'নগ্নমেৱ জয়তে'; মূল হিন্দী কবিঃ ড° হুবনাথ পাণ্ডে
অনুবাদঃ পূৰৱী কাকতী
ভোজনৰ শেষ আশাখিনিও যেতিয়া নিৰ্বাপিত হৈ পৰে
বহুদিনৰ ভোকাতুৰ এজনে যি পায় তাকেই খাই পেলায়
ঠিক যেনেকৈ এজন উলংগ লোকে যেতিয়াই অনুভৱ কৰে নিজৰ নগ্নতাৰ কথা
তেওঁ ৰাস্তাৰ পৰা যিকোনো বস্তু বুটলি লৈ নিজৰ নগ্নতা ঢাকি লয়
শৰীৰৰ দৰেই চিন্তাধাৰাৰো নগ্নতা বা উলংগতা থাকে
যেতিয়াই চিন্তা-শূন্যতা বা চিন্তাৰ অপৰিহাৰ্য্যতা ধৰা পৰে,
বৈচাৰিকভাৱে নগ্নজনে ওচৰে-পাজৰে উভৈনদী হৈ পৰি থকা যিকোনো চিন্তাকেই তৎকালীনভাৱে আঁকোৱালি লয় আৰু চিন্তাধাৰাৰ উলংগতাক ঢাকি পেলায়
নগ্নতাৰ এই উপলব্ধিত ক্ষুব্ধ হৈ তেওঁ সেই বস্ত্ৰকে শৰীৰ বুলি ভাবিবলৈ লয়
এইটো ঠিক, যাৰ আত্মা উলংগ হৈ পৰিছে তেওঁলোকৰ নগ্নতা পৃথিৱীৰ সকলো বস্ত্ৰ একত্ৰ হৈয়ো ঢাকিব নোৱাৰে
তেনে লোকে যিমানেই অধিক, যিমানেই সুন্দৰ বা যিমানেই দামী বস্ত্ৰ পৰিধান নকৰক,
সিমানেই তেওঁলোক অধিক উলংগ হৈ পৰে
কোৱা হয়- এনেকুৱা নগ্নতাৰ ওচৰতেই ভগৱান পৰাজিত হয়
আৰু ভগৱানৰ এই পৰাজয়ে প্ৰতিবাৰেই সমগ্ৰ মানৱতাক উলংগ কৰি থৈ যায়..।
****
