আজিৰ অভিভাৱক
লেখক- দেৱজিৎ শৰ্মা
“মোৰ ষ্টেটোস্কোপ দাল দিয়া আকৌ“
“ছাৰ, আপোনাৰ বেলেগ স্কোপ নাই নেকি? নহলে এনেকেই কাম চলাওক না, এইদাল এতিয়া তাৰ পৰা ল’লে কান্দিব“
এয়া এগৰাকী মাতৃয়ে মোক কৰা অনুৰোধ। শিশুটিয়ে মোৰ শিশু চোৱা কক্ষত সোমায়েই কান্দিব ধৰাত, মাকেনো কেতিয়া মোৰ টেবুলৰ পৰা উঠাই ষ্টেটোস্কোপ দাল শিশুটিক খেলিব দিলে গমেই নাপালো। মই চকু কেইটা ডাঙৰকৈ মাত্ৰ চাই ৰ’লো। সেইদিনা মোৰ মনটো ভাল, উচ্ছবাক্য কৰাৰ মন নাছিল।
শুনা পালো কিছুদিন আগতে মেট্ৰিক পৰীক্ষাৰ অংক কাকত কঠিন অহা বাবে এগৰাকী মাতৃয়ে এটা টিভি চেনেলৰ এক “বাইট“ত কৈ আছে “মোৰ ছোৱালীয়ে অংক পৰীক্ষা টান অহা বাবে কান্দি কান্দি বমি কৰি দিছে, তাইৰ এতিয়া যদি কিবা হয় মই কাকো শুদাই নেৰিম।” কথাটো মই নিজেই শুনা বা প্ৰত্যক্ষ কৰা নাই, লোকৰ মুখত শুনিয়েই, শিশুৰোগ বিশেষজ্ঞ হিছাপে সদাই হৈ থকা অভিজ্ঞতা বোৰ মনত পৰা গ’ল।
আজিকালিৰ পিতৃ মাতৃসকল আগতকৈ বেলেগ। যুগৰ লগত পৰিৱৰ্তন অৱশ্যম্ভাৱী। কিন্তু সকলো পৰিৱৰ্তন যোগাত্মক নে? আজিকালি বেছিভাগ পৰিয়াল একক। ওচৰে পাজৰে দিহা দিবলৈ আই, বোপাই বা খুৰী, মাহীহঁতো নাই। মাত এষাৰ দিবলৈ চুবুৰীয়াকো তেনেকৈ দেখা নেযায়। আজিকালি অভিভাৱকতাৰ দিহা দিবলৈ বহু কিতাপ ওলাইছে, পেছাদাৰী লোক আছে, কিন্ত শুনিবলৈ সময় ক’ত?
আজিৰে কথা, কাৰোবাৰ নিৰ্দেশত টিহুঁৰ ফালৰ পৰা মোক দেখুৱাবলৈ চাৰি বছৰীয়া ল’ৰা এজন আনিছিল। চাৰি বছৰীয়া যদিও এতিয়ালৈকে স্পষ্টভাৱে কথা ক’ব নোৱাৰে, চকুত চাই কথা নকয় আৰু চঞ্ছল। একে ঠাইত বহি নেথাকে, ইফালে সিফালে দৌৰি ফুৰিছে। মই ল’ৰা জনৰ হাতত দুটা চকলেট দিলো, মোৰ চকুলৈ নোচোৱাকৈ ল’লে। চকলেটটো পায়, সকলো সৰু ল’ৰা ছোৱালীৰ দৰে এই ল’ৰা জনেও লগে লগে বাকলি খুলি খাবলৈ লাগিল। বাকলি কেইটা মোৰ কোঠাৰ মজিয়াত, ৰোগী চোৱা বিছনাত পেলাল। প্ৰথম চকলেটটো আধা খোৱাৰ পাছত মাটিত পৰিলত, গছকি মোহাৰি মজিয়াখন আৰু অপৰিষ্কাৰ কৰিলে। সাধাৰণতে এনে ধৰণৰ শিশুবোৰ কোঠাত সোমোৱাৰ পৰা আমি পৰ্য্যবেক্ষন কৰো, সমস্যা ক’ত বা কেনে হব পাৰে। তেওঁলোকক বিছনাত শুৱাই পৰীক্ষা কৰিব নোৱাৰি বা প্ৰয়োজন নাই। ল’ৰাজনে ইতিমধ্যে দ্বিতীয় চকলেটটোৰো ওপৰৰ বাকলি দুখন মজিয়াতে দ’লি মাৰি পেলালে। মই চাই আছো। এলেকুৱা বহুত শিশুৱে কৰে ( সকলোৱে নহয়, কিছু শিশু ইমান মৰম লাগে হাতত জাৱৰ, বাকলি লৈ ডাষ্টবিন বিচাৰি ফুৰে)। কম সংখ্যক মাতৃয়ে নিজে পৰিষ্কাৰ কৰি দিয়ে আৰু শিশুটিক এনে কৰিব নেপাই বুলি বুজাই। কিছু সংখ্যকে নিজে চাফা নকৰে কিন্তু শিশুটিক ধীৰেকে কয় “নেপাই নহয়, আংক’লে খং কৰিব।” বহুতে চাফাও নকৰে আৰু শিশুটিক একো নকয়। আজিৰ মাতৃ গৰাকীও তেনে আছিল। মই সাধাৰণতে তেনে মাতৃৰ সন্মুখতে আমাৰ হস্পিটেলৰ চাফাই কৰ্মী মাতি চাফা কৰাওঁ। আজি মহিলা গৰাকীয়ে বুজক বুলি মই নিজেই চাপৰি মজিয়া, বিছনা আৰু টেবুল পৰীস্কাৰ কৰাত লাগিলো। নাই মহিলা গৰাকী নিৰ্বিকাৰ। মোৰ প্ৰথম মাক গৰাকীক দিব খোজা অভিভাৱকৰ শিক্ষা অথলে গ’ল।
যিহওক ইমান পৰে পৰ্য্যবেক্ষন কৰি ধাৰণা কৰিলো শিশুটিৰ Autism Spectrum Disorder আৰু Attention Deficit Hyperactive Disorder আছে।
আজিকালি অটিজ’ম জাতীয় সমস্যা আৰু অতি চঞ্ছল মনোযোগ দিব নোৱাৰা শিশুৰ সংখ্যা অভাৱনীয় ভাৱে বাঢ়িছে। ইয়াৰ সম্ভাৱ্য কাৰণ বহুত, যেনে বেছি বয়সত সন্তান জন্ম দিয়া, মেদবহুলতা, ডায়েবেটিছ আৰু থায়ৰয়দ ৰোগ, প্ৰদুষন, কম ওজনৰ অপৰিপক্ব শিশু, মানসিক চাপ, মৌলিক পৰিয়াল, পিতৃ, মাতৃ দুয়োৰে ব্যস্ততা, মোবাইলৰ অত্যধিক ব্যৱহাৰ, অত্যধিক স্ক্ৰীন টাইম আদি। বৰ্তমানৰ বচিকিৎসক সকলৰ সজাগতাৰ বাবে সহজে সৰুতে সোনকালে ধৰিব পৰাটোৱো বৰ্ধিত সংখ্যাৰ এক কাৰণ।
যিহওক আজিকালি অভিভাৱকৰ অভিভাৱকত্বাৰ ধৰণো সলনি হৈছে। হেলিকপ্টাৰ পেৰেণ্টিং ( হেলিকপ্টাৰৰ দৰে সন্তানৰ মুৰৰ ওপৰত বা ওচৰে পাজৰে ঘূৰি ফুৰে)। সন্তানৰ গাত আচোৰ এটা পৰিব নিদিয়ে। বহুতে আকৌ সন্তানক সময় দিব নোৱাৰাৰ বাবে এক মানসিক দণ্ডত ভুগি তাৰ পৰিৱৰ্তে আতোলতোলকৈ ডাঙৰ কৰিব খুজি জাংক খাদ্য বা, পুতলা, মোবাইল আদি যি খোজে তাকে দিয়ে। সন্তানক একোতে না’ নকয়।
আমাৰ ৰোগী চোৱা কক্ষত এয়ে প্ৰথম নহয়, প্ৰায় সদাই শিশুক ফুচুলাবৰ বাবে মাক বা দেউতাকে আমাৰ টেবুলৰ পৰা কলম বা ষ্টেটোস্কোপ আদি লৈ দিয়ে। এবাৰ, দুবাৰ আনকি মোৰ পকেটৰ পৰা ওলাই থকা কলমো উলিয়াই খেলিব দিছে। আগতে মোৰ ৰুমত বহুত খেলা বস্তু থৈছিলো, আজিকালি নথও, কাৰণ বহু অভিভাৱকে শিশুৱে লৈ লোৱা তেনে পুতলা ঘূৰাই দিব নোখোজে, নহলে যে শিশুটিয়ে কান্দিব।
শিশু চোৱা বিছনাত প্ৰায় প্ৰত্যেকে পাঁচ, ছয় বছৰীয়া শিশুলৈকৈ জোতা, চেণ্ডেলেৰে উঠাই। দিনত প্ৰায় চাৰি, পাঁচ বাৰ বিছনা চাদৰ সলাও। আমাৰ নাৰ্ছ কেইগৰাকীক তেনে পিতৃ, মাতৃৰ সন্মুখতে বিছনা চাদৰ সলাব দিও, কিবা শিকক বুলি। কেতিয়াবা কওঁ “ইয়াৰ আগৰ শিশুটিয়ে জোতা পিন্ধি এই বিছনা খনত উঠা হেঁতেন, আপুনি আপোনাৰ শিশুক ইয়াত শুব দিলে হেঁতেননে?” । সাধাৰণতে উত্তৰ নিদিয়ে।
কেতিয়াবা ভাৱো, আমাৰ ওচৰতটো শিশুক ৰোগী অৱস্থাত বা দুৰ্বল মুহূৰ্তত আনে, কিন্তু সুস্থ অৱস্থাত এই শিশুবোৰক জীৱনৰ জ্ঞান দিয়া শিক্ষক সকলৰ এইসকল অভিভাৱকে কিমান দূৰ্গতি কৰিব? প্ৰাাইভেট স্কুলৰ শিক্ষক হ’লে কথাই নাই। তেওঁলোকে টকা দি কিনি লব পাৰিব বুলি ভাৱে।
সেই বমি কৰা ছাত্ৰী গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আশা কৰিলো, ছাত্ৰী গৰাকী ডাঙৰ হৈ শিক্ষিত হৈ মাকক ক’ব “মা, তুমি মোক অতি মৰমত নষ্ট নকৰি ভালদৰে সৰুৰে পৰা বুজাই ডাঙৰ, কৰা হেঁতেন মই জীৱনত আৰু ভাল হ’লো হয় আৰু গণিটৰ পৰীক্ষাৱো ভাল হ’ল হেঁতেন কিজানি“