বৰ্হেছ আৰু চক্ৰবেহু

লেখক- শ্ৰী চিত্তৰঞ্জন ওজা

আৰ্জেণ্টিনাৰ বিশ্ব প্ৰসিদ্ধ সাহিত্যিক হৰ্হে লুইছ বৰ্হেছে (১৮৯৯ চন -১৯৮৬ চন)  ‘The Two Kings and the Two Labyrinths’ শিৰোনামেৰে চুটিগল্প এটা লিখিছিল ১৯৩৬ চনত। পিছত The Aleph নামৰ গ্ৰন্থখনত ইবন অল বোখাৰী নামৰ চৰিত্ৰটিৰ মুখেৰে গল্পটো প্ৰকাশ কৰে। গল্পটোৰ মূল বিষয়বস্তু হৈছে চক্ৰবেহু। ৰহস্যৰ আৱৰ্তত ৰাখি বৰ্হেছে লিখা প্ৰায়বোৰ ৰচনাৰ মাজত আছে একোটা labyrinth বা চক্ৰবেহু। তেওঁৰ বহুল পঠিত গ্ৰন্থ এখনৰ নাম হ’ল ’Labyrinth’। বৰ্হেছে  লিখিছিল, “There is no need to build a labyrinth when the entire universe is one. It only takes two facing mirrors to build a labyrinth.” গোটেই বিশ্বব্ৰহ্মাণ্ডখনে হৈছে এক চক্ৰবেহু, গতিকে মানুহে তেনে চক্ৰবেহু নিৰ্মাণ কৰাৰ প্ৰয়োজন নাই। আনকি সাধাৰণ দুখন আইনা মুখামুখিকৈ ৰাখিলেই চক্ৰবেহুৰ সৃষ্টি হয়। বিশ্বৰ বৰেণ্য সাহিত্যিক গৰাকীৰ বিখ্যাত ‘The Two Kings and the Two Labyrinths’ নামৰ চুটিগল্পটোৰ অসমীয়া অনুবাদ তলত দিয়া হ’ল।

  “কে’বা শ বছৰ আগৰ এটি কাহিনী। কিমান আগৰ ক’ব পৰা নাযায়। দুখন দেশৰ দুজন সম্ৰাটৰ কাহিনী। ইতিহাসবিদে লিখি থৈ গৈছে সম্ৰাট দুজনৰ কথা। গতিকে কাহিনীটো সঁচা হ’ব লাগে। পিছে যিমানে নিৰ্ভৰযোগ্য নহওক কিয় একমাত্ৰ ভগৱানেহে জানে ইতিহাসৰ কাহিনীবোৰ কিমান সঁচা, কিমান মিছা। বেবিলনৰ দ্বীপসমূহত ৰাজত্ব কৰা সম্ৰাটজনে বিশ্বৰ নামজ্বলা স্থপতিবিদক আদেশ দিলে যে ৰাজ্যত এনে এক চক্ৰবেহু (ইংৰাজীত যাক কোৱা হয় labyrinth)  নিৰ্মাণ কৰিব লাগে যাৰ সোমোৱা ৰাস্তা এটাই কিন্তু আগবঢ়াৰ লগে লগে অজস্ৰ ৰাস্তা, চিৰি, দেৱাল, সুৰঙ্গ পোৱা যাব যাতে দেশৰ আটাইতকৈ বুদ্ধিমান ব্যক্তিজনো চক্ৰবেহুৰ পৰা ওলাই আহিব নোৱাৰে। এনে চক্ৰবেহু নিৰ্মাণ দৰাচলতে ধৰ্মক উপহাস কৰাৰ দৰে, কাৰণ সাঁথৰ আৰু অলৌকিকতা কেৱল ঈশ্বৰৰহে, মানুহৰ নহয়।

  চক্ৰবেহু নিৰ্মাণৰ কিছু দিন পিছত আৰবৰ সম্ৰাটে বেবিলন ভ্ৰমণ কৰে আৰু সম্ৰাটৰ দৰবাৰত উপস্থিত হয়। আৰবৰ সম্ৰাটক উপহাস কৰাৰ উদ্দেশ্যে বেবিলনৰ সম্ৰাটে তেওঁক চক্ৰবেহুত সোমাবলৈ আহ্বান জনায়। আৰবৰ সম্ৰাট বিমোৰত পৰে। তেওঁলৈ জনোৱা আহ্বানক অৱজ্ঞা কৰা ৰজাৰ পক্ষে অনুচিত। সেয়ে তেওঁ চক্ৰবেহুৰ ভিতৰত সোমালে। গোটেই দিন ঘুৰ্মুটিয়াই পাকচক্ৰৰপৰা ওলাব নোৱাৰি শেষত ভগৱানক স্মৰণ কৰি সহায়ৰ বাবে প্ৰাৰ্থনা জনায়। শেষ নিশা সম্ৰাটে ৰাস্তা বিচাৰি পালে, গন্তব্যস্থলৰ দুৱাৰমুখত উপস্থিত হ’ল। অতি কষ্টেৰে  নিজৰ খং, অসন্তুষ্টিৰ ভাব মুখেৰে প্ৰকাশ কৰাৰ পৰা বিৰত ৰাখি তেওঁ বেবিলনৰ সম্ৰাটৰ আগত উপস্থিত হয় আৰু সম্ৰাটক কয় যে তেওঁৰো এনে এক চক্ৰবেহু আছে। ঈশ্বৰে কৃপা কৰিলে বেবিলনৰ সম্ৰাটক লৈ গৈ দেখুৱাব। কথাখিনি কৈ আৰবৰ নৃপতিয়ে নিজৰ দেশলৈ উভতে। নিজ ৰাজ্যত আহিয়ে তেওঁ সেনাপতি আৰু সৈন্যবাহিনীক যুদ্ধৰ বাবে সাঁজু হ’বলৈ আদেশ দিয়ে। বছৰদিন পাৰ হোৱাৰ আগতে সম্ৰাটে বেবিলন ৰাজ্য আক্ৰমণ কৰে। সম্ৰাটে বেবিলনৰ অলঙ্ঘ্য দুৰ্গসমূহ ভাঙি পেলায়, বেবিলনৰ সৈন্যক মষিমূৰ কৰি ছেদেলি-ভেদেলি কৰি পেলায়। বেবিলনৰ সম্ৰাটক বন্দী কৰি লৈ আনে।

 

সম্ৰাটক বেগী উটৰ পিঠিত বান্ধি আৰবৰ সম্ৰাটে সৈন্য সামন্তসহিত মৰুভূমিৰ মাজলৈ যাত্ৰা কৰে। তিনিদিন যাত্ৰাৰ অন্তত আৰবৰ সম্ৰাটে ৰৈ দিয়ে আৰু বন্দী সম্ৰাটক ক’লে:-

হে  সৰ্বকালৰ শ্ৰেষ্ঠ সম্ৰাট, বেবিলনত তুমি মোক তামেৰে নিৰ্মিত অগণন চিৰি, দুৱাৰ আৰু দেৱালৰ চক্ৰবেহুত সুমুৱাই মোৰ ৰং চালা, আজি ঈশ্বৰে মোৰ ৰাজ্যৰ চক্ৰবেহু দেখুৱাবলৈ সুযোগ দিছে, য’ত উঠিবলৈ কোনো চিৰি নাই, ঠেলিবলৈ কোনো দুৱাৰ নাই, পাৰ হ’ব পৰাকৈ কোনো অন্তহীন সুৰংগ নাই, বাটত কোনো দেৱাল নাই।

তাৰ পাছত বেবিলনৰ সম্ৰাটৰ বান্ধোন খুলি মৰুভূমিৰ মাজত ভোক আৰু পিয়াহত মৰিবলৈ এৰি দি আৰবৰ সম্ৰাটে প্ৰস্থান কৰে। মহিমা তেওঁৰেই হয় যিয়ে নমৰি জীয়াই থাকে।“

গল্পটো এইখিনতে সমাপ্ত হয়। বেবিলনৰ সম্ৰাটে নিজৰ ধন সম্পদ অপচয় কৰি চক্ৰবেহু নিৰ্মাণ কৰিলে যদিও আৰবৰ সম্ৰাটে তাৰ পৰা ওলাই আহবলৈ সক্ষম হ’ল। ভগৱানৰ সৃষ্ট মৰুভূমি য’ত সকলো পিনে খোলা, কোনো দেৱাল নাই চিৰি নাই, য’ত নদ-নদী, পাহাৰ-পৰ্বতৰ বাধা নাই, অথচ পাকচক্ৰৰ জটিলতা নাথাকিলেও কোনো মানুহে মৰুভূমি পাৰ কৰিব নোৱাৰে, খাদ্য আৰু পানীৰ অভাৱত মৃত্যু মুখত পৰে। ভগৱানৰ সৃষ্ট চক্ৰবেহুখনত কোনো জটিলতা নাথাকিলেও মানুহৰ সৃষ্ট চক্ৰবেহুতকৈ বহু কঠিন। গতিকে মানুহে চক্ৰবেহু নিৰ্মাণ কৰিবই নালাগে। বাস্তৱত আমি প্ৰত্যেকে নিজৰ চাৰিওফালে একোটা চক্ৰবেহু তৈয়াৰ কৰো য’লৈ আন কোনো মানুহ ওচৰ চাপিব নোৱাৰে। অফিচ এটালৈ লক্ষ্য কৰকচোন। বিভিন্ন কিউবিকুলচ নিৰ্মাণ কৰি অফিচৰ কৰ্মচাৰীক কাম কৰিবলৈ দিয়া হয়। একেবাৰে শেষত অফিচৰ মুৰব্বীজনে বহা ৰূম। কিউবিকুলচৰ চক্ৰবেহু পাৰ হৈ মুৰব্বীজনৰ কাষলৈ যাবলৈ সাধাৰণ মানুহে সুবিধাই নাপায়।  

    

গল্পটোৰ দেশ দুখনৰ বৈপৰিত্যলৈ মন কৰক। বেবিলন ৰাজ্য হ’ল সাগৰৰ পানীৰ মাজত থকা কেইটামান দ্বীপপুঞ্জৰে গঠিত। আনখন হ’ল বিস্তীৰ্ণ মৰুভূমিৰ মাজত অৱস্থিত এখন দেশ। এখন দেশৰ চক্ৰবেহু মানুহৰ হাতেৰে নিৰ্মিত, আনখন দেশৰ চক্ৰবেহু হ’ল প্ৰকৃতিৰ দান, ঈশ্বৰৰ সৃষ্টি। বেবিলন ৰাজ্যখনৰ এক সুনিৰ্দিষ্ট সীমা আছে, ইপিনে আৰবখন মৰুভূমিৰ মাজত, সুনিৰ্দিষ্ট কোনো সীমা নাই। বেবিলনৰ সভ্যতা হাজাৰ বছৰ পুৰণি, ৰাজ্যখনত সভ্যতাই জন্ম দিয়া বিজ্ঞান আৰু  প্ৰযুক্তিৰ প্ৰভাৱ স্পষ্ট। ইপিনে আৰবত কিছুমান যাযাবৰী জাতিয়ে বাস কৰিছিল, কৃত্ৰিম জীৱনধাৰাৰ পৰা বহু আঁতৰত। বিজ্ঞান আৰু প্ৰযুক্তিৰ সৃষ্ট চক্ৰবেহুত সোমাই পৰিল বেবিলনৰ সম্ৰাট। ইয়াৰ বিপৰীতে প্ৰকৃতিৰ কোলাত সাম্ৰাজ্য গঢ়িলে আৰবৰ সম্ৰাটে। প্ৰকৃতি সদায়ে মানৱসৃষ্ট কৃত্ৰিম জীৱনধাৰাতকৈ শ্ৰেয়। বিজ্ঞান, প্ৰযুক্তিৰ সৃষ্ট কৃত্ৰিম সামগ্ৰী প্ৰকৃতিৰ ওপৰত হ’ব নোৱাৰে।  

বৰ্হেছে গল্পটো শেষ কৰিছে এনেদৰে  – ‘Glory to Him who does not die’।  ভগৱানকে তেওঁ  ’Him’ বুলি কৈছে, আৰবৰ সম্ৰাটক ক’বলৈ যোৱা নাই। ভগৱানৰ সৃষ্টি বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য ভেদ কৰি মানুহে জয়ী হ’ব নোৱাৰে। কেৱল ঈশ্বৰেহে ৰহস্যৰ মাজত নমৰি জীয়াই থাকিব পাৰে। গল্পটোৰ মাজেৰে বৰ্হেছে ভগৱানৰ উপস্থিতিক বিশেষ মাত্ৰা দিছে। নব্বৈ বছৰ আগতে ৰচনা কৰা গল্পটো বিভিন্ন ধৰণে বিশ্লেষণ কৰিব পাৰি। অৰ্থৰ বহুমাত্ৰিকতাৰ বাবে সাহিত্য জগতত আজিও ই আলোচ্য বিষয় হৈ আছে। বৰ্হেছে চক্ৰবেহুক ৰূপক হিচাপে বহু গল্পত ব্যৱহাৰ কৰিছে।

মহাভাৰতত অৰ্জুনৰ পুত্ৰ অভিমান্যুক চক্ৰবেহুত সুমুৱাই কৌৰৱে নিৰ্দয়ভাৱে হত্যা কৰিছিল। অভিমান্যুই চক্ৰবেহুত সোমাব জানিছিল, তাৰ পৰা ওলাবলৈ নিশিকিলে। পিছে যিসকল মহাৰথীয়ে অভিমান্যুক চক্ৰবেহুত সুমুৱাই হত্যা কৰিছিল সেইসকলো যোদ্ধাই মহাভাৰতৰ যুদ্ধত প্ৰাণ ত্যাগ কৰিবলগীয়া হ’ল। সেই অৰ্থত চক্ৰবেহু ৰচনা কৰি কৌৰৱৰ কি লাভ হ’ল? বৰ্হেছে মহাভাৰতৰ পৰা চক্ৰবেহুৰ ধাৰণা লাভ কৰিছিল নে নাই জনা নাযায়। মানুহে চক্ৰবেহু সাঁজে আনৰ অহিত চিন্তা কৰি য’ত ষড়যন্ত্ৰ লুকাই থাকে। সেয়ে চক্ৰবেহু সদায়ে মানৱতাৰ বিপৰীত মেৰুত অৱস্থান কৰে।




শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments