কৃত্ৰিম বুদ্ধিমত্তাই কি দৰে সৃষ্টিশীল লিখনশৈলী বা Creative Writing ক প্ৰভাৱান্বিত কৰিছে
লেখক- অঞ্জুমণি ভৰালী
যোৱা কেই সপ্তাহমান ধৰি আমাৰ অতিকৈ প্ৰিয় জুবিন গাৰ্গৰ অকাল বিয়োগে সকলোকে মৰ্মাহত কৰি ৰাখিছে। জুবিন গাৰ্গৰ অনুপস্থিতিয়ে গোটেই জাতিটোকেই নিৰাশ কৰি তুলিছে আৰু অনুভৱ হৈছে যে এই শূণ্যতা আমি আন একোৰেই পুৰ্ণ কৰিব নোৱাৰিম। জুবিন গাৰ্গে তেওঁৰ গানৰ মাজেৰে,কামৰ মাজেৰে এনেকৈয়েই আমাক মানবীয়তাৰ নিদৰ্শন দেখুৱাই থৈ গ’ল আৰু আমি অসমীয়া সমাজ জুবিন গাৰ্গৰ ওচৰত চিৰঋণী হৈ ৰলো। আমাৰ জাতিৰ গৌৰৱ হৈ তেওঁ সদায় উজলি থাকিব।
এনে এক পৰিস্থিতিত “সাহিত্য ডট অৰ্গ” আলোচনীখন প্ৰকাশ কৰাৰ কামখিনিও স্থগিত হৈ পৰিছিল। এতিয়া লাহে লাহে আমি আকৌ নিজৰ ব্যস্ততাৰ মাজত সোমাই পৰিছো। সেয়েহে কিছু পলমকৈ হ’লেও আলোচনীখন প্ৰকাশ কৰিবলৈ মনস্থ কৰা হ’ল। সম্পাদকীয়ৰ আৰম্ভণিতেই পঢ়ুৱৈ সমাজক এই অনিচ্ছাকৃত বিলম্বৰ বিষয়ে অৱগত কৰিলো আৰু আশা কৰিলো সকলোৱই যেন এই সংখ্যাটো আদৰি লয়।
বৰ্তমান সময়ৰ আটাইতকৈ বেছি আলোচিত বিষয়টোৱেই হৈছে কৃত্ৰিম বুদ্ধিমত্তা (AI)। প্ৰযুক্তিগত অগ্ৰগতিৰ এই ধাৰণা ইমানেই শক্তিশালী যে চিকিৎসা, শিক্ষা, ব্যৱসায়, পৰিবহন, মনোৰঞ্জন আদি সকলো ক্ষেত্ৰতেই ইয়াৰ উপস্থিতি সুস্পষ্ট। এইবাৰৰ সম্পাদকীয় শিতানত সেয়েহে উল্লেখ কৰিবলৈ লোৱা বিষয়টো হৈছে কৃত্ৰিম বুদ্ধিমত্তাই কি দৰে সৃষ্টিশীল লিখনশৈলী বা creative writing ক প্ৰভাৱান্বিত কৰিছে।
প্ৰথমেই আমি চাওঁ ইয়াৰ সুবিধাসমূহ। কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ সৃষ্টিশীল সত্বাক সকলো কথা নতুন দৃষ্টিভংগীৰে চাবলৈ সহায় কৰিছে। এনেকৈ প্ৰকাশভংগীৰ ৰূপান্তৰ ঘটাই লেখকে নিজৰ সৃষ্টিকলৈ পৰীক্ষা-নিৰীক্ষা কৰাৰ সুবিধা পাইছে। কৃত্ৰিম বুদ্ধিমত্তাৰ সঁজুলিয়ে কাহিনীৰ ধাৰণাৰ সৃষ্টি কৰিব পাৰে, খুব কম সময়তেই কাহিনীৰ একাধিক খচৰা প্ৰস্তুত কৰি দিব পাৰে। লেখকে এই সুবিধাসমূহ সহযোগী হিচাপে ব্যৱহাৰ কৰি নিজস্ব চিন্তাধাৰা অধিক উন্নত কৰিবলৈ অনুপ্ৰাণিত হব পাৰে। কৃত্ৰিম বুদ্ধিমত্তাৰ সঁজুলিবোৰত বহুভাষিক সুবিধা অন্তৰ্ভুক্ত কৰা থাকে। উদাহৰণস্বৰূপ, ইংৰাজী লিখনিক সহজে অসমীয়ালৈ অনুবাদ কৰিব পাৰি বা অসমীয়াত খচৰা প্ৰস্তুত কৰিব পাৰি। এনেকৈ বহুভাষিক সাহিত্যৰ বিকাশত কৃত্ৰিম বুদ্ধিমত্তাৰ যথেষ্ট পৰিমাণে প্ৰয়োগ হৈ আছে। লিখনিসমূহৰ সম্পাদনাৰ ক্ষেত্ৰতো ব্যাকৰণ, বানান, বাক্যগঠন আদি স্বয়ংক্ৰিয়ভাৱে সংশোধন কৰাত কৃত্ৰিম বুদ্ধিমত্তাই সহায় কৰে। মুঠৰ ওপৰত আহিলা হিচাপে ব্যৱহাৰ কৰি লেখকে এই উন্নত সুবিধাৰদ্বাৰা নিজৰ সৃজনশীল সৃষ্টিক যথেষ্ট পৰিমাণে পৰিপক্ক কৰি তুলিব পাৰে।
এতিয়া আহো ইয়াৰ প্ৰয়োগৰ সমস্যামূহলৈ। কৃত্ৰিম বুদ্ধিমত্তাৰ অৰ্থই হৈছে ইতিমধ্যে উপলব্ধ তথ্যৰ ওপৰত ভিত্তি কৰি নতুনকৈ সজাই পৰাই প্ৰকাশ কৰা। ফলত কেতিয়াবা লিখনিৰ মৌলিকতা হ্ৰাস পায় আৰু কপিৰাইট ভংগ হোৱাৰ সম্ভাৱনা থাকে। এনেকৈ মূল লেখকসকলক উপযুক্ত কৃতিত্ব নিদিয়াকৈ তেওঁলোকৰ সৃষ্টিক ব্যৱহাৰ কৰাটোৱে নৈতিক মূল্যবোধৰ ওপৰতো এটা প্ৰশ্ন তুলিছে। ইতিমধ্যেই দেশী বিদেশী লেখকসকল কৃত্ৰিম বুদ্ধিমত্তাৰ এই ঋণাত্মক দিশটোৰ বিপক্ষে জাগ্ৰত হৈছে। তাৰ ওপৰিও লেখকে যদি অতিৰিক্তভাবে ইয়াৰ ওপৰত নিৰ্ভৰশীল হয় তেওঁৰ নিজস্ব চিন্তা শক্তি হ্ৰাস পোৱাৰ আশংকা থাকে।
অসমীয়াৰ দৰে স্থানীয় ভাষাসমূহৰ কৃত্ৰিম বুদ্ধিমত্তাৰ তথ্য এতিয়াও যথেষ্ট সীমিত পৰ্য্যায়তেই আছে। ফলত অশুদ্ধ শব্দ, অসংগত বাক্য গাঠনি, ভুল তথ্য ইত্যাদিৰ ব্যৱহাৰ দেখা যায়; যিটোৱে লিখনিটোৰ অৰ্থ বিকৃত কৰি পেলাব পাৰে। অন্য এটা মুখ্য সমস্যা হ’ল, কৃত্ৰিম বুদ্ধিমত্তাই সৃষ্টি কৰা লিখনিত মানৱীয় গভীৰ চিন্তা-চৰ্চা, অনুভূতি, দাৰ্শনিক মনোভাৱৰ অভাৱ; কাৰণ ই পৰিচালিত হয় গণিতৰ এলগৰিদম অৰ্থাৎ কিছুমান যুক্তিৰ আধাৰত আৰু সাহিত্যমানে যুক্তিটো নহয়।
মৌলিক চিন্তা-চৰ্চা আৰু গভীৰ মানৱীয় উপলব্ধিয়েই হৈছে সাহিত্যৰ প্ৰাথমিক উপাদান যিটো কৃত্ৰিম বুদ্ধিমত্তাৰদ্বাৰা এতিয়ালৈকে সম্ভৱ হোৱা নাই। প্ৰকৃত সাহিত্য সেয়েহে মানুহৰদ্বাৰাই সম্ভৱ। কৃত্ৰিম বুদ্ধিমত্তা এতিয়া যিহেতু প্ৰায় অপ্ৰতিৰোধ্য, গতিকে এই প্ৰযুক্তিৰ বিষয়ে জ্ঞান আহৰণ কৰি আৰু সঠিক ধৰণে ব্যৱহাৰ কৰি সৃষ্টিশীল কৰ্মৰাজিক অধিক উন্নতমানৰ কৰিবলৈ লেখক সমাজে চেষ্টা কৰিব পাৰে। সম্পাদকীয়ৰ সামৰণিত এই আশাৰেই সকলোকে ধন্যবাদ।
অঞ্জুমণি ভৰালী
