জিকা ফুল
লেখক- গুনীন চৌধুৰী
হেদালি ভৰি ফুলিলে জিকা ফুল-
হালধীয়া —
বুকুত সাৱটি, দুখৰ বতাহজাক –
আবেলিৰ ৰ’দত জকমকালে ।
জীৱনৰ দৰেই গায়
জীয়াই থকাৰ গান।
ধূসৰ জেঙৰ আঁৰতো ফুলি উঠে
হালধীয়া হাঁহি,
কঠিন সময়তো আশাৰ সুৰত বজায় বাঁহী।
কাঁচিয়লি পোহৰত মেলে সুবাসৰ খনি,
দুখ-সুখৰ মাজেৰেই ফুলে –
জিকা ফুল !
ধুমুহাই ভাঙিব নোৱাৰে তাৰ বুকুৰ আশা,
জিকা ফুল –
সৃষ্টিৰ হাবিয়াস,
ক্লান্তি- উদ্বেগৰ মাজতো
বিলায় এক নিৰৱ ভাষা;
জিকা ফুল-
হতাশাৰ মাজতো জাতিষ্কাৰ হৈ উঠে
নতুন এক ঠিকনা।
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments
