এখন কোৰিয়ান ছবি-The Way Home

লেখক- পাৰ্থৰ প্ৰতিম বৰা।

কংক্ৰিটৰ অৰণ্যখনৰ মাজেৰে তীব্ৰ বেগেৰে আগবাঢ়িছে ৰে’লখন। সুউচ্চ অট্টালিকাবোৰে খিৰিকীৰ দুয়োপাৰৰ প্ৰায় সকলোখিনি আৱৰি ৰাখিছে। এটাৰ পাছত এটাকৈ কেৱল শাৰী শাৰী অট্টালিকাবোৰহে পাৰ হৈ গৈছে।

 

যাত্ৰপথৰ একমাত্ৰ সংগী ৭বছৰীয়া পুত্ৰ ছাংগ-ৱোৰ সৈতে ডবাটোৰ নিদিষ্ট আসনত বহি যাত্ৰীগৰাকীয়ে বিষণ্ণতাৰে খিৰিকীৰ সিপাৰৰ সেই দৃশ্যবোৰলৈ চকু ফুৰাইছে। পিছে মহা খটাসুৰ ছাংগ-ৱোৰহে পৰিৱেশটোৰ প্ৰতি অলপো ভ্ৰূক্ষেপ নাই, তথাপি সি হ’লে যাত্ৰাটো ঠিকেই উপভোগ কৰিছে।

 

মাজে মাজে তাৰ অনৰ্গল প্ৰশ্নত মাতৃগৰাকী ব্যতিব্যস্ত নোহোৱাও নহয়, তথাপি পাৰ্যমানে উত্তৰ দিয়াৰ চেষ্টা ৰাখিছে।

 

এবাৰ যদি সুধিছে – (লগ পাবলগীয়া) মানুহগৰাকী সঁচায়ে বোবা নেকি? আকৌ সুধিছে কাণেৰেও নুশুনে নেকি?

 

উপায়ান্তাৰ হৈ মাতৃগৰাকীয়ে খাৰাংখাচ উত্তৰ দিবলৈ বাধ্য – ‘‘প্ৰশ্ন সুধি মোক আমনি কৰি নাথাকিবি।’’

 

দৃশ্যটো The Way Home নামৰ এখন কোৰিয়ান ছবিৰ। নায়ক হৈছে ছাংগ-ৱো নামৰ মহা খটাসুৰ এটা। খটাসুৰ বুলি নকৈও নোৱাৰি কাৰণ ছবিখনৰ পটভূমিটোৱেই এহাল এনায়েক-নাতিৰ (মাতৃৰ মাকক আহোমসকলে এনাই বুলে) মাজৰ সম্বন্ধৰ! য’ত নেকি মৰম-খং-অভিমান ইত্যাদিবোৰৰ সুন্দৰ সংমিশ্ৰণৰ বৰ ধুনীয়া প্ৰতিফলন ঘটিছে। কোৰিয়াৰ এখন ভিতৰুৱা গাঁৱৰ পটভূমিত গঢ় লৈ উঠা এটা শক্তিশালী কাহিনীৰ সৈতে সুন্দৰ দৃশ্য গ্ৰহণ, সাৱলীল অভিনয়, আৰু আৱহ সংগীতে সঁচায়ে ছবিখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছ। এইক্ষেত্ৰত পৰিচালক Lee Jeong-hyang (লী জং হিয়ং) শলাগৰ পাত্ৰ! হয়তো ককা-আইতা–নাতি-নাতিনীৰ এই পৱিত্ৰ সম্বন্ধৰ নিজা অভিজ্ঞতাখিনিকেই তেওঁ ছবিৰ মাধ্যমেৰে প্ৰতিফলিত কৰালে!

 

পুনৰ কাহিনীলৈ উভতি আহো!

 

ৰে’ল যাত্ৰাৰ অন্তত এখন গাঁৱলীয়া বাছত পুনৰ মাতৃ-পুত্ৰক দেখা গ’ল। খলা-বমা বাটেৰে চলি অহা বাছখনে দুয়োকে নিজ গন্তব্যস্থানত পদাৰ্পণ কৰালেহি। এতিয়াহে যেন ছাংগ-ৱোৰ সপ্ন ভগ্ন হোৱাৰ পাল। আচহুৱা ঘোকোট পৰিৱেশত অঁকৰা লাগি আৰু আগলৈ নোযোৱাৰ ঠেহ পাতিছে! মাতৃগৰাকীয়ে টানি-আঁজুৰি কোনোমতে টিলাটোত থকা সেই নিৰ্দিষ্ট পঁজাটো পোৱালেহি! ঘৰটোৰ চৌপাশটোলৈ ছাংগ-ৱোয়ে এফালৰপৰা লক্ষ্য কৰি গ’ল। আনফালে ছাংগ-ৱোৰ মাতৃয়ে গৃহস্থগৰাকীক সকলোখিনিৰ বৃত্তান্ত আগবঢ়োৱা শুনা গৈছে। সেইখিনিৰপৰা এয়া স্পষ্ট যে ছাংগ-ৱো প্ৰথমবাৰলৈ আশীৰ উৰ্ধৰ গৃহস্থগৰাকীৰ সৈতে মিলিত হৈছে। তাৰ মাতৃয়ে পৰিস্থতিত পৰিহে তাক মহিলাগৰাকীৰ সৈতে এৰি যাবলৈ আহিছে। আৰু এই পৰিস্থিতিৰ উন্নতি ঘটিলেই কেইমাহমানৰ ভিতৰতে তাক পুনৰ ওভতাই নিবহি। আশীৰ উৰ্ধৰ গৃহস্থগৰাকীৰ সোতোৰা পৰা মুখমণ্ডল ত ভাব-লেশহীন অভিব্যক্তি। আগন্তুকে এপদ-এপদকৈ সামৰি অনা বস্তুবোৰ আগবঢ়াই দি যাবলৈয়ে ওলালে। মাথোঁ যাবৰ পৰত ল’ৰাটোক ভালকৈ ৰাখিবলৈ কৈ খৰ-খেদাকৈ ওলাই আহিল। গৃহস্থগৰাকীয়ে জোৰ কৰি ৰাখিবলৈ বিচৰাৰ প্ৰয়াসত অসফল হ’ল। পিছে বাছ আস্থানলৈকে আলহীক আগবঢ়াই থৈ আহিল। এই গৃহস্থগৰাকীয়ে নায়কৰ এনায়েক! আৰু এই ছাংগ-ৱোকেই এনায়েকৰ সৈতে মাকে এৰি থৈ গ’লহি। পিছে গাঁৱলীয়া পৰিৱেশত এই অচিনাকি বৃদ্ধা মহিলাগৰাকীৰ সৈতে অসহজ অনুভৱ কৰি ছাংগ-ৱোয়ে চুচুক-চামাকৈ টিলাটোত থকা সেই পঁজাটোলৈ উলটি আহিল। ইমান পৰলৈকে ছাংগ-ৱোয়ে ঠিকেই বুজিছিল যে তাৰ এনায়েক গৰাকীয়ে কাণেৰে ঠিকেই শুনা পায় যদিও মুখেৰেহে মাত মাতিব নোৱাৰে। গতিকে হাতেৰে অংগী-ভংগী কৰি দুই-এষাৰ কয়।

 

এই ক্ষেত্ৰত ছাংগ-ৱোৰো বৰ অসুবিধা বুলিবলৈ হোৱা নাছিল। কাৰণ সি পাৰ্যমানে বুঢ়ীগৰাকীক অৱজ্ঞা কৰি চলিবলৈ চেষ্টা ধৰিল। মাকে তালৈ বুলি এৰি যোৱা খোৱা বস্তু, খেলনা সামগ্ৰী আদিৰ মাজতেই সি ব্যস্ত হৈ থাকিবলৈ ল’লে। এনায়েকগৰাকীয়ে কৰিব বিচৰা আদৰ-সাদৰ সকলোখিনি বিফল হ’ল। তেনেকৈয়ে দিন বাগৰিছে। ছাংগ-ৱোয়ে খেলিছে, খাইছে আৰু মজিয়াত পাৰি থোৱা ঢাৰিত পৰি খেলাবস্তুৰ মাজতে টোপনিও গৈছে। সম্পূৰ্ণ যেন নিঃসংগহে জীৱন! এনায়েকগৰাকীয়ে মাথোন চাব পাৰিছেহে। পিছে বিধিৰ বিপাক, অতসোপা উদৰ পূৰাই খোৱাৰ পাছত মাজ নিশা পেটৰ কামোৰণিত ছাংগ-ৱোৰ টোপনি ভাগিল। উপায়ান্তাৰ হৈ এনায়েকক টোপনিৰপৰা জগোৱাত, তেওঁ চৰিয়া এটা আগবঢ়াই দিয়ে। ছাংগ-ৱোয়ে এবাৰ যদি “কি চাই আছ” বুলি ভেকাহি মাৰি উঠে আকৌ আঁতৰি নাযাবলৈও কাকূতি কৰে! তেনেকৈয়ে বেচেৰাই কথমপি কামফেৰা তাতেই সমাপ্ত কৰে।

 

এইখিনিত মজাৰ কথাটো হ’ল এনে অভিজ্ঞতা এই অভাজনৰো বহুবাৰ হৈছে… পেটৰ কামোৰণিত তত্ নোপোৱা হৈ আইতাৰ সৈতে কেতিয়াবা নিশাও কলতল পাইছিলো গৈ! চাকিটো লৈ মহ-ডাঁহক খুৱাই আইতাই কেৱল সুধিছিল, “হৈছে নে, সোনকাল কৰ!” সেয়ে চাগে নিজকে ছবিখনৰ সৈতে সংপৃক্ত কৰিব পাৰিছিলো।

 

তেনেকৈয়ে দিন বাগৰে মাজে মাজে গাঁৱলীয়া সমাজৰ আচাৰ-আচৰণবোৰ বৰ সুন্দৰকৈ ছবিখনত পৰিস্ফুট হৈছে। এইবোৰৰ ভিতৰত গঞাৰ মাজত লাউ এচকল, কবি এটাৰ আদান-প্ৰদানবোৰ উল্লেখযোগ্য। এনায়েকেও নিত্য-নৈমিত্তিক কামবোৰ কৰি গৈছে। ছাংগ-ৱো পিছে নিজৰ মাজতেই ব্যস্ত হৈ দিন কটায়ছে। এবাৰ এটা সমনীয়াই আহি খেলিবলৈ লগ ধৰিও তাৰ সঁহাৰি নাপালে। পিছে বেটেৰীত চলা তাৰ আধুনিক খেলনাবোৰনো আৰু কিমান দিনলৈ চলে। অচল হৈ পৰাত, এতিয়াহে বেচেৰাৰ পয়মাল লাগিল, এনায়েকক বুজায়হে বুজায় বুঢ়ী এনায়েকে পিছে বুজে কেনেকৈ। নাই বহু চেষ্টা কৰিও ছাংগ-ৱো অসফল হৈ খঙৰ ভমকত এইবাৰ বুঢ়ী এনায়েকক লটি-ঘটি কৰাত লাগে। এবাৰ যদি পঁজাটোৰ গোটেই বেৰবোৰ চক-মাটিৰে অংকন কৰিবলৈ ধৰিলে। আনবাৰ চেণ্ডলযোৰা লুকুৱাই ৰাখিলে আৰু ইমানবোৰতো মন নভৰাত এনায়েকে খোপাত মৰা শলাডালকে চুৰ কৰি বেটেৰিৰ দোকান বিচাৰি গাঁওখন ঘূৰিবলৈ গ’ল। এনেতে বপুৰাক পৰুৱাই পালে। শেষত যেনিবা কান্দি থকা দেখা পাই এজন গঞাই আহি ঘৰত থৈ যায়হি। লাজে-কাজে বেচেৰাই ভাত-পানী সকলোখিনি বাদ দিয়ে।

 

অতবোৰ আলৈ-আথানিৰ পাছতো সাদৰী এনায়েকে ছাংগ-ৱোৰ মন ভাল লগাবলৈ বুলি সি কি খাব তাৰ বুজ লয়, ছাংগ-ৱোয়ে বহু চেষ্টাৰ বলত কোনোমতে এনায়েকক বুজাবলৈ সক্ষম হ’ল যে সি KFC খাব বিচাৰে। বুঢ়ীগৰাকীয়ে ঘৰতে থকা পাচলি অলপ কাপোৰৰে টোপোলা এটাত বান্ধি লৈ এইবাৰ কুকুৰা বিচাৰি ওলাল। ছাংগ-ৱোৰো মুখখন ফৰকাল যেন দেখা গ’ল। সোনকালে উলটি আহিবলৈ কৈ সি বাট চাবলৈ ধৰি মজিয়াতে টোপনি যায়। এনেতে অহা এজাক দোপাল-পিটায়ে বুঢ়ীগৰাকীক তিতাই পেলালে! তিতি-বুৰি ঘৰ ওলোৱা এনায়েকে নাতিয়েকৰ প্ৰতি থকা মৰম অনুযায়ী সেই দেহাৰেই কুকুৰা কাটি-বাছি ধুনীয়াকৈ ৰান্ধি-বাঢ়ি নাতিয়েকৰ সন্মুখলৈ আগবঢ়াই দিয়ে। পিছে KFC খাব বিচৰা নাতিয়েকে ৰন্ধন প্ৰকৰণ দেখিহে পেচপাতে, এনায়েকৰ অতখিনি কাকূতি-মিনতিও অথলে গ’ল। একোৱেই নাখায় ছাংগ-ৱো শুই থাকিল। বুঢ়ীগৰাকীৰো মুখখনৰ অভিব্যক্তি এই ক্ষণত ইমান সুন্দৰকৈ ফুটি উঠে যে সঁচায়ে মনটো সেমেকি উঠিছিল।

 

সৰুতে এনেদৰে ইটো নাখাওঁ সিটো নাখাওঁ বুলোতে কিমান যে মাৰ খাইছিলো। পিছে খটাসুৰ ছাংগ-ৱোক পিটে কোনে। অন্যহাতে বৰষুণত তিতা এনায়েকৰো গাটো ক্ৰমাৎ বেয়া হৈ অহাত তেৱোঁ কাষতে পাটী লয়। নিশা এপৰত পেটৰ কলমলনিত সাৰ পাই ছাংগ-ৱোয়ে লুকা-চুৰিকৈ একেখিনি মাংসকেই এইবাৰ টকালি পাৰি খায়। যেন বহুদিনৰ ভোকত আছিল।

 

পাছদিনা ধলফাট দিয়াত এপৰলৈ বুঢ়ীগৰাকীয়ে ঢাৰি-পাটী এৰি নহাত ছাংগ-ৱোয়ে ওচৰ-চাপি গৈ গম পায় এনায়েকৰ তীব্ৰ জ্বৰ। ইমানপৰে নাতিয়েকৰ মাজতো কিছু আন্তৰিকতা গঢ় লৈ উঠিছিল। এইবাৰ সি তেওঁৰ শুশ্ৰূষা কৰাত লাগে। আৰু বুঢ়ীগৰাকীও কম সময়ৰ ভিতৰতে ভাল হৈ উঠে। এনেদৰেই দুয়োৰে মাজত ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰে আন্তৰিকতা। তাৰ মাজে মাজে অন্য কিছু সৰু চৰিত্ৰই ছবিখনত ভূমুকি মাৰে। এইবোৰৰ বহুতো দৃশ্য-পটে দৰ্শকক হহুঁৱাব-কন্দুৱাবও। ককা-আইতাৰ সৈতে নাতি-নাতিনীৰ আন্তৰিকতাৰ আত্মিক সম্পৰ্কখিনিক ছবিখনে সঁচায়ে বৰ সাৱলীলভাৱেই তুলি ধৰিছে। ইমানলৈকে সকলোখিনি ভালেই চলি আছিল। কিন্তু অৱশ্যম্ভাৱীৰ দৰেই লাহে লাহে ছবিখনে নিজৰ অন্তিম ক্ষণত উপনীত হয়হি! ইফালে ছাংগ-ৱোৰ মাকে চিঠি পঠাইছিল! যে তাক নিবলৈ তেওঁ আহি আছে।

 

বেচেৰাৰ এইবাৰহে গা বাজে অত দিনে আমনি দিয়াৰ পাছত এতিয়া সি এনায়েকৰ সুবিধাৰ অৰ্থে যেন সকলোখিনিয়েই কৰি যাব। আৰু এই দৃশ্যখিনি চাবলৈ বিৰাট ভাল লগা হৈ পৰে। ছাংগ-ৱোৰ এনায়েকৰ প্ৰতি থকা মৰমবোৰ এইবাৰ আৰু লুকাই নাথাকে। আগতে আমনি পোৱা কামবোৰো সি এটা এটাকৈ যেন কৰি যাব! প্ৰথমেই কেইটামান বেজিৰ মূৰত সি সূতা ভৰাই দিয়ে এনায়েকৰ অসুবিধা নহ’বৰ কাৰণে। এইবাৰ কান্দি কান্দি এনায়েক গৰাকীক আখৰ লিখিবলৈ শিকোৱাত লাগে যাতে প্ৰয়োজনত তালৈ চিঠি পঠাব পাৰে! পিছে আপ্ৰাণ চেষ্টাৰ পিছতো এই চেষ্টা সফল নোহোৱাত খং কৰি সি সেইখিনি তাতেই বাদ দিয়ে।

 

ইফালে নিৰ্দিষ্টদিনাখন মাকো আহি পাইছিল! অনিচ্ছা সত্ত্বেও বেচেৰা উভতি যাবলৈ ওলাইছে… যোৱাৰ পৰত তাৰ সবাটোতকৈ মৰমৰ খেলনা কাৰ্ড কেইখন এনায়েকৰ হাতত তুলি দি সি বুজাইছে যে এইকেইখন তেওঁ বেমাৰত ভুগিলে তালৈ ডাকঘৰত দিব। লগতে আনকেইখন তালৈ তেওঁৰ বৰকৈ মনত পৰিলে!

 

কাৰ্ড কেইখনত অংকিত ছবিৰে বুজাব বিচৰাৰ সমান্তৰালকৈ বেচেৰাই ডাক ঠিকনাৰ সহিতে বিষয়-বস্তুও লিখি থৈ গৈছে। তেনেকৈয়ে ছবিখনৰো অন্ত পৰে। শেষত বুঢ়ীগৰাকীও থৰক-বৰক খোজেৰে নিঃসংগ পঁজাটোলৈ পুনৰ উলটে।

 

ছবিখনৰ বিষয়ে মোৰ ক’বলগীয়া বুলিলে থাকিব – “কেৱল অতীত সোঁৱৰণ”। ককা-আইতাৰ মৰমৰ মাজেৰে ডাঙৰ হ’লো বুলিয়েই নেকি মনটো অলপ সেমেকি উঠিছে।

 

এই ছবিখন YouTubeটো একে নামেৰে উপলব্ধ সময় উলিয়াব পাৰিলে এবাৰ চাব। হয়তো আপোনাকো কন্দুৱাই যাব পাৰে।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments