শিশুসকলৰ “Attention seeking behaviour” এৰাই চলাটো উচিত নে?

লেখক- মৌচুমী ফুকন

“মোৰ ল’ৰাটো/ ছোৱালীজনীয়ে কেতিয়াবা এনে কিছুমান আচৰণ কৰে মোৰ বহুত খং উঠে। কেতিয়াবা যদি তাক/তাইক গুৰুত্ব নিদি সৰুটোক গুৰুত্ব দিওঁ তেতিয়াও জগৰ লাগে। চিঞৰি অৱস্থা নোহোৱা কৰে। কেতিয়াবা গুৰুত্ব নিদিওঁ। পিছত লাহে লাহে ঠিক হয়। কেতিয়াবা attention পাবলৈয়ো এনে কৰা যেন লাগে।”
এনেধৰণৰ “Attention seeking” আচৰণ গুৰুত্ব দিয়া ভাল নে আওকাণ কৰিব লাগে? বহু অভিভাৱকৰপৰা এই কথা প্ৰায়ে শুনিবলৈ পোৱা যায়।

আচলতে এই “Attention seeking” আচৰণ কি হয় বাৰু? কিছুমান শিশুৱে মাক-দেউতাক বা পৰিয়ালৰ আন কাৰোবাৰ মনোযোগ বা গুৰুত্ব পাবৰ কাৰণে বিভিন্ন ধৰণৰ আচৰণ কৰা দেখা যায়। এই মনোযোগ/ গুৰুত্ব বিচাৰি কৰা আচৰণখিনি হয়টো বেয়া হ’ব পাৰে কিন্তু মনোযোগ/গুৰুত্ব বিচৰাটো বেয়া নহয়। ইয়াৰ প্ৰয়োজন প্ৰতিজন শিশুৰেই থাকে। এই আচৰণক সকলো সময়তে আওকাণ কৰিলে শিশুটিৰ প্ৰয়োজনখিনি শেষ হৈ নাযায়। বিপৰীতে অন্যধৰণৰ আচৰণহে দেখা পোৱাৰ সম্ভাৱনা থাকে।

এটি শিশুৱে কৰা প্ৰতিটো আচৰণ communication অৰ্থাৎ যোগাযোগৰ উপায় মাথোঁ। অভিভাৱকসকলে এই কথা সদায় মনত ৰখা উচিত যে আচৰণ যিয়েই নহওক তাৰ আঁৰত কিবা নহয় কিবা এক কাৰণ নিহিত হৈ থকাটো নিশ্চিত। এইটো কেতিয়াও আশা কৰিব পৰা নাযায় বা আশা কৰাটো ভুল যে আঢ়ৈ/ তিনি বছৰীয়া কণমানিটোৱে অভিভাৱকক তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিব যে “মোৰ বহুত খং উঠিছে তুমি মোৰ ভাল লগা ৰঙৰ চোলাটো দিয়া নাই” বা “মোৰ মনটো বহুত বেয়া লাগি আছে তোমাৰ কোচত মূৰ থৈ জিৰাব দিবা নেকি?” তাৰ বিপৰীতে নিশ্চয় এক আচৰণ প্ৰকাশ কৰিব যি অভিভাৱকৰ বুজাত কঠিন হোৱা পৰিলক্ষিত হয়। বহু সময়ত ডাঙৰসকলেই মনৰ ভাৱবোৰ প্ৰকাশ কৰাত অপাৰগ হয়। তেনে অৱস্থাত শিশু এটিৰপৰা আশা কৰিব পৰা যায় জানো?

শিশু এটিৰ ক্ষেত্ৰত খং, ৰাগ, ভাললগা এনে ধৰণৰ অনুভৱবোৰ বুজাব পৰাৰ জোখাৰে মগজুৰ বিকাশ হওঁতে কিছু সময়ৰ প্ৰয়োজন হয়। এই সময়ত কেনেকৈ প্ৰকাশ কৰিব তেওঁলোকে নাজানে। ফলত সেই মনৰ ভাৱবোৰ, খেলিমেলিবোৰ শিশুটিয়ে কৰা আচৰণৰ মাজেদি প্ৰকাশ হয়। কেতিয়াবা শিশুটিয়ে তেওঁলোকক কি প্ৰয়োজন, কিয় এনে কৰে সেইটোও বুজি নাপায়।

কেতিয়াবা ডাঙৰসকলৰ ক্ষেত্ৰতো এনে হোৱা দেখা যায়- বুজাব নোৱাৰা এক খেলিমেলি অৱস্থা। কেতিয়াবা হয়টো আপোনাৰো এনে হৈছে যে মনটো সাংঘাতিক বেয়া লাগে, একো কৰিব মন নাযায়। কাৰণ একো ক’ব পৰা নাযায় মাথোঁ মনটো বেয়া লাগে। এনে এক খেলিমেলিৰ অৱস্থা আপোনাৰ দৰে আপোনাৰ শিশুটিৰো হ’ব পাৰে। সেয়ে যেতিয়াই অভিভাৱকসকলে দেখিছে যে শিশুটিয়ে মনোযোগ আকৰ্ষণৰ বাবে এনে কোনো আচৰণ কৰিছে তেতিয়া অভিভাৱকৰ প্ৰথম আৰু প্ৰধান কাম হ’ল শিশুটিৰ এনে আচৰণৰ কাৰণ বিচাৰি উলিওৱা।

এনে সময়ত শিশু এটিয়ে সচৰাচৰ কেনে আচৰণ কৰে?

শিশুটিয়ে কৰা যিকোনো আচৰণ য’ত অভিভাৱকসকলে নিবিচাৰিলেও বা অন্য কামত ব্যস্ত থাকিলেও সন্তানটিৰ আচৰণত মনোযোগ দিব বাধ্য হয়। এই আচৰণৰ ক্ষেত্ৰত বহু অভিভাৱকৰ লগত কথা পাতি এই কথা জানিব পৰা গৈছে যে(অভিভাৱকসকলৰ ভাষাৰে) “এই আচৰণবোৰৰ কথা ভাৱিলেই খং উঠে, নিয়ন্ত্ৰণ কৰাটো দূৰৰ কথা। গোটেই দিনটো ঠিকেই থাকে। কেতিয়াবা হঠাত্‍ এনে আচৰণ কৰে যে চোফাত বগাবলৈ লয়, জঁপিয়াই, চিঞৰে। কেতিয়াবা এনেকুৱাও হয় যে যেতিয়া মই ফোনত কথা পাতি থাকোঁ বা কোনো এটা কামত ব্যস্ত থাকোঁ বা দিনটো কাম কৰি জিৰণি লওঁ সেইসময়ত এনে আচৰণ কৰে।”

এইক্ষেত্ৰত সচৰাচৰ শিশুসকলে কৰা আচৰণসমূহ এনেধৰণৰ
: বেমাৰৰ ভাও জোৰে
: Over Dramatic হৈ উঠে
: সকলো সময়তে তাক/ তাইক গুৰুত্ব দিব লগাকৈ নকৰিবলগীয়া আচৰণ কৰে (দুজন সন্তান থাকিলে এনে কৰা দেখা যায়)
: সকলোৱে টিভি চাই থাকিলে টিভি বন্ধ কৰি দিয়া
: সকলোৰে কথা পাতি থকাৰ মাজত নকৰিবলগীয়া আচৰণ কৰা
: মিছা কথা কোৱা ইত্যাদি।

অভিভাৱকসকলে কি কৰা উচিত?

অভিভাৱকসকলে এইক্ষেত্ৰত কৰিবলগাখিনি একেবাৰেই সাধাৰণ যেন লাগিলেও কোনো সময়ত অভিভাৱকসকলে ভবাৰ বিপৰীতে কাম কৰিবলগীয়া হয়। কিন্তু এটা কথা নিশ্চিত যে “Attention seeking” ব্যৱহাৰ কৰিলে এৰাই চলাতকৈ গুৰুত্ব দিয়াটোহে ভাল হয়। এৰাই চলিলে বেছিভাগৰ ক্ষেত্ৰত সমস্যাৰ সমাধান নহয় লগতে শিশুটিৰ মনত এইটো ভাব আহিব পাৰে যে “মই হয়তো আৰু অলপ জোৰকৈ চিঞৰিব লাগিব তেতিয়াহে যদি ঘৰৰ মানুহে গুৰুত্ব দিয়ে।”

এৰাই চলাৰ পৰিৱৰ্তে যদি অভিভাৱকসকলে শিশুটিৰ প্ৰয়োজনক গুৰুত্ব দিয়ে সেই সময়ত অভিভাৱকসকলে শিশুটিক এইটোও শিকাব পাৰিব যে নিজৰ প্ৰয়োজনবোৰ কেনেকৈ প্ৰকাশ কৰিব লাগে। শিশুটিয়ে তেতিয়াহে শিকিব যেতিয়া অভিভাৱকসকলে এই বিষয়ক জ্ঞান প্ৰদান কৰিব।

১) শিশুটিৰ প্ৰয়োজনক নামকৰণ কৰা অৰ্থাৎ “তোমাৰ বহুত খং উঠিছে ন? তুমি মা-দেউতাৰ ওচৰত থাকিব বিচৰা নেকি? সেই সময়ছোৱাত শিশুটিৰ জেগাত থাকি তেওঁলোকৰ মনটোক বুজি সমাধানৰ বাট উলিওৱাটো ভাল হয় যিয়ে শিশুটিৰ মনত চলি থকা কথাবোৰ, ভাৱবোৰ চিনাকি কৰাৰ লগতে বুজাত সহায় কৰিব।

২) শিশুটিৰ লগত empathetic হ’বলৈ চেষ্টা কৰা যিয়ে শিশুটিৰ লগত connection গঢ়াত সহায় কৰিব। যেতিয়া অভিভাৱকসকলে ক’ব যে “হয় মোৰ লগত এনে হ’লে মোৰো বেয়া লাগিলহেঁতেন”, “মাজে মাজে মোৰো এনেদৰেই মনটো বেয়া লাগে!” ইয়াৰপৰা শিশুটিক এইটোৱেই বুজাব পৰা যায় যে “তুমি অকলশৰীয়া নহয়।” এই খেলিমেলিবোৰৰ সৈতে সহবাস কৰাও কিন্তু ইমান সহজ নহয়।

৩) অভিভাৱকসকলে শিশুটিক যিমান পাৰে সিমান সময় দিবলৈ চেষ্টা কৰিব লাগে। প্ৰতিজন শিশুৱে মাক-দেউতাকৰ মনোযোগ বিচাৰে। ই একেবাৰেই স্বাভাৱিক। শিশু এটিৰ “Attention seeking behaviour”ৰ আন এক কাৰণ মাক-দেউতাকৰ লগত কমকৈ সময় কটোৱা।

একেবাৰেই সৰু আৰু সাধাৰণ যেন লাগিলেও বহু সময়ত বহু অভিভাৱকৰ বাবে শিশুসকলৰ এই সৰু সৰু বিষয়বোৰ বুজি নোপোৱাৰ হেতু সমস্যা বুলি ভবা দেখা যায়। সেয়ে সৰু হ’লেও বিষয়বোৰত অভিভাৱকসকলে প্ৰথম অৱস্থাৰপৰাই গুৰুত্ব দিয়াটো দৰকাৰী। যিয়ে শিশুসকলৰ আচৰণজনিত বহু সমস্যা দূৰ কৰাৰ লগতে শিশুটিৰ মনটোক বুজি পোৱাত সহায় কৰিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!