ডাংকি - ভাৰতীয়ৰ ‘আমেৰিকান/ইউৰোপীয়ান’ সপোন

লেখক- অংকুৰ বৰা

২৪ জুলাই, ২০২৫

স্থান – হাইদৰ আলিয়েভ আন্তৰাষ্ট্ৰীয় এয়াৰপৰ্ট, বাকু, আজাৰবাইজান। 

সময়: আবেলি ৬.৪৫ 

 

৮ দিনীয়া ভ্ৰমণৰ অন্তত বাকুৰ পৰা মুম্বাই অভিমুখী ফ্লাইটত উঠিবৰ বাবে পৰিবাৰসহিতে বৰ্ডিং গেটৰ সমুখত বহি আছো। গেটৰ সমুখত ফাইনেল চেকিঙৰ কাৰণে আজাৰবাইজান এয়াৰলাইনছৰ কৰ্মী আহি উপস্থিত হৈছে যদিও বৰ্ডিঙলৈ আৰু ৩০/৪৫ মিনিট বাকী। তেনেকুৱাতে মন কৰিলো আকাশী নীলা ছাৰ্ট আৰু গাঢ় নীলা ৰঙৰ পেণ্ট পিন্ধা  আৰু কান্ধত তৰা লগোৱা এয়াৰপৰ্টৰ এজন ইমিগ্ৰেচন অফিচাৰে দুজন এয়াৰপৰ্টৰ সুৰক্ষা বিষয়াৰ লগ লাগি চাৰিজনীয়া ভাৰতীয় যুৱকৰ দল এটাক লৈ আমাৰ মুম্বাইমুখী বৰ্ডিং গেটৰ ওচৰলৈ আহিল আৰু ল’ৰা কেইজনৰ লগতে কাগজ এখন দেখুৱাই এয়াৰলাইনছৰ মানুহৰ লগত কিবা কথা পতাত লাগিল। আটাইকইজন দেখাত ২০-২৫বছৰ বয়সৰ, ক্ষীণ অৱয়বৰ, কেৱল পিঠিত একোটা সৰুবেগ সহিতে উত্তৰ-ভাৰতীয় যেন লগা যুৱক। মুখত অলপ অসহজ আৰু সংকোচৰ ভাৱ। নখ কামুৰি, মুখ লুকুৱাই ইফাল-সিফাল চাই ভয়ভাৱেৰে থিয় হৈ আছে। অলপদেৰি পিছত ইমিগ্ৰেচন অফিচাৰজনে ৪জনকে বৰ্ডিং গেটৰ পৰা অলপ দূৰৈত থকা এক অফিচ যেন লগা কাঁচেৰে আৱৰা কোঠা এটালৈ লৈ গ’ল আৰু তাতে তাঁহাতক সুৰক্ষা বিষয়া কেইজনৰ লগত থৈ তেওঁ পুনৰ নিজৰ ইমিগ্ৰেচন কাউণ্টাৰলৈ ঘূৰি গ’ল। 

নিজৰ দেশলৈ ঘূৰি যাবলগা ল’ৰা কেইজনক সুৰক্ষা কৰ্মী লগাই ৰূমৰ ভিতৰত কিয় বহুৱাই থৈছে? সকলোৰে লগত বৰ্ডিং গেটৰ সমুখৰ চকীত কিয় বহিব দিয়া নাই? ইমিগ্ৰেচন অফিচাৰে লগত লৈ ফুৰিছিলে কিয়? ইমানদিনে ক’তো এনেকুৱা হোৱা দেখা নাই। পৰিবাৰৰ লগত এক অনুসন্ধিৎসু মনেৰে কথাবোৰকে পাগুলি সময় কটোৱাত লাগিলো। অৱশেষত বৰ্ডিংৰ সময় আহি পালে। আমি উঠি লাইনত ঠিয় হ’ব খোজোতেই দেখো যে অফিচাৰজন আকৌ আহি ল’ৰাকেইজনক ৰুমৰ পৰা উলিয়াই আনিছে আৰু সকলোতকৈ আগত গেটৰ ওচৰলৈ লৈ গ’ল। তাৰপিছত কোনো প্ৰট’কল নৰখাকৈ গেটৰ পৰা এয়াৰলাইনছৰ এজন কৰ্মীক লগত লৈ ল’ৰা চাৰিজনক প্লেনৰ ভিতৰত থৈ আহিলগৈ আৰু উলটি যাওঁতে গেটত থকা প্লেনৰ বাকী কৰ্মীসকলক কৈ গ’ল “keep an eye on them..এওঁলোকৰ ওপৰত

চকু ৰাখিবা।” 

এয়া কি কাৰবাৰ! দেখাতটো ল’ৰা কেইজনক কোনো দাগী অপৰাধী যেন লগা নাছিল। কথাবোৰ ভাবি থাকোতে ঘপককৈ মনত এটা শব্দ ভাহি আহিল “ডাংকি।” আজাৰবাইজানৰ পৰা ৰাছিয়া তাৰপিছত ছেইণ্ট পিটাৰ্ছবাৰ্গৰ পৰা টালিন (এষ্টনিয়াৰ ৰাজধানী) হৈ ইউৰোপ, নহ’লে জৰ্জিয়া (ককেচাছ পৰ্বতৰ পাদদেশত ৰাছিয়া আৰু তুৰ্কীৰ মাজৰ দেশ) বা তুৰ্কী হৈ ইউৰোপ – এয়া প্ৰচলিত কুখ্যাত (!)  ডাংকি ৰূট। ইমানদিনে শুনিছিলো, পঢ়িছিলো, ভিডিঅ দেখিছিলো..আজি স্বচক্ষুৰে দেখাও পালো। 

ডাংকি – ২০২৩ত মুক্তিপ্ৰাপ্ত শ্বাহৰুখ খানৰ এখন চিনেমা। কিন্তু ইয়াৰ অৰ্থ কি? 

ভাৰতৰ পৰা প্ৰতিবছৰে হাজাৰ হাজাৰ ভাৰতীয় লোক (বিশেষকৈ যুৱক, কিছুসংখ‍্যক যুৱতী আৰু পৰিয়াল) বেআইনী প্ৰক্ৰিয়াৰে আমেৰিকা নাইবা ইউৰোপৰ দেশবোৰলৈ যায়। এই অবৈধ যাত্ৰাৰ, প্ৰৱেশৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোক কোৱা হয় “ডাংকি।” ডংকি অথবা গাধৰ দৰে বব নোৱাৰা কষ্ট, যন্ত্ৰণা-যাতনাৰ মাজেৰে কৰা যাত্ৰাৰ বাবে ইয়াক কোৱা হয় ডাংকি (ভাৰতীয় উপমহাদেশত Donkeyৰ অপভ্ৰংশ) অথবা কিছুৰ মতে ইংৰাজী Dunk শব্দৰ অৰ্থৰ দৰে মূৰ তল কৰি, পোলোকা মাৰি, বগুৱা বাই হাবি-জংঘল, সীমা পাৰ কৰি কৰা যাত্ৰাৰ বাবে ইয়াক ডাংকি বোলা হয়। কোনো বৈধ নথি-পত্ৰ অবিহনে ভোকে-পিয়াহে মাহ-মাহ, বছৰ ধৰি কেতিয়াবা চেণ্ট্ৰেল আৰু নৰ্থ-আমেৰিকাৰ গুৱাটেমালাৰ অটব‍্য অৰণ‍্যৰ মাজেৰে, অথবা ড্ৰাগছ কাৰ্টেলৰ যুদ্ধৰ মাজেৰে, কানাডাৰ বুকুলৈকে হোৱা বৰফ তথা ৰাছিয়াৰ প্ৰচণ্ড শীতাৰ্ত আৰ্কটিক বৰফৰ মাজেৰে, পশ্চিম কাজাখস্তানৰ ৰুক্ষ মৰু-মালভূমিৰ মাজেৰে অথবা মেক্সিকো-আমেৰিকাৰ ৱাল বগাই এই যাত্ৰা। বেছিভাগেই যাত্ৰাকালতে ভোক-পিয়াহত, কষ্টত, হত‍্যাৰ ফলত মৃত্যুমুখত পৰে, লুটপাতৰ সন্মুখীন হয়। পানামা-কলম্বিয়াৰ মাজৰ ড্ৰাগছ, মাৰ্ডাৰ, কিডনেপিঙৰ বাবে ভয়ানক পৃথিৱী কুখ‍্যাত Darien gap খোজেৰে পাৰ হ’বলগা হয়, মেক্সিকোৰ অটব‍্য অৰণ‍্যত ড্ৰাগছ কাৰ্টেলৰ গুলীয়াগুলীত নিহত হয়, নহ’লে বনৰীয়া জন্তুৰ আক্ৰমণৰ সন্মুখীন হয়, শাৰীৰিক অসুস্থতা, ৰাস্তাত হাত-ভৰি ভাগি মৃত‍্যু হয়। বহুতক এজেণ্টে পইচা লুটি আদবাটতে এৰি থৈ যায়, বহুতক ভাৰত নহ’লে বেলেগ কোনো দেশৰ এয়াৰপৰ্টতেই ধৰি থোৱা হয়, বহুসংখ‍্যক আমেৰিকা-ইউৰোপ গৈ পোৱাৰ পিছত ধৰা পৰে। জৰ্জিয়া, ছাৰ্বিয়া, বুলগেৰিয়া, ফ্ৰান্স, কাজাখস্তান আদি দেশৰ সীমান্তত প্ৰতিদিনে অজস্ৰ ভাৰতীয় ধৰা পৰে। ইউটিউব, ইনষ্ট্ৰাগামত এনে হাজাৰটা ভিডিঅ’ পাব। এনেকুৱা এটা যাত্ৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰত থকা এজেণ্টবোৰে এজনৰ পৰা ২০/৩০লাখৰ পৰা ৮০/৯০লাখ-১কোটি টকালৈকে লয়। প্ৰধানকৈ উত্তৰ আৰু পশ্চিম ভাৰতৰ বিশেষকৈ হাৰিয়ানা, পঞ্জাব, গুজৰাট, ৰাজস্থান আৰু কিছুসংখ‍্যক দক্ষিণ ভাৰতৰ পৰা বছৰি হাজাৰ হাজাৰ লোকে ডাংকি ৰুট ব‍্যৱহাৰ কৰি ভাৰতৰ বাহিৰলৈ গৈ আছে। বেছিসংখ‍্যকেই নিম্ন মধ‍্যবিত্ত, দুখীয়া শ্ৰেণীৰ লোক। নিজৰ ঘৰ, খেতি-মাটি বিক্ৰী কৰি, সকলো সঞ্চিত পইচা এজেণ্টক দি এই অজান যাত্ৰাত নামি পৰে। অলপদিন আগত বাতৰিত সকলোৱে দেখিছিলো কিদৰে তিনিখন মিলিটেৰী বিমানেৰে ৬৮২জন ভাৰতীয় অবৈধ অনুপ্ৰৱেশকাৰীক (পুৰুষৰ লগতে মহিলা আৰু শিশুকো) হাতত শিকলীৰে বান্ধি গৰু-ছাগলীৰ দৰে ট্ৰাম্প চৰকাৰে ভাৰতলৈ ওভতাই পঠাইছিল। তেওঁলোকে পিছত সাক্ষাৎকাৰত কৈছিল কিদৰে দিনে-ৰাতিয়ে ৫০/৬০ দিন ১৭/১৮টা পাহাৰ বগাই পাৰ হৈছিল, ৰাস্তাত ৪০/৫০টা মৃতদেহ পাইছিল। কিন্তু লগতে এইটোও জনাইছিল লক্ষ‍্য পোৱাৰ কেৱল ১% সম্ভাৱনা থাকিলেও মানুহে এই যাত্ৰাত নামি পৰে। উদাহৰণস্বৰূপে, 

জগদীশ বলদেৱভাই পেটেল, তেওঁৰ পত্নী আৰু দুই সন্তান – ২০২২চনত গুজৰাটৰ এই সম্পূৰ্ণ পৰিয়ালটো কানাডাৰ পৰা আমেৰিকালৈ অনুপ্ৰৱেশৰ চেষ্টা কৰি থাকোঁতেই প্ৰচণ্ড হিমপ্ৰৱাহৰ ফলত কানাডা-আমেৰিকাৰ সীমান্তৱৰ্তী এমাৰছন চহৰত মৃত‍্যুমুখত পৰে। 

হৰজিন্দৰ সিং – যোৱা ১২ আগষ্টত ফ্লৰিডাৰ হাইৱে’ত এখন ট্ৰাকেৰে ভুল ইউ-টাৰ্ণ এটা লৈ দুৰ্ঘটনা সংঘটিত কৰে, যত তিনিজন লোকৰ থিতাতে মৃত‍্যু হয়। পিছত গম পোৱা যায় যে তেওঁ ২০১৮চনতে আমেৰিকাত অবৈধভাৱে প্ৰৱেশ কৰিছিল, নিম্নতম পথ নিৰ্দেশনাৰ তথা ইংৰাজীৰ জ্ঞানো তেওঁৰ নাই আৰু আগতেও নিয়ম ভাঙি জৰিমনা ভৰিছে। St. Lucie county judgeয়ে তেওঁক “unauthorized alien অৰ্থাৎ আমাৰ অসমত চলি থকাৰ দৰে “অচিনাকি মানুহ” বুলি অভিহিত কৰি বেইল নিদিয়াৰ লগতে বৰ্তমান শাস্তি হিচাপে প্ৰায় ৪৫বছৰীয়া কাৰাবাসৰ সম্ভাৱনীয়তা প্ৰকাশ পাইছে। 

আহমেদাবাদৰ ‘চমৎকাৰী শ্ৰী হনুমান জী মন্দিৰ’, ইয়াৰ আন এটা নাম “ভিছা মন্দিৰ।” প্ৰতিদিনে শ শ ভক্তই লগত পাছপৰ্ট আৰু পুতলা এৰোপ্লেন লৈ তালৈ সেৱা কৰিব যায় যাতে তেওঁলোকৰ আমেৰিকা, ইউৰোপৰ ভ্ৰমণৰ সপোন সফল হয়। এনে ভিছা মন্দিৰ দেশত কমেও ৫/৬টা আছে। 

ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ তথ‍্যমতে ২০০৯-২০২৪চনৰ ভিতৰত ১৫,৫০০জনতকৈও অধিক অবৈধ ভাৰতীয়ক আমেৰিকাৰ পৰা ডিপৰ্ট কৰা হৈছে। বাকী ইউৰোপ, ৰাছিয়া, ব্ৰিটেইন, তুৰ্কী, মধ্য এছিয়া, ককেচাছ দেশৰ পৰিসংখ‍্যা বাদেই দিলো। শেহতীয়াকৈ আয়াৰলেণ্ড, অষ্ট্ৰেলিয়া, কানাডাত ভাৰতীয়ৰ ওপৰত হোৱা আক্ৰমণ, বৰ্ণ-বৈষম‍্যৰ ঘটনাৰ আঁৰতো বহুক্ষেত্ৰত এইবোৰ কাৰকেই দায়ী। যাৰ বাবে আয়াৰলেণ্ডৰ ডাবলিনস্থিত ভাৰতীয় দূতাবাসেই ভাৰতীয় লোকৰ ভ্ৰমণ আৰু ভাৰতীয় স্থায়ী বাসিন্দাৰ সাধাৰণ চলা-ফিৰাৰ বাবেও সাৱধানবাণী জাৰী কৰিবলগা অৱস্থা হৈছে। 

এতিয়া প্ৰশ্ন হয় যে ইমান কষ্টৰ পিছতো, ভৱিষ‍্যতৰ কোনো নিশ্চয়তা নথকা, সকলো সম্পত্তি-জীৱনৰ সংশয় লৈ সাত সাগৰ তেৰ নদী পাৰ হ’বলৈ মানুহে কিয় এই যাত্ৰাত নামি পৰে? 

উত্তৰত বহুতো পাকলগা কথা আছে যদিও প্ৰধান কথাটো হ’ল – ভাৰতৰ হিচাপতকৈ বেছি পইছা ঘটা, ভাৰতৰ দুৰ্নীতি-নিবনুৱা সমস‍্যাৰ পৰা পলোৱা, এখন সুস্থিৰ-সৱল দেশৰ ভাগ হোৱা আৰু আমেৰিকা যোৱাসকলৰ বাবে The great American dream দিঠকত পৰিণত কৰা ইত‍্যাদি। জেমচ ট্ৰুছলো আদামৰ কিতাপ The Epic of America (১৯৩১)ত প্ৰথমবাৰ বাবে প্ৰকাশ হোৱা The Great American dream – যিকোনো মানুহে নিজৰ জন্ম পৰিচয়, পৰিয়াল-পৰিৱেশ নেওচি কঠোৰ শ্ৰম, চেষ্টা আৰু বুদ্ধিমত্তা ব‍্যৱহাৰ কৰি সফলতা আৰু উন্নত জীৱন লাভ কৰিব পাৰে। ধৰ্ম বৈষম‍্য, জাত-পাত, উচ্চ-নীচ, সংৰক্ষণ, ৰাজনীতিক খোৱা-কামোৰা, ভাষা-সামাজিক পৰিচয়েৰে বহুধা বিভক্ত ভাৰতৰ সমাজব‍্যৱস্থাতকৈ অনুপ্ৰেৱশকাৰীসকলৰ বাবে নিজৰ কষ্টৰ ফল পোৱা The Great American Dream বেছি আকৰ্ষণীয় হয়। 

বেছি শিক্ষা-দীক্ষা নথকা তেওঁলোকৰ বেছিভাগেই জীৱিকা হিচাপে বাছি লয় ট্ৰাক ড্ৰাইভাৰ, ৱেইটাৰ, ছিকিউৰিটী গাৰ্ড, উবেৰ ড্ৰাইভাৰ আদিৰ দৰে কামবোৰ। আমেৰিকা/ইউৰোপৰ সাধাৰণ ট্ৰাকচালক এজনেও ভাৰতৰ IAS, IPS তথা কৰ্পৰেট চাকৰিয়াল এজনতকৈ হাজাৰগুণে বেছি পইছা আৰ্জন কৰিবলৈ সমৰ্থ হয়। একদম ন-শিকাৰু এজনেও অতি কম হিচাপে বছৰি ৫০-৭০,০০০ ডলাৰ (ভাৰতীয় হিচাপত বছৰত ৪৫-৬০,০০০ লাখ টকা) উপাৰ্জন কৰে। সেই পইচাৰে ভাৰতত তেওঁলোকে সম্পত্তি কৰে, ইনভেষ্ট কৰে, পৰিয়ালক এটা ভাল লাইফষ্টাইল দিবলৈ সক্ষম হয়। বাহিৰত ৰেষ্টুৰেণ্ট ৱেইটাৰ, ছিকিউৰটি গাৰ্ড, উবেৰ ড্ৰাইভাৰ আদিৰ দৰে কাম কৰিও ভাৰতত এক সুখ-স্বাচ্ছন্দ‍্যৰ ৰাজকীয় জীৱন যাপন কৰিব পাৰে। লগতে বহুলোকে সেইখিনি ভিডিঅ’ বনাই ইনষ্টাগ্ৰাম-ইউটিবত দি বাকী লোককো একেই পথ ল’বৰ বাবে আকৰ্ষিত কৰে। বিচাৰিলে ইউটিউবত তেনে হাজাৰ-বিজাৰ আমেৰিকা/ইউৰোপত থকা ভাৰতীয় ট্ৰাক ড্ৰাইভাৰ, উবেৰ ড্ৰাইভাৰৰ ভিডিঅ’ পাব। আমেৰিকাৰ মুঠ কমাৰ্চিয়েল ট্ৰাক ড্ৰাইভাৰৰ ১৮% ভাৰতীয় শিখ সম্প্ৰদায়ৰ। ট্ৰাক ইণ্ড্ৰাষ্ট্ৰীৰ প্ৰায় ডেৰ-দুই লাখ লোক ভাৰতীয়। পেৰিছ, ৰোম, লণ্ডন আদিৰ বাটে-ঘাটে ফুটপাথে এইসকল লোক সৰু-সুৰা কাম, ব‍্যৱসায়ত জড়িত। কেনেবাকৈ আমেৰিকা/ইউৰোপৰ ৱৰ্ক ভিছা উলিয়াই ল’ব পাৰিলে জীৱন আৰু সহজ হৈ পৰে। নাগৰিক নোহোৱাকৈও কেৱল আমেৰিকা/ইউৰোপৰ ভিছাৰ জোৰতে পৃথিৱীৰ আধাসংখ‍্যক দেশ ভিছা-ফ্ৰী বা ই-ভিছাৰ জৰিয়তে তেওঁলোকৰ বাবে সুগম হৈ পৰে, অন‍্যথা ভাৰতীয় পাছপৰ্টৰ বাবে যিটো কোনোপধ‍্যে সম্ভৱ নহয়। 

এনেকুৱা লোকৰ বাবেই, এনেকুৱা কাৰণসমূহৰ বাবেই বাহিৰত ভাৰতীয় পাছপৰ্টৰ বহুত দুখলগা অৱস্থা। ই-ভিছা দিয়াৰ পিছতো জৰ্জিয়া, ৰাছিয়া আদি দেশত প্ৰতিদিনে ভাৰতীয়ক ঘূৰাই পঠোৱা হয়। সেইদেশত চলিব পৰাকৈ হাতত পইচা আছে নাই চেক কৰে। লাইনৰ বাহিৰত নি তালাচী চলোৱা হয়, পুলিচৰ হতুৱাই সোধপোচ কৰা হয়। জুলাই মাহত ভাৰতৰ ৯জনীয়া যুৱকৰ দল এটাক ৰাছিয়াৰ এয়াৰপৰ্টত ৩দিন নোখোৱা-নোবোৱাকৈ খিৰিকী নথকা বন্ধ ৰূমত ভৰাই থৈ দিয়াৰ খবৰ বহুল প্ৰচলিত হৈছিল। তাৰে ২জনমান অলপ জনপ্ৰিয় ইউটিউবাৰ হোৱাৰ বাবে ঘটনাটো বিশেষভাৱে চৰ্চাত আহিছিল। ডুবাই, আবুধাবি, তুৰ্কীৰ এয়াৰপৰ্টত শ শ ভাৰতীয়ক বিভিন্ন সন্দেহৰ বশত বৰ্ডিং কৰিবলৈ দিয়া নহয়। কাৰণ কেনেবাকৈ পৰৱৰ্তী দেশখনে যদি তেওঁলোকক ইমিগ্ৰেচনত প্ৰৱেশ কৰিবলৈ নিদিয়ে, তেন্তে লৈ যোৱা এয়াৰলাইনছৰ পৰা বহুত ফাইন কটা হয় আৰু তেওঁলোকক ঘূৰাই অনাৰ দায়িত্বও সেই এয়াৰলাইনছৰে হয়। যিটো খুবসম্ভৱ আমি আজাৰবাইজানত পোৱা দলটোৰ লগত হোৱা যেন অনুভৱ হয়। বিশেষকৈ অকলশৰীয়া আৰু গ্ৰুপত যোৱা যুৱকসকলক সন্দেহৰ চকুৰে চোৱা হয়। চতুৰ্থ বহৎ অৰ্থনীতিৰ দেশ হোৱাৰ পিছতো আমেৰিকা, ইউৰোপ, ব্ৰিটেইন, জাপান, চীন আদি দেশৰ ভিছাৰ বাবে আমি জন্ম বৃত্তান্তৰ পৰা ৩/৪বছৰৰ ইনকাম-বেংক বেলেন্স, মা-দেউতা, বাই-ভনীৰ লগত সম্পৰ্কৰ পৰা স্থাৱৰ-অস্থাৱৰ সম্পত্তিলৈকে হিচাপ দিবলগা হয়। আপুনি যে ঘৰৰ মানুহ ঘৰলৈ ঘূৰি আহিব, তাত অবৈধভাৱে থাকিবলৈ যোৱা নাই, আপোনাৰ যে ইয়াত ভাল ইনকাম আছে, তাত খৰচ কৰিব পৰাকৈ যথেষ্ট পইচা আছে সেয়া বুজাবলৈ দীঘলীয়া কভাৰ লেটাৰৰ ৰচনা লিখিব লগা হয়। লাগিলে আমেৰিকান, ইউৰোপীয়ান এজনতকৈ আপুনি বেছি ধনীয়েই নহওক কিয়! ওচৰৰে কম্বোডিয়া, লাওচ আদিৰ দৰে তুলনামূলক সৰু দেশতে ভাৰতীয়ক ওভটাই পঠোৱা ঘটনা দেখিবলৈ পোৱা যায়। তদুপৰি বিদেশত গৈ ভাৰতীয়সকলে কৰা উৎপাত, উদ্ভণ্ডালিয়েও ইয়াত অণুঘটকৰ কাম কৰে।  

এইধৰণৰ কথা কাণ্ডসমূহে সাধাৰণ ভাল যাত্ৰীসকলক বহুত হাৰাশাস্তি কৰে। একো নকৰাকৈও তেওঁলোক অসুবিধাৰ সন্মুখীন হ’বলগা হয়, সন্দেহৰ আৱৰ্তত ৰখা হয়। বিনামূলীয়া বস্তুৰ সলনি দেশৰ মানুহক দৈনন্দিন কাৰিকৰী জ্ঞানেৰে সংস্থাপনৰ যোগাৰ নিদিয়ালৈ, ধৰ্ম-জাতি-ভাষাৰ উলম্ব বিভাজনবোৰৰ সলনি কাম-কষ্ট অনুযায়ী নিৰ্দিষ্ট বেতন তথা ভৱিষ‍্যতৰ সুব‍্যৱস্থা নিশ্চিত নকৰালৈকে, দুৰ্নীতিৰ মেৰপাকবোৰ শেষ নোহোৱালৈকে আৰু আমাৰ মানুহবোৰে নিজেও ডলাৰ-ইউৰো-পাউণ্ডৰ অলীক সপোনবোৰ দেখি থকালৈকে এই যাত্ৰাৰ কেতিয়াও শেষ নহয়।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments