অব্যক্ত আৰ্তনাদৰ প্ৰতিচ্ছবি- গ্ৰেভ অৱ দ্য ফায়াৰফ্লাইজঃ

লেখক- বিকাশ দত্ত

 

সময়ে সময়ে নিৰ্মাণ হোৱা ভিন্ন ভাষাৰ কথাছবিয়ে দৰ্শকক এখন কল্পনাতীত জগতলৈ লৈ যায় যদিও এনেকুৱা কিছুসংখ্যক কথাছবি আছে যিয়ে দৰ্শকক উদ্বুদ্ধ কৰে, য’ত সাময়িকভাৱে হ’লেও মানৱীয় প্ৰমূল্যবোধ, সামাজিক দায়ৱদ্ধতা, যুদ্ধৰ মৰ্মান্তিক পাৰ্শ্বক্ৰিয়া প্ৰকাশ পোৱাৰ লগতে  কথাছবিখনৰ কাহিনীয়ে দৰ্শকক আৱেগিক কৰি তোলাৰ দৰে উপাদানেৰে ভৰপূৰ। ষ্টিভেন স্পিলবাৰ্গৰ “শ্বিন্দলাৰ্ছ লিষ্ট” সম্পূৰ্ণ ক’লা-বগাত নিৰ্মিত কথাছবি। কিন্তু ছবিখনৰ মাজভাগতে এগৰাকী ৰঙা জেকেট পৰিহিত শিশুক দেখুওৱা হয় । চাৰিওফালে নৰসংহাৰ হৈ থকাৰ মাজতেই এই দৃশ্যৰ জৰিয়তে স্পিলবাৰ্গে দেখুৱাবলৈ যত্ন কৰিছে সমসাময়িক বিশ্বৰ দুখন পৃথক ছবি। একেদৰেই যুদ্ধক নস্যাৎ কৰা অজস্ৰ বোলছবি, নাটক আছে যিয়ে হিংস্ৰ মানৱ সমাজ আৰু পৰিৱর্তনশীল মানৱীয় প্ৰমূল্যবোধৰ এখন সমাজক দেখুৱাবলৈ যত্ন কৰিছে। সামগ্ৰিকভাৱে সমাজৰ দুটা দিশ দেখুৱাই বাট মুকলি কৰিছে এক অনন্য সৃষ্টিশীলতাৰ। 



প্ৰায়ে উপেক্ষা কৰিলেও দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়ে নিৰ্মিত অসংখ্য কাহিনীৰ মাজতেই হয়তো  জাপানী দৃষ্টিভংগী তথা জাপানত সৃষ্টি হোৱা অৰাজকতা, মৃত্যু আৰ্তনাদৰ বিষয়ে খুব কমসংখ্যক কাহিনী দেখিবলৈ পোৱা যায়। জাপানত নিৰ্মিত এনে কিছুমান কথাছবি আছে যিয়ে পৃষ্ঠপোষকতা কৰে যুদ্ধ আৰু যুদ্ধৰ বিৰোধিতা কৰা দৃষ্টিভংগীৰ এক সামগ্ৰিক ধাৰণা আৰু এই ধাৰণা যদি এনিমেছনৰ জৰিয়তে অংকিত কৰা হয় তেন্তে সেয়া হৈ পৰে এক ক্লাছিক। 

 

এনিমেছন সদায়েই প্ৰতিগৰাকী চিনেমাৰসিকৰ বাবে প্ৰকৃত কলা। কাৰণ লাইভ একছন কথাছবিত যদি কলা আৰু শিল্পৰ বাস্তৱ উপস্থাপন কৰা হয়, এনিমেছনত কলা আৰু শিল্পৰ এক সৃষ্টিশীল দিশক উদ্ভাসিত কৰা হয়। সেয়েহে হয়তো ২০২২ চনৰ “পিনকিঅ”ৰ বাবে অস্কাৰ বঁ‌টা জয় কৰা গিয়াৰ্মো ডেল টৰ’ই এষাৰ কথা কৈছিল, “Animation is not a genre for kids, animation is cinema.” যেতিয়াই এনিমেছনৰ কথা আহে তেতিয়াই আমাৰ মনলৈ আহে হায়াও মিয়াজাকী আৰু ষ্টুডিঅ’ ঘিবলীৰ কথা। ষ্টুডিঅ’ ঘিবলীয়ে এনিমেছনৰ জৰিয়তে সমস্ত মানৱ জীৱনক বিগত চল্লিশটা দশকত যি ধৰণে প্ৰভাৱিত কৰিছে, হয়তো  মানৱ ইতিহাসত অন্য দুই এজনহে ব্যক্তি ওলাব যিয়ে কলাৰ জৰিয়তে এনে পৰ্যায়লৈ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। কিন্তু ১৯৮৮ চনত মুক্তিপ্ৰাপ্ত ষ্টুডিঅ’ ঘিবলীৰ তৃতীয়খন কথাছবি ইছাও টাকাহাটাৰ “গ্ৰেভ অৱ দ্য ফায়াৰফ্লাইজ” অকণমান পৃথক। এই ছবিখনে প্ৰতিগৰাকী দৰ্শকক অন্তৰৰপৰা যেন জোকাৰি যায়। 



”গ্ৰেভ অৱ দ্য ফায়াৰফ্লাইজ”ৰ চিত্ৰনাট্যই হওক বা ইয়াৰ বিষয়বস্তু, কাহিনীৰ সৰলতাই হওক বা আৱেগিক কৰি তোলা এক পৰিসমাপ্তিয়েই হওক, গোটেই ছবিখনত যিমানবোৰ উপাদান আছে সেয়া শিল্পীসত্তাৰ এক অপূৰ্ব নিদৰ্শন। 

 

এই যুদ্ধবিৰোধী শক্তিশালী এনিমেটেড ছবিখনে কল্পনাতীত ক্ষতিৰ মাজত জীয়াই থাকিবলৈ সংগ্ৰাম কৰা এহাল ভ্ৰাতৃ-ভগ্নীৰ হৃদয় বিদাৰক কাহিনী বৰ্ণনা কৰিছে। 

 

১৯৬৭ চনত প্ৰকাশিত জাপানী ঔপন্যাসিক আকিয়ুকী ন’ছাকৰ দ্বাৰা ৰচিত চুটি গল্প “গ্ৰেভ অৱ দ্য ফায়াৰফ্লাইজ”ৰ আলমত নিৰ্মিত ছবিখনে বহুকেইটা দিশ উদ্ভাসিত কৰিছে। 

 

মাৰ্চ, ১৯৪৫ চনত জাপানৰ কোবে চহৰত হোৱা ভয়ংকৰ আক্ৰমণ আৰু সেই আক্ৰমণৰপৰা ৰক্ষা পৰিবলৈ কিদৰে কোবেৰ সাধাৰণ জনতাই বাংকাৰ, সুৰংগ আদিত আশ্ৰয় লয়, তাৰ জৰিয়তে ছবিখনৰ কাহিনী আৰম্ভ হয়। শিশু ভগ্নী ছেইটচুকো আৰু কিশোৰ ভ্ৰাতৃ ছেইটা আৰু তেওঁলোকৰ মাতৃ ছবিখনৰ মূল চৰিত্ৰ। কিন্তু আৰম্ভণিৰ ১০ মিনিটৰ ভিতৰতেই যেন ছবিখনৰ কাহিনীয়ে মূৰ সলায়। এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানৰ অন্তত ছবিখনৰ চিত্ৰনাট্য নাটকীয়ভাৱে ৰূপান্তৰ হৈ গৈ থাকে আৰু ইয়াৰ জৰিয়তেই দৰ্শকক যেন ধৰি ৰাখে এক আজন্ম বাহুবন্ধনত; এক পৰিবেষ্টিত আৱেগিক কাহিনীকথন আৰু বাস্তৱিকতাৰে যিটোৱে ছবিখনৰ বিষয়বস্তু তথা কাহিনীৰ সামঞ্জস্যশীলতাক বাৰুকৈয়ে উদ্ভাসিত কৰে। 

 

”গ্ৰেভ অৱ দ্য ফায়াৰফ্লাইজ” নামটোত যিদৰে জোনাকী পৰুৱাৰ কথা উল্লেখ আছে, সেই একেদৰেই কাহিনী আৰু চিত্ৰনাট্যতো পৰিচালক ইছাও টাকাহাটাই বহু দৃষ্টিনন্দন দৃশ্যাংশক জোনাকী পৰুৱাৰ সৈতে ৰিজাবলৈ যত্ন কৰিছে। মাতৃৰ মৃত্যুৰ খবৰ ছেইটচুকোক নিদি ছেইটাই তাইৰ কোমল অন্তৰক কষ্ট দিব খোজা নাছিল আৰু যেতিয়া দুয়োগৰাকীৰ সম্বন্ধীয় খুৰীমাকে খোৱা-বোৱাক লৈ সিহঁতক প্ৰশ্ন কৰিছিল, কটু মন্তব্য দিছিল তেতিয়াই ছেইটাই ছেইটচুকোৰ সৈতে ওলাই আহিছিল খুৰীমাকৰ ঘৰৰপৰা। আশ্ৰয় লৈছিল নদীৰ কাষৰ বাংকাৰত। ছেইটচুকোৰ মনত যে কিমান উচ্ছ্বাস, যেন সেইটোৱেই আছিল তাইৰ সপোনৰ ঘৰ। আন্ধাৰত ভয় খোৱা ছেইটচুকোৰ বাবে ছেইটাই বহুকেইটা জোনাকী পৰুৱা ধৰি আনিছিল আৰু আঁঠুৱাত তৰি দিছিল। অৱশেষত জোনাকী পৰুৱাকেইটাৰ মৃত্যু হৈছিল। কাহিলী পুৱাতে উঠি ছেইটচুকোৱে জোনাকী পৰুবাকেইটাক গাঁ‌ত খান্দি পুতি থয়। ককায়েক ছেইটাই সোধাত ছেইটচুকোৱে কয়, “জোনাকী পৰুৱাকেইটাক মই পুতি থলোঁ, মাৰ দৰে। মাও চাগৈ এতিয়া এনেদৰেই কবৰত পৰি আছে ন ছেইটা!” 

 

কোনোদিন ভাগি নপৰা ছেইটাই অৱশেষত ক্ৰন্দনত বিলাপ কৰে ছেইটচুকোৰ সমুখত। কাৰণ মাতৃৰ বাবে সদায় কান্দি ফুৰা ছেইটচুকোৱে যেন মানি লৈছে মাতৃৰ অবিহনে তাই এতিয়া গোটেই জীৱন কটাব লাগিব নিজৰ মৰমৰ ককায়েকৰ সৈতে। এই মুহূৰ্তটোৰ আগলৈকে ছবিখনৰ কাহিনীৰ সৈতে নামৰ সামঞ্জস্যশীলতা আমি বিচাৰি নাপাওঁ। কিন্তু উক্ত দৃশ্যটোৱে ছবিখনৰ মাজভাগত দৰ্শকক সংযোগ স্থাপনত সহায় কৰি দিয়ে ছবিখনৰ নামৰ সৈতে- “গ্ৰেভ অৱ দ্য ফায়াৰফ্লাইজ।” যুদ্ধত নিয়োজিত এগৰাকী নৌ সেনাবিষয়াৰ পুত্ৰ-পুত্ৰী হৈও যে সমসাময়িক জাপানী সমাজ ব্যৱস্থাত যুদ্ধৰ যন্ত্ৰণাই ছেইটা আৰু ছেইটচুকোক যি মৰ্মান্তিক জীৱনলৈ ঠেলি দিছিল, সেয়া ছবিখনত সুন্দৰকৈ দেখুওৱা হৈছে। যদিও এখন ড্ৰামা ছবি হিচাপে “গ্ৰেভ অৱ দ্য ফায়াৰফ্লাইজ”ক অভিহিত কৰিব পাৰি, তথাপি এই ছবিখনে এক ক্ষিপ্ৰ যুদ্ধবিৰোধী কাহিনীক খুব সুন্দৰকৈ উপস্থাপন কৰিছে। বিশ্বযুদ্ধই কোঙা কৰা পৃথিৱীৰ এটা অংশৰ বন্দুক হাতত তুলি নোলোৱা দুটা চৰিত্ৰৰ জৰিয়তে তেওঁ‌লোক দুয়োৰে জীৱনৰ কাহিনী আৰু সংগ্ৰামক অৱশেষত এক সুন্দৰ অথচ কৰুণ পৰিসমাপ্তি দিছে। সেয়া হয়তো বহুতো কথাছবিত আমি দেখিবলৈ নাপাওঁ। এইক্ষেত্ৰত “গ্ৰেভ অৱ দ্য ফায়াৰফ্লাইজ” অকণমান ব্যতিক্ৰম। কৈশোৰৰ স্বাভাৱিক চঞ্চলতা পৰিহাৰ কৰি ছেইটাই নিজৰ শিশু ভগ্নীক কোনোদিনেই অবহেলা নকৰাৰপৰা এগৰাকী সেনাবিষয়াৰ পুত্ৰৰ দৰেই জাপানী সৈন্যই আত্মসমৰ্পণ কৰাৰ পিছতে ক্ষোভিত হোৱালৈ, সমস্ত আৱেগৰ উত্থান-পতনক আঁ‌কোৱালি লৈছে। এইক্ষেত্ৰত পৰিচালক-চিত্ৰনাট্যকাৰ ইকাহাটাৰ চিনেকৰ্ম প্ৰশংসনীয়। 

 

এনেধৰণে মানুহৰ মনোজগতৰ মাজত শিপাই থকা অজস্ৰ আৱেগ তথা মানৱীয়তাক “গ্ৰেভ অৱ দ্য ফায়াৰফ্লাইজ”য়ে খুন্দিয়াই থৈ যায়। শ্ৰুতিমধুৰ ক্লাছিক জাপানীজ সংগীত, এক সৰল অথচ গভীৰ চিত্ৰনাট্য আৰু বহুকেইটা দৃষ্টিনন্দন দৃশ্যৰ সমাহাৰত নিৰ্মিত “গ্ৰেভ অৱ দ্য ফায়াৰফ্লাইজ” মোৰ দৃষ্টিত বিগত শতিকাৰ লগতে কথাছবিৰ ইতিহাসত এখন অন্যতম শ্ৰেষ্ঠ কথাছবি। মোৰ দৰে এগৰাকী যুক্তিবাদত বিশ্বাসী চিনেমাৰসিক, যিয়ে আৱেগক একাষৰীয়াকৈ ৰাখি চিনেমা এখনৰ আদিৰপৰা অন্তলৈকে সমস্ত কলা আৰু প্ৰযুক্তিৰ বস্তুনিষ্ঠ অধ্যয়ন কৰিব বিচাৰে, তেওঁলোককো যে “গ্ৰেভ অৱ দ্য ফায়াৰফ্লাইজ”য়ে উচুপিবলৈ বাধ্য নকৰাব, সেয়া হয়তো মানি ল’বলৈ অকণমান কঠিন। যিয়ে এই কথাছবিখন চাইছে, যেন এক অব্যক্ত আৰ্তনাদে গ্ৰাস কৰি পেলাইছে, প্ৰতিগৰাকীকেই!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!