অসমীয়া চলচ্চিত্ৰত জীৱনীমূলক চলচ্চিত্ৰ: এক নতুন অধ্যায়

লেখক- সত্য প্ৰসাদ গোস্বামী

অসমীয়া চলচ্চিত্ৰ উদ্যোগত জীৱনীমূলক বোলছবি নিৰ্মাণ হ’লে এক নতুন অধ্যায় সূচনা হ’ব পাৰে। বলিউডত ইতিমধ্যে এনে ধাৰাটোৰ সফল প্ৰয়োগ হৈছে, য’ত এম এছ ধোনি, সঞ্জু, ভাগ মিলখা ভাগ আদি চলচ্চিত্ৰই দৰ্শকৰ মন জয় কৰিছে। অসমীয়া চলচ্চিত্ৰ উদ্যোগতো এই ধাৰাটোৰ সম্ভাৱনা অফুৰন্ত। 

ভূপেন হাজৰিকাৰ দৰে এগৰাকী কিংবদন্তি শিল্পীৰ জীৱনৰ আধাৰত এখন জীৱনীমূলক চলচ্চিত্ৰ নিৰ্মাণ কৰিলে সেয়া এক অসাধাৰণ সৃষ্টি হ’ব পাৰে। তেওঁৰ জীৱন আছিল উত্তেজনা আৰু নানান উত্থান-পতনৰে ভৰা। তেওঁৰ সংগ্ৰাম, প্ৰেম, সৃষ্টিশীলতা আদি বিষয়বস্তু লৈ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিলে দৰ্শকে নিশ্চয়কৈ আদৰি ল’ব। 

একেদৰে, জুবিন গাৰ্গৰ দৰে এগৰাকী প্ৰতিভাবান শিল্পীৰ জীৱনকো বোলছবিৰ পৰ্দাত তুলি ধৰিব পৰা যায়। তেওঁৰ জীৱনতো আছে নানান উত্থান-পতন, বিতৰ্ক, অসাধাৰণ সৃষ্টি আদি। এইবোৰ বিষয়বস্তু লৈ এখন জীৱনীমূলক চলচ্চিত্ৰ নিৰ্মাণ কৰিলে সেয়া এক নতুন অভিজ্ঞতা হ’ব পাৰে দৰ্শকৰ বাবে। 

      ”ভাইমন দা”ৰ সফলতা দেখি অসমীয়া চলচ্চিত্ৰ উদ্যোগত বিভিন্ন জীৱনীমূলক চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ সম্ভাৱনা আছে। অসমীয়া চিনেমা উদ্যোগত যদি এই ধাৰাটোৰ সফল প্ৰয়োগ হয়, তেন্তে অসমৰ দৰ্শকে নিশ্চয়কৈ নতুন নতুন কাহিনী আৰু অভিজ্ঞতাৰ সোৱাদ ল’ব পাৰিব। সেয়েহে, অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ নিৰ্মাতাসকলে এই ধাৰাটোত গুৰুত্ব আৰোপ কৰি নতুন নতুন বায়’পিক নিৰ্মাণ কৰিব লাগে। এনে চিনেমাই অসমীয়া চলচ্চিত্ৰ উদ্যোগক এক নতুন উচ্চতালৈ লৈ যাব পাৰিব। অসমৰ দৰ্শকে তেতিয়া নিজৰ প্ৰিয় শিল্পীসকলৰ জীৱন কাহিনী পৰ্দাত দেখিবলৈ পাব, যাৰ ফলত অসমীয়া চিনেমা উদ্যোগত এক নতুন যুগৰ সূচনা হ’ব। 

      বায়’পিক নিৰ্মাণ কৰাৰ সময়ত শিল্পীসকলৰ জীৱনৰ প্ৰকৃত ঘটনাবোৰক অক্ষুণ্ণ ৰখাৰ লগতে নাটকীয়তা আৰু বিনোদনমূলক দিশটোকো গুৰুত্ব দিব লাগিব। এনে ছবিয়ে দৰ্শকক বিনোদন দিয়াৰ লগতে শিল্পীসকলৰ জীৱনৰ পৰা শিক্ষাও লোৱাৰ অৱসাদ আৰু অনুপ্ৰেৰণা যোগাব। আমাৰ ছবি নিৰ্মাতাসকলে এই বিষয়টো গুৰুত্ব আৰোপ কৰিব বুলি বিশ্বাস আছে আৰু অসমীয়া বোলছবিয়ে নতুন ধাৰাৰ জৰিয়তে সফলতাও লাভ কৰিব।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments