বিদুৰভাই

লেখক- দেৱপ্ৰতিম হাজৰিকা

বিদুৰভাই— ! নামটো শুনিলেই আমাৰ মনটো চিধাই মুখে-মুখে থকা বেয়া শব্দ এটালে গুচি যায়, ভাবোঁ কিজানি সেই শব্দটোৰেই এইটো আন এটা ৰূপ। ‘বিদুৰভাই’ ৱেব ছিৰিজখন বহুত দিনলৈ চোৱা নাছিলোঁ। কাৰণ এই নামটোৱেই, ভাবিছিলোঁ কি অদ্ভুৎ নামৰ এইখন ছিৰিজ। পিছে যেতিয়া চাবলৈ আৰম্ভ কৰিলোঁ তেতিয়া একে বহাতে শেষ কৰিবলৈ বাধ্য হ’লোঁ। ছিৰিজখন শেষ কৰি সেই মেনেজাৰৰ ভাষাতেই কৈছিলোঁ ‘অপূৰ্ব।’

 

তাৰ পাছত অপেক্ষাত আছিলোঁ ছিৰিজটোৰ পাছৰ ছিজনলৈ। ভাবিছিলোঁ ৱেব ছিৰিজ যেতিয়া নতুন ছিজনেই ওলাব। কিন্তু নিৰ্দেশক সুব্ৰত কাকতি ওৰফে SUV ৰ মনে পাছৰ কাহিনীভাগ ছিজনৰ এপিছ’ড হিচাপে নহয় চিনেমা হিচাপেহে ৰাইজৰ ওচৰলৈ আগবঢ়ালে। ই আছিল এক কথাত মাষ্টাৰষ্ট্ৰোক। কাৰণ ‘বিদুৰভাই’ ৱেব ছিৰিজৰ জনপ্ৰিয়তালৈ চাই তেখেতেও গম পাইছিল যে চিনেমা হিচাপে ওলালে এইখনে অসমত ধুমুহাৰ সৃষ্টি কৰিব। আৰু সঁচা অৰ্থত বিদুৰভায়ে এতিয়া অসমৰ ছবিঘৰ বিলাকত ধুমুহাৰ সৃষ্টি কৰিছে।

 

চিনেমাখনত বৰ বিশেষ কোনো খ্যাতনামা বা ডাঙৰ অভিনেতা বা অভিনেত্ৰী নাই। ছিৰিজটো যেতিয়া ওলাইছিল তেতিয়া চিনাকি মুখ আছিল কেৱল ‘বেহাৰবাৰী আউটপোষ্ট’ ধাৰাবাহিকৰ বিউটি বাইলুং খ্যাত চুমকী কছাৰী। বাকী সকলো আছিল প্ৰায় অখ্যাত অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলী। তথাপি ইউটিউবত সহজতে উপলব্ধ হোৱা বাবে সকলোৱে চাবলৈ সুযোগ পালে আৰু ছিৰিজভাগলৈ অভাৱনীয় সঁহাৰি আহিল। তাতে আচুৰ্য বৰপাত্ৰৰ কণ্ঠৰ ‘বিদুৰভাই’ গীতটিয়ে ছিৰিজটোত সোণত সুৱগা চৰাইছিল। এই অভূতপূৰ্ব সঁহাৰি তথা জনপ্ৰিয়তাকে মূল ভেটি হিচাপে লৈ নিৰ্মাণ কৰা চিনেমাখনত তাৰপাছত প্ৰচাৰৰ কাৰণে বৰ বিশেষ কষ্ট কৰিবলগীয়া নহ’ল।

 

চিনেমাখনৰ কাহিনী ছিৰিজটোৱে এৰি যোৱাৰপৰাই আৰম্ভ হৈছে। কাহিনী সেই একেই, সহজ-সৰল গাঁৱলীয়া এক পৰিৱেশৰ মাজত আবদ্ধ কেইটিমান প্ৰাণী। তাৰ মাজতে অভাৱ-অনাটনে জুৰুলা কৰা তথা বিবেক আৰু আৱেগৰ মাজত বন্দী চাৰিটি প্ৰাণীৰ এটাই লক্ষ্য ‘অভাৱ-অনাটনবিলাক দূৰ কৰি এটা সুন্দৰ, সচ্ছল জীৱন-যাপন কৰা’। কিন্তু কথাতে কয় নহয় ভবা কথা নহয় সিধি, বাটত আছে কণা বিধি। আজিৰ কলুষিত সমাজ-ব্যৱস্থাত জানো নিজৰ লক্ষ্যত উপনীত হোৱাটো ইমান সহজ। চাৰিওফালে দেখোন ‘চোৰ’। সেই ‘চোৰ’বিলাকৰ উৎপাতত জানো আপুনি-মই শান্তিত থাকিব পাৰিম! সেই একেই পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ল এই চাৰিটি প্ৰাণী। চিনেমাখনে মুহূৰ্তে মুহূৰ্তে অতি কুশলতাৰে কৈ গ’ল আজিৰ পংগু সমাজ-ব্যৱস্থাৰ কথ। জনপ্ৰতিনিধি, আমোলা-বিষয়া, চৰকাৰী চিকিৎসালয়, চৰকাৰী কাৰ্যালয়ৰ ব্যৱস্থাসমূহ, ব্যক্তিখত খণ্ডৰ চিকিৎসালয়, ঠিকাদাৰ, আঁচনিসমূহ আদি প্ৰায় সকলো ব্যৱস্থাকে যেন চিনেমাখনৰ জৰিয়তে প্ৰশ্ন কৰা হৈছে “আপোনালোক সঠিক পথত আছে নে? নে সকলোকে ভেঙুচালি কৰি আগবাঢ়ি গৈয়ে থাকিব?”

 

চিনেমাখনে আপোনাক এই মুহূৰ্তত কন্দুৱাব যদি তাৰ ঠিক পাছমুহূৰ্ততে হঁহুৱাব। অতি সুন্দৰকৈ লিখা চৰিত্ৰকেইটা চিনেমাখনৰ প্ৰাণস্বৰূপ। মানুহে কয় নহয় আজিকালি প্ৰকৃত মেল ‘মদখোৱা স্থলী’তহে। কাৰণ মদকণ ডিঙিৰ তলত যোৱাৰ পাছতহে মনৰ কথাখিনি মুখেৰে বাহিৰ হয়, সাহসী হৈ পৰে; নতুবা সেই মনৰ কথা মনতেই থাকি যায়। সাঁচি গছৰ বাৰীৰ ৰখীয়াই ‘মদ খাই খোৱা কথাহে দেই, অমুকাক নক’ব’ কোৱাৰ দৰেই আজিৰ সমাজখন। কথা কোৱাটো ইমান সহজ নহয়, কাৰণ অতি সোনকালেই মানুহ অসন্তুষ্ট হয়, সঁচা কথাটো কেতিয়াও মুখত ক’ব নোৱাৰে, আপোনাৰ মুখখনৰ ওপৰত আপুনি আন এখন মুখা পিন্ধি থাকিব লাগিব। কাৰণ ‘গোবিন মহন্ত’ৰ দৰে লোক আজি বিৰল, যি প্ৰশংসা কৰি ক’বলৈ দিয়া অতিৰিক্ত টকাখিনি ব্যক্তিগৰাকীৰ সন্মুখতেই ওভতাই দিবলৈ কয়।

 

চিনেমাখনে কাহিনীৰ আঁৰে-আঁৰে ‘পুৰুষ ধৰ্ষণ’ৰ দৰে আজিৰ সমাজৰ এটা অতি স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আলোকপাত কৰিছে। এতিয়াও এই বিষয়টো আজিৰ সমাজ জীৱনত এটা taboo। যি পীড়িত তেওঁ সমাজত কেতিয়াও এই কথা নিজৰ পৰিয়াল বা বন্ধু-বান্ধৱৰ আগত খোলাকৈ ক’ব নোৱাৰে। পীড়িতই বাৰে বাৰে নিজকে ‘ধৰ্ষিতা’ বুলি কৈ আছিল, ‘ধৰ্ষিত’ বুলিও যে এটা শব্দ আছে তেওঁলোকৰ মনলৈ অহাই নাই। পুৰুষৰো যে ধৰ্ষণ হ’ব পাৰে সেয়া তেওঁলোকৰ বাবে কল্পনাৰো অতীত। চিনেমাখনতো বিষয়টো এটা taboo হিচাপেই চৰিত্ৰটোৰ জৰিয়তে উপস্থাপন কৰিছে। এটা গাঁৱলীয়া পৰিৱেশত বিষয়টো কেনেদৰে ভবা হ’ব তাকেই দেখুওৱা হৈছে চিনেমাখনত। কথাটো চিনেমাখনত ব্যংগ কৰি দেখুওৱা হোৱা নাই, কাৰণ সেই ঘটনা হৈ যোৱাৰ পাছত পীড়িতৰ মানসিক স্থিতি গা-ধোৱা ঘৰৰ দৃশ্যৰ জৰিয়তে সুন্দৰকৈ দেখুওৱা হৈছে। পীড়িত চৰিত্ৰটোৰ ওচৰৰ-পাজৰৰ যেনেধৰণৰ কথা-বতৰা ঠিক তেনেধৰণেই ভাষাতেই কথাটো লগৰকেইজনক কৈছে। কাৰণ বিষয়টো ইমান সহজ নহয়; সকলোৱে যিদৰে ভাবে ঠিক তেনেদৰে অন্যলোকে নাভাবিবও পাৰে বা নাভাবে। আৰু যদি বহুতে কোৱাৰ দৰে সেই দৃশ্যত দৰ্শকে হাঁহিছে, তেন্তে এই ‘পুৰুষ ধৰ্ষণ’ বিষয়টো যে এতিয়াও taboo সেই কথাই প্ৰমাণ হৈছে। এই ক্ষেত্ৰত নিৰ্দেশক কিন্তু সফল।

 

চিনেমাখনে দৰ্শকক আৰম্ভণিৰপৰা শেষলৈকে বান্ধি ৰাখিবলৈ সক্ষম হৈছে। ইয়াৰ মূলতে হৈছে ছিটুৱেছনেল কমেডি, অতি সুন্দৰ তথা মন-পৰশা সংলাপ, সুন্দৰ চিত্ৰনাট্য, সংগীত, কাহিনীৰ গতিশীলতা, দৰ্শকে নিজকে ৰিজাব পৰা আৰু অতি সৰলভাৱে উপস্থাপন কৰা এক কাহিনী। এই ক্ষেত্ৰত শলাগিব লাগিব নিৰ্দেশক সুব্ৰত কাকতিৰ লগতে চিনেমাখনৰ প্ৰতিজন অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীক। চৰিত্ৰসমূহৰ অভিনয় অতি বাস্তৱিক, কোনেও একো অতিৰঞ্জিত কৰিব বিচৰা নাই। য’ত যিমান লাগে সিমানেই কৰিছে, নাই কোনো নাটকীয় সংলাপ। সেয়েহে কাহিনীভাগ জী উঠিছে তেওঁলোকৰ অভিনয়ৰ জৰিয়তে। লগতে বিশেষভাৱে প্ৰশংসা কৰিব লাগিব কাহিনীক গতিশীলতা প্ৰদান কৰা প্ৰণয় দত্তৰ সংগীত।

 

চিনেমাখনৰে এটা বাৰ্তালাপ (সংলাপ) আপোনালোকৰ মাজলৈ আগবঢ়ালো— 

“মহাভাৰতৰ বিদূৰৰ কথা জান? শ্ৰীকৃষ্ণই দিয়া আটাইতকৈ শক্তিশালী ধেনুখন থকা সত্ত্বেও বিদুৰে পাণ্ডৱৰ হৈ যুঁ‌জিব নোৱাৰিলে…পৰিস্থিতিয়ে নক’লে, আৰু কৌৰৱৰ হৈয়ো যুঁ‌জিব নোৱাৰিলে…বিবেকে নক’লে। একেদৰে আমিও সেই বিদূৰৰ দৰেই…ভাল মানুহ হ’ব নোৱাৰিলোঁ….পৰিস্থিতিয়ে নক’লে, বেয়াও হ’ব নোৱাৰিলোঁ…বিবেকে নক’লে।” 

 

অতি সহজ কিন্তু ইয়াৰ গূঢ়াৰ্থ অতি গভীৰ। সঁচাই চিনেমাখনৰ চৰিত্ৰবিলাকৰ দৰেই বহু লোক আজি মহাভাৰতৰ সেই বিদূৰৰ দৰে। মাৰণাস্ত্ৰ নহ’লেও আমাৰ সকলোৰে হাতত বিভিন্ন ৰূপত শক্তিশালী অস্ত্ৰ আছে, কিন্তু বিদূৰৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবেই সময়ে সময়ে হৈ পৰোঁ ‘বিদুৰভাই’।

 

শেষত আকৌ মেনেজাৰৰ ভাষাতেই ক’ম চিনেমাখন ‘অপূৰ্ব’, সোনকালেই চাব নতুবা কোনোফালে নোহোৱা মহাভাৰতৰ বিদূৰৰ দৰেই আপুনিও হৈ পৰিব পাৰে ‘বিদুৰভাই’।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!