আইতাই কৈছিল কিতাপ উটি গ'লে সপোন উটি যায়
লেখক- দীপ্তি দেউৰী বৰা
আইতাই কৈছিল
জীৱনটোত দুখৰো এখন হাবি থাকে
আইতাই কোনোদিন কোৱা নাছিল যে হাবিতো দুখ থাকে ।
ক্ৰমান্বয়ে দুখবোৰে অলপ অলপ কৈ য’তে ত’তে ঘৰ সাজিলে,
খবৰবোৰ মানুহৰ মুখে মুখে বাগৰিছিল – দুখৰ খবৰ বোৰ ।
সেই দুখ নগণ্য আছিল নে দুখৰ আৰম্ভণি আছিল কোনেও জনা নাছিল ।
আইতাও নাই সুধিবলে-
এতিয়া যে দুখবোৰক যতে ততে দেখোঁ –
নৰ- নাৰীৰ পৰা জীৱলৈকে দুখ,
পাহাৰৰ পৰা নদীলৈকে দুখ ,
ঘৰবোৰ উটুৱাই নিয়া দুখ,
কিতাপবোৰ উটি যোৱাৰ দুখ-
আইতাই কৈছিল কিতাপ উটি গ’লে সপোন উটি যায় ।
আইতাক কবলৈও আইতা নাই-
সপোন যে এতিয়া কেনেকৈ উটে ধৰিবই নোৱাৰি ।
বেজীৰ খোচ খাই বাস্তবত সপোনৰ দৰে ওলমি থাকে বহুতো কিশোৰ ,
মাক থাকিও মাক নথকা,
দেউতাক থাকিও দেউতাক নথকা সন্তানৰ সপোনবোৰ পৰিণত হয় এটা ভগ্নস্তূপলৈ ।
আমি বুজোঁ সকলোৰে নিজ নিজ এক উপত্যাকা আছে –
সেই উপত্যকাত সকলোৱে এখন জোলনা বনাই ৰাখিছে –
জোনবাই এটাও কোনোবাই জোলনাৰ সিপাৰে গুপুতে সজাইছে –
এবাৰ জোলনাখনত বহক
ভৰি দুটা ওলোমাই দিয়ক ,
লৰাই দিয়ক,
মুৰটো পিছলৈ এৰি দিয়ক ,
গাটো এবাৰ আগলৈ আৰু এবাৰ পাছলৈ কৰক …
পাৰিছেনে … অলপ জোৰ দিয়ক..
বতাহত উৰি থকা যেন লাগিছেনে…
কত কি হৈ আছে মনত পৰিছেনে –
নে গুপুতে নিজক লুকুৱাই দিবলৈ চেষ্টা কৰিছে…
নে জীৱনটোক ফাষ্ট ফুড বুলি ভাবি গো গ্ৰাসে গিলিছে …
