শনিবৰীয়া বজাৰৰ কথাৰে
লেখক- :- হিমাদ্ৰী চাংমাই
ডিব্ৰুগড় জিলাৰ জয়পুৰ শিক্ষাখণ্ডৰ এখন প্ৰাথমিক বিদ্যালয় – পোৱালী পথাৰ প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনৰ এটা বিশেষত্ব হ’ল – ইয়াত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰায়োগিক শিক্ষণৰ প্ৰতি লক্ষ্য ৰাখি মাজে-সময়ে শনিবাৰৰ দিনটোত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰাই আয়োজন কৰা হয় এখন শনিবৰীয়া বজাৰ৷ টিংখাং – ৰাজগড় সংযোগী মূল ৰাস্তাৰ পৰা দুই কিঃমিঃ অতি শোচনীয় বোকা ৰাস্তাৰে দৈনিক বিদ্যালয়লৈ অহা কণ কণ শিশুসকলক ইয়াতে সপোন দেখিবলৈ শিকোৱা হয়।
আচলতে বিভাগৰ ফালৰ পৰা চৰকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকললৈ কিছুমান শিকণ সমল [TLM] যোগান ধৰে। তাৰে কিছুমান সমল আছিল অবিকল কাগজী নোট আৰু কিছু মুদ্ৰা। যিবোৰৰ ব্যৱহাৰেৰে ছাত্ৰ-ছাত্ৰীয়ে টকা-পইচাৰ হিচাপ শিকিব পাৰে। এই টকা-পইচাসমূহৰ ব্যৱহাৰ প্ৰায়োগিক অৰ্থত শিকিবৰ বাবেই আচলতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা হ’ল এখন ক্ষুদ্ৰ শনিবৰীয়া বজাৰ।
শনিবাৰৰ দিনটোত – [যিটো দিনত বজাৰ ‘বহাৰ কথা’ হয় ], ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহীসকলে ঘৰৰ পৰা সুন্দৰকৈ বজাৰত ক্ৰয় বিক্ৰয়ৰ বাবে বিভিন্ন ঘৰুৱা শাক-পাচলি আৰু বাৰিষাৰ দিনকেইটাত জীয়া মাছ, শুকান মাছ আদিও বজাৰলৈ লৈ আনে। নিজৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল, চুবুৰীয়া ৰাইজেও আহি ক্ৰয়- বিক্ৰয়ত অংশ লয়।
বিদ্যালয়ৰ এই বজাৰখনৰ পৰিৱেশ বৰ সুন্দৰ। তেনেই সতেজ, সেউজীয়া বিভিন্ন শাক-পাচলিৰে বজাৰ ভৰি পৰে। বজাৰখনৰ আলম লৈ বিদ্যালয়ত প্ৰতি সপ্তাহতে বেলেগ বেলেগ দিশৰ পাঠদানৰ ব্যৱস্থা কৰা হয়। কোনো সপ্তাহত প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বিক্ৰেতা হিচাপে আৰু দ্বিতীয় শ্ৰেণীক গ্ৰাহক হিচাপে বজাৰত অংশ লবলৈ দিয়া হয়। একেদৰে কোনোবা সপ্তাহত বিদ্যালয়ৰ ওপৰৰ ছাত্ৰই কোনো এটা তলৰ শ্ৰেণীৰ শিক্ষাৰ্থীক লগত লৈ প্ৰতিবিধ বস্তুৰ নামৰ সতে চিনাকি কৰি দিয়ে। কোনো সপ্তাহত সেই সামগ্ৰীবোৰৰ ইংৰাজী নামৰ সতে চিনাকি কৰি দিয়ে। কোনোটো সপ্তাহত বজাৰৰ গ্ৰাহক আৰু বিক্ৰেতা হোৱা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কথোপকথনৰ ভাষা ইংৰাজীত বাৰ্তালাপ কৰিবলৈ দিয়া হয়।
এই বজাৰখনৰ পৰা বিশেষকৈ শিক্ষাৰ্থীসকল উপকৃত হৈছে বিভিন্ন বস্তুৰ ওজনৰ পৰিমাণ অনুযায়ী দামৰ বিতৰণ কৰাত, টকা-পইচাৰ যোগ-বিয়োগত, বিশেষকৈ মৌখিক গণিতৰ ক্ষেত্ৰত এই কাৰ্যটোৱে শিক্ষাৰ্থীসকলক পাকৈত কৰি তুলিছে। বজাৰখনৰ সুবিধাতে বৰ্তমান বিদ্যালয়লৈ চুবুৰীয়া ব্যক্তিসকলৰ লগতে অভিভাৱকসকলৰো আহ-যাহ বাঢ়িছে আৰু বিদ্যালয়খনৰ সতে তেওঁলোকৰ সু-সম্পৰ্ক আৰু সঘন যোগাযোগ বৃদ্ধি পাইছে। শিক্ষাৰ অগ্ৰগতিৰ ক্ষেত্ৰত ই বিদ্যালয়খনৰ বাবে এক পৰম শুভলক্ষণ।
সামাজিক মাধ্যমত বজাৰখনৰ কথাবোৰৰ লগতে ৰঙীণ আৰু মনোমোহা ছবিবোৰ প্ৰকাশ হোৱাৰ পাছত বিভিন্ন আগ্ৰহী চুবুৰীয়া বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰীসকলেও শিক্ষাৰ্থীসকলৰ কাম-কাজ চাবলৈ আহিছে। ইয়ে শিক্ষাৰ্থীসকলক বিভিন্নজন বেলেগ বেলেগ শিক্ষকৰ সতে কথা পতাৰ সুবিধা কৰি দিছে। সামাজিক মাধ্যমৰ যোগেদিয়ে এই কথাবোৰ দেখা পাই বৰ্তমানলৈকে দুটা ইউটিউব চেনেলৰ যোগেদি ইয়াৰ ইতিবাচক দিশবোৰ দেখুওৱাৰ দিহাও চেনেল কেইটাই কৰি দিছে। অৱশ্যে পৰৱৰ্তী সময়ত অসমৰ প্ৰায়কেইটা সংবাদ মাধ্যমে এই বজাৰখনক লৈ বাতৰি পৰিৱেশন কৰাৰ অনুমতি বিচাৰিছিল যদিও শিক্ষাৰ্থীসকলৰ শৈক্ষিক আৰু মানসিক দিশটোলৈ লক্ষ্য ৰাখি বিদ্যালয় কৰ্তৃপক্ষই এই কাৰ্যৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকে।
সামাজিক মাধ্যমত অলোচনাঃ-
সামাজিক মাধ্যমত সবৰ্ত্ৰে চৰ্চা হোৱা আমাৰ এই বজাৰখনে বহুজনৰ দৃষ্টি আকৰ্ষণ কৰি বহুজনক আগ্ৰহী কৰিছে। তাৰ মাজৰে বহুজনে শিশু অৱস্থাৰ পৰাই ইয়াৰ যোগেদি স্বাৱলম্বিতা শিকোৱাৰ কথা কৈছে। বহুজনে কৈছে জাতীয়তাবাদৰ কথা। বহুজনে কৈছে প্ৰকৃত অসমীয়াগিৰিৰ কথা। বহুজনে ঠাট্টাও কৰিছে-“এই কামবোৰ কেৱল প্ৰথম কেইদিনহে কেমেৰাৰ আশাত ভালকৈ কৰি দেখুৱাব।”
উক্ত সকলো কথাৰ স্পষ্টীকৰণ দি থকাৰ বিশেষ প্ৰয়োজন নাই বুলি ভাবি আমি বিশেষ কোনো কথাৰ অৱতাৰণা আজি পৰ্যন্ত কৰা নাই। কিন্তু, বজাৰখনক লৈ প্ৰস্তুত কৰা এই লেখাটোত আমি ক’বই লাগিব যে প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা ছয়ৰ পৰা দহ বছৰ বয়সীয়া শিশু এটাক আপুনি বা মই জাতীয়তাবাদ শিকাবলৈ যোৱাটো অযুক্তিকৰ কথা। পখিলা খেদি, বোকা খচি ভালপোৱা আমাৰ গাঁৱৰ সৰু সৰু ল’ৰাবোৰক এতিয়াই অসমীয়াগিৰি শিকাবলৈ যোৱাটো অযুক্তিকৰ কথা। আম এটা পালেও চিকুটি চিকুটি ভগাই খোৱা কণমানিহঁতক স্বাৱলম্বিতাৰ পাঠ এই বয়সত পঢ়ুৱাবলৈ হোৱা নাই। জাতীয়তাবাদ, অসমীয়াগিৰি আৰু স্বাৱলম্বিতা শব্দকেই্টাৰ আগত আচলতে আমি অসমীয়া জাতিটোৱে লাজ পোৱা উচিত। এই সময়ত এই কণ কণ শিশুহঁতক সেইখন জগতলৈ নিয়াৰ কথা সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ বহুজ্ঞানী লোক সকলেহে ভাবিব পাৰে। আমি দিনে-নিশাই কণমানিবোৰৰ মাজৰ পৰা বানান, উচ্চাৰণ, বৰ্ণমালা, হাতৰ আখৰ, নৈতিক শিক্ষাৰ লগতে মাতে-কথাই ভাল শিক্ষাৰ্থী এজন তৈয়াৰ কৰাৰ কথা চিন্তা কৰি মগজু ঘমাই থকা শিক্ষকে সেইবোৰ কথাত মগজু ব্যয় কৰিবলৈ আগ্ৰহ অনুভৱ নকৰোঁ। এই সময়ত পোৱা শিকণে সময়ত তেওঁলোকক এজন পৈণত মগজুৰ অধিকাৰী কৰিব বুলি আমি আশাবাদী।
সবৰ্ত্ৰে কেমেৰা আৰু সংবাদ মাধ্যমে লেকেটা লগাদি লাগি থকা আমাৰ সমাজখনত এতিয়া কেমেৰাৰ পৰা সাৰি থাকিব পৰাটো আমাৰ বিদ্যালয়ৰ এটা কৃতিত্ব। বহু বিদ্যালয়ৰ বহু কথা নিতে বাতৰিত দেখি থকাৰ পাছত এটা কথাই কওঁ – দিনে পুৱাৰ পৰা আবেলিলৈকে জীৱন জীয়াৰ কচৰৎ কৰি থকা, মানুহ হ’বলৈ কচৰৎ কৰি থকা এই শিশুসকলে সংবাদ মাধ্যমে সামান্য প্ৰতিবেদন এটাৰে প্ৰকাশ কৰিব নোৱাৰাকৈ বিভিন্ন কামত নিজক ব্যস্ত ৰাখে। এওলোকৰ বাবে আমাৰ ম’বাইল, নিজৰ সামাজিক পৃথিৱী, নিজস্ব সামাজিক মাধ্যমেই নিজক প্ৰকাশ কৰাৰ উত্তম আহিলা। বিদ্যালয়খনত কেৱল ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ স্বাৰ্থতহে কাম কৰি থকা হয়। কোনো ৰেকৰ্ড বুকত উঠিবলৈ, কোনো পুৰস্কাৰ পাবলৈ বা কোনো সংবাদ মাধ্যমৰ যোগেদি টি.ভি.ত ওলাবলৈ আমাৰ এই কচৰৎ নহয়।
সামৰণিত কওঁ-আমি বোকা খচি খচি জীয়াই থকা মানুহ। কোনো সদাশয় ব্যক্তিৰ দুষাৰ কথাত আমাৰ জীৱনৰ সময়বোৰ সলনি নহয় বুলি আমি জানো। আমাৰ জীৱনৰ এই কথাবোৰ সলাবলৈ আমি এই অসুস্থ ৰাজনীতি আৰু সমাজনীতিৰ বতাহে চানি ধৰা চৌপাশত নিজে মনে মনে কষ্ট কৰি থাকিব লাগিব বুলিও জানো। সেই কষ্টৰ বাবেই সদায় সাজু আমাৰ বিদ্যালয়খন। সেই কষ্টৰ বাবেই সদায় সাজু আমাৰ এই – পোৱালী পথাৰ প্ৰাথমিক বিদ্যালয়।