ডাবল ইনডেমনিটি- হলীউডৰ এক যুগান্তকাৰী চিনেমা
লেখক- মৃদুল কুমাৰ শৰ্মা
মানুহ মানুহেই।
ভুল হওক, শুদ্ধ হওক— আচৰণৰ বাবে মানুহ এজনক কেতিয়াবা আমি মূৰত তুলিছোঁ, আৰু কেতিয়াবা পদানত কৰিছোঁ। তথাকথিত শুদ্ধতাৰ তুলাচনীত তেওঁক জুখি ৰায় দিছোঁ যে— এওঁ মাৰাত্মক ভুল কৰিছে আৰু এওঁক নাইকিয়া কৰিব লাগে আমাৰ মাজৰপৰা।
কিন্তু— তথাকথিত ভুল কৰা মানুহজনৰো এটা কাহিনী থাকে। কিয় তেওঁ সেই কাম কৰিলে তাৰো ব্যাখ্যা থাকে। আচলতে, আমি নিৰ্বিকাৰ হৈ শুনিব নিবিচাৰোঁ আৰু পক্ষপাতদুষ্ট মন এটা লৈ সকলো বিচাৰ কৰোঁ। সেয়েহে তেওঁৰ কাহিনীটোত আমি সকলো বেয়াই দেখোঁ। এই ক্ষেত্ৰত আমি তেওঁৰ দৃষ্টিভংগীক কোনো গুৰুত্ব নিদিওঁ আৰু বিনা বিচাৰে প্ৰচলিত নিয়মৰ আধাৰত দোষী সাব্যস্ত কৰোঁ। এজন হত্যাকাৰীৰো এটা কাহিনী থাকে; তেওঁ কৰা অপৰাধৰ সপক্ষে তেওঁৰ নিজৰ যু্ক্তি থাকে। কিন্তু আমি সেই কাহিনীটো শুনিবলৈ নিবিচাৰোঁ। আমাক লাগে এক সৰলৰৈখিক কাহিনী য’ত সকলো তথাকথিত নিয়মমতে চলে।
১৯৪৪ চনত নিৰ্মিত ‘Double Indemnity’ চিনেমাখনৰ কথাই কওঁহক। ইয়াত নায়ক আছিল তেনেই সাধাৰণ এজন বীমা-বিক্ৰেতা। আকালো নাই, ভঁৰালো নাই ধৰণে শান্তিত জীয়াই আছিল। তেনেতে তেওঁ পাল্লাত পৰিল এনে এক নাৰীৰ যিয়ে নিজৰ ধনী স্বামীক হত্যা কৰাই তেওঁৰ বীমাৰ পলিচিৰ সমুদায় ধন লাভ কৰিব বিচাৰে। আৰু, কেৱল সাধাৰণ মৃত্যু নহয়; দুৰ্ঘটনাজনিত মৃত্যুত বীমাৰাশিৰ দুগুণ ধন যে লাভ কৰে সেইটো তেওঁ জানি স্বামীৰ মৃত্যুক এক দুৰ্ঘটনাৰ ৰূপ দিবলৈ আমাৰ নায়কক পাচিলে।
আমাৰ নায়কেনো কিয় মানি ল’লে এনে এক বিষম প্ৰস্তাৱ? কাৰণ, নায়িকাই নায়কক নিজৰ দেহ-বল্লৰীৰে প্ৰেমৰ জালত বন্দী কৰি এক সুন্দৰ ভৱিষ্যতৰ সপোন দেখুৱালে। ক্ষুদ্ৰ উপাৰ্জনৰে আত্ম-বিশ্বাসহীনতাত ভোগা নায়কক এনে এক ৰোমহৰ্ষক ষড়যন্ত্ৰত ভৰি দিয়াবলৈ নায়িকাই নিজকে ব্যৱহাৰ কৰিছিল।
এই যে এইখিনিতে নায়িকাক আমি নানানটা বেয়া অভিধা দিবলৈ সাজু হৈছোঁ, তাৰ আগত কিন্তু আমি এবাৰো ভাবি চোৱা নাই যে নায়িকাইনো কিয় এনেকৈ নিজৰ ধনী স্বামীক হত্যা কৰাবলৈ আমাৰ নায়কক প্ৰলুব্ধ কৰাইছে।
আমি নায়ককো মূৰ্খ, অপেছাদাৰী, দুৰ্বল আদি নানানটা অভিধা দিছোঁ কাৰণ আমি তাৰ বাহিৰত একো চিন্তাই কৰিব পৰা নাই যে নায়কৰো এটা নিজৰ কাহিনী থাকিব পাৰে; নায়কৰো নিজৰ পক্ষত যুক্তি থাকিব পাৰে। নায়কে যে ভুল কৰিলে, কিয় কৰিলে, কি পৰিস্থিতিত কৰিলে আৰু হয়তো সেইটো পৰিস্থিতিত আমিও হয়তো সেই একেটা কামকে কৰিলোঁহেঁতেন— সেই কথাটো আমি দকৈ ভাবি চাবলৈ টান পাওঁ। কাৰণ, আমাক মনবোৰ সৰুৰেপৰা গঢ় দিয়া হৈছে এক নিৰ্দিষ্ট ধাৰণাৰ বশৱৰ্তী হ’বলৈ। ইংৰাজীত যাক কোৱা হয়— Stereotypic mind.
সাতে-সোতৰই মিলি আমি নিজৰ এটা ধাৰণা তৈয়াৰ কৰি ল’লোঁ যে কাহিনীটোত আচলতে বহু ভুল থাকি গ’ল আৰু পৰিচালকে ডাঙৰ এটা ভুল কৰিলে যে তেওঁ বেয়া মানুহ দুজনক অযথা গুৰুত্ব দি কাহিনীটো আগবঢ়াই নিলে।
জেমছ এম. কেইনৰ ডাবল ইনডেমনিটি নামৰ উপন্যাসিকাখনৰ আধাৰত বিলি ৱাইল্ডাৰৰ পৰিচালনাত ১৯৪৪ চনত মুক্তি পোৱা এই চিনেমাখনে সাতটা অস্কাৰ বঁটাৰ বাবে মনোনীত হৈছিল। এই চিনেমাখনক অপৰাধমূলক শিহৰণকাৰী চিনেমাবোৰৰ অনুকৰণীয় বুলি গণ্য কৰা হয় আজিও, আৰু সৰ্বকালৰ এক অন্যতম শ্ৰেষ্ঠ চিনেমা বুলিও গণ্য কৰা হয়। এইখিনিতে উল্লেখনীয় যে, হলীউডত অপৰাধমূলক কাহিনীৰ আধাৰত নিৰ্মিত বহু চিনেমাই শ্ৰেষ্ঠ চিনেমাৰ তালিকাত নামভুক্ত কৰি থৈছে, যিটো হয়তো আমি ৰোমাণ্টিক তথা ট্ৰেজিক চিনেমা চাই ভাল পোৱা ভাৰতীয়সকলে হজম কৰিবলৈ টান পাওঁ। ইয়াৰ কাৰণ এটাই যে, আমি এক stereotypic চিন্তাধাৰাৰে ‘সত্যৰ সদায় জয়’ক আগত ৰাখি কাহিনীটোৰ গতি ঠিক কৰোঁ, য’ত নায়ক-নায়িকা সদায় ভাল (তথাকথিত সামাজিক দস্তুৰত) আৰু খল-নায়ক সদায় মৃত্যুমুখত পৰে।
এই চিনেমাখন চাই থাকোঁতে দৰ্শকৰ বাবে নায়ক-নায়িকা খলনায়ক হৈ নুঠে, যদিও তেওঁলোকে যে তথাকথিত বেয়া কাম কৰি আছে, সেইটো বুজি উঠে। এইটোৱে চাগৈ পৰিচালকৰ বাহাদুৰি দৰ্শকক কাহিনীৰমতে লৈ যোৱাত। এই কাহিনীত খল-নায়ক হৈ উঠে নায়কে চাকৰি কৰা বীমা দাবীৰ পৰিচালকজনহে। কিয়নো তেওঁহে, গোটেই পৰিকল্পনাটোত আউল লগালে। যদিও তেওঁ নায়কৰ বন্ধু আছিল, বীমাৰ দাবীটোত তেওঁ কিছু বিসংগতি পাই ভালদৰে অনুসন্ধান কৰি বুজিলে যে নায়িকাৰ অৰ্থাৎ বীমা যাৰ কৰা হৈছিল তেওঁৰ পত্নীৰ কামত কিছু খেলি-মেলি আছে। ইতিমধ্যে কাহিনীত নায়িকাৰ সতীয়া জীয়েকৰ আৱিৰ্ভাৱ ঘটে আৰু নায়কে জীয়েকজনীক নায়িকাই সম্পত্তিৰ লোভত হত্যা কৰিব পাৰে বুলি সন্দিহান হৈ উঠে। শেষত, নায়কে বুজি উঠে যে নায়িকাই প্ৰেমৰ অভিনয়হে কৰি আছিল। শেষত নায়িকাই নায়কক গুলী কৰি দিয়ে আৰু নায়কে যেতিয়া পুনৰ গুলী কৰিবলৈ কয় নায়িকাই কৈ উঠে যে— মই তোমাক কোনোদিনে ভাল পোৱা নাছিলোঁ। কিন্তু তুমি প্ৰথম গুলীটো গা পাতি লোৱাৰ পাছতহে মোৰ তোমাৰ লগত প্ৰেম হৈছে। অৱশেষত নায়কে পিষ্টলটো কাঢ়ি লৈ নায়িকাক হত্যা কৰে আৰু নিজৰ কোম্পানীৰ কাৰ্য্যালয়লৈ গৈ সকলো কথা এটা বিশেষ ৰেকৰ্ডাৰ যন্ত্ৰত বীমা দাবী পৰিচালকজনৰ বাবে ৰেকৰ্ড কৰি প্ৰাণত্যাগ কৰে।
চাবলৈ গ’লে এক সাধাৰণ অপৰাধ কাহিনী। এনেকুৱা ঘটনা ঘটিয়ে থাকে সমাজত। কিন্তু প্ৰেমৰ ছলনাত ভৰি দি এজন সৰল ব্যক্তিয়ে কিদৰে অপৰাধ কৰিবলৈকো পিছ নোহোঁহকে আৰু সঁচা প্ৰেমে কিদৰে পাষাণ প্ৰতিমাৰ হৃদয়কো গলাব পাৰে, তাৰেই উপলব্ধি কৰায় দৰ্শকক এই চিনেমাখনে। প্ৰথমবাৰ এই চিনেমাখন চালে কাহিনীটোৱে এক শিহৰণকাৰী অপৰাধৰ পৰিণতি কি হয় তাৰ সোৱাদ দিয়ে। কিন্তু দ্বিতীয়বাৰ চালে, প্ৰেমেই যেন মূল উপজীৱ্য কাহিনীটোৰ— তেনেকুৱা অনুভৱ হ’ব। তৃতীয়বাৰত হয়তো দৰ্শকে নায়কৰ পৰিকল্পনাত ক’ত খুঁত থাকি গ’ল তাকে বিশ্লেষণ কৰিব আৰু তাক ঠিক কৰাৰ চেষ্টা কৰিব। চতুৰ্থবাৰত হয়তো দৰ্শকে কল্পনা কৰিব— নায়কে কিদৰে বাটৰ কাঁইট, সন্দেহবাদী বীমা দাবীৰ পৰিচালকজনক বিষ খুৱাই হত্যা কৰি নিজৰ ৰাস্তাৰপৰা আঁতৰ কৰিব পাৰিলেহেঁতেন। পঞ্চমবাৰত হয়তো নায়িকাই সকলো বৈষয়িক বাসনা এৰি নায়কৰ সঁচা প্ৰেমৰ খাতিৰত স্বামীক এৰি নায়কৰ লগত গুচি যোৱাৰ কল্পনা কৰিব।
এই যে পৰিচালকে দৰ্শকক বিভিন্ন কথা কল্পনা কৰিবলৈ সুযোগ দিছে বা বাধ্য কৰাইছে— তাতে তেওঁৰ দক্ষতা ফুটি উঠিছে। সাধাৰণ কাহিনী এটা বেলেগ এটা দৃষ্টিকোণেৰে উপস্থাপন কৰাৰ লগতে দৰ্শককো নিজা দৃষ্টিভংগীৰে চিনেমাখনৰ কাহিনীটো বিশ্লেষণ কৰাৰ বাবে সুযোগ দিয়াৰ ফলত এই চিনেমাখন কালজয়ী হৈ ৰ’ল।
মূল চৰিত্ৰসমূহ:
নায়ক: ফ্ৰেড মেকমুৰে
নায়িকা: বাৰবাৰা ষ্টেনউইক
খল-নায়ক: এডৱাৰ্ড জি. ৰবিনছন