কণা আৰু কুঁজা
লেখক- ইলি তালুকদাৰ
লক্ষ্মীনাথ বেজবৰুৱাৰ একে নামৰ সাধুৰ পদ্যৰূপ
(১)
এখন গাঁৱত কণা, কুঁজা
বান্ধৱ আছিল দুজন,
বিদেশলৈ গৈ ধন ঘটিবলৈ
কণাই মেলিলে মন।
কণাই এদিন বুজালে কুঁজাক
বিদেশলৈ যোৱাই ভাল,
ঘৰতে বহি মিছাতে দুয়ো
কটাই আছে কাল ।
এনে অদ্ভুত পৰামৰ্শ শুনি
কুঁজাই কণাক সুধিলে,
গছত গৰু-উঠা কথা ক’বলৈ
কণাই কেতিয়া শিকিলে?
এক কুঁজা খোজ কাঢ়ে
কষ্ট কৰি কুঁজাকুঁজিকৈ,
এক কণা চকুৰে নেদেখে
ধন ঘটিব কেনেকৈ?
হাঁহি মাৰি কণাই ক’লে,
উপায় আছে তাত,
কণাৰ ভৰি কুঁজাৰ চকুৱে
দেখুৱাই নিব বাট ।
(২)
পিছদিনা কুঁজাই চিন্তি ঈশ্বৰক
উঠিল কণাৰ কান্ধত,
লেজু, চূণ-মলা ল’লে বুটলি
আহিব এদিন উপকাৰত।
পথাৰৰ আলিত দুৰাকাছ এটাই
আছিল গা ৰ’দাই,
কাছটোও ধৰিলে কণাৰ কথামতে
বুকুতে গোৰ শোধাই।
(৩)
এনেদৰে গৈ দুয়ো উপস্থিত
অটব্য অৰণ্যৰ মাজত,
গধূলিও হ’ল ভাগৰো লাগিছে
চিন্তা হয় দুয়োৰে মনত।
দেখিলে কুঁজাই ডাঙৰ ঘৰ
আছে অৰণ্যৰ মাজত,
কণাক জনালে ৰাতিটো কটাব
সেই ঘৰৰ ভিতৰত।
ৰাক্ষস এটাই ঘৰটোৰ ভিতৰত
আছিল টোপনি মাৰি,
ভয়তে কুঁজাই বাহিৰৰ পৰা
দিলে দুৱাৰখন মাৰি ।
দুৱাৰ মৰাৰ শব্দ শুনি
ৰাক্ষসৰ টোপনি ভাগিল,
নিৰুপায় হই ৰাক্ষসে ভিতৰতে
ডেডাউৰিয়াবলৈ লাগিল ।
কণা-কুঁজাই জনালে সিহঁতৰ
চিঞৰলৈ ভয় নাই,
তেনে লোকক চূণেৰে সৈতে
সিহঁতে পাণত সানি খায় ।
ৰাক্ষসে সুধিলে, তহঁত যে বীৰ
তাৰে প্ৰমাণ কি?
সিহঁতেও সুধিলে, তই যে বীৰ
তাৰেই বা চিন কি?
ৰাক্ষসে শুনি সিহঁতৰ কথা
চুলি উঘালি দেখুৱালে,
লেজুকে সিহঁতেও চুলি বুলি
ৰাক্ষসক ভয় খুৱালে ।
ৰাক্ষসৰ মূৰৰ ওকণি এটা
এইবাৰ খুজিলে কুঁজাই,
ৰাক্ষসে পঠিওৱা ওকণি দেখি
কুঁজাই হাঁহে হো-হোৱাই ।
ওকণি বুলি দুৰাকাছকে দি
ৰাক্ষসক ফুটাবলৈ ক’লে,
ওকণি ফুটাবলৈ নোৱাৰি ৰাক্ষসে
সিহঁতক বীৰ মানিলে।
এনেতে কণাই ক’লে ৰাক্ষসক
গাখীৰ এচৰু দিবলৈ,
জনালে ৰাক্ষসক সিহঁতেও দিব
এচৰু গাখীৰ খাবলৈ।
কুঁজাই ৰাক্ষসক গাখীৰ বুলি
চূণৰ মলাটোকে দিলে,
ৰাক্ষসেও তেতিয়া সিহঁতলৈ বুলি
গাখীৰ এচৰু পঠিয়ালে।
আগৰ দুটা কথাত ৰাক্ষস
লাজত আছিল পৰি,
গাখীৰ বুলি চূণ-মলাকে খাই
ডেডাউৰিয়াই থাকিল মৰি।
( ৪)
পিচদিনা ৰাতিপুৱা দুৱাৰখন মেলি
দুয়ো সোমাল ঘৰত,
দেখিলে অনেক হীৰা, মুকুতা
আছে ঘৰৰ ভিতৰত ।
দুয়ো সেইবোৰ টোপোলা বান্ধি
গাঁৱলৈ উভতি আহিল,
সোণ, ৰূপ হীৰা, মুকুতা
গাই ল’বলৈ বহিল।
এভাগত সৰহ এভাগত তাকৰ
কৰিলে ভাগ কুঁজাই,
সৰহীয়া ভাগত থ’লে হাত
চকুৰে নেদেখাকৈয়ে কণাই ।
তাকে দেখি কুঁজাই পুনৰাই
ধনৰ ভাগ কৰিলে,
ঈশ্বৰৰ ইচ্ছাত কণাৰ হাত
সৰহীয়া ভাগতে পৰিলে।
কুঁজাই ভাবিলে কণা চকুৰেও
কণাই দেখে কেনেবাকৈ,
কণাৰ দুচকুত ঘঁহিলে বালি
ভালকৈ ফুটাই দিবলৈ।
বালি ঘঁহিলত চকুৰ চামনি
কণাৰ কাটি গ’ল,
আগতে নেদেখা সকলো বস্তু
চকুৰে দেখা হ’ল।
কুঁজাৰ ফাঁকি ধৰিবলৈ পাৰি
থিয় গোৰ দিলে কণাই
গোৰ খায়েই কুঁজাৰ কুঁজ
লোপ পালে চিধাই।
দুয়োৰে মাজত মিলিজুলি এইবাৰ
ধনৰ ভাগ হ’ল,
সমানে সমানে ধনখিনি ভগাই
ঘৰাঘৰি গুচি গ’ল।