তুমি

লেখক- - নূপুৰ হাজৰিকা

তুমি শব্দৰ মাজেৰে  ভাঁহি  অহা

 মোৰ মৌন প্ৰাৰ্থনা 

তুমি শব্দৰ মাজেৰে ঘূৰি অহা 

মোৰ ‍হেৰোৱা ছন্দ 

তুমি শব্দৰ মাজেৰে স্পৰ্শ কৰা 

মোৰ ঝংকাৰিত লয়

মোৰ বিমুৰ্ত আকাশত 

মুখৰিত গান তোমাৰ 

তুমি শব্দৰ মাজেৰে উৰি অহা 

প্ৰচণ্ড শক্তি 

মোৰ জ্বলি যোৱা ডেউকাৰ 

যাৰ ধপধপনিত কঁপি উঠিল 

পৰ্বত শিখৰ  

তুমি তোমাৰ শব্দৰ মাজেৰে উদ্ভাসিত 

মোৰ পোহৰ সম্ভাৱনা 

তোমাৰ পোহৰত 

নিষ্প্ৰভ হৈ আহে মোৰ এন্ধাৰ !

(মোৰ 

এই কাঠ হৈ অহা অস্তিত্ব 

অতৃপ্তিৰ প্ৰতিটো প্ৰহৰ 

তুমি কেনেকৈ জীয়াই তুলিছা 

চোৱা এবাৰ 

চুই চোৱা।)

___________

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments