সমাজিক মাধ্যম আৰু শিশুৰ মানসিক স্বাস্থ্য

লেখক- পংকজ কুমাৰ নেওগ।

১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰী সকলৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ ক্ষেত্রত অষ্ট্ৰেলিয়াক অনুসৰণ কৰাৰ লক্ষ্যৰে গ্ৰেট বৃটেইন আৰু অন্যান্য দেশে পদক্ষেপ গ্ৰহণ কৰিছে যদিও সময়ৰ লগে লগে যুৱক-যুৱতীসকলৰ মানসিক স্বাস্থ্যত ই কেনে প্ৰভাৱ পেলাব সেই বিষয়ে আমি এতিয়াও বহুতো কথা নাজানো। উদাহৰণস্বৰূপে – প্রতিদিনে নির্দিষ্ট সময় ধৰি ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰে ক্ষতিৰ পৰিমাণ বৃদ্ধি কৰে নেকি? বয়সত ডাঙৰ কিশোৰ-কিশোৰীসকলৰ তুলনাত কম বয়সৰ কিশোৰ-কিশোৰীসকলৰ বিপদ বেছি হ’ব পাৰে নেকি? ল’ৰা আৰু ছোৱালীৰ মাজত কিবা পার্থক্য আছেনে? চলিত বছৰৰ জুনমাহৰ ‘মেডিকেল জার্নেল অৱ অষ্ট্ৰেলিয়া’ত প্রকাশিত এটা নতুন গৱেষণাই এনে কিছুমান প্রশ্নৰ কিছু গুৰুত্বপূর্ণ উত্তৰ প্রদান কৰিছে। গৱেষণাৰ ফলাফলে দেখুৱাইছে যে অতিৰিক্ত ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰে যুৱক-যুৱতীসকলৰ মানসিক স্বাস্থ্যৰ ক্ষতিসাধন কৰিব পাৰে। ইয়াৰ সমান্তৰালকৈ যুৱক-যুৱতীসকলৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ সুযোগ সীমিত কৰাৰ বিষয়ে অষ্ট্ৰেলিয়াৰ অভিভাৱকসকলৰ এটা সমীক্ষাও গ্ৰহণ কৰা হৈছিল। সমীক্ষাৰ ফলাফলে ইঙ্গিত দিয়ে যে এই আইনখনে তেওঁলোকৰ সন্তানসকলৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ বিষয়ে অভিভাৱকসকলৰ দৃষ্টিভঙ্গী আৰু আচৰণ পৰিৱৰ্তন কৰিছে।

 

যোৱা ডিচেম্বৰত অষ্ট্ৰেলিয়াই যেতিয়া ১৬ বছৰৰ কম বয়সৰ কিশোৰ-কিশোৰীসকলৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিষেধ কৰে, সেই সময়ত ১৬ বছৰ বয়স সীমা ইয়াৰ বাবে উপযুক্ত হয় নে নহয় সেই সন্দৰ্ভত যথেষ্ট বিতর্ক হৈছিল। কৈশোৰকালীন ছ’চিয়েল মিডিয়া ব্যৱহাৰ আৰু মানসিক স্বাস্থ্যৰ মাজৰ সম্পর্কক লৈ কেইবাটাও দীর্ঘম্যাদী গৱেষণা (longitudinal studies) সম্পূৰ্ণ কৰা হৈছে। কিন্তু কৈশোৰৰ বিভিন্ন বয়সত ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ বিপদৰ কোনো পাৰ্থক্য আছে নে নাই সেই বিষয়ে অতি কম সংখ্যক গৱেষণাহে পদ্ধতিগতভাৱে কৰা হৈছে। গ্ৰেট বৃটেইনত ২০২২ চনত পৰিচালিত এটা ডাঙৰ গৱেষণাত দেখা গৈছে যে, সময়ৰ লগে লগে কিশোৰ-কিশোৰীসকলৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ মাত্রা বাঢ়ি যোৱাৰ বিষয়টো নির্দিষ্ট কিছু বয়সত নিজৰ জীৱনক লৈ সন্তুষ্টিৰ মাত্রা হ্ৰাস পোৱাৰ সৈতে জড়িত আছিল। ছোৱালীৰ বাবে এই নিৰ্দিষ্ট সময়ছোৱা আছিল ১১ৰ পৰা ১৩ বছৰ আৰু ল’ৰাৰ ক্ষেত্রত ১৪ৰ পৰা ১৫ বছৰ। এই গৱেষণাটোৱে মূলতঃ জীৱনৰ সন্তুষ্টিৰ ওপৰত আলোকপাত কৰিছিল আৰু ইয়াত মানসিক স্বাস্থ্যৰ বিভিন্ন লক্ষণৰ বিষয়টো মূল্যায়ন কৰা হোৱা নাছিল।

 

‘মেডিকেল জার্নেল অৱ অষ্ট্ৰেলিয়া’ত প্ৰকাশিত উপৰ্যুক্ত গৱেষণাৰ লক্ষ্য আছিল এই প্রৱণতাসমূহ আৰু গভীৰভাৱে পৰীক্ষা কৰা। এই গৱেষণাত মেলব’ৰ্ণৰ ১,১৯৫ জন শিক্ষার্থীৰ তথ্য ব্যৱহাৰ কৰা হৈছিল; গৱেষকসকলে বছৰি ১২ৰ পৰা ১৮ বছৰৰ বয়সৰ শিক্ষাৰ্থীসকলৰ ওপৰত পর্যৱেক্ষণ চলাইছিল আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ সৈতে পৰৱৰ্তী সময়ত এই সকল শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সমস্যাৰ কোনো সম্পর্ক আছে নে নাই পৰীক্ষা কৰা হৈছিল। তদুপৰি পৰিসংখ্যাগতভাৱে এনে বিভিন্ন ব্যক্তিগত আৰু পাৰিবাৰিক বিষয়বোৰ বিবেচনা কৰা হৈছে যিবোৰে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ আৰু মানসিক স্বাস্থ্য—উভয়কে প্রভাৱিত কৰে বুলি জনা যায়। ইয়াৰ ফলত এই গৱেষণাই বিকল্প ব্যাখ্যাসমূহৰ সম্ভাৱনা কমাই ফলাফলৰ নির্ভৰযোগ্যতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল যদিও কাৰ্য-কাৰণ সম্পৰ্ক (Causation) প্ৰমাণিত হোৱা নাছিল। গৱেষণাত দেখা গৈছে যে ছ’চিয়েল মিডিয়াত যিসকল কিশোৰ-কিশোৰীয়ে প্ৰতিদিনে এঘণ্টাৰো কম সময় কটায় সেই সকলৰ তুলনাত প্ৰতিদিনে দুঘণ্টাতকৈ অধিক সময় কটোৱা কিশোৰ-কিশোৰীসকলৰ এবছৰৰ পাছত মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বেছি। মানসিক স্বাস্থ্যজনিত সমস্যাৰ ভিতৰত আছিল হতাশাৰ বৰ্ধিত লক্ষণ আৰু সামগ্ৰিক সুস্থতাৰ অভাৱ। গুৰুত্বপূৰ্ণ কথাটো হ’ল – কৈশোৰৰ বিভিন্ন পৰ্যায়ত ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ বিপদ সমানে অনুভৱ কৰা হোৱা নাছিল।

 

১২ৰ পৰা ১৩ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে আটাইতকৈ গভীৰ প্রভাৱ পৰিলক্ষিত হৈছিল। ১৪ৰ পৰা ১৬ আৰু ১৭ৰ পৰা ১৮বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ তুলনাত এই বয়সৰ (১২-১৩ বছৰ) ক্ষেত্রত বিষণ্নতা আৰু উদ্বেগৰ উপসর্গ, মানসিক সুস্থতাৰ অভাৱ আৰু নিজকে ক্ষতি কৰাৰ প্রৱণতাৰ আনুমানিক আশংকা আছিল প্ৰায় দুগুণ। সামগ্রিকভাৱে, প্রভাৱৰ মাত্রা আছিল পৰিমিত। কিন্তু ১২ৰ পৰা ১৩বছৰ বয়সৰ ছোৱালীৰ ক্ষেত্রত প্রতিদিনে দুঘণ্টাৰ বেছি সময় ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ বিষয়টো প্রতি ১০০ কিশোৰ-কিশোৰীৰ মাজত তীব্র বিষণ্নতাৰ লক্ষণৰ প্রায় ১১টা অতিৰিক্ত ঘটনাৰ সৈতে জড়িত আছিল। যদি সৰহ সংখ্যক যুৱক-যুৱতীয়ে প্রতিদিনে দুঘণ্টাতকৈ বেছি সময় ছ’চিয়েল মিডিয়াত ব্যয় কৰে, তেতিয়া সৰু সৰু প্রভাৱো সামগ্রিক জনগোষ্ঠীৰ ক্ষেত্রত তাৎপর্যপূর্ণ হৈ উঠিব পাৰে।

 

এই গৱেষণাৰ দ্বাৰা এনে কোনো সুনির্দিষ্ট বয়স নির্ধাৰণ কৰা সম্ভৱ নহয় যেতিয়া ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ ‘নিৰাপদ’ হ’ব পাৰে। তদুপৰি, বয়স-ভিত্তিক বাধা-নিষেধ সংক্রান্তীয় জাতীয় আইন প্রণয়নৰ ক্ষেত্রত কেৱল এটা গৱেষণাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱাও উচিত নহয়। কিন্তু অন্যান্য গৱেষণাৰ ফলাফলৰ সৈতে মিলাই চালে এই গৱেষণাই ইঙ্গিত দিয়ে যে কম বয়সৰ কিশোৰ-কিশোৰীসকল ছ’চিয়েল মিডিয়াৰ সম্ভাৱ্য ক্ষতিকৰ প্রভাৱৰ পৰা অসুৰক্ষিত আৰু বয়ঃসন্ধিৰ আৰম্ভণিতে ইয়াৰ প্রভাৱ আটাইতকৈ প্ৰৱল হৈ উঠে। অনুমান কৰা যায় ইয়াৰ ফলত অষ্ট্ৰেলিয়াৰ ছ’চিয়েল মিডিয়া বিষয়ক আইনখনে কম বয়সৰ কিশোৰ-কিশোৰীসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত আটাইতকৈ বেছি প্রভাৱ পেলাব। কিন্তু এই কথা নিশ্চিত কৰিবলৈ অধিক গৱেষণাৰ প্রয়োজন। কিন্তু কেৱল বয়সভিত্তিক নিষেধাজ্ঞাই কিশোৰ-কিশোৰীসকলৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ সৈতে জড়িত সকলো বিপদ দূৰ কৰাৰ সম্ভাৱনা নাই। গৱেষণাত এনে প্রমাণো পোৱা গৈছে যে মানসিক স্বাস্থ্য সমস্যাৰ বাবে কিছু বিপদ—বিশেষকৈ বিষণ্নতাৰ লক্ষণ বৃদ্ধি পোৱা বিষয়টো ১৮ বছৰ বয়সলৈকে যুৱক-যুৱতীসকলৰ ক্ষেত্রত থাকিব পাৰে।

 

এই বিষয়টোত কিছু পৰিমাণে বয়সস্থ কিশোৰ-কিশোৰীসকলৰ অবিৰত সহায়ৰ প্রয়োজন হ’ব পাৰে। ইয়াৰ মাজত আছে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহক এনে কিছুমান এলগৰিদিম আৰু বৈশিষ্ট্যৰ বাবে জবাবদিহি কৰা যিবোৰে ব্যৱহাৰকাৰীসমূহক আসক্তিযুক্ত কৰে আৰু  হানিকাৰক বিষয়বস্তুৰ সংস্পর্শলৈ আহিবলৈ প্রৰোচিত কৰে। অষ্ট্ৰেলিয়াৰ নাগৰিকসকলে অষ্ট্ৰেলিয়াৰ প্রস্তাৱিত ‘ডিজিটেল ডিউটি ​​অৱ কেয়াৰ’ (ডিজিটেল ক্ষেত্রত সতর্কতাৰ দায়িত্ব সম্বন্ধীয়) সংস্কাৰৰ মাধ্যমেৰে ইয়াক লাভ কৰিব পাৰে। ইয়াৰ উপৰিও বিদ্যালয়ত ডিজিটেল সাক্ষৰতা আৰু সুৰক্ষাৰ ওপৰত শিক্ষা উন্নত কৰা আৰু যুৱক-যুৱতীসকলক সুস্থ অনলাইন অভ্যাস গঢ়ি তোলাত সহায় কৰিবলৈ অভিভাৱকসকলক সহায় কৰা বিষয়টোও জড়িত হৈ আছে।

 

শেহতীয়াকৈ অষ্ট্ৰেলিয়াত ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপকাৰী আইনখনৰ ওপৰত ০ৰ পৰা ১৭ বছৰীয়া শিশুৰ/কিশোৰৰ ২,০০০ৰো অধিক অভিভাৱকসকলৰ মাজত এটা সমীক্ষা চলোৱা হৈছে। সমীক্ষাটোত দেখা গৈছে যে ৫৯ শতাংশ অভিভাৱকৰ মতে এই আইনখনে তেওঁলোকৰ সন্তানসকলৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্রত নিয়মকানুন নির্ধাৰণ কৰাত সহায় কৰিছে। তদুপৰি ৩৯ শতাংশ অভিভাৱকে জনাইছে যে শিশুসকলে ঠিক কিমান বয়সত প্রথম ছ’চিয়েল মিডিয়া একাউন্ট খুলিব পাৰে সেই বিষয়ে তেওঁলোকৰ দৃষ্টিভঙ্গী এই আইনৰ কাৰণে পৰিৱৰ্তিত হৈছে। এইক্ষেত্রত সর্বাধিক সংখ্যক অভিভাৱকে (৩৮ শতাংশ) ১৬ বছৰ বয়স উপযুক্ত বুলি মতামত দিছে। অপ্রকাশিত এই গৱেষণালব্ধ ফলাফলবোৰৰ পৰা বুজা যায় যে জনস্বাস্থ্য নীতিয়ে কোনো আচৰণক ‘উপযুক্ত’ বা ‘প্রত্যাশিত’ হিচাপে গণ্য কৰাৰ বিষয়টো প্রভাৱিত কৰিব পাৰে।

 

অষ্ট্ৰেলিয়াৰ ছ’চিয়েল মিডিয়া আইনখনৰ প্রভাৱৰ তথ্য-প্রমাণ এতিয়াও ধীৰে ধীৰে উন্মুক্ত হ’বলৈ ধৰিছে যদিও কিশোৰ-কিশোৰীসকলৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ বিষয়ে বিশ্বব্যাপী আলোচনাত ইতিমধ্যে ই প্রভাৱ পেলাইছে। কিশোৰ-কিশোৰীসকলৰ বাবে অষ্ট্ৰেলিয়াৰ ছ’চিয়েল মিডিয়া ব্যবহাৰৰ নিষেধাজ্ঞাৰ প্রশংসা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। অলপতে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যোৱা মোদীয়ে অনলাইন প্লেটফর্ম নিয়ন্ত্রণৰ ক্ষেত্রত দেশখনৰ গৃহীত পদক্ষেপৰ প্রশংসা কৰে। তেওঁ অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী এন্থনী আলবানিজক কয় যে তথ্যপ্রযুক্তি আৰু ছ’চিয়েল মিডিয়া-জনিত হানিকাৰক প্রভাৱৰ পৰা সমাজক ৰক্ষা কৰাৰ লক্ষ্যৰে অষ্ট্ৰেলিয়াৰ এই উদ্যোগে “বিশ্বক অনুপ্রাণিত কৰিছে।”

 

ভাৰতত বর্তমান নাবালকসকলৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ সম্বন্ধে সার্বজনীন দেশজোৰা কোনো নিষেধাজ্ঞা নাই যদিও কেন্দ্রীয় চৰকাৰে প্রযুক্তি সংস্থাবোৰৰ সৈতে বয়স-ভিত্তিক নিযেধাজ্ঞা কাৰ্যকৰী কৰাৰ বাবে আলোচনাত মিলিত হৈছে। ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা  (ডিপিডিপি) আইন, ২০২৩ অনুযায়ী, ১৮ বছৰৰ কম বয়সৰ ব্যৱহাৰকাৰীসকলৰ বাবে প্লেটফর্মবোৰে অভিভাৱকৰ প্ৰামাণিক সম্মতি ল’ব লাগিব। কেন্দ্রীয় চৰকাৰে  তিনিটা ধাপত বয়সৰ স্তৰ প্রস্তাৱ কৰিছে –

 

  • ৮–১২ বছৰ: সীমিত, তত্ত্বাৱধানাধীন ব্যৱহাৰৰ সৈতে কঠোৰতম প্রৱেশাধিকাৰ নিয়ন্ত্রণ।
  • ১২–১৬ বছৰ: সময়-ভিত্তিক সীমা আৰু প্ৰৱেশ (লগ্-ইন) নিষেধাজ্ঞাৰ সৈতে পর্যৱেক্ষণাধীন প্রৱেশাধিকাৰ।
  • ১৬–১৮ বছৰ: বাধ্যতামূলক সুৰক্ষা ব্যৱস্থাৰ সৈতে তুলনামূলকভাৱে নমনীয় প্রৱেশাধিকাৰ।

ৰাজ্যিক পৰ্যায়ত চৰকাৰসমূহে ব্যৱহাৰ নিষিদ্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যদিও ডিজিটেল প্লেটফৰ্মসমূহ নিয়ন্ত্ৰণ কৰাৰ সাংবিধানিক কৰ্তৃত্ব কেন্দ্ৰীয় সংসদৰ হাতত আছে:

  • কৰ্ণাটক –  ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ ঘোষণা।
  • অন্ধ্ৰ প্ৰদেশ – ১৩ বছৰৰ তলৰ শিশুৰ বাবে নিষেধাজ্ঞা ঘোষণা কৰা হৈছে। নিয়মকানুন বাস্তবায়নৰ অংশ হিচাপে ৰাজ্য চৰকাৰে বয়স পৰীক্ষণৰ নিৰাপদ ব্যৱস্থা আৰম্ভ কৰাৰ কথা বিবেচনা কৰিছে; এইবোৰৰ ভিতৰত আছে ‘ডিজি-লকাৰ’ (DigiLocker)ৰ সৈতে যুক্ত ‘এজ টোকেন’ (age tokens)ৰ দৰে পদ্ধতি। ইয়াৰ ফলত গোপনীয়তা আপোচ নকৰাকৈ প্লেটফৰ্মবোৰে ব্যৱহাৰকাৰীৰ বয়স নিৰ্ণয় কৰিব পাৰিব।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments