গুৰু দত্তৰ জীৱন আৰু বলিউডৰ সৈতে শোকাবহ প্ৰেম

লেখক- দেৱীকা বৰপূজাৰী

হিন্দী বোলছবি জগতত দীপিকাই কেৱল বিখ্যাত পাদুকন নহয় ; বহু যুগৰ আগতে আন এজন প্ৰসিদ্ধ পাদুকন আছিল, নকলেও হ’ব যে খুবেই খ্যাতিমন্ত আছিল সেইজন, যাৰ নাম আছিল গুৰু দত্ত পাদুকন—যাক আমি জানো গুৰু দত্ত বুলি। এই জুলাই মাহৰ ন তাৰিখে গুৰু দত্তৰ এশ বছৰ জন্ম জয়ন্তী আছিল।

টেলিফোন অপাৰেটৰ হিচাপে প্ৰথম কৰ্ম জীৱনৰ পাতনি মেলা গুৰু দত্তই ত্ৰিশ বছৰ বয়সৰ আগতেই হিন্দী কথাছবি নিৰ্মাণ কৰি অভূতপূৰ্ব সাফল্য লাভ কৰিছিল। প্ৰথমখন তেখেতে পৰিচালনা কৰা বোলছবি আছিল, ১৯৫১ চনত দেবানন্দক নায়ক হিচাপে লৈ কৰা ‘বাজি’; পাছত ১৯৫৪ আৰু ১৯৫৬ চনৰ ভিতৰত দত্তই নিজে পৰিচালনা কৰা, নিজে প্ৰযোজক হোৱা আৰু নিজে অভিনয় কৰা চাৰিখন সেই সময়ৰ জনপ্ৰিয় কথাছবি আছিল—আৰ পাৰ, মিষ্টাৰ এণ্ড মিচেছ, চি আই ডি আৰু ‘ছেইলাব’। ১৯৬০ চনত গুৰু দত্তই মুখ্য চৰিত্ৰত অভিনয় কৰা ‘চৌধনী কা চান্দ’ৰ ব্যৱসায়িক সাফল্য আছিল শীৰ্ষত।

কিন্তু এই কেইখন কথাছবিৰ বাহিৰেও গুৰু দত্ত অমৰ হৈ ৰৈছে তেখেতৰ তিনিখন ছবিৰ বাবে। সেইকেইখন হ’ল ‘প্যাসা’, ‘কাগজ কে ফুল’ আৰু ১৯৬০ চনৰ ‘চাহিব বিবি অউৰ গোলাম’।

যিটো যুগত সৰহভাগ কথাছবি উপাখ্যানৰ আধাৰত, লগতে নৃত্য গীতৰ পয়োভৰ অথবা সৰলতা আৰু নৈতিকতা দেখুওৱা হৈছিল, সেই সময়ত গুৰু দত্তই অসীম সাহসেৰে নিৰ্মাণ কৰিছিল ভুৱা সমাজ ব্যৱস্থা আৰু আদৰ্শক অপঘাত কৰিবলৈ ওলোৱা এদল লোকৰ বিপক্ষে যুক্তি সহকাৰে দেখুওৱা কথাছবি।

গুৰু দত্তৰ প্ৰতিভা জানিবলৈ তেখেতৰ মহা কীৰ্তি (magnum opus) ‘প্যাসা’ৰ নাম লব লাগিব। ইয়াৰ নায়ক, দুখীয়া বিজয়ৰ বেদনা আৰু ক্ষোভৰে ভৰা লেখাবোৰ সুন্দৰ হলেও কোনেও প্ৰকাশ কৰিবলৈ নিবিচাৰে ; সেই লেখা সকলোৱে ভুল বুজি, আওকাণ কৰি শেষত নতুনকৈ লিখিবলৈ কোৱাত বিজয়ৰ যি মনোবেদনা সেয়া যেন গুৰু দত্তই নিজৰ জীৱনৰ পৰাই অংকন কৰিছে! কিয়নো, বিজয়ৰ দৰেই আছিল ডেকা গুৰু দত্তৰ জীৱন। গুৰু দত্তই চাহিৰ লুধিয়ানৱিৰ কবিতা সম্যক ভাৱেই কথাছবিখনত সুমুৱাই দিছিল—নতুনকৈ স্বাধীনতা পোৱা দেশ, যিয়ে কথা দিও কথা ৰাখিব পৰা নাছিল “Jinhe naaz hai Hind par, woh kaha hai ?” ….

‘প্যাসা’ ছবিখন চোৱাসকলৰ মনত হয়তো থাকি গৈছে, ৱাহিদা ৰেহমানে ফুটাই তোলা গুলাবো নামৰ টাৱাইফ (courtesan ) গৰাকীৰ চৰিত্ৰটো, যিয়ে এই নিষ্ঠুৰ পৃথিৱীৰ পৰা নায়ক বিজয়ক সামৰি থৈছিল। গুৰু দত্তই সামাজিক সমস্যাক সাহসেৰে ছবিৰ যোগেদি দেখুৱাবলৈ সমৰ্থ হৈছিল ; তেখেতে নৈতিকতাৰ সাৰাংশ এইদৰে তুলি ধৰিছিল, যিবোৰ কিছুমানৰ মতে আছিল আৱৰ্জনা।

সেই সময়ত ভাৰতীয় কথাছবিত নেদেখুৱা কিছু চাক্ষুষ দৃশ্যৰ অৱতাৰণা কৰিছিল গুৰু দত্তই। গভীৰ ছাঁ, তাৰ মাজত যাক কয় ‘noir inspired frame’—য’ত ছবিৰ নায়ক বা নায়িকাই নিজৰ আবেগক ধীৰে ধীৰে প্ৰকাশ কৰিবলৈ সক্ষম হয়। এক কথাত, গুৰু দত্তই কথাছবিক কবিতালৈ পৰিবৰ্তিত কৰিছিল।

‘টাইম’ আলোচনীয়ে ‘প্যাসা’ ক এশ সৰ্বোচ্চ কথাছবিৰ মাজত স্থান দিছিল কিন্তু সেইখন আছিল নিৰ্বিকাৰ সমাজলৈ গুৰু দত্তৰ দুৰ্ভাগ্যজনিত উপহাৰ হে। ‘কাগজ কে ফুল’ হৈছে দত্তৰ যশস্যা, নিৰাশা আৰু একাকীত্বৰ শোকগাথা। বহু কম পৰিচালকে হে নিজৰ ভিতৰত উমি উমি জ্বলি থকা জুই চিনেমাৰ পৰ্দাত দেখুৱাইছিল। এই ছবিখন আত্মজীৱনীমূলক স্বীকাৰোক্তি দিছিল। ‘কাগজ কে ফুল’খন অগতানুগতিক কালজয়ী ছবি কিন্তু ই ব্যৱসায়িক সাফল্যৰ মুখ দেখিবলৈ সমৰ্থ হোৱা নাছিল। ইয়াৰ নায়ক, যি প্ৰথমে সমাজৰ দ্বাৰা সমাদৃত আৰু তাৰ পাছত সমাজৰদ্বাৰা বৰ্জিত হোৱা নীৰৱ, প্ৰতিষ্ঠিত ছবি পৰিচালক সুৰেশ সিনহা; সেই বিখ্যাত দৃশ্য— ষ্টুদিওৰ ছালিৰ পৰা অহা ক্ষীণ পোহৰ আহি পৰিছেহি আশাহত সুৰেশ সিনহাৰ ওপৰত; সেয়া আছিল ভাৰতীয় চিনেমাৰ এক অন্যতম, শক্তিশালী চাক্ষুষ ৰূপক!

‘চাহিব বিবি অউৰ গোলাম’ত গুৰু দত্তই দেখুৱাইছে ক্ৰমশঃ হ্ৰাস পাবলৈ ধৰা সামন্তবাদী অনুশাসন আৰু এনে কৰিবলৈ যাওঁতে ভাৰতীয় চিনেমাৰ এক অন্যতম নাৰী চৰিত্ৰ (মীনা কুমাৰী)য়ে নানা প্ৰতিবন্ধী হোৱাৰ পাছতো কিদৰে ঠিয় দিব পাৰিছিল, তাৰ অপূৰ্ব নিদৰ্শন ফুটাই তোলাত সক্ষম হৈছিল। যদিও এইখন ছবিৰ পৰিচালক আছিল আব্ৰাৰ আলভি কিন্তু ইয়াৰ চাক্ষুস বৰ্ণনা আৰু আবেগিক দৃশ্যসমূহৰ নিৰ্দেশনা আছিল গুৰু দত্তৰ। তদুপৰি, নিঃসংগ মীনা কুমাৰীয়ে যিদৰে স্বামীৰ মন জয় কৰিবলৈ মদ্যপান কৰিছিল, তাতেই ফুটি উঠিছে সবাতোকৈ দুখ লগা চৰিত্ৰ আৰু সেয়াও আছিল গুৰু দত্তৰেই প্ৰতিভা।

গুৰু দত্তৰ ব্যক্তিগত জীৱন আছিল বিষাদ ভৰা; দত্তই চিগাৰেট আৰু মদ্যপান কৰিছিল অতি বেছিকৈ। গায়িকা, শিল্পী গীতা দত্তৰ লগত তেখেতৰ বিবাহ আছিল এক ব্যৰ্থতা। দত্তৰ ৱাহিদা ৰেহমানৰ প্ৰতি থকা আসক্তিৰ গুজব হয়তো এই বিবাহৰ অসফলতাৰ কাৰণ, কোনে জানে? মাত্ৰ ৩৯ বছৰ বয়সতে ১৯৬৪ ত গুৰু দত্তৰ মৃত্যু হৈছিল হয়তো অত্যধিক মদ্যপান আৰু ভুলতে লোৱা শ্লিপিং পিলৰ বাবে। কিন্তু আত্মহত্যা বুলিয়েই কথাটো ওলাইছিল কিয়নো তাৰ আগতে দত্তই দুবাৰো আত্ম হননৰ চেষ্টা চলাইছিল।

গুৰু দত্ত তেখেতৰ নৈসৰ্গিক, সৌন্দৰ্য্যবোধ আৰু সঙ্গীবিহীন জীৱনধাৰাৰ বাবে সকলোৰে পৰা পৃথক আছিল। তেখেতে কেতিয়াও কাকো তোষামোদ নকৰিছিল, কাৰো প্ৰতি বিৰূপ মনোভাৱ নাৰাখিছিল আৰু পৰম্পৰাগতভাৱে কাৰো আনুগত্য নাছিল।

আজিৰ ‘কিছু নীতি মানি চলা’ যুগত গুৰু দত্তই আশা কৰিছিল—শিল্পৰো আত্মা থাকিব লাগে। শিল্পীক দিব লাগে প্ৰচুৰ স্বাধীনতা।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments