কাৰোৰে পৰা গালি নুশুনা ল’ৰাটো
লেখক- সুধা মূৰ্তি
মূলঃ The man who was not scolded by anyone
গল্পকাৰঃ সুধা মূৰ্তি
অনুবাদঃ বিদিশা দত্ত
শিৱপুৰ গাঁৱৰ মোহনে তেনেই কম বয়সতে মাক-দেউতাকক হেৰুৱাব লগাত পৰিছিল।
গাঁৱৰ মানুহখিনিয়ে, বিশেষকৈ মহিলাসকলে মোহনক বৰ মৰম কৰিছিল। তাৰ প্ৰতিসাজ আহাৰৰ দায়িত্ব গাঁৱৰ মানুহখিনিয়ে আনন্দমনে গ্ৰহণ কৰিছিল। সকলোৰে মনোভাৱ এনেধৰণৰ আছিল—এজন মানুহৰ কাৰণে এমুঠি চাউল বেছিকৈ ৰন্ধাতো কোনো ডাঙৰ কথা নহয়; তাতে মোহনৰ নিজৰ বুলিবলৈ কোনোৱেই নাই।
কোনো কথাতে মোহনৰ কোনো ধৰণৰ অসন্তোষ নাছিল আৰু তাক খুৱাবলৈ কাৰো অসুবিধা হোৱা নাছিল। ৰাতিপুৱা, দুপৰীয়া বা ৰাতিৰ আহাৰৰ সময়ত সি আকস্মিকভাৱে যিকোনো এঘৰত গৈ ওলাইছিল। সেইঘৰত যি পৰিবেশন কৰে, ঘৰৰ সদস্যসকলৰ লগতে বহি সি কোনো আপত্তি নকৰাকৈ সেয়া খাইছিল। সি বৰ আনন্দমনে কাঁহীখনত দিয়া আহাৰৰ প্ৰতিটো টুকুৰা খাইছিল আৰু সামান্য খাদ্যও নষ্ট কৰা নাছিল। তাৰ এই স্বভাৱটো সকলোৱে বৰ ভাল পাইছিল, গতিকে সকলোৱে তাক উদাৰমনে খুৱাইছিল। মানুহখিনিৰ ধাৰণা আছিল যে ধন-সম্পত্তিৰ প্ৰতি থকা মোহতকৈ খাদ্যৰ প্ৰতি থকা মোহটো বহুত বেলেগ; আৰু এই মোহ পূৰণ কৰিব পৰাটো একো বেয়া কথা নহয়।
তাহানিৰ কণমানি মোহন এতিয়া ডাঙৰ হৈ ওখ-পাখ, পাহুৱাল ডেকা এটা হ’লহি। কিন্তু সেই অলস, আৰামৰ দিনপঞ্জীত সি ইমানেই অভ্যস্ত হৈ পৰিল যে নিজাববীয়াকৈ জীৱিকা অৰ্জনৰ চিন্তা তাৰ মনলৈ কোনোদিনে নাহিল। তাৰ নিজৰ বুলিবলৈ আছিল মাক-দেউতাকে তাহানিতে থৈ যোৱা সৰু পুৰণি ঘৰ এটা, সেইটোও এতিয়ালৈ প্ৰায় জৰাজীৰ্ণ হৈ পৰিছিল। সি কাৰোৰে লগত বিশেষ কথা নাপাতিছিল আৰু প্ৰায়ে অকলশৰে থাকিছিল। দিনটোৰ বেছিভাগ সময় সি গাঁৱৰ পুখুৰীটোৰ পাৰতে বহি হয় আকাশলৈ চাই থাকিছিল, অথবা পোক-পৰুৱা বা মাছে পুখুৰীৰ পানীত নাচি থকা দৃশ্যবোৰ চাইছিল, অথবা পাৰৰ গছবোৰত লাগি থকা আমবোৰ গণিছিল। গাঁৱৰ কোনো মানুহে তাক আমনি কৰা নাছিল, বা কোনো কাম কৰিবলৈ পৰামৰ্শও দিয়া নাছিল। মানুহখিনিয়ে ভাবিছিল—তাক কাম-বন কৰাৰ কথা কোৱাটো এক প্ৰকাৰ অমানৱীয় হ’ব।
এদিন স্বৰ্গত দয়াৰ দেৱী আৰু জ্ঞানৰ দেৱীয়ে কথা পাতি আছিল। দয়াৰ দেৱীয়ে ক’লে—সকলো মানুহৰ বাবে দয়া এক অপৰিহাৰ্য গুণ। দুৰ্ভাগ্যবশতঃ বহু মানুহে সেই গুণ অৰ্জন নকৰে আৰু সেয়েহে দুখীয়া মানুহে বৰ কষ্ট পায়।
জ্ঞানৰ দেৱীয়ে ক’লে—মই তোমাৰ কথাত একমত। কিন্তু এই কথা পাহৰি নাযাবা, যে দয়া-মমতাৰ লগতে বিচাৰ-বিবেচনাৰ ক্ষমতাও থাকিব লাগিব। দয়াৰ দেৱীয়ে এই কথা গ্ৰহণ কৰিব নোৱাৰিলে। তেওঁ ক’লে—মোক উদাহৰণ এটা দিয়াচোন।
জ্ঞানৰ দেৱীয়ে হাঁহি এটা মাৰি ক’লে—সৌ মোহনকে চোৱাচোন! ৰাতিৰ আকাশলৈ চাই চাই তৰা গণি শেষ কৰিব নোৱাৰি বহি আছে। চোৱাচোন বাৰু, গাঁৱৰ মানুহখিনিৰ দয়াতে সি ডাঙৰ-দীঘল হৈ আজি ইমানটো হৈ পৰিছে। সি জীৱিকা অৰ্জনৰ কাৰণে কোনো পৰিশ্ৰম নকৰে; আৰু মানুহখিনিয়েও নাজানে, কেতিয়ালৈকে তেওঁলোকে তাৰ প্ৰতি দয়া দেখুৱাই থাকিব। এইটো এটা নিয়মৰ দৰেই হৈ পৰিছে। সৰু থাকোঁতে মোহনক নিশ্চিতভাৱে দয়া-মমতাৰ প্ৰয়োজন আছিল, কিন্তু এতিয়া ডাঙৰ হ’লত সি জীৱিকা উপাৰ্জনৰ চিন্তা কৰা উচিত। গতিকে অত্যধিক দয়া-মমতাই তাক কোনো উপকাৰ কৰা নাই।
জ্ঞানৰ দেৱীয়ে কি বুজাব খুজিছে, দয়াৰ দেৱীয়ে ভালকৈ বুজি পালে। তেওঁ এই ভাবি চিন্তিত হৈ পৰিল যে ইয়াৰ পিছত কি কৰা উচিত হ’ব।
: চিন্তা নকৰিবা, মই মোহনক শিক্ষা এটা দিম— জ্ঞানৰ দেৱীয়ে আশ্বাস দিলে।
পিছদিনা দেৱীয়ে নিজৰ যাদুদণ্ডডালৰ সহায়ত এক যাদুৰ সৃষ্টি কৰিলে।
ফলত মোহনে পুৱাৰ আহাৰৰ কাৰণে যিখন ঘৰলৈ গ’ল, তাত আহাৰ শেষ হ’ল।
তেওঁলোকে ক’লে—বেয়া নাপাবা মোহন, আজি প্ৰথমবাৰৰ কাৰণে অকণো আহাৰ নাবাচিল। আজি চাগে ভুলতে কম পৰিমাণে ৰান্ধিলোঁ। চুবুৰীয়া কাৰোবাৰ ঘৰত তুমি নিশ্চয় খাবলৈ পাবা।
মোহনে তেওঁলোকক ধন্যবাদ জনাই গুচি গ’ল। কিন্তু প্ৰত্যেক ঘৰতে এই কথাৰ পুনৰাবৃত্তি হ’ল। এই প্ৰথমবাৰৰ বাবে, দিনটোৰ শেষলৈকে মোহনৰ পেটত খুদকণ এটাও নপৰিল। সি নিশ্চয় আন কোনোবা এঘৰত খাইছে বুলি ভাবি কোনেও কথাটোত গুৰুত্ব নিদিলে।
সন্ধিয়ালৈ মোহনৰ ভোক বাঢ়ি গ’ল। যিহেতু সি লঘোণে থকাত অভ্যস্ত নাছিল, সেয়েহে ভোকৰ সেই জ্বালা সি সহ্য কৰিব নোৱাৰিলে। সেই পুখুৰীৰ পাৰত থকা নিম এজোপাৰ তলতে সি বহিলগৈ। বহি বহি সি লাড়ু, বৰফি, ৰুটি, ভাত-আঞ্জা, ফলমূল আদি না না তৰহৰ খাদ্যৰ সপোন দেখিবলৈ ধৰিলে। তাৰ চকুৰ আগত খোৱা বস্তুবোৰে যেন নাচিবলৈ ধৰিলে। সেইটোৱে তাৰ ভোক আৰু তীব্ৰ কৰি তুলিলে।
তেনেতে পুখুৰীৰ সিটো পাৰে থকা বাৰীখনলৈ মোহনৰ চকু গ’ল। সেই বাৰীখন চুবুৰীৰে কৃষ্ণ নামৰ খেতিয়ক এজনৰ আছিল।
মোহনে দেখিলে—ডুবিবলৈ ধৰা বেলিৰ পাতল পোহৰত আমৰ মল, কেঁচা কল আৰু চিকুফলৰ কলিবোৰ জিলিকি আছে। কিন্তু সেইবোৰ খাব পৰা হোৱাই নাছিল। এইবাৰ পুখুৰীৰ ওচৰৰ অন্য ঠাই এডোখৰত মোহনৰ চকু পৰিল। তাত এদ’ম অমিতা থৈ দিয়া আছিল। মোহনে ইফালে সিফালে চালে যদিও কৃষ্ণক দেখা নাপালে। সি অমিতাবোৰ গণিবলৈ লাগিল। অমিতা আছিল মুঠতে বিশটা। মোহনৰ মনত এটা বুদ্ধি খেলাল!
“মই ইয়াৰ পৰা অমিতা এটা খালে কৃষ্ণই গমেই নাপাব, কাৰণ অমিতাবোৰ পুখুৰীৰ পাৰতে আছে। অমিতা গণি চালেও তেওঁ হয়তো ভাবিব যে এটা নিশ্চয় পুখুৰীত পৰি গ’ল।” —সি ভাবিলে।
মোহন বহাৰ পৰা ফটকৈ উঠিল আৰু অমিতা এটা লৈ আঁতৰি গ’ল। জীৱনত প্ৰথমবাৰৰ বাবে সি চুৰ কৰিছিল। তাৰ মনটো বেয়া লাগিছিল। ঘৰলৈ আহি সি অমিতাটো কাটি খালে। অমিতাটো বৰ মিঠা আছিল, আৰু সেয়া খাই তাৰ ভোক গুচিল। সি ভাবিলে—এইটো দেখোন ভাল উপায়! প্ৰতিখন বাৰীৰপৰা সদায় কিবা নহয় কিবা এটা লৈ খাব পাৰিলে মানুহৰ ঘৰলৈ যাবনো লাগে কিয়?
এই কথাটোৱে তাক বৰ সুখী কৰিলে আৰু সি শান্তিৰে টোপনি গ’ল।
ইফালে স্বৰ্গত, জ্ঞানৰ দেৱীৰ কৰ্মই দয়াৰ দেৱীক বৰ অশান্তি দিলে।
: চোৱাচোন, তোমাৰ কাৰণেই ল’ৰাটোৱে চুৰ কৰিবলৈ শিকিলে। ইমান দিনে সি এটা ভাল ল’ৰা হৈ আছিল—দেৱীয়ে দুখেৰে ক’লে।
জ্ঞানৰ দেৱীয়ে হাঁহি হাঁহি উত্তৰ দিলে—অকণমান ধৈৰ্য ধৰা, কি হয় চাই থাকা।
মাজনিশা সাৰ পাই মোহনে পেটত এটা অদ্ভুত অশান্তি অনুভৱ কৰিলে। সি উঠি বহিল। তাৰ পেটত ৰঙা দাগ কিছুমান পৰিছিল আৰু খজুৱাবলৈ ধৰিছিল। মোহনে পেটত তেল অলপ সানি ভাবিলে যে এতিয়া খজুৱতি নোহোৱা হ’ব। কিন্তু খজুৱতি দূৰ হোৱাটো পিছৰ কথা, বেছিহে হৈ পৰিল। সি ভাবিলে যে গা ধুলে কিজানি এই খজুৱতিটো নোহোৱা হ’ব। সি ঠাণ্ডা পানীৰে গা ধুলে। পিছে সেইটোৱে একো সহায় নকৰিলে, বৰং খজুৱতি বাঢ়ি গৈ থাকিল। এইবাৰ সি গৰম পানীৰে গা ধুলে, কিন্তু ফলাফল একেই হ’ল। সি ভাবিলে— সি খোৱা অমিতাটোৱেই কেনেবাকৈ এই খজুৱতিৰ কাৰণ নেকি? সেয়া পৰীক্ষা কৰি চাবলৈ তাৰ মন গ’ল যদিও প্ৰথমে সি গাঁৱৰ চিকিৎসকজনৰ ওচৰলৈ যোৱাৰ কথা ভাবিলে।
ডাঃ বামন আছিল সেই অঞ্চলটোৰ এজন জনাশুনা চিকিৎসক। ওচৰ পাজৰৰ বিভিন্ন গাঁৱৰ মানুহ তেওঁৰ ওচৰত চিকিৎসা কৰাবলৈ আহিছিল।
ৰাতিপুৱা মোহন চিকিৎসকৰ ওচৰলৈ গ’ল। বিভিন্ন বেমাৰত ভুগি থকা কেইবাজনো মানুহ তাত বহি আছিল। মোহনে নিজৰ পাল পৰালৈ অপেক্ষা কৰিলে, কিন্তু খজুৱতিটো ক্ৰমে অসহ্যকৰ হৈ পৰিল। সি ডাক্তৰৰ ওচৰলৈ গৈ ক’লে—মহাশয়, আপুনি যিমান পাৰে সোনকালে মোক চাব পাৰিবনে? মই এই খজুৱতিটো সহ্য কৰিব নোৱাৰা হৈছোঁ!
ডাঃ বামনে মোহনক চালে আৰু মলম এটা দি ক’লে—এঘণ্টাৰ মূৰে মূৰে এইটো সানি থাকিবা। সন্ধিয়ালৈ ভাল হৈ যাব।
সেয়া শুনি মোহনে সকাহ পালে। কিন্তু, তাৰ খজুৱতি ক্ৰমান্বয়ে বাঢ়ি যাবলৈহে ধৰিলে। সি পুনৰ চিকিৎসকজনৰ ওচৰলৈ দৌৰি গ’ল।
: মহাশয়, মোক সহায় কৰক। মই সন্ধিয়ালৈ ৰৈ থাকিব নোৱাৰো। খজুৱতি দেখোন বাঢ়ি গৈছে।
চিকিৎসকে ক’লে যে এই ধৰণৰ খজুৱতিৰ বাবে তেওঁ দিব পৰা ঔষধ বুলিবলৈ এই মলমটোৱেই আছে। তেওঁ মোহনক অলপ সহ্য কৰিবলৈ আৰু ধৈৰ্য্য ধৰিবলৈ ক’লে। সেই নিশা মোহন নিম গছৰ তলত বহি থকা অৱস্থাত কেইটামান মুহূৰ্তৰ কাৰণে টোপনি গ’ল।
সপোনত সি জ্ঞানৰ দেৱীক দেখা পালে। দেৱীক সপোনতে সি কাওবাও কৰি ক’লে—হে’ দেৱী, মই এই খজুৱতিত বৰ কষ্ট পাইছোঁ। মোক সহায় কৰাচোন।
দেৱীয়ে ক’লে—বাছা, কোনো ঔষধে তোমাক এই ক্ষেত্ৰত সহায় কৰিব নোৱাৰে। এই খজুৱতি শেষ কৰাৰ উপায় এটাই আছে, কোনোবাই তোমাক উচিত সময়ত খং কৰি সঠিক পথ দেখুৱাব পাৰিব লাগিব।
সপোনটো শেষ হ’ল আৰু মোহন খকমককৈ সাৰ পাই উঠিল। সি বুজি পালে যে তাৰ এই খজুৱতিৰ লগত অমিতা বা ঔষধৰ কোনো সম্পৰ্ক নাই। এয়া কিজানি দেৱীয়ে তাক দিয়া শাস্তি আছিল। দেৱীয়ে কোৱা প্ৰতিকাৰটোৱেও তাক সকাহ দিলে— কোনোবাই তাক গালি দিব লাগিব।
“এইটো কোনো টান কাম নহয়, বেয়া আচৰণ কৰিলে যিকোনো মানুহেই খং কৰিব”—সি ভাবিলে।
লগে লগে সি মুনিৰ চাহাবৰ ঘৰলৈ বুলি দৌৰ মাৰিলে। মুনিৰ চাহাব আছিল এজন কঠোৰ স্বভাৱৰ ধনী খেতিয়ক। কোনোবাই ভুল কৰা দেখিলে তেওঁ খুব গালি গালাজ পাৰিছিল। গতিকে তেওঁ অগ্নিপিণ্ড মুনিৰ চাহাব বুলিহে জনাজাত আছিল। তেওঁৰ খং তোলাটো বৰ টান কাম নাছিল।
সেইদিনা মুনিৰ চাহাবৰ ঘৰত গাঁৱৰ মানুহখিনিয়ে ভোজ ভাত খাইছিল। বহু বছৰৰ অপেক্ষাৰ অন্তত মুনিৰ চাহাবে নাতি এটিৰ মুখ দেখিছিল। তেওঁ আনন্দত অধীৰ হৈ পৰিছিল। গোটেই গাঁওখনকে মাতি তেওঁ ভোজ খুৱাইছিল। সকলোৱে হাঁহিমুখে তেওঁৰ ঘৰৰ পৰা উভতিছিল। মুনিৰ চাহাবে সকলোকে আদৰ সাদৰ কৰি খুৱালে আৰু অৱশেষত, শেষৰ অতিথিসকলৰ সৈতে তেওঁ আহাৰ খাবলৈ বহিল। প্ৰথম লানি চকীৰ প্ৰথমখনেই আছিল মুনিৰ চাহাবৰ। কিন্তু মোহনে তৎক্ষণাৎ সেই চকীখনত বহি খোৱা আৰম্ভ ধৰিলে। বাকী মানুহখিনিয়ে খোৱা আৰম্ভ কৰালৈ সি অপেক্ষাই নকৰিলে। সি নিশ্চিতভাৱে জানিছিল যে অনুশাসন মানি চলা মুনিৰ চাহাবে সেই দৃশ্য দেখি তাক খুব খং কৰিব। গতিকে সি আনন্দমনে গোগ্ৰাসে খাবলৈ ধৰিলে। মোহনৰ সেই অস্বাভাৱিক আচৰণ দেখি সকলো আচৰিত হ’ল।
মুনিৰ চাহাবে দূৰৰ পৰা মোহনৰ সেই আচৰণ দেখি খঙত অগ্নিশৰ্মা হৈ গালি পাৰিবলৈ আহিছিল। কিন্তু তেওঁৰ পত্নীয়ে তেওঁৰ হাতত ধৰি ক’লে—আজি কাকো গালি গালাজ নাপাৰিব; বহু বছৰৰ পাছত আমাৰ ঘৰলৈ কেঁচুৱা এটা আহিছে। এয়া ভগৱানে আমাক দিয়া উপহাৰ, আৰু সেয়ে আমি আজি মানুহখিনিক নিমন্ত্ৰণ কৰিছোঁ। আজি আমি যদি কাৰোবাক বেয়া ব্যৱহাৰ কৰোঁ, তেন্তে কেঁচুৱাকণৰ কাৰণে অমংগল মাতি অনা হ’ব।
মুনিৰ চাহাবৰ বৰ খং উঠিছিল যদিও পত্নীৰ কথা শুনি তেওঁ শান্ত হৈ আহিল। পত্নীৰ ফালে খন্তেক চাই তেওঁ আঁতৰি গ’ল। মুনিৰ চাহাব তেনেকৈ শান্ত হৈ পৰা কথাটো অতিথিসকলৰ কাৰণে বৰ আচৰিত কথা আছিল। তেওঁলোকে নিৰৱে খাবলৈ ধৰিলে।
মোহন এইবাৰ ভীষণভাৱে হতাশ হৈ পৰিল। তাৰ জিভাই খাদ্যৰ সোৱাদ ভালকৈ ল’ব নোৱাৰিলে যদিও সি শেষ কৰি খালে। হঠাৎ তাৰ মনত এটা বঢ়িয়া বুদ্ধি খেলালে। সেই দুপৰৰ সময়তে সাধাৰণতে বালা কৃষ্ণ মন্দিৰত ঈশ্বৰলৈ ভোগ আগবঢ়োৱা হয়। সি ভাবিলে—গালি শুনিবৰ কাৰণে তাতকৈ আৰু উপযুক্ত ঠাই কি হ’ব পাৰে! সি কোবাকুবিকৈ মন্দিৰৰ ফালে আগবাঢ়িল। মন্দিৰৰ ভিতৰত পূজাৰীয়ে প্ৰভু ঈশ্বৰক অৰ্পণ কৰিবলৈ থাল এখনত নানান খাদ্য আৰু ফল-মূল সাজু কৰিছিল। সচৰাচৰ তাৰে কিছু অংশ তেওঁ প্ৰসাদ হিচাপে ভক্তসকলৰ মাজত বিতৰণ কৰে। থালখন মন্দিৰৰ মেজত থোৱাৰ পিছতে কোনোবাই হঠাতে থালখন টানি নি খাদ্যখিনি খাবলৈ ধৰিলে।
: মন্দিৰত এনে দুষ্কাৰ্য কৰিবলৈ কোনে সাহস কৰিলে? —এই ভাবি পূজাৰীয়ে ঘূৰি চালে। তেওঁ আচৰিত হ’ল, কাৰণ সেয়া মোহনৰ বাদে আন কোনো নাছিল।
মোহনক তেনেকৈ খাই থকা দেখি পূজাৰীৰ পত্নীয়ে চিৎকাৰ কৰি উঠিল—এয়া কেনে অঘটন ঘটিল? আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন, আজি এই প্ৰসাদৰ ভাগ আমি সকলোকে দিব লাগিব।
তেওঁ মোহনক গালি দিবলৈ লওঁতে পূজাৰীয়ে বাধা দি ক’লে—ৰ’বাচোন, খং নকৰিবা। ভগৱান শ্ৰীকৃষ্ণ কিজানি আজি মোহনৰ ৰূপতে আহিছে। কৃষ্ণও জানো মোহনৰ দৰেই অনাথ নাছিল! এজন অনাথ শিশুৱে আন এজন অনাথ শিশুৰ মনৰ কথা বুজিব পাৰে। এয়া ভগৱানৰে ইচ্ছা, গতিকে তাক শান্তিৰে খাবলৈ দিয়া।
পূজাৰীৰ কথা শুনি ইফালে মোহনৰ আশাত চেঁচা পানী পৰিল। লগে লগে সি মন্দিৰৰ পৰা ওলাই গ’ল।
পুখুৰীৰ পাৰলৈ যোৱাৰ পথত সি দেখিলে— বিদ্যালয়ৰ এখনৰ ল’ৰা-ছোৱালী কিছুমানে বাগিচাত খেলি আছে। সিহঁতৰ খাদ্যবস্তুৰ পাত্ৰবোৰ এঠাইত থোৱা আছিল আৰু শিক্ষকজন সেইখিনিতে বহি আছিল।
: আস! এয়া গালি শুনাৰ সুৱৰ্ণ সুযোগ! —মোহনে ভাবিলে। শিক্ষকসকলে কঠোৰ অনুশাসন মানি চলাত গুৰুত্ব দিয়ে বুলিয়েই তাৰ ধাৰণা আছিল।
মোহনে পলম নকৰি এটা পাত্ৰ থাপ মাৰি আনি ঢাকোন খুলি খাবলৈ ধৰিলে। তাৰ এই কাৰ্যত শিক্ষকজন আচৰিত হৈ পৰিল। তেওঁ খঙতে তাক কিবা এষাৰ ক’বলৈ সাজু হ’ল।
ল’ৰা-ছোৱালীবোৰেও দৃশ্যটো দেখিছিল। সিহঁতৰ বেছিভাগেই নিশ্চয় নিজৰ ঘৰত মোহনক আগতে দেখিছে। সিহঁতে দৌৰি শিক্ষকৰ ওচৰলৈ আহি ক’লে—মহাশয়, আপুনি দেখোন আমাক শিকাইছিল যে ভগাই খালে আঁটি যায়। গতিকে, আমাৰ অলপ খোৱাবস্তু মোহন খুড়াক দিবলৈ পালে আমি ভাল পাম।
শিক্ষকজনেনো আৰু কি ক’ব!
মোহনৰ সোনকালেই খোৱা শেষ হ’ল। সি এইবাৰো হতাশ হ’ল আৰু সেইখিনিৰ পৰা আঁতৰি গ’ল। মোহন ভাগৰুৱা হৈ পৰিছিল আৰু তাৰ গাৰ খজুৱতিও বাঢ়ি আহিছিল।
এইবাৰ সি ভাবিলে, কৃষ্ণক বাৰীৰ অমিতা চুৰ কৰাৰ কথা যদি কোৱা যায়, তেতিয়া হয়তো কৃষ্ণই তাক খং কৰিব।
সি কৃষ্ণৰ ঘৰলৈ গৈ দুৱাৰত টোকৰ মাৰিলে। কৃষ্ণৰ ঘৰৰ সকলোৱে আনন্দমনে পকা অমিতা খাই আছিল। কৃষ্ণই মোহনক দেখি ক’লে—আহ মোহন, আমি পকা অমিতা খাই আছোঁ। তয়ো খাবি আহ।
: নহয় কৃষ্ণ, তোমাৰ লগত মোৰ কথা আছে। — মোহনে ক’লে।
কৃষ্ণ বাহিৰলৈ আহিল আৰু দুয়ো বাৰাণ্ডাতে বহিল। মোহনে পুখুৰীৰ পাৰৰ অমিতা এটা চুৰ কৰাৰ কথা কৃষ্ণক ক’লে।
কৃষ্ণই তাৰ কথা শুনি ক’লে—একো নহয় মোহন, তোৰ চাগে বৰ ভোক লাগি আছিল। কাৰণ আজিলৈকে তই কেতিয়াও চুৰ কৰা নাই। মোক খোজা হ’লে মই তোক দুটা অমিতা দি দিলোহেঁতেন। এনেকৈ নিজৰ ভুল স্বীকাৰ কৰাৰ সাহস থকা মানুহক মই সঁচাকৈয়ে সন্মান কৰোঁ। কৃষ্ণই হাঁহি মাৰি পুনৰ ভিতৰলৈ সোমাই গ’ল।
মোহন বাৰুকৈয়ে হতাশ হৈ পৰিল। সি উভতি গৈ নিমজোপাৰ তলতে বহিল।
এগৰাকী বৃদ্ধাও সেই ঠাইলৈকে আহি আছিল। বৃদ্ধাৰ চুলিবোৰ আছিল পকা। কুঁজা হৈ পৰা সেই বৃদ্ধাই হাতত লাঠি এডাল লৈ লাহে লাহে গছজোপাৰ তললৈ আহি আছিল। সন্ধিয়া লাগিবৰ হৈছিল। তেওঁ কঠ এখন পাৰি নিমৰ তলতে বহিল। তেওঁ আহাৰৰ পাত্ৰ এটাৰ ঢাকোন খুলিলে।
বৃদ্ধাই হাত-মুখ ধুই খাবলৈ বহি দেখিলে, মোহনে তেওঁৰ পাত্ৰটোলৈ একেথৰে চাই আছে। তেওঁ কঠোৰভাৱে ক’লে—মোহন, মই তোক খাবলৈ একো নিদিওঁ। তই হৈছ গাত বল থকা ডেকা মানুহ। মই এজনী বুঢ়ী। এই ভাতকেইটা যোগাৰ কৰিবলৈ মই বহুত কষ্ট কৰিছোঁ। গোটেই গাঁওখনে তোক খুৱায় আৰু তই কোনো কষ্ট নকৰাকৈয়ে খাবলৈ পাইছ। কেতিয়াবা কাৰোবাক সহায় কৰি পাইছনে? তই পৰিশ্ৰম কৰি খাব পৰা মানুহ। মানুহে তোক এতিয়াও কিয় খুৱাই থাকিব লাগে? কেতিয়াবা তই কাৰোবাৰ গৰু-গাইবোৰকে চোৱা-চিতা কৰিছ নে? কেতিয়াবা কাৰোবাক কুঁৱাৰ পৰা পানী তোলাত সহায় কৰিছ নে? কাৰোবাৰ খেতি-খোলাত সহায়ৰ হাত আগবঢ়াই পাইছ নে? যিয়ে তোক ইমান দিনে ৰান্ধি বাঢ়ি খুৱাই আছে, সিহঁতৰে ঘৰুৱা কামত কিবা সহায় কৰি পাইছ নে? সকলোৰে দয়া-মমতাই তোক বৰ এলেহুৱা কৰি তুলিলে।
কি আচৰিত! সেই মুহূৰ্ততে মোহনৰ খজুৱতি নাইকিয়া হৈ পৰিল। অৱশেষত মোহনে শান্তিৰে উশাহ ল’লে। সি বৃদ্ধাৰ ভৰি চুই সেৱা কৰিলে, কাৰণ সেই খজুৱতিৰ পৰা সি মুক্তি পালে আৰু কোনোবাই তাক সঠিক বাট দেখুৱালে। সেইদিনালৈকে মোহন আছিল সেই ল’ৰাটো, যি কাৰোৰে পৰা গালি শুনা নাছিল। ইফালে স্বৰ্গত, দয়াৰ দেৱীয়ে শেষত জ্ঞানৰ দেৱীৰ কথাত একমত হ’ল। তেওঁ ক’লে—সঁচাকৈয়ে, গৰমৰ দিনত বৰষুণৰ যিদৰে প্ৰয়োজন হয়, সেইদৰে জীৱনত কেতিয়াবা কাৰোবাৰ পৰা গালি-গালাজ শুনাৰো প্ৰয়োজন হয়।
আচলতে সঠিক সময়ত যথাযোগ্য মানুহে গালি দিয়াটো কেতিয়াবা পথ প্ৰদৰ্শন আৰু আশীৰ্বাদৰ দৰেই হয়।
