লা লা লেণ্ড ২০১৬

লেখক- মনালিছা পাঠক নেওগ

ডেমিয়েন চেজেলৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০১৬ চনৰ আমেৰিকান ৰোমাণ্টিক মিউজিকেল ছবি লা লা লেণ্ড। ছবিখনত ৰিয়ান গছলিঙে ‘চেবাষ্টিয়ান’ নামৰ এজন জাজ পিয়ানোবাদক আৰু এমা ষ্টোনে “মিয়া” নামৰ এগৰাকী উচ্চাকাংক্ষী অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছে। লছ এঞ্জেলছত নিজৰ সপোন খেদি ফুৰাৰ সময়ত দুয়ো প্ৰেমত পৰে।

চেবাষ্টিয়ানে (ৰিয়ান গছলিং) বাৰ আৰু ৰেষ্টুৰেণ্টত পিয়ানো বজায়। তেওঁৰ সপোন আছিল নিজাকৈ ক্লাব এটা খোলাৰ। মিয়াৰ (এমা ষ্টোন) সপোন আছিল এগৰাকী অভিনেত্ৰী হোৱাৰ আৰু তেওঁ কেফেত কাম কৰাৰ লগতে অডিচন দি থাকে। দুয়ো ঘটনাক্ৰমে লগ হয় আৰু প্ৰথম অৱস্থাত সংঘৰ্ষ হয়, যদিও শেষত দুয়োৰে মাজত ৰোমাণ্টিক সংযোগ গঢ় লৈ উঠে। তেওঁলোকে নিজৰ সপোন আৰু আকাংক্ষাৰ কথা ভাগ-বতৰা কৰে আৰু চেবাষ্টিয়ানে মিয়াক নিজৰ সপোন দিঠকত পৰিণত কৰিবলৈ উৎসাহিত কৰে। তেওঁলোকৰ সম্পৰ্ক গভীৰ হোৱাৰ লগে লগে চেবাষ্টিয়ানে এটা সফল জাজ বেণ্ডত যোগদান কৰাৰ প্ৰস্তাৱ পায়, কিন্তু নিজাকৈ ক্লাব খোলাৰ সপোনৰ লগত আপোচ কৰিব লগা অৱস্থা হয়। ইফালে মিয়া অভিনেত্ৰী হিচাপে বাৰে বাৰে প্ৰত্যাখ্যানৰ সন্মুখীন হয়। নিজৰ ব্যক্তিগত উচ্চাকাংক্ষা আৰু সপোন খেদি যোৱাৰ লগে লগে দুয়ো প্ৰেমৰ সম্পৰ্ক ত্যাগৰ পৰীক্ষাত অৱতীৰ্ণ হয়। শেষত তেওঁলোকে এটা তিতা-মিঠা পথ বাছনি কৰে, যিয়ে তেওঁলোকৰ জীৱনৰ গতিপথ চিৰদিনৰ বাবে সলনি কৰি পেলায়। এক মৰ্মান্তিক প্ৰেম কাহিনী, যিয়ে নিজৰ সপোনক অনুসৰণ কৰাৰ বাবে ত্যাগৰ পথত বাট বুলিব লগা হয়।

এই ছবিখন ক্লাছিক হলিউড সংগীতৰ আধুনিক ৰূপ। য’ত জাজ, ৰোমাঞ্চ, আৰু নাটকৰ সংমিশ্ৰণ হৈছে। ইয়াত সুন্দৰ নৃত্য, স্মৰণীয় গীত যেনে “চিটি অৱ ষ্টাৰছ” আৰু ‘আনাদাৰ ডে অৱ ছান’ আজিও জনপ্ৰিয়। ‘লা লা লেণ্ড’এ সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰিছিল। অভিলেখ ভংগকাৰী ১৪টা একাডেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰে আৰু এমা ষ্টোনে শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ অভিনেত্ৰীকে ধৰি ৬টা বঁটা লাভ কৰে।

ছবিখনত ৰিয়ান গছলিং আৰু এমা ষ্টোনে বেছিভাগ গানত নিজে কণ্ঠদান কৰিছিল আৰু নৃত্য পৰিচালনাও নিজেই কৰিছিল। ছবিখনৰ আইকনিক আৰম্ভণিৰ দৃশ্য ‘আনাডাৰ ডে অৱ ছান’ৰ শ্বুটিং ১০০ জনতকৈ অধিক নৃত্যশিল্পীৰ সৈতে একে বাৰতে সম্পূৰ্ণ কৰা হৈছিল।

 ‘লা লা লেণ্ড’ৰ এটা অনন্য দিশ হ’ল সপোন খেদি যোৱাৰ ফলস্বৰূপে হোৱা ত্যাগ। চেবাষ্টিয়ান আৰু মিয়া দুয়োজনেই নিজৰ আবেগক অনুসৰণ কৰাৰ সময়ত প্ৰত্যাহ্বান আৰু বিপৰ্যয়ৰ সন্মুখীন হয় আৰু ছবিখনে দেখুৱাইছে যে তেওঁলোকৰ ব্যক্তিগত উচ্চাকাংক্ষাৰ দ্বাৰা তেওঁলোকৰ সম্পৰ্ক কেনেদৰে প্ৰভাৱিত হয়। ছবিখনে লছ এঞ্জেলছ চহৰৰ সৌন্দৰ্য্য আৰু মনোমোহতাক আচৰিত ধৰণৰ চিনেমেট’গ্ৰাফী আৰু স্মৰণীয় স্থানৰ জৰিয়তে প্ৰদৰ্শন কৰে।

‘লা লা লেণ্ড’এ প্ৰেম আৰু সফলতাৰ বাবে কৰা বাছনিসমূহৰ বিষয়েও অন্বেষণ কৰে। চেবাষ্টিয়ান আৰু মিয়াই এনে সিদ্ধান্তৰ সন্মুখীন হয়, যিয়ে তেওঁলোকৰ সম্পৰ্কক পৰীক্ষা কৰে আৰু তেওঁলোকক নিজৰ অগ্ৰাধিকাৰ পুনৰ মূল্যায়ন কৰিবলৈ বাধ্য কৰে। ছবিখনৰ সামৰণি তিতা-মিঠা হ’লেও আমাৰ আবেগৰ বাবে আমি কৰা ত্যাগ আৰু সপোনক ধৰি ৰখাৰ গুৰুত্বৰ ওপৰত এক মৰ্মান্তিক মন্তব্য দাঙি ধৰিছে। ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!