অসুখ ,মূল: হুমায়ুন আহমেদ

লেখক- অনুবাদ: উৎপলা কৌৰ

নতুন পল্টনৰ গলি এটাত এদিন তেওঁৰ সৈতে মোৰ দেখা দেখি হৈছিল। মোৰ স্বভাৱগত তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে মই দোকান এখনৰ আঁৰলৈ আঁতৰি গলোঁ। কিন্তু তেওঁ চিঞৰি উঠিল, “এই অঞ্জু নহয়নে?” তেওঁ আগবাঢ়ি আহি মোৰ হাতখন চেপি ধৰিলেহি। মই নম্ৰভাৱে তেওঁক সুধিলোঁ, আপোনাৰ ভালনে ছাৰ? 

অত্যধিক উত্তেজিত হোৱাৰ ফলত তেওঁৰ হাপানী ৰোগে উক দি উঠিল। ফলত লগে লগে উত্তৰ দিব নোৱাৰিলে। বৰং আকাশৰফালে মোৰ তুলি দীঘল দীঘলকৈ উশাহ লোৱাত লাগিল। উশাহ ঘূৰি অহাৰ পাছত কোৱা প্ৰথম বাক্যটি হ’ল, “মোৰ লগত ব’লা।” 

”ছাৰ, এতিয়াতো যাব নোৱাৰিম। মতিঝিলত দৰকাৰী কাম এটা আছে। মানুহ এজন ৰৈ আছে।” 

চাৰে আগতকৈ জোৰেৰে মোৰ হাতখন খামুচি ধৰিলে। যেন এৰা খালেই মই পলাই যাম। মই ক’লোঁ, “ছাৰ কাইলৈ পুৱা এবাৰ আহিম। ঘৰত থাকিবনে আপুনি? ৰাতিপুৱা দহবজাৰ ভিতৰত আহিম।” 

” মই তোমাক কিমানদিন বিচাৰিছোঁ। তুমি যিটো ঠিকনা দিছিলা সেই ঠিকনালৈ কিমানদিন গ’লোঁ। তাতটো কোনো নাথাকে!” 

মই উত্তৰ নিদিলোঁ। ছাৰে ক’লে, “বাবাটোৰ মাকৰ খুব গা বেয়া। সেইকাৰণেই তোমাক বিচাৰি আছিলোঁ।” 

”খুব বেছি অসুখ নেকি?” 

”বেছি-কম কি আৰু! বেছিদিন নাবাচিব চাগে। মৰিলেই ভাল।” 

”মই একো নকলোঁ। ছাৰে মৃদুস্বৰে ক’লে, আজিকালি খুব দিগদাৰি কৰে। চিঞৰ-বাখৰ কৰে। ভাল নলগা হৈছে। তোমাক কিমান বিচাৰিলোঁ। কিন্তু কোনেও তোমাৰ ঠিকনা নাজানে।” 

ইমানখিনি জনাৰ পাছত আৰু নগ’লে ভাল নেদেখি। মুখত এসোপা বিৰক্তি সানি মই খোজ দিলোঁ। মতিঝিলত সঁচাকৈ ফজলু মোৰ বাবে অপেক্ষা কৰি থাকিব। সি মোক লৈ এজন ইঞ্জিনীয়াৰৰ ঘৰলৈ যোৱাৰ কথা। সেই ইঞ্জিয়াৰজনে ইচ্ছা কৰিলে হেনো দুই-তিনিটা চাকৰি দি দিব পাৰে। এইবোৰ কথা মই আজিকালি বিশ্বাস নকৰোঁ। তথাপি যাওঁ। এতিয়া যদি মোক কোনোবাই কয় ‘অমুক’ৰ ঘৰৰ চাৰিওফালে দহপাক মাৰিলে মোৰ এটা চাকৰি হ’ব, মই সম্ভৱতঃ তাকো কৰিম। ফজলুয়ে তাতকৈ বেছিকৈয়ে কৰিব। বিছপাক ঘূৰিবলৈ দিলেও সি ঘূৰিব। 

মই নিঃশব্দে খোজকাঢ়িছোঁ। ৰাস্তালৈ আহিলেই মোৰ চিগাৰেট খোৱাৰ ইচ্ছা এটাই গা কৰি উঠে। এতিয়া সেয়া সম্ভৱ নহয়, কাৰণ বৰ্তমান মই যাৰ লগত খোজকাঢ়ি আছোঁ তেওঁ এসময়ত মোক স্কুলত ইংৰাজী পঢ়াইছিল। অকল সেয়াই নহয়, তেওঁৰ ডাঙৰ ছোৱালীজনীৰ লগত মোৰ গভীৰ বন্ধুত্ব আছিল। 

”ছাৰ, ঘৰৰ বাকীবোৰৰ ভালনে?” 

”ছাৰে উত্তৰ নিদিলে। সম্ভৱতঃ তেওঁ এতিয়া কাণেৰে ভালকৈ নুশুনে। স্কুলত থাকোঁতেও কমকৈ শুনিছিল। এটা কথাকে তিনি-চাৰিবাৰ সুধিব লাগিছিল। মই আকৌ সুধিলোঁ, ছাৰ ঘৰত সকলোৰে ভালনে?” 

”ভাল”

”নীলুৰ বিয়া হৈ গ’ল?” 

”কি কৈছা?” 

”নীলুৰ বিয়া হৈ গ’ল নেকি?” 

””হৈছে।” 

”ল’ৰাটোৱে কি কৰে?” 

”ব্যৱসায় কৰে।” 

মোৰ মনটো অলপ বেয়া লাগিল। নীলু ছোৱালীজনী অসম্ভৱ ৰূপৱতী। এসময়ত নীলুৰ প্ৰতি মোৰ অসম্ভৱ দুৰ্বলতা আছিল। বেনামী চিঠিও কেইবাখনো লিখিছিলোঁ। চিঠি পঢ়ি নীলু কান্দি-কাটি অস্থিৰ হৈছিল। 

মই সৰু হুমুনিয়াহ এটা কাঢ়িলোঁ। ছাৰে সুধিলে, “ৰিক্সা ল’ম নেকি? খোজকাঢ়িবলৈ কষ্ট পাইছা?” 

”নাই নাই। কিনো কষ্ট হ’ব! খুড়ীৰ চিকিৎসা কৰাইছেনে?” 

”মৃত্যুৱেই এই ৰোগৰ চিকিৎসা।” 

”বিলু কেনে আছে?” 

”ভাল। তাইৰো বিয়া হৈ গ’ল। জোঁৱায়ে চিলেটৰ চাহবাগানত কাম কৰে।” 

”খুব কম বয়সতে বিয়া দিলে হ’বলা।” 

”ক’ত কম বয়স? এইবোৰ সব জঞ্জাল। এতিয়া আৰু জঞ্জাল সহ্য নহয়।” 

ছাৰে মোক বহিবলৈ কৈ ঘৰৰ ভিতৰত অদৃশ্য হৈ পৰিল। প্ৰায় দুবছৰৰ মূৰত এই ঘৰত ভৰি দিছোঁ। একো সলনি হোৱা নাই। কিছুমান ঘৰ আছে যিবোৰ সকলো সময়তে একেই থাকে। পৰ্দাৰ ৰং পৰ্যন্ত। নতুবা হয়তো সদায় একে ৰঙৰ পৰ্দাই কিনা হয়। 

মোক অবাক কৰি নীলু আহি সন্মুখত থিয় দিলেহি। মাকৰ ঘৰত থাকিবলৈ আহিছে হয়তো। বেছ সাজিকাচি আছে। বিয়া হোৱাৰ বাবেই হওক বা অন্য কাৰণতেই হওক তাইক দেখিবলৈ আগতকৈ বেছি ৰূপৱতী লাগিছে। নীলুয়ে আহি কাজিয়াৰ সুৰত সুধিলে, “আপুনি দেউতাক ভুল ঠিকনা কিয় দিছিল?” 

”ভুল নহয়। খালী মই সেই ঠিকনাটোত বেছিদিন থকা নাছিলোঁ।” 

”ৰঞ্জু ভাই, আপুনি মিছা কথা কৈছে।” 

”মিছা কিয় ক’ম?” 

”যিটো ঠিকনা দিছিল তাত ৰঞ্জু নামৰ কোনো মানুহ কেতিয়াও নাছিলেই।” 

”মই মনে মনে বহি থাকিলোঁ। তাই আকৌ ক’লে, “মাৰ কাৰণেতো আপুনি এবাৰ দুবাৰ আহিব লাগে। লাগে নে নালাগে?” 

”সময় পোৱা নাছিলোঁ।” 

”কিয় সময় পোৱা নাছিল? ইমান কি ৰাজকাৰ্যত ব্যস্ত আছিল?” 

”নানানটা ধান্দাত থাকোঁ।” 

”আজি কিন্তু সন্ধিয়াৰ আগতে আপুনি যাব নোৱাৰে। সন্ধিয়া মোৰ মানুহজন আহিব। তেওঁ আপোনাৰ লগত যাব আৰু গৈ চাই আহিব আপুনি ক’ত থাকে।” 

”নীলুৱে গিৰিয়েকৰ কথা যেনেকৈ ক’লে তাইক আৰু সুখী যেন লাগিল। বোধহয় বেছ ভাল ঘৰত বিয়া হৈ গৈছে। ডিঙিত এডাল গধুৰ হাৰ পিন্ধি আছে। হাততো শকত শকত বালা পিন্ধি আছে। মোৰ বেনামী চিঠিকেইখনৰ কথা তাইৰ মনত আছে নে নাই সুধিবলৈ মন গ’ল। 

সোধাৰ আগেয়ে ছাৰ আহি মোক ভিতৰলৈ লৈ গ’ল। ক’লে, কাপোৰ-কানি সংযত হৈ নাথাকে যে, সেয়ে ঠিক কৰিবলৈ সময় লাগে।” 

 কোঠাটো আন্ধাৰ। প্ৰায় একোৱেই চকুত নপৰে। চাৰে ক’লে, “পোহৰ সহ্য কৰিব নোৱাৰে। সেইবাবে এই ব্যৱস্থা। 

মই সুধিলোঁ, “খুড়ী ভালে আছেনে?” কোনো উত্তৰ নাই। 

নীলুয়ে সুধিলে, “মা চিনি পাইছানে? দাদাৰ বন্ধু, ৰঞ্জুভাই।” 

বিছনাৰ ওপৰত কিবা এটা যেন লৰচৰ কৰি উঠিল। পৰিষ্কাৰ কণ্ঠেৰে খুড়ীয়ে ক’লে, “খিড়িকীখন খুলি দে নীলু। “

কোঠাটো পোহৰ হোৱাত অপ্ৰকৃতিস্থ মহিলাগৰাকীৰ ওপৰত মোৰ চকু পৰিল। কি তীক্ষ্ণ চকু! বেছিপৰ চাই থাকিব নোৱাৰি। মই দ্বিতীয়বাৰ সুধিলোঁ, “খুড়ী মোক চিনি পাইছেনে? মই বাবাৰ বন্ধু।” 

খুড়ীয়ে একো উত্তৰ নিদিলে। ছাৰে ক’লে, “ৰঞ্জু বাবাৰ লগত আৰম্ভণিৰপৰা শেষলৈ আছিল। বাবা কেনেকৈ ঢুকাইছিল সেয়া সি ভালকৈ জানে। ৰঞ্জু তুমি কোৱাচোন, বাবা কেনেকৈ ঢুকাইছিল।” 

মই নিশ্চুপ হৈ থাকিলোঁ। নীলুয়ে ক’লে, “ৰঞ্জুভাই আপুনি কওক। মায়ে সকলো কথা বুজি পায় আৰু আপোনাক মায়ে চিনিও পাইছে।” 

যি কথা এই অপ্ৰকৃতিস্থ মহিলাগৰাকীক বহুবাৰ শুনোৱা হৈছে সেই একেই কথাকে মই পুনৰ ক’বলৈ আৰম্ভ কৰিলোঁ। খুড়ীয়ে তীক্ষ্ণ দৃষ্টিৰে চাই থাকিল। 

”মেথিকান্দা অপাৰেচনত বাবাৰ তলপেটত গুলী লাগিছিল। তাক লৈ আমি পলাই আহিছিলোঁ। নাৱতে তাৰ মৃত্যু হ’ল। আমি নাৱেৰে পলাইছিলোঁ।” 

খুড়ীয়ে তীক্ষ্ণস্বৰেৰে সুধিলে, “সঁচা?” 

”হয়, সঁচা।” 

খুড়ীৰ কণ্ঠ আৰু বেছি তীক্ষ্ণ হ’ল, “সঁচা?” 

”হয় খুড়ী, সঁচা। এনেই এনেই মিছা কথা কিয় ক’ম?” 

খুড়ীয়ে এইবাৰ কান্দি উঠিল। ফোঁপাই-ফোঁপাই ক’লে, “তেনেহ’লে ইহঁতে কিয় কৈছিল যে আমাৰ বাবাক মিলিটেৰীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু পথাৰলৈ নি ডিঙি কাটি মাৰিছিল?” 

”খুড়ী, এইটো মিছা কথা।” 

”আমাৰ ল’ৰাটোক নি কিয় মিছা কথা ক’লে?” 

”যুদ্ধৰ সময়ত এনেকুৱা মিছা গুজব ওলায়েই খুড়ী। মানুহে মানুহক এনেকৈ কেনেকৈ বধ কৰিব? সিহঁতোটো মানুহ।” 

কথাখিনি কৈ কৈ মই হঁহাৰ অভিনয় কৰাৰ চেষ্টা কৰিলোঁ। খুড়ীয়ে আৰু একো নক’লে। তেওঁৰ উত্তেজনা শাম কাটিবলৈ আৰম্ভ কৰিছে। এতিয়া বেছ কিছুদিন শান্ত হৈ থাকিব। কেইবাটাও নিশা শান্তিৰে শুব। তাৰপাছত লাহে লাহে পুনৰ অস্থিৰ হৈ পৰিব। ছাৰে মোক আকৌ বিচাৰি আহিব। 

মিছা কথা ক’বলৈ মোৰ অলপো বেয়া নালাগে। এগৰাকী মাতৃক প্ৰবোধ দিবলৈ মই লাখটা মিছা মাতিব পাৰোঁ। কিন্তু এই ঘৰখনলৈ মই আৰু কেতিয়াও নাহোঁ। অপ্ৰকৃতিস্থ এই নাৰীগৰাকীৰ আগত বহিলে মোৰ নিজকো অপ্ৰকৃতিস্থ যেন অনুভৱ হয়। সীমাহীন ক্ৰোধে মোৰ সমস্ত চেতনাক আচ্ছন্ন কৰি তোলে। দৌৰি গৈ ভয়ংকৰ এক অপৰাধ সংঘটিত কৰি পেলাবলৈ মন যায়। এনে অপৰাধ যাৰ বিষয়ে কেতিয়াও কোনেও শুনা নাই। কিন্তু মোৰ তেনে একো কৰা নহয়। 

মই আন দহজন মানুহৰ দৰে স্বাভাৱিক জীৱন যাপন কৰিব খোজোঁ। এটি সৰু ঘৰ। য’ত মোৰ লগত থাকিব এগৰাকী মমতাময়ী নাৰী। এজন পুৰুষে ইয়াতকৈ বেছি একো নিবিচাৰে। 

নীলুয়ে মোক গেটলৈকে আগবঢ়াই দিবলৈ আহি খুব কান্দিলে। নীলুৰ স্বামী আমাৰ পাছে পাছে আহিল। মই ক’ত থাকোঁ সেয়া জানিবলৈ তেওঁ মোৰ লগতে যাব। মানুহজন ভাল যেন লাগিল। ৰাস্তাত উঠিয়েই মই তেওঁক কলোঁ, “নীলুৰ সৈতে যে মোৰ প্ৰেম আছিল আপুনি কথাটো জানেনে? ভদ্ৰলোকজন উচপ খাই উঠিল। মই গহীন মাতেৰে পুনৰায় কলোঁ, “অতি গভীৰ প্ৰেম আছিল।” 

মই লাহে লাহে অপ্ৰকৃতিস্থ হ’বলৈ আৰম্ভ কৰিছোঁ।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!