অল্ড মংক ৰাম, নেতাজী আৰু এখন চিনেমা

লেখক- নয়নমণি হালৈ

  ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেনানীসকলৰ ভিতৰত নেতাজী সুভাষ চন্দ্ৰ বোসৰ জীৱনে মোক সকলোতকৈ বেছি আকৰ্ষিত কৰে। কোনোধৰণৰ বুজাবুজি, আপোচ অথবা কাৰো দয়াত তেওঁ ভাৰতৰ স্বাধীনতা বিচৰা নাছিল, তেওঁ স্বাধীনতা বীৰত্ব আৰু পৰাক্ৰমেৰে আজুৰি কাঢ়ি আনিব বিচাৰিছিল। সিংহৰ নিচিনা কলিজা আছিল নেতাজীৰ। এতিয়াৰ প্ৰজন্মই নেতাজীৰ বিষয়ে অলপ পঢ়াশুনা কৰিলে এখন এডভেন্সাৰ উপন্যাস পঢ়াৰ নিচিনাই পাব, আনকি কিছুমান কথা বিশ্বাস কৰিবলৈয়ে টান পাব। কিতাপ-পত্ৰৰ প্ৰতি এলাৰ্জী থকাসকলে শ্যাম বেনেগালৰ ‘বোস- দা ফৰগটেন হিৰো’ চিনেমাখনো চাব পাৰে। 

2019 চনত আৰু এখন নেতাজী সম্পৰ্কীয় ছবি মুক্তি পাইছিল- ‘গুমনামী’ নামেৰে। নেতাজীৰ নামভূমিকাত বেংগলী অভিনেতা প্ৰসেনজিৎ চেটাৰ্জীয়ে তেওঁৰ কেৰিয়াৰৰ এখন শ্ৰেষ্ঠ চিনেমাত অভিনয় কৰিছিল। চিনেমাখনৰ বিষয়বস্তু আছিল নেতাজীৰ মৃত্যুৰহস্য লগতে ‘গুমনামী বাবা’ সম্পৰ্কীয় তত্ত্বটোৰ প্ৰামাণিকীকৰণ। স্কুল কলেজৰ পৰাই আমি পঢ়ি আহিছো যে ১৯৪৫ চনৰ ১৮ আগষ্টত বৰ্তমানৰ টাইপেইত এক বিমান দুৰ্ঘটনাত নেতাজীৰ মৃত্যু হৈছিল, কিন্তু পৰৱৰ্তী সময়ত সেয়া এটা ৰহস্যময় আৰু বিতৰ্কিত বিষয় হিচাপে পৰিগণিত হয়। 

বিমান দুৰ্ঘটনাত যে নেতাজীৰ মৃত্যু হোৱা নাছিল সেই সম্পৰ্কীয় কেইবাটাও তত্ত্ব পিচলৈ প্ৰচলন হৈ পৰে। তাৰভিতৰত বিশ্বাসযোগ্যতাৰ সকলোতকৈ কাষ চপা তত্ত্বটো হ’ল মুখাৰ্জী আয়োগৰ তদন্ত প্ৰতিবেদনখন। ১৯৯৯ চনত ভাৰত চৰকাৰে ন্যায়াধীশ মনোজ মুখাৰ্জীৰ অধীনত গঠন কৰি দিয়া তদন্ত আয়োগে দীৰ্ঘকালিন তদন্ত প্ৰক্ৰিয়াৰ পিচত এই ৰায় দিয়ে যে উক্ত বিমান দুৰ্ঘটনাত নেতাজী উপস্থিত নাছিল, সেই তাৰিখত টাইৱানত কোনো বিমান দুৰ্ঘটনা ঘটাৰ প্ৰমাণ নাই আৰু জাপানৰ ৰেনকোজী মন্দিৰত থকা চিতাভষ্মও নেতাজীৰ নহয়। কিন্তু তাৰপিচত নেতাজীৰ কি হ’ল সেই সম্পৰ্কে আয়োগে মুখ বন্ধ ৰাখে আৰু নেতাজীৰ অস্তিত্ব খাৰিজ কৰে। এই আয়োগৰ শুনানীত উত্তৰ প্ৰদেশৰ ফৈজাবাদত ‘ভগবানজী’ নামেৰে এজন সন্ন্যাসীৰ বেশত নেতাজীয়ে আত্মগোপন কৰি থকা বুলি প্ৰচলিত তত্ত্বটো জনতাৰ সন্মুখলৈ আহে আৰু ই বহুলভাৱে আলোচনাৰ বিষয় হৈ পৰে। 

’গুমনামী’ ছবিখনৰ প্ৰটাগনিষ্টে কেইবাটাও তথ্য আৰু প্ৰমাণসহ এই কথা দাঙি ধৰে যে ফৈজাবাদৰ ‘ভগবানজী’ অথবা ‘গুমনামী বাবা’জনেই নেতাজী সুভাষ চন্দ্ৰ বোস আছিল! 1985 চনত উক্ত ‘ভগবানজী’ৰ মৃত্যুৰ পিচত তেওৰ সাসামগ্ৰীসমূহ মুঠ 26টা বাকচত সংৰক্ষণ কৰি ৰখা হয়, যিবোৰ সামগ্ৰীৰ ভিতৰত আছিল বিদেশী বাইনোকুলাৰ, টাইপ ৰাইটাৰ, বিদেশী চিগাৰেটৰ পেকেট, মিক্সাৰ পাইপ, নেতাজীৰ চচমা, কিতাপ, সৈনিকৰ পোচাক ইত্যাদি, যিবোৰৰ লগত নেতাজীৰ সম্পৰ্ক স্থাপন কৰিব পাৰি। নেতাজীয়ে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে তোলা গ্ৰুপ ফটো, পিতৃমাতৃৰ ফটো আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ ফটোগ্ৰাফো তাত পোৱা গৈছিল। সকলোতকৈ মূল্যবান বুলি বিবেচিত সামগ্ৰীসমূহ আছিল ‘গুমনামী বাবা’লৈ লিখা ভালেসংখ্যক চিঠি। 

নেতাজীৰ পৰিয়ালৰ সদস্যৰ পৰা আৰম্ভ কৰি নেতাজীক সংগ দিয়া ভালেকেইজন বিপ্লৱী সেনানীৰ চিঠি উদ্ধাৰ কৰা হয়, যিবোৰ ‘গুমনামী বাবাই নেতাজী’ বোলা তত্ত্বটোক বিশ্বাসযোগ্য কৰি তোলে। মুখাৰ্জী আয়োগৰ প্ৰতিবেদন আৰু তাৰ শুনানিৰ ওপৰত ভিত্তি কৰি এই ‘গুমনামী’ নামৰ চিনেমাখন নিৰ্মাণ কৰা হৈছিল। তদানীন্তন আন্তৰাষ্ট্ৰীয় ৰাজনীতি, ভাৰতবৰ্ষৰ ৰাজনীতি আৰু গান্ধী নেহৰুৰ ভূমিকাকো চিনেমাখনে কাহিনীৰ মাজলৈ টানি লৈ আহিছিল। 

গুমনামী বাবাই নেতাজী আছিলনে নাছিল, সেইকথা কোনেও দৃঢ়তাৰে কব নোৱাৰে, কিন্তু চিনেমাখনে ‘আছিল’ বোলা ধাৰণাটোক দৃঢ় কৰি তোলে। নেতাজীৰ জীৱনক লৈ অনুসন্ধিৎসুসকলে এই চিনেমাখন এবাৰ চোৱা উচিত। 

এতিয়া আহিছো মোৰ লেখাটোৰ শিৰোনামলৈ। ‘অল্ড মংক’ নামৰ সুৰাবিধৰ সৈতে নেতাজী সুভাষচন্দ্ৰ বসুৰ কি সম্পৰ্ক থাকিব পাৰে! এতিয়া ঠাণ্ডাৰ দিন, ঠাণ্ডা দিনত যিসকলে ‘ৰাম’ (Rum) সেৱন কৰে, তেওঁলোকৰ বাবে ‘অল্ড মংক’ নামটো নিশ্চয় চিনাকি। কিন্তু এই ‘অল্ড মংক’ নামটোৰে নেতাজীৰ এক আমোদজনক সম্পৰ্ক আছে। সেই কথাও মই জানিলো ‘গুমনামী’ চোৱাৰ পিচতহে। 

সেইসময়ত যিসকলে গুমনামী বাবাক জানিছিল আৰু বাবালৈ চিঠিপত্ৰ লিখিছিল, তাৰভিতৰত এজন আছিল সেই সময়ৰ উত্তৰ প্ৰদেশৰ এজন প্ৰখ্যাত ব্যৱসায়ী কৰ্ণেল বি আৰ মোহন। গুমনামী বাবালৈ তেওঁ লিখা এখন চিঠি উদ্ধাৰ হৈছিল, য’ত তেওঁ লিখিছিল যে তেওঁৰ কোম্পানীৰ সকলোতকৈ প্ৰচলিত সামগ্ৰীবিধ বাবাৰ স্মৃতিত নামকৰণ কৰিছে। আৰু সেই সামগ্ৰীবিধ আছিল বৰ্তমানেও প্ৰচলিত এবিধ সুৰা বা Rum, যাৰ নাম ‘অল্ড মংক’ অৰ্থাৎ বৃদ্ধ সন্ন্যাসী। 

কিছুমান সত্য কালৰ বুকুত নিশ্চিহ্ন হৈ গ’ল আৰু কিছুমান সত্যক নিশ্চিহ্ন কৰি দিয়া হ’ল। কিন্তু সত্য সূৰ্যৰ দৰে। নেতাজী এই দেশৰ মানচিত্ৰত এক দীপ্তমান সূৰ্য আৰু সূৰ্য হৈয়ে থাকি যাব।

  

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!