অস্কাৰ বঁটা

লেখক- - বিকাশ দত্ত

৯৮ তম অঁস্কাৰ বঁ‌টাত উজলি উঠিল বহুতো ব্যক্তি, বহুকেইখন চলচ্চিত্ৰ। তাৰ ভিতৰত “কে পপ ডেমন হাণ্টাৰ্ছ”ৰ শ্ৰেষ্ঠ এনিমেটেড কথাছবিৰ লগতে শ্ৰেষ্ঠ মৌলিক গীতৰ বঁ‌টাই হওক বা ৰায়ান কুগলাৰে “ছিনাৰ্ছ”ৰ বাবে মৌলিক চিত্ৰনাট্য আৰু একেখনৰ কথাছবিৰ বাবে মাইকেল বি জৰ্ডানে লাভ কৰা শ্ৰেষ্ঠ অভিনেতা আৰু “হেমনেট”ৰ জেছী বাক্লিয়ে লাভ কৰা বঁ‌টাই হওক, অস্কাৰে কোনোদিনেই নিৰাশ নকৰে অগতানুগতিক বঁ‌টা প্ৰদানৰ বাবে। কিন্তু তাৰ ভিতৰতেই ব্যক্তিগতভাৱে তিনিটা শিতানৰ বঁ‌টা বিজয়ী সকলে দৃষ্টি আকৰ্ষণ কৰিলে।

১) অটুম্ন ডুৰাল্ড আৰ্কেপ’ই অস্কাৰৰ ইতিহাসত প্ৰথমগৰাকী মহিলা হিচাপে লাভ কৰিছে শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফীৰ অঁ‌স্কাৰ বঁ‌টা। ৰায়ান কুগলাৰৰ “ছিনাৰ্ছ”ৰ বাবে তেখেতে লাভ কৰিছে এই বঁ‌টা। এটা ভাল লগা কথা নহয়নে। চলচ্চিত্ৰ জগতৰ এনে এটা শিতান য’ত মহিলা সকলৰ সংখ্যা নিচেই কম। পুৰুষপ্ৰধান শিতানসমূহত এইদৰে মহিলা এগৰাকীয়ে আগুৱাই আহি বিশ্ব চলচ্চিত্ৰৰ উচ্চতম শিখদত আৰোহণ কৰা তাকো এনে এটা শিতানত যিটো খুবেই প্ৰয়োজনীয় এখন চলচ্চিত্ৰ নিৰ্মাণত, সেইয়া প্ৰকৃতাৰ্থত এটা খুব সংকেত। কেৱল পৰিচালনা, চিত্ৰনাট্য বা সাজ-সজ্জাৰ লগতে চিনেমাটোগ্ৰাফীৰ দৰে দিশসমূহতো মহিলাসকলৰ অৱদান এইদৰেই বৰ্তি থাকক। ভাৰততো এই ধৰণৰ পৰিৱৰ্তন আহক তাৰেই আশা ৰাখিছো।

২) লুডৱিগ গ’ৰানছনক হয়তো বৰ্তমান সময়ত হান্স জিমাৰৰ পিছতেই অন্যতম শ্ৰেষ্ঠ সংগীত পৰিচালক বুলি ক’ব পাৰি। জেৱল ৪১ বছৰ বয়সতেই তিনিটাকৈ অঁ‌স্কাৰ বঁ‌টা লাভ কৰা গ’ৰানছনে হয়তো কিংবদন্তি জন ৱিলিয়ামছকো চেৰ পেলাব আগন্তুক দিনত। ৯৮ তম অঁ‌স্কাৰ বঁ‌টাত একাডেমীয়ে শ্ৰেষ্ঠ মৌলিক সংগীতৰ বঁ‌টা প্ৰদান কৰে গ’ৰানছনক। ৰায়ান কুগলাৰৰেই “ছিনাৰ্ছ”ৰ বাবে লাভ কৰা এই বঁ‌টাৰ পূৰ্বে ক্ৰিষ্টোফাৰ ন’লানৰ “অপেনহাইমা” আৰু কুগলাৰৰেই মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ “ব্লেক পেন্থাৰ”ৰ বাবে লাভ কৰিছিল একেটা শিতানতেই অঁ‌স্কাৰ বঁ‌টা।

৩) চিনেমা চোৱা আৰম্ভণিৰে পৰা হলিউদৰ কথাছবিৰ ভিতৰত যদি কোনোবা এখন ছবিয়ে মোক হতচকিত কৰিছিল সেইয়া আছিল ২০০৭ চনৰ “ডেয়াৰ ৱিল বি ব্লাড” ডেনিয়েল ডে লেৱিছৰ শক্তিশালী অভিনয়ে মন্ত্ৰমুগ্ধ কৰা কথাছবিখনৰ পৰিচালক আছিল পল থমাছ এণ্ডাৰছন। প্ৰথমতে বৰ এটা মনোযোগ দিয়া নাছিলো যদিও তাৰ পিছতেই মই চালো তেওঁৰ “বুগী নাইটছ” আৰু “দ্য মাষ্টাৰ”। আৰু তেতিয়াই মনলৈ আহিল, যে আধুনিক কথাছবি নিৰ্মাণত কিংবদন্তি ডেভিড লীন অথবা সত্যজিত ৰায়ৰ সমকক্ষ যদি কোনোবা আছে তেন্তে সেইয়াই হ’ল পল থমাছ এণ্ডাৰছন। এবাৰ অঁ‌স্কাৰ বিজয়ী ক্ৰিষ্টফ ৱাল্টজক এটা সাক্ষাৎকাৰত সোধা হৈছিল, তেখেতে নিজৰ কেৰিয়াত এবাৰ হ’লেও কোনগৰাকী পৰিচালকৰ সৈতে কাম কৰা হেঁ‌পাহ আছে? কোনোধৰণৰ দোমোজা নথকাকৈ তেওঁ জনাইছিল, “PT Anderson”। হয়তো এইয়াই হ’ল পল থমাছ এণ্ডাৰছনৰ শ্ৰেষ্ঠত্ব।

অৱশেষত নিজৰ তিনি দশকযোৰা বৰ্ণিল কেৰিয়াৰত পলে লাভ কৰে শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ বঁ‌টা। “ওৱান বেটল আফটাৰ এনাডাৰ”ৰ বাবে পলে লাভ কৰে এই বঁ‌টা। উল্লেখনীয় যে এইবছৰ শ্ৰেষ্ঠ কথাছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অনুকূলিত চিত্ৰনাট্য (এণ্ডাৰছন), শ্ৰেষ্ঠ সহ অভিনেতা (ছন পেন), শ্ৰেষ্ঠ সম্পাদনা (এণ্ডী য়ুৰগেনছেন) আৰু অঁ‌স্কাৰত নতুনকৈ সংযোজিত শিতান শ্ৰেষ্ঠ কাষ্টিঙ (কাচান্দ্ৰা কুলকুনদিছ) ৰ সমুদায় ছটাকৈ অস্কাৰ জয়ী হ’বলৈ সক্ষম হয়।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments