মই নাথাকিলে
লেখক- প্ৰভাকৰ শর্মা নেওগ
উৰুৱাই দিব পাৰা
মোৰ শৰীৰৰ প্রতি অণু পৰমাণু ইলেক্ট্ৰন প্ৰটন কোৱাৰ্ক
ছিন্ন-ভিন্ন কৰি মহাজগতত
বিজ্ঞানৰ কোনো অভিনৱ কৌশল প্রয়োগ কৰি।
অথবা,
তুলি দিব পাৰা মোক অগ্নিৰ উদগ্র কোলাত
পুৰি যাওক মোৰ অৰ্থহীন আবুৰ
দহি শেষ হৈ যাওক মোৰ লাজ লজ্জা অহং
পঞ্চভূতত লীন হৈ।
ধৰিত্ৰীও মোৰ মাতৃ
ওভোতাই দিব পাৰা মোক জন্মদাত্রী ধৰিত্ৰীৰ বুকুত
কীটেই খুলি খাওক মোৰ উঁই লগা ঘূণীয়া দেহা
সাৰ হৈ উজলি উঠক সেউজ।
মৌনতাও মোৰ পছন্দ৷
মৌনতাৰ বুৰুজতো পক্ষীৰ সংগত দিব পাৰা মোক
মোৰ আত্মা লৈ উৰি যাওক মাংসাহাৰী পক্ষী
নীলাত মিহলি হৈ৷
মই নাথাকিলে মোক
সাঁচিলে ৰাখিবা সাঁচি তোমাৰ মনত
নাৰাখিলেও কৈফিয়তৰ প্রয়োজন নাই,
কাৰণ সেইখিনিওতো শেষ হ’ব এদিন-
তোমাৰ লগত!
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments
