সম্পাদকীয়: শিশুৰ বাবে দুআষাৰ
লেখক- চিত্তৰঞ্জন ওজা
শিশুসকলেই হ’ল আমাৰ ভৱিষ্যত। আজিৰ শিশু গৈ কাইলৈ সমাজৰ নাগৰিক হৈ পৰিব। এই কথাবোৰ আমি সকলোৱে জানো। অথচ শিশুসকলৰ সৰ্বাংগীণ উন্নতিৰ হকে যিমান কৰণীয় আছে তাৰ বহুখিনিয়ে যেন কৰিব পৰা নাই। ইয়াৰ ফল আমি ভুগিছোঁ। সমাজখন যেন পংগু হ’বলৈ গৈ আছে, শিশুৰ সামগ্ৰিক বৃদ্ধিৰ বাবে সমাজখনে বা দেশে বিশেষ একো নকৰাৰ বাবেই। সেয়েহে শিশুৰ সৰ্বাংগীণ উন্নতিৰ বাবে কি কৰিব পাৰি অলপ চিন্তা কৰোঁচোন।
ৰাষ্ট্ৰসংঘৰ ইউনিচেফ নামৰ এটা বিভাগ আছে যিয়ে শিশুৰ অধিকাৰ আৰু উন্নয়নৰ হৈ কাম কৰে। ইউনিচেফৰ মূলমন্ত্ৰ হ’ল ’Every Right for Every Child’ প্ৰতিটো শিশুৰ বাবে সকলো অধিকাৰ সাব্যস্ত কৰা। সেই অধিকাৰ ১৮ বছৰৰ তলৰ সকলো শিশুক জাতি, বৰ্ণ, লিংগ, ভাষা, ধৰ্ম, মতাদৰ্শ, জন্মভূমি, ধনী-দুখীয়া, জন্মৰ অৱস্থা বা সামৰ্থ্য নিৰ্বিশেষে প্ৰদান কৰা উচিত কাৰণ সেয়া তেওঁলোকৰ প্ৰাপ্য। শিশুৰ প্ৰতিটো অধিকাৰ এটা আনটোৰ ওপৰত নিৰ্ভলশীল অৰ্থাৎ এক ধৰণৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আন এক ধৰণৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰি। সকলো অধিকাৰ লাভ কৰাৰ ক্ষমতাই শিশুসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি কৰে। এই ক্ষেত্ৰত ইউনচেফ সম্পূৰ্ণৰূপে সফল হ’ব পৰা নাই। ইউনিচেফ বা ৰাষ্ট্ৰযন্ত্ৰৰ বাহিৰেও আমাৰ সমাজত প্ৰতিটো শিশুৰ সকলো অধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰতিজন নাগৰিকৰ কৰণীয় আছে। জন্মৰ পিছতে আমাৰ শিশুসকলক জাতি, ধৰ্মৰ নামত ভাগ ভাগ কৰি লওঁ। জন্মতে কোনেও ধৰ্মৰ বা জাতি-জনগোষ্ঠীৰ টেগ লৈ এইখন পৃথিৱীলৈ নাহে। মানুহে হে দেৱশিশু সকলক ধৰ্মৰ বা জাতি-জনগোষ্ঠীৰ টেগ লগাই দিয়ে যাৰ ফলত শিশুসকল সৰুতেই ভাগ ভাগ হৈ যায়। আজিও আমাৰ সমাজত প্ৰতিটো শিশুক সমানভাৱে চাবলৈ পৰা হোৱা নাই। স্বাধীনতা লাভৰ ৭৫ বছৰ পাৰ হোৱাৰ পিছতো জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে প্ৰতিটো শিশুই নিজৰ অধিকাৰ লাভ কৰিব পৰা নাই।
শিশুৰ মানসিক জগতখন বহুত জটিল আৰু বহুত বেচি সংবেদনশীল। আমি নিজৰ জীৱনৰ কথা ভাবিলেও বুজিব পাৰিম। সৰুতে ঘটা কিছুমান ঘটনাই বা কিছু কথাই আমাক আজিও পীড়া দি থাকে। সেই ঘটনা হয়তো আনৰ চকুত সাধাৰণ ঘটনাই আছিল। সেয়ে শিশুৰ আগত কি কৰিব লাগে কি কৰিব নালাগে তাক আমি জনা উচিত। প্ৰতিটো শিশুৰ বাবে নিজৰ মাক-দেউতাক হ’ল আদৰ্শ ব্যক্তি। প্ৰথমে মাক-দেউতাককে অনুকৰণ কৰিবলৈ শিশুই চেষ্টা কৰে। শিশুৰ সামগ্ৰিক বিকাশত সেয়েহে মাক-দেউতাকৰ বিশেষ অৱদান থাকে। ব্যস্ততাপূৰ্ণ জীৱনত আজিৰ পিতৃ-মাতৃয়ে এইবোৰ কথা জানি, বুজি শিশুসকলক সঠিক দিশত আগুৱাই লৈ গৈছেনে?
আমাৰ দেশৰ প্ৰগতিত হেঙাৰ হৈ থিয় দিছে দুৰ্নীতি, ভ্ৰষ্টাচাৰে। শিশু কালতে নীতি শিক্ষা দিয়া হয় যিয়ে শিশুক ডাঙৰ হ’লে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ পৰা আঁতৰাই ৰাখিব পাৰে। আমাৰ শিক্ষা ব্যৱস্থা এনেকুৱা যে অভিভাৱক আৰু শিক্ষকে নীতি শিক্ষাৰ বিষয়ত আটাইতকৈ কম গুৰুত্ব দিয়ে। ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰা শিশু সকলক Value Educationৰ নামত কিতাপ এখন পঢ়িবলৈ দিয়া হয়, যদিও সেই কিতাপখনক লৈ কোনেও সময় নিদিয়ে। কিতাপখন পঢ়িবলৈ দি দায়িত্ব সামৰি লয়। শিশুসকলেও ভাবে যে কিতাপখন মন দি পঢ়িবলগীয়া বা কিতাপৰ কথাবোৰ অনুকৰণ কৰাৰ প্ৰয়োজন নাই। শিশুৰ মনত মানৱীয় মূল্যবোধ, নৈতকতাৰ শিক্ষা সুমুৱাই নিদিলে ডাঙৰত নিশিকে। শিশুই কোনটো ভাল কাম, কোনটো বেয়া কাম তাক শিকি বুজিব পৰা হ’ব লাগিব। এটা প্ৰধান সমস্যা হৈছে ঘৰখনত বা চুবুৰিৰ মানুহৰ পৰাই শিশুই দুৰ্নীতি, ভ্ৰষ্টাচাৰ দেখি, শুনি ডাঙৰ হ’বলগীয়া হৈছে। ঘৰৰ বা চুবুৰিৰ পৰিৱেশে শিশুৰ মনক কলুষিত কৰাৰ সম্ভাৱনা অধিক হৈ পৰিছে। আমাৰ কোনবোৰ আচৰণে শিশুৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে তাৰ প্ৰতি আমি সচেতন নহয় বা তাক গুৰুত্ব দিবলগীয়া কথা বুলিও নাভাবোঁ।
আমাৰ দেশত প্ৰতিটো বিভাগতে প্ৰতিযোগিতামূলক পৰিৱেশ। সকলো ক্ষেত্ৰতে প্ৰতিযোগিতা-কোনে প্ৰথম হ’ব পাৰে। প্ৰতিযোগিতাৰ দৌৰত আমাৰ দেৱশিশুসকলকো নমাই দিছোঁ কম বয়সতে। তেওঁলোকৰ মনত সুমুৱাই দিয়া হৈছে প্ৰতিযোগিতাত জিকিবই লাগিব, হাৰিলে জীৱনত একো নাই। কিন্তু জীৱন যুদ্ধত মনে বিচৰা ধৰণে সফলতা লাভ কৰিব নোৱাৰিলেও জীৱনটো উপভোগ কৰিব পাৰি তাক কোনেও নিশিকায়। শিক্ষাৰ উদ্দেশ্য হোৱা উচিত শিশুক জ্ঞান দি সুনাগৰিক কৰি নিজৰ ভৰিত থিয় দিব পৰাকৈ সামৰ্থবান কৰি তোলা। পিছে বৰ্তমানৰ শিক্ষাৰ উদ্দেশ্য হৈ পৰিছে প্ৰতিযোগিতাত জিকিব পৰা হোৱা। সুনাগৰিক- এই কথাটোৰ যেন কোনো ব্যৱহাৰিক অৰ্থ নাই। লক্ষ্যত উপনীত হ’ব লাগে – সুনাগৰিক হ’ল নে নাই কোনে চিন্তা কৰে? শিশুৰ ভৱিষ্যতৰ আগত দেশৰ কথা, সমাজৰ কথা গৌণ হৈ পৰে। এইবোৰ দেখিলে ভাব হয় সমাজত বসবাস কৰা নাগৰিকসকলৰ মনত দেশপ্ৰেম সঁচাকৈ আছেনে? আচৰিত হৈ পৰো যেতিয়া একেলগে একেখন সমাজতে ডাঙৰ হৈ আমাৰ কোনোবা বন্ধুই আমেৰিকাৰ নাগৰিকত্ব লাভ কৰে, তেওঁৰ আগত সেই দেশৰ বিষয়ে কটু সমালোচনা কৰিলে বন্ধুজনে অলপো সহ্য নকৰে। অথচ ভাৰতত থকা সময়ত বন্ধুজন ভাৰতৰ প্ৰতি তেনে দেশপ্ৰেম দেখা পোৱা নগৈছিল। সেই দেশৰ নাগৰিকত্ব লাভ কৰাৰ লগে লগে সেই দেশৰ প্ৰতি প্ৰেম উজলি উঠে। তেনে কিয় হয় বাৰু? আমেৰিকাৰ সামগ্ৰিক পৰিৱেশটো এনেকুৱা যে তাত থাকিলে সেই দেশৰ প্ৰতি দেশপ্ৰেমৰ ভাব নিজে নিজে প্ৰকট হৈ পৰে। পিছে আমাৰ দেশত ডাঙৰ হৈ নিজৰ দেশখনৰ উন্নতিৰ হৈ কাম কৰাৰ প্ৰৱণতা বেছি সংখ্যক নাগৰিকৰ মনলৈ নাহে। শিশুসকলে ডাঙৰৰ পৰাই শিকে। গতিকে আশা কৰা নাযায় যে সেইবোৰ শিশুই ডাঙৰ হৈ দেশপ্ৰেমিক হৈ পৰিব আৰু দেশৰ হকে কাম কৰিব। গতিকে আমি যদি ভাবো যে নতুন প্ৰজন্মই ভৱিষ্যতে সৎ হৈ, দুৰ্নীতি পৰিহাৰ কৰি দেশৰ প্ৰগতিৰ হকে কাম কৰক, তেনেহ’লে আমাৰ প্ৰজন্মই সৎ হৈ দুৰ্নীতিমুক্ত হৈ দেশৰ হকে কাম কৰিব লাগিব। শিশুসকলৰ আগত আমি প্ৰত্যেকেই একো একোজন আদৰ্শবান ব্যক্তি হিচাপে দেখা দিব লাগিব। তাৰ বাবে আমি নিজকে সাজু কৰিব লাগিব। আমি পাৰিম নে?
