গভৰ্নৰ

লেখক- লক্ষ্যজ্যোতি নাথ

 মনোজ বাজপায়ী মুখ্য চৰিত্ৰত অভিনীত ‘গভৰ্নৰ’ চিনেমাখন চালে ভাৰতৰ দৰে এখন বিশাল দেশ যি এটা সময়ত মোগলে শাসন কৰি লুণ্ঠন কৰি এৰি যোৱাৰ পাছত আকৌ ইংৰাজ আহি শাসনৰ নামত লুণ্ঠন কৰি কঙ্গাল ৰূপত এৰি গৈছিল আৰু তেনে এখন বিশাল দেশ কিমান বিপৰ্যয়, কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আজি এই পৰ্যায় পাইছে বুজি পাব অলপ। অসমৰ ক্ষেত্ৰতেই যদি আমি চাওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত অসমীয়া শিপিনিয়ে বৈ উলিওৱা বৃন্দাৱনী বস্ত্ৰ আজি ব্ৰিটিছ মিউজিয়ামত বন্দী হৈ আছে। তদুপৰি ভাৰতৰ কহিনুৰ মুকুট, অমৰাৱতী মাৰ্বল, হাজাৰ হাজাৰ সংস্কৃত, পাৰ্চী, আৰবী, আৰু আঞ্চলিক ভাষাৰ পাণ্ডুলিপি, প্ৰাচীন বৌদ্ধ আৰু হিন্দু গ্ৰন্থ, হিন্দু মন্দিৰৰ ভাস্কৰ্য্য, ভাৰতৰ মন্দিৰবোৰৰ সোণ, ব্ৰঞ্জৰ মূৰ্তি, এটা সময়ত ভাৰতৰ ৰজা সকলৰ তৰোৱাল, ঢাল, ডেগাৰ, কৱচ সকলো হয় মোগল নহয় ইংৰাজে লুণ্ঠন কৰি লৈ গৈছিল। তাৰ পাছত ১৯৪৭ চনত একেবাৰে ভাঙি পৰা অৰ্থ ব্যৱস্থাৰ এখন দেশ, দেশৰ ৰাজ ভঁৰালত ধন নথকা, দৰিদ্ৰতাৰে ভৰা এখন দেশ এৰি থৈ গৈছিল। মানে দেউতাক, আজোককাকৰ শূন্য ভঁৰালত জন্ম গ্ৰহণ কৰা এজন সন্তান আৰু ভাৰতৰ অৱস্থা স্বাধীনতাৰ সময়ত একেই আছিল। তাৰ পৰা ভাৰতে সংগ্ৰাম কৰি আজি এই দিন পাইছেহি। 

  চিনেমা খনৰ পটভূমি হৈছে ১৯৯১ চনত ভাৰতত হোৱা বৃহৎ অৰ্থনৈতিক সংকট আৰু সেই অৰ্থনৈতিক সংকটৰ সময়ত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গৱৰ্ণৰ হিচাপে দায়িত্ব দিয়া হৈছিল শ্ৰী ভেংকটাৰমণক। ১৯৯০ চনৰ নৱেম্বৰ মাহ, সমাজবাদী জনতা পাৰ্টি দলৰ চন্দ্ৰ শেখৰক ভাৰতৰ অষ্টম প্ৰধানমন্ত্ৰী হিচাপে নিয়োগ কৰা হৈছে। ১৯৮৫ চনৰ পৰা ভাৰতৰ লাহে লাহে বিদেশৰ পৰা আমদানি বৃদ্ধি হৈ আহিছে আৰু ৰপ্তানি সেই তুলনাত একেবাৰে কমি আহিছিল। অৰ্থাৎ বিদেশৰ পৰা কিনা বেছি হৈছে কিন্তু বিক্ৰী কৰা কমি আহিছে। যাৰ ফলত ভাৰতৰ ৰাজ ভঁৰাল খালি হৈ আহিছিল। তেতিয়াও ভাৰতে খাৰুৱা তেলৰ বাবে এতিয়াৰ দৰে মধ্যপ্ৰাচ্য দেশৰ ওপৰত বহুতেই নিৰ্ভৰশীল আছিল। এতিয়া ইৰাণ-আমেৰিকা/ইজৰাইল যুদ্ধ হোৱাৰ দৰে ১৯৯০-৯১ চনত আমেৰিকাৰ নেতৃত্বত ইংলেণ্ডৰ সহায় লৈ কুৱেইট আৰু ইৰাকৰ মাজত যুদ্ধ হৈছিল। এতিয়াৰ দৰে ১৯৯০-৯১ চনত মধ্যপ্ৰাচ্য দেশত হোৱা যুদ্ধৰ বাবে ভাৰতৰ খাৰুৱা তেল আমদানিত ব্যাঘাত জন্মিছিল। আৰু লগে লগে এতিয়াৰ দৰে ভাৰতত খাৰুৱা তেলৰ দাম বৃদ্ধি হৈছিল আৰু তাৰ ফলস্বৰূপে দেশত মূল্যবৃদ্ধিয়ে দেখা দিছিল। এফালে দেশৰ ৰাজ ভঁৰাল খালি হৈ আহিছে আৰু দ্বিতীয়তে বেলেগ দেশৰ পৰা বেছি দামত আমদানি কৰিব লগা হোৱাত ভাৰতৰ অৰ্থনৈতিক অৱস্থা একেবাৰে বেয়ালৈ গতি কৰিছিল। 

 পৰিস্থিতি এনে ৰূপ ললেগৈ যে ১৯৯১ চনৰ জানুৱাৰী মাহত ভাৰতৰ হাতত মাত্ৰ ১.২ বিলিয়ন ডলাৰ বৈদেশিক ধন আছিলগৈ। এই ধন জুন মাহলৈকে আধালৈ হ্ৰাস পাইছিল। ভাৰতৰ হাতত মাত্ৰ ৩ সপ্তাহৰ বাবেহে অত্যাৱশ্যকীয় আমদানি কৰিবলৈ ধন মজুত আছিল। তদুপৰি আগতে লোৱা ঋণৰ পৰিশোধো বাকী আছিল। এনে অৰ্থনৈতিক সংকটত ভাৰতক সাধাৰণতে ৰাছিয়ায়ে সহায় কৰি আহিছিল। কিন্তু সেই সময়ত ৰাছিয়াৰো কিছু সমস্যা চলি থকাত ৰাছিয়ায়ে পূৰ্ণ সমৰ্থন কৰিব পৰা নাছিল। ফলত ভাৰতে এই অৰ্থনৈতিক সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ IMF (International Monetary Fund) ৰ পৰা ঋণ বিচাৰে। এইটো সকলোৱে জনা কথা যে IMF আমেৰিকাৰ নিৰ্দেশত চলা এটা বিত্তীয় অনুষ্ঠান। আমেৰিকায়ে কেতিয়াও নিজৰ স্বাৰ্থ সিদ্ধি নহ’লে কাকো একো সহায় নকৰে। প্ৰথম বাৰ IMF ৰ পৰা ঋণ বিচাৰোতে আমেৰিকায়ে ইৰাকৰ বিৰুদ্ধে হোৱা যুদ্ধত আমেৰিকাৰ বিমানক ভাৰতত ইন্ধন ভৰাবলৈ সুবিধা দিব লাগিব বুলি চৰ্ত ৰাখিলে তেতিয়াহে ঋণ দিব। ভাৰতে উপায়হীন হৈ সেই চৰ্ত মানি লয় আৰু যুদ্ধৰ সময়ত আমেৰিকাৰ বিমানে ভাৰতত আহি ইন্ধন ভৰাই। তাৰ পাছত আৰু ঋণ প্ৰয়োজন হোৱাত আমেৰিকায়ে ভাৰতক এটা নতুন চৰ্ত দিয়ে যে ভাৰতে এখন নতুন বাজেট আনিব লাগিব যাতে আমেৰিকাৰ দৰে বিদেশৰ কোম্পানীয়ে ভাৰতত উদ্যোগ খুলি ব্যৱসায় কৰিব পাৰে। আমেৰিকাৰ এই চৰ্ত শুনি চৰকাৰ, বিৰোধী লগতে দেশত হুলস্থূল আৰম্ভ হৈ যায় আৰু চন্দ্ৰ শেখৰ চৰকাৰে এই বাজেট নানে যাৰ ফলত আমেৰিকায়ে ভাৰতক IMF ৰ পৰা ঋণ নিদিলে। কিন্তু দিনক দিনে ভাৰতৰ অৰ্থনৈতিক সংকট আৰু বহুত বেয়ালৈ গুচি গ’ল। তেতিয়াৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গৱৰ্ণৰ শ্ৰী ভেংকটাৰমণে চৰকাৰক এটা শেষৰ প্ৰস্তাৱ দিয়ে যে দেশ যদি বচাব মন আছে এটা ডাঙৰ সিদ্ধান্ত লব লাগিব। যিটো সিদ্ধান্তৰ কথা দেশৰ জনতা, বিৰোধী দল আনকি চৰকাৰৰ বহু নেতায়ে শুনিলে হয়তো হুলস্থূল লগাই সমালোচনা কৰিব কিন্তু সেই হুলস্থূল, সমালোচনা সহিব লাগিব যদি ভাৰতক আৰু দেশৰ জনসাধাৰণক বচাব লগা হয়। প্ৰথমে সেই প্ৰস্তাৱ শুনি প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰও মানা কৰিছিল কিন্তু RBI গৱৰ্ণৰ শ্ৰী ভেংকটাৰমণে কৈছিল এয়া শেষ এটা ৰাস্তা আৰু একো উপায় নাই ভাৰতৰ হাতত। প্ৰস্তাৱতো আছিল IMF য়ে ভাৰতক ৭ বিলিয়ন ডলাৰ ঋণ দিবলৈ সাজু কিন্তু তাৰ বিনিময়ত ভাৰতে RBI ত জমা থকা ভাৰতৰ ৬৭ টন সোণ ঋণৰ নিৰাপত্তা হিচাপে বন্ধকত ইংলেণ্ড আৰু ছুইজাৰলেণ্ডৰ দুটা বেংকত থব লাগিব। ভাৰতৰ হাতত একো বিকল্প নাছিল আৰু IMF ৰ এই চৰ্ত মানি RBI ত জমা থকা ৪৭ টন সোণ বেংক অৱ ইংলেণ্ডলৈ আৰু ২০ টন সোণ ইউনিয়ন বেংক অৱ ছুইজাৰলেণ্ডলৈ বিশেষ বিমানযোগে প্ৰেৰণ কৰিবলগীয়া হৈছিল। তাৰ বিনিময়ত ভাৰতে IMF ৰ পৰা ৭ বিলিয়ন ডলাৰ ঋণ পাইছিল আৰু দেশৰ মৰিব ধৰা অৰ্থনীতিয়ে আকৌ প্ৰাণ পাইছিল। 

  ইয়াৰ পাছতেই চন্দ্ৰ শেখৰৰ চৰকাৰৰ পতন ঘটে আৰু ভাৰতৰ নৱম প্ৰধানমন্ত্ৰী হয় পি ভি নৰসিংহ ৰাও। দেশৰ এই অৰ্থনৈতিক অৱস্থাত প্ৰধানমন্ত্ৰী দায়িত্ব লৈ যথেষ্ট প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হৈছিল প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওয়ে। তেওঁ তাৰ পাছতেই মনমোহন সিং ভাৰতৰ বিত্তমন্ত্ৰীৰ দায়িত্ব দিয়ে। মনমোহন সিঙৰ নেতৃত্বত ভাৰতে যথেষ্ট অৰ্থনৈতিক সংস্কাৰ কৰে আৰু লাহে লাহে ডুবি যোৱা অৰ্থনীতি ঘূৰাই আনিবলৈ সক্ষম হয়। চিনেমাখনৰ মূল পটভূমি ইয়াৰ ওপৰতে আধাৰিত। চাই ভাল পাব, ভাৰতৰ দৰে বৃহৎ জনসংখ্যা থকা, উন্নয়নশীল, দৰিদ্ৰতা থকা দেশ চলোৱা কিমান প্ৰত্যাহ্বান বুজিব পাৰিব। 

  ভাৰত আজিৰ দিনটো উন্নয়নশীল দেশে হৈ আছে অৰ্থাৎ উন্নয়ন হৈ আছে, সম্পূৰ্ণ উন্নত হোৱা নাই। শ-শ বছৰ বেলেগে গোলাম বনাই লুণ্ঠন কৰি এৰি যোৱা দেশ এখন স্বাধীনতাৰ ৭৮ বছৰ পাছতেই উন্নত দেশ হোৱা কঠিন তাতে বৰ্তমান পৃথিৱীৰ সকলোতকৈ বেছি জনসংখ্যা দেশ ভাৰত। ভাৰতে এতিয়াও বহু বস্তু আমদানিৰ ওপৰতে নিৰ্ভৰশীল। সেইমতে দেশৰ পৰা ৰপ্তানি কৰা সামগ্ৰী খুব কম। এতিয়াও দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা খাৰুৱা তেল, ঔষধ, যন্ত্ৰ আদি বেলেগ দেশৰ পৰা ডলাৰত কিনিব লাগে ভাৰতে। সেইবাবে এতিয়া ভাৰতত Make In India, আত্মনিৰ্ভৰশীল ভাৰত আদিত চৰকাৰে খুব জোৰ দিছে। ভাৰতত উৎপাদন বাঢ়িলে আমি বেলেগ দেশৰ পৰা কিনিব নালাগে, লগতে বেছিকৈ উৎপাদন কৰিলে আমি বেলেগ দেশক বিক্ৰী কৰিবলৈ পাৰিম। তাত ভাৰতৰ অৰ্থনীতি শক্তিশালী হ’ব। দেশৰ অৰ্থনীতি শক্তিশালী হোৱা মানে আমি শক্তিশালী হোৱা। চৰকাৰত বিভিন্ন দল আহে যায় কিন্তু মূল কথাটো হৈছে দেশৰ বাবে, দেশখন শক্তিশালী হোৱাৰ বাবে কাম কৰে। যি দলৰ চৰকাৰ নাহক কিয় সকলোৱে অলপ অলপকৈ অৰিহণা যোগাই দেশৰ বাবে তাৰ বাবেই আজি ভাৰত এই পৰ্যায় পাইছে। তাৰ বাবে যথেষ্ট সংগ্ৰাম, প্ৰত্যাহ্বান পাইছে ভাৰতে। কেতিয়াবা চৰকাৰে এনে কিছুমান সিদ্ধান্ত লয় সেই সিদ্ধান্ত সেই মুহূৰ্তত জনসাধাৰণক বুজাই ক’ব নোৱাৰে, গোপনীয়তা ৰাখিব লগা হয়। সেই সিদ্ধান্ত খুব বিতৰ্কিত, সমালোচনা সহিব লগা সিদ্ধান্ত হয় কিন্তু সেই মুহূৰ্তত দেশৰ পৰিস্থিতিৰ পৰা উদ্ধাৰ হ’বলৈ তেনে সিদ্ধান্ত ল’ব লগা হয়। সেই কথা বহুতে পাছত বুজি পাই, কেতিয়াবা হয়তো বুজি নাপায়। 

  এজন প্ৰশাসনিক বিষয়া বা অসামৰিক বিষয়ায়ে গোটেই চাকৰি কালত বিভিন্ন দলৰ চৰকাৰ পায়। দল সলনি হৈ থাকে তেওঁলোকে কিন্তু সকলোৰে লগত দল বুলি নহয় দেশৰ চৰকাৰৰ বাবে কাম কৰিছোঁ বুলি কৰে সদায়। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গৱৰ্ণৰ বা এনে অন্যান্য পদত থকা প্ৰশাসনিক বিষয়া বা অসামৰিক বিষয়াৰ দেশৰ বাবে বহুত অৱদান থাকে। বহু কঠিন সময়ত সাধাৰণ মানুহে গম নোপোৱাকৈ তেওঁলোকে লোৱা সিদ্ধান্ত বা পৰামৰ্শই দেশ এখন সুৰক্ষিত কৰে। ভাল বেয়া সকলোতে থাকে। কোনো ব্যক্তিয়ে ১০০% ভাল বা শুদ্ধ হ’ব নোৱাৰে কিন্তু ভাল কৰিবলৈ ১০০% নিশ্চয় যত্ন কৰিব পাৰে আৰু যিটো কৰা উচিত। 




শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments