ফকৰাৰ ফচল
লেখক- -- মৰমী ওজা ৰয়।
‘ডাল জোৰা দি’য়াত পাকৈত
চেনেহী চেনেল বাই
দেখা পালেই বহুতে সেয়ে
ফালৰি কাটি যায়।
সুযোগ বুজি এদিন মোৰ
কাষলৈ আহি ক’লে,
“ঢেঁকীয়ে সৰগলে
গ’লেও ধান বানে”
কথাফাঁকি আজিকালি
কিমানেনো মানে?
‘তিলটোকে তালটো কৰা’
স্বভাৱ মোৰ নাই
খবৰ এটা লওঁ বুলিহে
আহিছোঁ ওলাই।
ভ্ৰমণত ওলালেই
মনত সদায় ৰাখিবি,
ছাতি লাঠি তিয়নি
এৰিব লাগিলে
‘থিয়ৈ থিয়ৈ মৰিবি।’
আৰু এটা কথা
শুনাচোন বৰা!
আমাৰ ছোৱালীটি
‘দেখাতহে বুটী
কঠীয়া জেঠতে পৰা।’
মই বোলো, বাই!
কথা এষাৰ যে আছে
শুনিছানে নাই?
‘ধানটোৱে প্ৰতি কণটো
মানুহটোৱে প্ৰতি মনটো।’
বাৰু, যোৱা কথা গ’ল
তোমাৰ স্বভাৱ বাই
সলনি হ’বৰ হ’ল।
হওঁতে কথাষাৰ
ঠিকেই কৈছ বাৰু
থাকিমনো পিছে কেইদিন আৰু?
‘নক’লেও নোৱাৰি ফটা মুখ
ক’লেও লাগে ভকতৰ দোষ৷’
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments