দেউতাৰ হাতৰ ছাপটো; মূল ইংৰাজী গল্প –শাৰদ ৰায়
লেখক- প্ৰদীপ বৈশ্য
দেউতাৰ এতিয়া যথেষ্ট বয়স হৈছে। খোজবোৰ থৰক-বৰক হৈছে। ভাৰসাম্য নাথাকে বাবে খোজকাঢ়োঁতে তেওঁ প্ৰায়ে বেৰখনক সহায়ক হিচাপে ধৰি আগবাঢ়ে। কোঠাৰ বেৰখন এনেদৰে তেওঁৰ বাবে সহায়ক হৈ উঠিছে।
এইদৰে বেৰখনত ধৰি ধৰি খোজ কাঢ়োঁতে তেওঁৰ হাতৰ তলুৱাৰ ছাপ দেৱালখনত চকুত পৰাকৈ ৰৈ গৈছে। মোৰ পত্নীয়ে প্ৰায়েই কয় – “বেৰখন কিমান লেতেৰা দেখা গৈছে, কিবা এটা কৰক। ।”
মই নিমাত হৈ থাকোঁ, কিন্তু ভিতৰি ভিতৰি বিৰক্তি অনুভৱ কৰোঁ।
এদিন দেউতাই মূৰৰ বিষৰ বাবে চুলিত অলপ ডাঠ কিবা তেল লগাইছিল।
সেইদিনা আগৰদৰে খোজকাঢ়ি থাকোঁতে বেৰত হাত লাগি তেলৰ দাগ পৰিল।
সেইদিনা পত্নীৰ খঙটোৱে চুলিৰ আগ পালেগৈ। তেওঁ মোক ক’লে—”আপুনি কিবা এটা কৰে যদি কৰক। মোৰ সহ্যৰ বাহিৰত গৈছে কিন্তু।”
পৰিবাৰৰ উচতনিত মোৰো খঙ উঠিল। দেউতাক অলপ টানকৈ ক’বলৈ বাধ্য হ’লোঁ – “আপুনি বেৰখনত হাত নলগোৱাকৈ খোজ কাঢ়িবলৈ চেষ্টা কৰক।”
মোৰ কথাই দেউতাক ব্যথিত কৰিলে যেন অনুভৱ হ’ল। তেওঁ বহু সময়লৈ নিজ কোঠাতেই নিমাত হৈ থাকিল। কাৰোৰে লগত একো কথা-বতৰা নোকোৱা লক্ষ্য কৰিলোঁ।
সেইদিনাৰ পৰা দেউতাই বেৰখনৰ সহায় নোলোৱাকৈ যেনে-তেনে খোজকঢ়া আৰম্ভ কৰিলে।
কিন্তু এইদৰে একো সহায় নোলোৱাকৈ খোজকাঢ়োঁতে এদিন হঠাৎ উজুটি খাই পৰি গ’ল। ইয়াৰ পাছৰে পৰা দেউতা আৰু অধিক অসুস্থ হৈ পৰিল আৰু সঠিকভাৱে থিয় দিব নোৱাৰা হ’ল। বিছনাত কেইমাহমান পৰি থকাৰ পাছত দেউতাই আমাক চিৰদিনৰ বাবে এৰি থৈ গ’ল।
মই ভিতৰি ভিতৰি ভীষন অপৰাধবোধত ভুগিবলৈ আৰম্ভ কৰিলোঁ।
মই ভোগা অপৰাধবোধৰ কাৰণ আছিল- দেউতাক সিদিনা তেনেকৈ কটুভাবে নোকোৱা হ’লে হয়তো তেওঁ আজিও আমাৰ মাজত জীয়াই থাকিলহেঁতেন।
দেউতা আমাৰ মাজৰ পৰা বিদায় লোৱা বহুত বছৰ পাৰ হৈ গ’ল। ঘৰখনৰ বেৰবোৰ এতিয়া পুনৰায় ৰঙ দিয়াৰ সময় আহি পৰিছে।
ৰঙ দিয়া মিস্ত্ৰীজন আহি পোৱাত মোৰ সন্তানে তাৰ ককাকৰ হাতৰ চাপ এতিয়াও স্পষ্ট হৈ থকা বেৰখনলৈ চাই ক’লে – “এই আঙুলিৰ ছাপবোৰ মচি নিদিবা, এইবোৰ আমাৰ ককাৰ স্মৃতি।”
ৰঙ দিয়া মিস্ত্ৰীজন আৱেগিক হৈ পৰিল। তেওঁ ক’লে— “এই দাগবোৰ মই সজাই দিম, আৰু বিশেষ কৰি তুলিম। “
উক্ত মিস্ত্ৰীজনে কোৱা ধৰণেই তেওঁ দেউতাৰ হাতৰ উক্ত ছাপবোৰক এটা সুন্দৰ ডিজাইনলৈ ৰূপান্তৰ কৰিলে। লাহে লাহে উক্ত দেৱালখন আমাৰ ঘৰৰ এক গৌৰৱৰ বিষয় হৈ পৰিল।
আমাৰ ঘৰলৈ অহা প্ৰতিজন অতিথিয়ে মোহিত হৈ কয় – “এইটো এটা অনন্য আৰু হৃদয়স্পৰ্শী সজ্জা।”
সময়ৰ চকা ঘূৰি থাকে। এতিয়া ময়ো বুঢ়া হৈ পৰিছোঁ।
মোৰ দুই ভৰিৰ শক্তি কমিছে, খোজকাঢ়ি থাকোঁতে সহায়ক হিচাপে আজিকালি ময়ো বেৰখনক খামুচি ধৰিবলগীয়া হয়।
মই দেউতাক শুনোৱা কটু কথাবোৰ পুনৰ মনত পৰে। মনৰ ভিতৰত খেলি থকা অপৰাধবোধ পুনৰ সাৰ পাই উঠে। বেৰৰ সহায় নোলোৱাকৈ খোজ কাঢ়িবলৈ চেষ্টা কৰোঁ। কিন্তু তেনেদৰে চেষ্টা কৰিলেই মোৰ ল’ৰাটোই দৌৰি আহি কয়- “দেউতা, বেৰখন ধৰি থাকা, … যাতে তুমি ক’ৰবাত পৰি নোযোৱা।”
তাৰ কথা শুনাৰ লগে লগে মোৰ চকু দুটা চলচলীয়া হৈ যায়।
মোৰ আলফুলীয়া নাতিনীজনীয়ে তাইৰ সৰু হাত দুখনেৰে মোৰ হাতখনত ধৰি কয়- “ককা, বেৰখনত নধৰা কিয়? নহ’লে তুমি মোৰ কান্ধতেই ধৰি লোৱা…।”
মই ধৰোঁ-নধৰোঁকৈ তাইৰ কান্ধত হাতখন ৰাখিলোঁ। তাই লাহে-লাহে মোক চোফাখনৰ ওচৰলৈ লৈ আহিল।
তাইৰ বোধশক্তি দেখি মোৰ চকুলো ওলাই আহিল।
তাৰ পিছতেই তাই নিজৰ বহীএখন খুলি ল’লে। বহীখনৰ মাজতে আছিল এখন ছবি, তাই নিজহাতে অঁকা ছবি, মোৰ দেউতাৰ হাতৰ ছাপ, অবিকল বেৰখনত সংৰক্ষণ কৰি ৰখা হাতৰ ছাপবোৰৰ দৰে। তাৰ তলত লিখা আছিল—
”যদি প্ৰতিটো শিশুৱেই নিজৰ বয়োজ্যেষ্ঠসকলৰ বাবে ইমান সহায়ক হৈ পৰে, তেন্তে কোনো বুঢ়া মানুহ অকলশৰীয়া হ’ব নোৱাৰে।”
মই ভিতৰৰ কোঠালৈ গৈ দেউতাৰ স্মৃতিত কান্দি উঠিলোঁ। মোৰ অন্তৰাত্মাই বাৰে বাৰে কৈছে – মই দেউতাৰ ওচৰত ক্ষমাপ্ৰাৰ্থী। মই তিলতিলকৈ অনুভৱ কৰিব লৈছোঁ যে সময়ে কাকোকে ৰেহাই নিদিয়ে। পিতৃ-মাতৃৰ দৰে বয়োজ্যেষ্ঠসকলক সমৰ্থন কৰাটো আটাইতকৈ মহৎ কাম।
