ঘৰৰপৰা ওলাই আহিল। ওচৰৰ দোকানখনতো মেগী নাই। স্বাভাবিক। তাৰ দিন বেয়া। সি এইবাৰ আহি মেইন ৰাস্তাত উঠিলহি। ৰাস্তাৰ সিপাৰে থকা মলখনত নিশ্চয়কৈ কিবা হ’লেও পাবই পাব।
-হাই ভিনিহি। কি খবৰ?
অতনুৱে ঘূৰি চাই ৰীমাক দেখিলে। ৰীমা তাৰ খুলশালী। নন্দিনীৰ ভনীয়েক। সি অলপ হঁহাৰ দৰে কৰি সঁহাৰি দিলে। তাই ওচৰ চাপি আহিল।
-কিবা খুৱাব নে ?
-কি খাবা?
-দোচা খাম। পনীৰ মচলা দোচা।
-ঠিক আছে ব’লা।
-ৰ’ব দেই। মই বাইদেউকো মাতি আনিছোঁ।
তাৰ মানে নন্দিনীও আহিছে। অতনুৰ মনটো এবাৰ ভাল লাগিলেও নন্দিনীয়ে যে তাৰ লগত বহি দোচা খাবলৈ যাব তাত সন্দেহ আছে। তথাপি সি ৰৈ থাকিল। অলপ পাছত নন্দিনীৰ সৈতে ৰীমাক সি ছিৰিৰে নামি অহা দেখিলে। মনটো তাৰ ভাল লাগিল।
দোচা খাই থাকোঁতে সি আঁৰ চকুৰে নন্দিনীলৈ চালে। ৰীমা আৰু তাই তাৰফালেই চাই আছিল। তাৰ ভীষণ লাজ লাগিল। ভোকত থকাৰ বাবে সি দোচাখন সন্মুখত পোৱাৰ লগে লগেই গো-গ্ৰাসে খাবলৈ ধৰিছিল। নন্দিনীহঁতে নিশ্চয় তাকেই মন কৰি আছিল। হাতত তাৰ মেগীৰ এটা ডাঙৰ পেকেট। গালত ব্লেডে কটা দাগ। চুলিখিনিও ফণিয়াই অহা ন’হল। কালিৰেপৰা আচলতে ফণিখন সি বিচাৰিয়েই পোৱা নাই। আগতে অ’ত-ত’ত দলিয়াই দিলেও নন্দিনীয়ে সামৰি থৈছিল। তাৰ মনটো সেমেকি উঠিল। নন্দিনী ইতিমধ্যে হাত ধুবলৈ উঠি গৈছে। ৰীমাই আকৌ কথা আৰম্ভ কৰিলে
-আজি দুপৰীয়াৰ কি আয়োজন ?
-বিশেষ একো নাই।
-চিকেন খুৱাব নেকি? বাইদেৱে খাবলৈ মন কৰিয়েই আছে।
চিকেন ? নন্দিনী যদি সঁচাকৈয়ে তাৰ ঘৰলৈ ঘূৰি আহে তেন্তে চিকেন খুওৱাটো তেনেই সাধাৰণ কথা। সি লগে লগেই ৰাজী হৈ গ’ল।
ঘৰত উপস্থিত হৈ সি আকৌ অপ্ৰস্তুত হৈ পৰিল। ঘৰ যেনেকৈ এৰি থৈ গৈছিল একেভাগেই আছিল। চোফাত সি শোৱাৰ চিন। টেবুলত বটল গিলাচ। চাৰিওফালে ধূলিৰ চামনি। লুকুৱাবলৈ তাৰ আৰু একোৱেই বাকী নাথাকিল। সি লাহেকৈ মোনা এটা লৈ মাংস কিনিবলৈ যোৱাৰ ছলেৰে আকৌ ওলাই আহিল।
ঘূৰি আহি ঘৰত সোমাই অতনু আচৰিত হৈ পৰিল। গোটেই ঘৰখন যেন কিবা যাদূৰ পৰশত আগৰ দৰেই পৰিপাটি হৈ পৰিল। ড্ৰেচিং আইনাখনৰ আগত সি আকৌ হেৰুওৱা ফণিখন দেখি আউল-বাউল হৈ থকা চুলিখিনি ফণিয়াই ল’লে। নন্দিনীৰ অবিহনে যে তাৰ সংসাৰখন অসম্পূৰ্ণ সেই ভাবটোৱে তাক বহুপৰলৈ সম্পূৰ্ণকৈ আৱৰি থলে। ৰীমাৰ মাততহে তাৰ সম্বিত ঘূৰি আহিল।
-বাইদেৱে আপোনাক গাটো ধুই ল’বলৈ কৈছে।
গা ধুবলৈ কৈছে ? তাৰ গাটো বাৰু গোন্ধাইছেও নেকি অলপ? সি এই সময়ছোৱাত শেষবাৰ কেতিয়া গা ধুইছিল মনত পেলাবলৈ চেষ্টা কৰিলে। ৰীমাৰ চকুত কৌতুকৰ হাঁহি। নন্দিনী পাকঘৰত ব্যস্ত। তাৰ আকৌ এবাৰ লাজ লাগি গ’ল। টাৱেলখন হাতত লৈ সি গা ধুবলৈ সোমাল। নন্দিনীৰ ঘৰত সকলোৱে কথাবোৰ নিশ্চয় গম পাইছে। নন্দিনীৰ মাক-দেউতাকে অতনুক নিজৰ সন্তানৰ দৰেই ব্যৱহাৰ কৰে। তেওঁলোকে বা কি ভাবিছে? আৰু ৰীমাই ? শ্বাৱাৰটোৰ তলত থিয় হৈ ভালকৈ ঘঁহি-পিহি গাটো ধুই থাকোঁতে কথাবোৰ অতনুৰ মনলৈ আহি থাকিল।
গা ধুই আহি পৰিষ্কাৰ পোছাক এযোৰ পিন্ধি লৈ সি খাবলৈ বহিল। এসপ্তাহৰ মূৰত আকৌ নন্দিনীৰ হাতেৰে ৰন্ধা খাবলৈ পাই সি যেন তাইৰ মৰমতে পমি গৈ থাকিল। খোৱা-বোৱা হৈ যোৱাৰ পাছত ৰীমাই অলপতে আহিছোঁ বুলি সাউতকৈ ঘৰৰপৰা ওলাই গ’ল। অৱশেষত সি নন্দিনীৰ কাষ চাপিবলৈ সুযোগ এটা পালে। নন্দিনীয়ে বাচন ধোৱা বেচিনটোৰ কাষতে থিয় হৈ বাচন মাজি আছে। অতনু অহাৰ উমান পাই তাই ঘূৰি ল’লে। তাইৰো চকুৰ গুৰি ক’লা পৰিছে। অতনুৱে এতিয়াহে মন কৰিলে।
-অৱশেষত তুমি ঘূৰি আহিলা।
-তুমি মাতিলা কাৰণেই আহিলো। নহ’লে নাহিলোঁৱেইহেঁতেন।
নন্দিনীৰ মুখত হাঁহিৰ আভাস।
-মই মাতিছিলোঁ?
অকস্মাতে অতনুৰ মুখেৰে যেন এটা ভুল বাক্য বাহিৰ হৈ গ’ল।
-অঁতো। ৰীমাই কৈছিলে যে তুমি মোক যেনে-তেনে এইবাৰলৈ আকৌ ঘূৰি আহিবলৈ কৈছা বুলি। তাই তেন্তে মোক এনেয়ে কৈছিলে নেকি ?
শেষৰ প্ৰশ্নটো নন্দিনীয়ে যেন নিজকেই কৰিলে। মাতত তাইৰ সন্দেহৰ সুৰ। তাই যেন ৰীমাক বিশ্বাস কৰিয়েই ভুল কৰিলে। অতনুৰ মনটো ভাল লাগি গ’ল।
-নাই কোৱা। ৰীমাই তোমাক মিছা কোৱা নাই।
কথা কেইটা লাহে লাহে কৈ অতনুৱে নন্দিনী আৰু তাৰ মাজৰ দূৰত্ব কমাই আনিলে। লাজতে নন্দিনীয়ে কাঁহী এখনেৰেই মুখখন ঢাকি ধৰিলে। ৰীমা তেতিয়া তাহাঁতৰপৰা বহুত দূৰত। তাইৰ আজিলৈ অভিযান সমাপ্ত।
