গাৰ্লছ ৱিল বি গাৰ্লছ

লেখক- ড০ দীপশিখা ভাগৱতী

শেষ কৈশোৰ, অৰ্থাৎ নিয়মীয়া বয়ঃসন্ধিৰ সময়চোৱা প্ৰতিটি ল’ৰা —ছোৱালীৰ বাবে এক “ষ্টৰ্ম এণ্ড ষ্ট্ৰেছ”ৰ অধ্যায়। জৈৱিক পৰিবৰ্তন, আৱেগিক তথা সামাজিক স্বাধীনতাৰ তাড়না, বীৰ পূজন, আত্মৰতি, স্বমোহ তথা যৌনতাৰ প্ৰতি সৃষ্টি হোৱা এক স্বাভাৱিক আকৰ্ষণ তথা এই সকলোবোৰৰ বিপৰীতে অপৰিহাৰ্য্য বিদ্যায়তনিক ক্ৰিয়াৰ ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা – এই সকলো চৰিত্ৰই এটি কিশোৰ বা কিশোৰীৰ মনোজগতত সৃষ্টি কৰা সংঘাত বহু গল্প উপন্যাসৰ বিষয়বস্তু হৈ ৰৈছে। এই বিষয়টিকেই উপজীৱ্য কৰি নিৰ্মাণ হৈছে লেখক-পৰিচালক শুচি তালাতিৰ প্ৰথম চিনেমা গাৰ্লছ ৱিল বি গাৰ্লছ। এটি কিশোৰী, মীৰাৰ (প্ৰীতি পানিগ্ৰাহী) যৌৱনপ্ৰাপ্তি কালৰ বহু স্বাভাৱিক ঘটনা পৰিঘটনা, প্ৰথম যৌনতাৰ নিবিড় অনুভৱ, প্ৰেমৰ তাড়নাক পালন কৰিবলৈ অনুসৰণ কৰা নিৰ্দোষ স্বাৰ্থপৰতা আৰু তেওঁৰ মাতৃ অনিলা (কানি কুশ্ৰুতি) তথা বিদ্যালয়প্ৰধান শ্ৰীমতী বানচাল (দেৱীকা চাহানী)ৰ কাঢ়া অনুশাসন- এই সকলোবোৰৰ মাজেৰে গতি কৰিছে গাৰ্লছ ৱিল বি গাৰ্লছ‌‌ এ। 

৪: ৩ ৰ সহজ একাডেমী অনুপাতত নিৰ্মিত এই “কামিং অৱ এজ” (এটি চৰিত্ৰৰ কৈশোৰাৱস্থাৰ পৰা যৌৱন প্ৰাপ্তিলৈ ঘটা পৰিবৃত্তিসম্বন্ধীয়) ছবিখন নায়িকা মীৰাৰ সামগ্ৰিক দৃষ্টিৰ মাধ্যমেৰে চোৱা হৈছে। সকলো সহযোগী চৰিত্ৰৰ দৃষ্টিভংগীৰ প্ৰকাশ আৰু বিকাশ হৈছে নায়িকাৰ প্ৰতি তেওঁলোকে পোষণ কৰা ভাৱ ভংগিমাৰ জৰিয়তে। ১৯৯০ ৰ পশ্বাদপটত সজোৱা, হিমালয়ৰ অপাৰ নৈসৰ্গিক শোভাৰ মাজত অৱস্থিত এক আৱাসিক বিদ্যালয়। মীৰা সেই বিদ্যালয়ৰ, তেওঁৰ শ্ৰেণীৰ প্ৰথম স্থানত থকা ছাত্ৰী, বিদ্যালয়খনৰ মুখ্য অধীক্ষকৰূপে অধিষ্ঠিত প্ৰথমগৰাকী ছোৱালী বিদ্যাৰ্থী, মুখ্য অধীক্ষকৰ বেজটো পিন্ধি তেওঁ সগৰ্বে, আত্মবিশ্বাসেৰে অহা যোৱা কৰে, অধ্যক্ষ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজতো তেৱেঁই সমন্বয়ৰক্ষকৰ দায়িত্বও পালন কৰে। বিদ্যালয়ৰ নিয়ম নীতিৰ প্ৰতি কঠোৰ আৰু সতৰ্ক মীৰাক লগৰ বান্ধৱীয়ে মীৰাবাই বুলি ঠাট্টা মস্কৰাও কৰে। এই সকলো পৰিপাট্যৰ মাজতে এদিন মীৰাৰ পৰিচয় হয় সহপাঠী শ্ৰীনিবাস (কেশৱ বিনয় কিৰণ)ৰ সৈতে, যাৰ সংস্পৰ্শত মীৰাৰ অন্তৰ আৰু শৰীৰত জাগি উঠিবলৈ আৰম্ভ কৰে প্ৰথম প্ৰেমৰ বিদ্যুৎ প্ৰবাহ। এই কোমল ৰসায়নক প্ৰতি মুহূৰ্ততে বাধা দিয়ে মীৰাৰ মাতৃ অনিলাই আৰু অতি কঠোৰ শিক্ষক শ্ৰীমতী বানচালে, যিয়ে বিদ্যালয়ৰ ছোৱালীহঁতক অনবৰতে সতৰ্ক কৰি থাকে, যে “Be careful of boys, don’t talk to them more than necessary.” বিদ্যালয়ত এই কথা অহৰহ জপ কৰাই থকা হয় যে “Boys will be boys.” অনিলাইও কন্যাক সঁকিয়াই দিয়ে যে তেওঁ যাতে শ্ৰীৰ সৈতে “বিশেষ ঘনিষ্ঠতা” স্থাপন নকৰে, কাৰণ তাৰ প্ৰভাৱ মীৰাৰ পঢ়া শুনাত পৰিব পাৰে আৰু এনে হ’লে দেউতাকে মাকক কটু কথা শুনাব। সময়ৰ লগে লগে শ্ৰীৰ সৈতে অনিলাৰো এক মধুৰ সম্পৰ্ক গঢ় লৈ উঠে যিয়ে মীৰাক এক ধৰণৰ ‘বেয়া লগা’, যৌন ঈৰ্ষা আৰু নিৰাপত্তাহীনতাত ভোগায়। কন্যাৰ প্ৰতি অনিলাৰ প্ৰতিৰক্ষাসুলভ আচৰণৰ কোনোবাখিনিত লিংগজনিত এক বিশেষ ঈৰ্ষাও প্ৰতিফলিত হয়, যে কন্যাই যিখন মধুৰ পৃথিৱীৰ মাজেৰে, যি পৰম আত্মবিশ্বাসেৰে যাত্ৰা কৰিছে, সেই সন্মান তেওঁ নিজৰ জীৱনত কাহানিও পোৱা নাই। তেওঁ কয়, “I won’t allow anything more than a friendship.” 

ছবিখনৰ আৰম্ভণিৰ অংশত দৰ্শকে গ্ৰেটা গাৰৱিগৰ চলচ্চিত্ৰ “লেডী বাৰ্ড”ৰ (২০১৭)আংশিক অনুৰণন অনুভৱ কৰিবলৈ পায়। তালাতিয়ে ছবিখনক কোনো চৰিত্ৰ শিক্ষা সম্বন্ধীয় নৈতিক পাঠ হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰা নাই, বৰঞ্চ কেমেৰাই সতৰ্ক দৃষ্টিৰে ধৰি ৰাখিছে পানিগ্ৰাহীৰ সৌন্দৰ্য, প্ৰথম যৌন জাগৰণৰ নানা চিহ্ন, স্বসন্তুষ্টিৰ চেষ্টা, শীতল, ধাতৱ মাইক্ৰস্ক’পৰ ওপৰত মীৰাৰ কোমল হাতৰ উত্তেজক স্পৰ্শ, শৰীৰ সচেতনতা আদি নানা দিশ। মীৰাই হাতৰ মণিবন্ধত চুমা খোৱাৰ দৃশ্য, আইনাত লিপ ছিংকিং কৰি থকাৰ সময়ত নিজকে যৌন আবেদনময়ী দেখুৱাবলৈ চেষ্টা কৰা দৃশ্যবোৰ সততা আৰু সূক্ষ্মতাৰে ৰূপায়ণ কৰা হৈছে, কাৰণ এই সকলো আচৰণক যৌৱনপ্ৰাপ্তিৰ যাত্ৰাৰ এক স্বাভাৱিক অংশ হিচাপে গণ্য কৰা হৈছে। এটা দৃশ্যত দেখা যায়, যে ৰেডিঅ’ৰ এক অনুষ্ঠানত ‘মৰ্য্যদা’ শব্দটো বাজি উঠাৰ সময়তে ৰেডিঅ’টোত কেৰকেৰণি শব্দ উঠে। এই সূক্ষ্ম বিশ্লেষণ ছবিখনৰ এক অন্যতম শক্তি। লিংগ বৈষম্যৰ ধাৰণাটোক ছবিখনত কোনো লাউড শ্লোগান নাইবা দুখ বেদনা শোষণৰ মাধ্যমেৰে দেখুওৱা হোৱা নাই, ই ফুটি উঠিছে এক অত্যাধুনিক বিদ্যালয়ত বিৰাজ কৰা “boys will be boys” আপ্তবাক্যৰ সঘন পুনৰাবৃত্তিৰ মাজেৰে। মীৰা আৰু শ্ৰীনিৱাসে যেতিয়া মেণ্ডেলৰ প্ৰথম “ল অৱ ডমিনেঞ্চ” (আধিপত্যৰ সূত্ৰ)টো সম্পৰ্কে আলোচনা কৰি থাকে, সমগ্ৰ বিদ্যালয়খনক এক পুৰুষপ্ৰধান সংকীৰ্ণ স্থান যেন অনুভূত হয়। 

কন্যাকাল (girlhood) ৰ নানা প্ৰাপ্তি, সংঘৰ্ষ আৰু মানসিক শাৰীৰিক দোমোজাৰ উন্মুক্ত, সাহসী, সংবেদনশীল আৰু শালীন উৎক্ষেপণেৰে শুচি তালাতিৰ গাৰ্লছ ৱিল বি গাৰ্লছ সাম্প্ৰতিক সময়ৰ এক শিক্ষণীয় আৰু উল্লেখযোগ্য চলচ্চিত্ৰ। 

           ————————————————————————–

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!