জন্মদিন
লেখক- ড° আৰাধনা বৰুৱা
সময় সূৰুযে
নিৰ্দ্ধাৰণ কৰা পথেৰে
ৰুণজুন ৰুণজুনকৈ
হাতত সাৰে ভৰিত সাৰে
পাৰ হৈ যায় প্ৰহৰ
সময় বলুকাত পৰি ৰয় মাথোঁ
এটি দুটি মুকুতা মণি ৷
ৰূপান্তৰৰ সূত্ৰ মানি
সময়ে উপহাৰ দিয়া
আঁকবাক মকৰাজাল
ক্ৰমাৎ ধূসৰ হৈ পৰা দৃষ্টি
ৰূপালী কেশৰাশি
স্বচ্ছন্দে আঁকোৱালি লৈ
অনিৰূদ্ধ এই জীৱন যাত্ৰা ৷
হৃদয়ৰ বৰপেৰাত
তৰপে তৰপে সঞ্চিত
এবোজা জুনুকাৰ জুনজুননি
অহৰহ বুকুত কঢ়িয়াই
জীৱনবৃত্তৰ পূৰ্ণতাৰ দিশে
এখোজ অগ্ৰগামী যাত্ৰা
জীৱনৰ জীয়া কেঁকুৰি ৷
কেঁকুৰিৰ ভাঁজত উদ্ভাসিত
মুঠি মুঠি শুভাশিস
সজল স্নেহধাৰা
মঙ্গল বাণীৰ অনুৰণনেৰে
সুবাসিত হৃদয়ৰ আঁচল
জীৱনবৃত্তৰ হেঁপাহৰ সুহুৰি
জীৱন যাত্ৰাৰ অদম্য সাহ ৷
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments
