শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশত সাধুকথাৰ প্ৰয়োজনীয়তা

লেখক- ইলা চেতিয়া

শিশু মন উকা কাগজৰ দৰে পৰিষ্কাৰ, ফুলৰ দৰে সুকোমল আৰু পানীৰ দৰে পৱিত্ৰ। অতি অনুভূতিপ্ৰৱণ আৰু আৱেগিক শিশুমনত যিকোনো কথাই সহজতে সাঁচ বহুৱায়। পানীয়ে পাত্ৰ অনুসৰি নিজস্ব আকাৰ আৰু ৰং লোৱাৰ দৰে শিশুৱেও যি পৰিৱেশত ডাঙৰ হয়, তেনে মনোজগত এখন লৈয়ে বিকশিত হয়। এটি শিশুক শাৰীৰিক বিকাশৰ বাবে যিদৰে পুষ্টিকাৰক খাদ্যৰ যোগান ধৰা হয়, তেনেদৰে মানসিক বিকাশৰ বাবেও মানসিক খাদ্যৰ যোগান ধৰা উচিত। শিশুসকলক সাধুকথা, ওমলা গীত, ভংগিমা গীত, খেল-ধেমালি আদিৰ জৰিয়তে মানসিক খাদ্যৰ যোগান ধৰিব পাৰি। যি শিশুৱে শুনিব, বুজিব পৰাৰ পৰাই মাক, ককাক, আইতাকৰ মুখৰ পৰা আমাৰ সুৱদি সুৰীয়া ভাষাত সাধুকথা শুনিছে তেনে শিশুৰ মানসিকতা অন্য শিশুতকৈ পৃথক হোৱা আমি লক্ষ্য কৰিছোঁ। এই লেখাত আমি শিশুৰ মনোজগতত সাধুৰ প্ৰভাৱ সম্পৰ্কে আলচ কৰাৰ প্ৰয়াস কৰিছোঁ।

* শিকনৰ প্ৰথম স্তৰটো হৈছে শ্ৰৱণ। শ্ৰৱণ এটা সক্ৰিয় প্ৰক্ৰিয়া। শ্ৰৱণৰ সময়ত মগজুত এক বিচাৰ বিশ্লেষণ প্ৰক্ৰিয়া চলি থাকে। শিশুৰ কোমল আৰু নিৰ্মল মনক সাধুকথাই বিশেষভাৱে প্ৰভাৱিত কৰে। সাধু কোৱাৰ সময়ত শৰীৰৰ ভাষা, শব্দচয়ন, কোৱাৰ ধৰণ, সুললিত কণ্ঠস্বৰ, জিভাত উজুতি নোখোৱা সৰল শব্দৰ ব্যৱহাৰে সাধু শুনা আৰু কোৱাৰ প্ৰতি শিশুক আগ্ৰহী কৰে আৰু মনত ভাবৰ উদ্ৰেক ঘটায়।

* সাধু শুনি শিশুসকলে ৰসাস্বাদন কৰাৰ উপৰিও একো একোটা নৈতিক জ্ঞান লাভ কৰিব। সাধুসমূহৰ যোগেদি আমাৰ অসমীয়া গ্ৰামাঞ্চলত ব্যৱহৃত থলুৱা, কোমল আৰু নিভাঁজ অসমীয়া শব্দ শিকা,বুজাৰ লগতে শব্দৰ ভাণ্ডাৰো বাঢ়িব।

* ঘৰৰ পৰা বিদ্যালয় অভিমুখী শিশুসকলক সাধুৰ শ্ৰৱণ আৰু কথনে আমাৰ বহল পৃথিৱীখনৰ জীৱ-জগতৰ লগত পৰিচিত হোৱাৰ সুযোগ দিব। জীৱ-জগত আৰু পশু-পক্ষীৰ প্ৰকাৰ, বিচৰণ থলী, বাসস্থান, খাদ্যাভ্যাস ইত্যাদি সমূহৰ বিষয়ে সাধুৰ যোগেদিয়েই জ্ঞাত হ’ব।

* সাধুৰ নাটকীয় উপস্থাপন, শুদ্ধ উচ্চাৰণ, স্পষ্ট আৰু সুললিত কথনশৈলীয়ে শিশুসকলক সহজে আকৰ্ষিত কৰিব। ইয়াৰ যোগেদি শিশুসকলে কথা-বাৰ্তাৰ কৌশল, শুদ্ধ আৰু স্পষ্ট উচ্চাৰণ শিকিব আৰু নিজস্ব অনুভূতিৰ বিকাশ ঘটিব।

* বৰ্তমান শিক্ষা ব্যৱস্থাত আমুল পৰিবৰ্তন ঘটিছে। পাঠ্যপুথিৰ উপৰিও ডিজিটেল মাধ্যমত শিক্ষা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে শিশুসকলক দৃশ্য-শ্ৰাব্যৰ মাধ্যমেৰে সাধু শুনোৱাৰ ব্যৱস্থা কৰিলে অধিক ফলপ্ৰসূ হ’ব আৰু শিশুসকলৰ মানসিক, বৌদ্ধিক, আৱেগিক আৰু সামাজিক বিকাশ ঘটাত সহায়ক হ’ব

* এজন ভাল শ্ৰোতা ভৱিষ্যতে এজন ভাল বক্তা হ’ব পাৰে। এইক্ষেত্ৰত সাধুকথাৰ ভূমিকা অপৰিসীম। গতিকে সাধুকথাসমূহৰ ব্যাপক প্ৰচাৰ হোৱা উচিত।

* সাধুসমূহ যথাসম্ভৱ চুটি হোৱা উচিত। দীঘলীয়া সাধু আমনিদায়ক হৈ উঠিব পাৰে আৰু মনলৈ অনীহা ভাব আহিব পাৰে।

* যন্ত্ৰণা আৰু পীড়াদায়ক বৰ্ণনা নথকা সাধুহে কোমল মনৰ শিশুৰ বাবে নিৰ্বাচন কৰা উচিত। সামৰণি যোগাত্মক হ’লে শিশুৰ মনতো ইয়াৰ সুপ্ৰভাৱ পৰিব। সাধুকথাৰ পৰা একো একোটা নীতিশিক্ষা পোৱা যায়। এই নীতিশিক্ষাসমূহে শিশুৰ চৰিত্ৰ গঠনত যথেষ্ট সহায় কৰে আৰু উপস্থিত বুদ্ধি প্ৰখৰ কৰি তোলাত সহায়ক হয়।

* সাধুকথা শুনা আৰু শুনি সঁহাৰি দিয়া কাৰ্যৰ যোগেদি শিশুৰ মনোযোগ বৃদ্ধি, ভাষাৰ দক্ষতা , বোধগম্যতাৰ বিকাশ আৰু সামাজিক উৎকৰ্ষ সাধন হ’ব।

* শিশুসকলে নিজৰ অনুভৱৰ জগতখন আৰু কল্পনাৰ জগতখনক নিসংকোচে সৰলভাৱে প্ৰকাশ কৰাৰ উপৰিও দেখা, শুনা কথাবোৰ ঘৰুৱা ভাষাত সলসলীয়াকৈ ক’ব পাৰিব। কল্পনা শক্তিৰ সহায়ত সৃজনীমূলক লেখা লিখিবলৈ শিকিব। আখৰ পঢ়িব পৰা হোৱাৰ পিছত সাধুকথাৰ কিতাপৰ জৰিয়তে পঠনৰ সুঅভ্যাস গঢ়ি উঠিব। এই
সুঅভ্যাসে ভবিষ্যতে কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিব। অধ্যয়ন প্ৰীতি বাঢ়ি যোৱাৰ ফলস্বৰূপে কোমল বয়সৰ শিশুসকল নিশ্চয় মোবাইলৰ অত্যধিক আসক্তিৰ পৰা মুক্ত হ’ব।

* ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অমৰ সৃষ্টি বুঢ়ীআইৰ সাধুৰ দৰে অন্যান্য সাধুসমূহ শ্ৰৱণ আৰু কথনৰ উপৰিও ডিজিটেল মাধ্যমত যুগ যুগলৈ সংৰক্ষিত কৰি ৰাখিব পৰা যায়। অসম প্ৰকাশন পৰিষদে ইতিমধ্যে ইউটিউব চেনেল যোগে দৃশ্য-শ্ৰাব্যৰ মাধ্যমেৰে এনিমেছন ছবিৰ জৰিয়তে মাতৃভাষাত এই সাধুসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰচেষ্টা হাতত লৈছে। এই প্ৰচেষ্টাৰ ফলত বিভিন্ন বিজতৰীয়া শব্দৰ বিপৰীতে আমাৰ হেৰাই যাব ধৰা অসমীয়া থলুৱা গ্ৰাম্য শব্দৰ মাধুৰ্য অক্ষুণ্ণ থাকিব আৰু সাধুসমূহ সংৰক্ষিত হৈ থাকিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!