সম্পাদকীয়– জীৱনৰ আইনা

লেখক- চিত্তৰঞ্জন ওজা

অসমীয়া ভাষাৰ এখন জনপ্ৰিয় আলোচনীৰ নাম ’আইনা জীৱনৰ’। নামটো শুনিলেই কিবা এটা ভাল লাগে। আমাৰ জীৱনো এখন আইনাৰ দৰে কাম কৰে। জীৱনৰ আইনাত আমি নিজৰ প্ৰতিবিম্ব  দেখা পাওঁ। আমি কৰা ভাল কামবোৰ, বেয়া কামবোৰ সকলো স্পষ্ট ৰূপত দেখা যায় জীৱনৰ আইনাত। সুৰেন্দ্ৰ নাথ মেধিয়ে (সৌৰভ কুমাৰ চলিহা ছদ্মনামত গল্প লিখি অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰিছে) তিনিটা দশকধৰি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পদাৰ্থবিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। তেওঁ কেবা দশক আগেয়ে লেখা এটা প্ৰবন্ধত সুন্দৰ কাহিনী এটা বৰ্ণনা কৰিছিল। আশীৰ দশকত মহাবিদ্যালয়খনৰ ৰূপালী জয়ন্তী উপলক্ষে এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল। সেই প্ৰদৰ্শনীত সৰু ষ্টল এটা লৈছিল মহাবিদ্যালয়ৰ মেকানিকেল বিভাগৰ অধ্যাপক অপৰ্ণা কুমাৰ পদ্মাপতিয়ে। ষ্টলৰ সন্মুখত লিখা আছিল পৃথিৱীৰ আটাইতকৈ সুন্দৰ মানুহজনক চাব খুজিলে দহ টকাৰে টিকট কিনি ষ্টলৰ ভিতৰলৈ সোমাওক। পৃথিৱীৰ ভিতৰত সবাতোকৈ সুন্দৰ ব্যক্তিজনক চাবলৈ বহু মানুহে ষ্টলৰ সন্মুখত থিয় হ’ল। দহ টকাৰ মূল্যৰ টিকট কিনি ভিতৰ সোমাল। এটা অন্ধকাৰ ৰূমত মানুহজন সোমোৱাৰ লগে লগে লাইট জ্বলি উঠিল। পোহৰেৰে আবৃত ৰূমটোত মানুহজনৰ সন্মুখত ৰখা আছিল কেৱল এখন আইনা। তেৱেঁ সেই সবাতোকৈ সুন্দৰ ব্যক্তিজন, কেৱল চাবলৈ জনা নাছিল। সঁচাকৈয়ে আমি প্ৰত্যেকে একোজন সুন্দৰতম ব্যক্তি হিচাপে নিজক গঢ় দিব পাৰো। জীৱনৰ আইনাত নিজকে চাই নিজৰ দোষবোৰ শুধৰাই ল’লেই দেখোন পৃথিৱীৰ শ্ৰেষ্ঠতম সুন্দৰ ব্যক্তি হৈ পৰিম। অপৰ্ণা কুমাৰ পদ্মাপতি ছাৰে সঁচাকৈয়ে অসম অভিযান্ত্ৰিক মহাবিদ্যালৰ ৰূপালী জয়ন্তীত ষ্টল দিছিল নে নাই জনা নাযায়, সম্ভৱ দিয়া নাছিল, কিন্তু সুৰেন্দ্ৰ নাথ মেধিৰ কল্পনাত সৃষ্টি হোৱা এই কাহিনীটো তিনিটা দশকৰ আগতে পঢ়িছিলো যদিও আজিও মনত থাকি গ’ল, ৰূপক হিচাপে ব্যৱহাৰ কৰা আইনাৰ গূঢ়াৰ্থ অনুধাৱন কৰি।  

তেনে এটা সুন্দৰ কাহিনী কিছুদিন আগেয়ে শুনিলো ভাৰতৰ এজন জনপ্ৰিয় ষ্টেণ্ডআপ কমেডিয়ানৰ মুখত। এখন দেশত এজন নিষ্ঠুৰ, স্বেচ্ছাচাৰী শাসকে ৰাজ্যখনত একনায়কত্বভাৱে  শাসন কৰিছিল। ৰজাজনে যিমানে অত্যাচাৰ উৎপীড়ন নকৰক কিয় তেওঁৰ চাৰিওফালে সৰ্বত্ৰ ভৰি পৰিছিল চাতুকাৰৰ দল এটাই। চাটুকাৰৰ দলটোৱে অনবৰতে ৰজাক তোষামোদ কৰিবলৈ লাগি গৈছিল। ৰজাই সঁচাকৈয়ে বিশ্বাস কৰিবলৈ ল’লে যে তেওঁ ৰাজ্যৰ উন্নয়ণত বিশেষ ভূমিকা লৈ সকলোৰে পৰা জনপ্ৰিয়তা অৰ্জন কৰিছে। অথচ বাস্তৱত জনসাধাৰণৰ দুখ, কষ্টৰ সীমা নাছিল। প্ৰতিবাদৰ ভাষা মানুহৰ মুখৰ পৰা হেৰাই গৈছিল কাৰণ প্ৰতিবাদ কৰিলে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰা হৈছিল। তেনে সময়তে এদিন ৰাজ দৰবাৰলৈ এজন যাদুকৰে এখন যাদুকৰী আইনা আনি ৰজাৰ সন্মুখত থলে। ৰজাই নিজৰ ঘৃণনীয়, কুৎচিত চেহৰা আইনাত দেখা পালে। ৰজা শংকিত হৈ পৰিল। যদিহে আইনাত দেখা চেহেৰাটো দিঠকত প্ৰজাই দেখা পায় তেতিয়া ৰজাক কি বুলি ভাবিব? ভয় খাই ৰজাই আইনাখনত এটা গোৰ মাৰি দিলে। আইনা ভাগি টুকুৰা টুকুৰ হৈ পৰিল। ৰজাই স্বস্তিৰ নি:শ্বাস পেলালে। কিন্তু কাহিনীটো তাতেই শেষ নহ’ল। ৰজাই ভাগি পেলোৱা আইনাৰ শ শ টুকুৰাত ৰজাৰ প্ৰতিবিম্ব ওলাই পৰিল। হাজাৰ হাজাৰ প্ৰজাই ৰজাৰ প্ৰকৃত ছবিখন দেখা পালে। ৰজাৰ স্বেচ্ছাচাৰী শাসনৰ বিৰোধিতা কৰি হাজাৰ হাজাৰ প্ৰজাই বাহিৰ ওলাই আহিল। কাহিনীটো কোনটো শতিকাৰ, নে অৰ্বাচীন কালৰ জনা নাযায়। ইয়াৰ অৰ্থ এটাই যে আইনাত নিজৰ সুন্দৰতম চেহেৰাটো দেখা পাবলৈ হ’লে নিজৰ অন্তৰখন নিকা, পৱিত্ৰ হ’ব লাগিব। নহ’লে নিজৰ ঘৃণনীয় চেহেৰাটোহে দেখা পোৱা যাব।

আইনাই সদায়ে সঁচা ছবিহে দেখুৱায়। কৃত্ৰিম বুদ্ধিমত্তাৰে চালিত এপবোৰে সঁচাক মিছা, মিছাক সঁচা কৰি দেখুওৱা বহু ছবি, ভিডিঅ’ পোৱা যায়। কিন্তু আইনাৰ সন্মুখত নিজৰ এখন শুদ্ধ ছবিহে ওলায়। গাৰ ছাল মশ্ৰিণ কৰি উজ্জ্বল ৰূপত নিজৰ ফটোখন ওলাই নপৰে, বিপৰীতে মোবাইল ফোনত চেল্ফি উঠোতে নিজক ধুনীয়া কৰিবলৈ বিভিন্ন এপ ব্যৱহাৰ কৰা দেখা যায়।  ৰসবিহীন সঁচা ঘটনাৰ বিৱৰণ যিকোনো ৰসাল, মনোগ্ৰাহী ভাষণতকৈ অধিক শক্তিশালী কাৰণ প্ৰকৃত তথ্যত কেৱল বাস্তৱ ৰূপহে ওলাই পৰে। সেয়েহে আজিকালি পৰিসংখ্যাগত তথ্য অশুদ্ধ ৰূপত প্ৰকাশ পোৱা দেখা যায়, ৰূঢ় বাস্তৱক ঢাকি ৰখাৰ প্ৰয়াসেৰে। আইনাই সঁচা ছবিখন দেখুৱাই, তাত কোনো বিৱৰণ নাথাকে, নাথাকে কোনো মনোৰম কাহিনী, কেৱল ছবিয়ে কথা কয়।

জাৰ্মান দাৰ্শনিক ফ্ৰেডৰিখ হেগেলে নিজৰ দৰ্শনক সহজ ভাষাৰে বুজাবৰ বাবে আইনা বা ইয়াৰ প্ৰতিবিম্বৰ ধাৰণাক ৰূপক হিচাপে ব্যৱহাৰ কৰি ব্যাখ্যা আগবঢ়াইছিল। হেগেলৰ মতে কোনো মানুহে অকলে নিজৰ চেতনা বা সত্তাক বুজিব নোৱাৰে। নিজক বুজাৰ বাবেও অন্য এজন দ্বিতীয় ব্যক্তিৰ প্ৰয়োজন। ইয়াত দ্বিতীয় ব্যক্তিজনে আইনাৰ দৰে কাম কৰে। আনৰ চকুত নিজৰ প্ৰতিবিম্ব দেখি ব্যক্তিজনে ’মই’ বা ’আত্ম-সচেতনতা’ৰ উপলব্ধি হয়। হেগেলৰ বিখ্যাত গ্ৰন্থ ’ফেনোমেনোলজি অফ স্পিৰিট’ত আইনাক ৰূপক হিচাপে ব্যৱহাৰ কৰিছে। মালিক আৰু মালিকৰ অধীনৰ দাসসকলৰ কথা যদি ভাবে দেখিব যে মালিকে দাসৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিব পাৰিছে কাৰণ দাসসকলে মালিকক নিজৰ প্ৰভু হিচাপে গ্ৰহণ কৰিছে। ইয়াত দাস হ’ল মালিকৰ বাবে আইনা সদৃশ। মালিকে এটা সময়ত ভাবিবলৈ বাধ্য হ’ব যে দাস থাকিলেহে তেওঁ প্ৰভুত্ব খটাব পাৰে। ইয়াত দাস হ’ল মালিকৰ বাবে আইনা।   

হেগেলৰ মতে কোনো বস্তুৰ আচল ৰূপ বস্তুটোৰ ভিতৰত সোমাই নাথাকে। বস্তুটো যেতিয়া অন্য কোনোবাৰ সংস্পৰ্শলৈ আহে তেতিয়া বস্তুটোৰ প্ৰতিবিম্ব চকুত পৰে আৰু বস্তুটোৰ প্ৰকৃত স্বৰূপ প্ৰকাশ পায়। অৰ্থাৎ পোহৰে যেনেকৈ আইনাৰ পৰা বাধা পাই উভতি আহি নিজৰ চকুত পৰে আৰু নিজৰ প্ৰতিবিম্ব দেখা পোৱা হয়, তেনেকৈ বাহিৰৰ জগতৰ পৰা ধাক্কা খাই  নিজৰ সত্তা আমাৰ চকুত ধৰা দিয়ে। হেগেলৰ দাৰ্শনিক উপলব্ধি এনেকুৱা যে ঈশ্বৰে এই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিছে যাতে ঈশ্বৰে নিজৰ প্ৰতিবিম্ব এই সৃষ্টিৰাজিৰ মাজেৰে দেখা পায়। কথাটো এনেকৈও ক’ব পাৰি যে এই বিশ্বব্ৰহ্মাণ্ড হ’ল ভগৱানে নিজৰ প্ৰতিবিম্ব দেখা পোৱা এখন আইনা।

হেগেলৰ সময়ত ইণ্টাৰনেট, সামাজিক মাধ্যম নাছিল। হেগেলে বৰ্তমান সময়লৈ জীয়াই থাকিলে হয়তো ক’লেহেঁতেন যে সামাজিক মাধ্যমো দৰাচলতে এখন আইনা হে। পাৰ্থক্য এইটোৱে যে এই আইনাত নিজৰ প্ৰতিবিম্ব আন সকলোৱে দেখা পায় কেৱল নিজে হে চাব নোখোজে। আপুনি যদি ফেচবুক ফলো কৰে, বিভিন্ন চিনাকি অচিনাকি মানুহৰ পোষ্ট বোৰ চাই তেওঁলোকৰ কমেন্ট পঢ়ি সেই মানুহবোৰৰ প্ৰত্যেকৰে মাজত লুকাই থকা চিন্তাধাৰা, বিচাৰ, বিশ্লেষন, স্বভাৱ, মেজাজ ওলাই পৰে। কোন মানুহ সোঁপন্থী, কোন বাওঁপন্থী, কোনে যুক্তি-তৰ্ক কৰি ভাল পায়, কোনে ভদ্ৰভাৱে কথাৰ আদান প্ৰদান কৰি ভাল পায়, এই সকলো ফেচবুকতে ওলাই পৰে। কিছুমান শিক্ষিত ব্যক্তি আনকি প্ৰতিষ্ঠিত লেখকো পোৱা যায় যিসকলে নেতিবাচক সমালোচনা তিলমানো সহ্য কৰিব নোৱাৰে। যুক্তিৰে খণ্ডন কৰিব নোৱাৰি শেষত ব্যক্তিগত আক্ৰমণ কৰি সন্মুখৰজনক দমন কৰিবলৈ চায়। উপায়বিহীন হ’লে ব্লক কৰে, অশ্লীল, ব্যভিচাৰ শব্দ প্ৰয়োগেৰে গালি পাৰে। সেয়ে ফেচবুকত আনে প্ৰতিবিম্ব দেখা পোৱাৰ আগেয়ে নিজৰ প্ৰতিবিম্ব নিজে চাবলৈ শিকিব লাগে। নিজৰ প্ৰতিবিম্ব দেখা পালেহে শুধৰণিৰ পথ বিচাৰি পোৱা যাব। নহ’লে মানুহ সলনি নহ’ব। সমাজখন অধিক লেতেৰা হৈ গৈ থাকিব। আহক আমি আইনাৰ সন্ধান কৰো য’ত নিজৰ প্ৰতিবিম্ব শুদ্ধ ৰূপত দেখা পাবলৈ সক্ষম হ’ম।

 

 

     

 

          

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments