হাৰ্মান হেচেৰ “সিদ্ধাৰ্থ”ৰ ১০০ বছৰ ; মূল: ডিউট্চ ৱেল

লেখক- অনুবাদ: দ্বীপেন শৰ্মা

এজন ভাৰতীয় লোকৰ আধ্যাত্মিক যাত্ৰাৰ বিষয়ে যেতিয়া পোনপ্ৰথমে এখন উপন্যাস প্ৰকাশ পালে, তেতিয়া ই কোনো প্ৰভাৱ পেলাব পৰা নাছিল বুলিবই পাৰি। পিছে কেইদশক মান পাছত এইখনেই লাখ লাখ পঢ়ুৱৈক আত্মানুসন্ধানৰ বাটেদি যাত্ৰা কৰিবলৈ অনুপ্ৰাণিত কৰে। 

“সিদ্ধাৰ্থ” হৈছে বুদ্ধৰ সৈতে একে নামৰ এজন ডেকা ল’ৰাৰ আধ্যাত্মিক যাত্ৰাৰ এটি কাহিনী। হাৰ্মান হেচেৰ উপন্যাসখনৰ পটভূমি ষষ্ঠ শতিকাৰ কপিলাবাস্তু নগৰ (এতিয়াৰ নেপালত)–যিখন হৈছে বুদ্ধ নামেৰে প্ৰখ্যাত সিদ্ধাৰ্থ গৌতমৰ জন্মভূমি। কাহিনীটোৰ মুখ্য চৰিত্ৰ সিদ্ধাৰ্থৰ জন্ম হয় এটি আঢ্যৱন্ত হিন্দু ব্ৰাহ্মণ পূজাৰী পৰিয়ালত। যদিও শাস্ত্ৰসমূহে আত্মা আৰু ইয়াৰ অমৰত্বৰ বিষয়ে ব্যাখ্যা আগবঢ়াইছিল, সিদ্ধাৰ্থ পিছে তেনেদৰে অমৰ হোৱা লোকক লগ পাবলৈহে আগ্ৰহী আছিল। ৰাজভোগ পৰিত্যাগ কৰা বুদ্ধৰ দ্বাৰা অনুপ্ৰাণিত হৈ সিদ্ধাৰ্থয়ো বিলাসী জীৱন এৰি থৈ জীৱনৰ অৰ্থ বিচাৰি তেওঁৰ প্ৰিয় বন্ধু গোৱিন্দৰ সৈতে যাত্ৰা আৰম্ভ কৰে। 

এজন ভাৰতীয় লোকৰ আধ্যাত্মিক যাত্ৰাৰ বিষয়ে এই উপন্যাসখন প্ৰকাশ হোৱাৰ কেইদশক মান পাছত ই পৰম্পৰা নমনা নতুন চামৰ প্ৰিয় পুথি হৈ পৰে। 

আধ্যাত্মিক ভাৰতৰ ধাৰণা: মোক্ষপ্ৰাপ্তিৰ সন্ধান কৰি থকা এজন ব্ৰাহ্মণ ল’ৰাৰ বিষয়ে লিখা হেচেৰ এই কাহিনীটো সেই সময়ত ভাৰতৰ বিষয়ে অধ্যয়ন কৰি থকা ভাৰত-তত্ত্ববিদ নামে জনাজাত পশ্চিমীয়া গৱেষকসকলৰ ভাৰতৰ বিষয়ে গঢ় লৈ উঠা ধাৰণাৰ আধাৰত প্ৰতিষ্ঠিত। তেওঁলোকৰ দৰে হাৰ্মান হেচেৰো প্ৰাচীন আধ্যাত্মিক ভাৰতৰ বিষয়ে আদৰ্শমূলক মনোভাৱ আছিল। হাৰ্মান হেচে তথা তেখেতৰ পুথিসমূহৰ বিষয়ে বিশদ গৱেষণা কৰা দিল্লী বিশ্ববিদ্যালয়ৰ জাৰ্মান অধ্যয়ন বিভাগৰ শিক্ষয়িত্ৰী জ্যোতি চাভাৰৱালৰ মতে “ইয়াৰ বীজ ৰোপিত হৈ আছে জাৰ্মান ৰোমাণ্টিচিজম আৰু বেদৰ সময়ৰ ধ্ৰুপদী ভাৰত তথা ৰোমাণ্টিক হিন্দুত্ববাদত।” 

১৯১১ চনত যেতিয়া হাৰ্মান হেচে ভাৰত ভ্ৰমণলৈ বুলি ওলাইছিল, তেতিয়া তেওঁৰ মুখ্য চৰিত্ৰ সিদ্ধাৰ্থৰ দৰে তেওঁ নিজে এটি আধ্যাত্মিক জিজ্ঞাসা অনুভৱ কৰিছিল। দক্ষিণ জাৰ্মানীৰ Baden-Württemberg ৰ অন্তৰ্গত Calw নামে ঠাইত এটি প্ৰটেষ্টাণ্ট পৰিয়ালত কঠোৰ অনুশাসনৰ মাজত ডাঙৰ-দীঘল হোৱা সত্ত্বেও ভাৰতখন তেওঁৰ বাবে স্বাভাৱিকতেই পচন্দৰ যেন হৈ পৰিছিল–এই ব্যাখ্যা আগবঢ়াইছে সম্প্ৰতি পশ্চিমবংগৰ শান্তি নিকেতনত বসবাস কৰি থকা জাৰ্মান পণ্ডিত আৰু হাৰ্মান হেচে তথা আন ইউৰোপীয় ভাৰত-তত্ত্ববিদৰ বিষয়ে ভালেকেইখন কিতাপ লিখা মাৰ্টিন কাঁপশ্বেই। 

হাৰ্মান হেচেৰ পৰিয়ালৰ আচলতেই ভাৰতৰ সৈতে সম্পৰ্ক আছিল–ককাক হাৰ্মান গাডাৰ্তে মিছনাৰীৰূপে কৰা ভ্ৰমণবোৰৰ মাজৰে এবাৰত হেচেৰ মাক উপজিছিল দক্ষিণ ভাৰতৰ কেৰালাত। প্ৰটেষ্টাণ্ট খ্ৰীষ্টান মিছনাৰী ককাকে মাথোন মালায়ালম ভাষা শিকাই নহয়, লগতে এখন অভিধান আৰু মালায়ালম ব্যাকৰণৰ বিষয়ে এখন কিতাপো লিখিছিল। 

সিদ্ধাৰ্থ”ৰ সৃষ্টি: হেচেই ১৯১১ চনত তেওঁৰ যাত্ৰা আৰম্ভ কৰোঁতে জাভা, বালী আৰু শ্ৰীলংকা ভ্ৰমণ কৰাৰ পাছত দক্ষিণ ভাৰততো ফুৰি-চাকি তাৰ পৰা পোনে পোনে ঘৰ অভিমুখে ইউৰোপলৈ উভতিব বুলি আশা কৰিছিল। পিছে ইণ্ডোনেছীয় দ্বীপপুঞ্জ ভ্ৰমণ কৰাৰ পাছতেই পেটৰ গুৰুতৰ ৰোগে তেওঁৰ অৱস্থা কাহিল কৰাত তেওঁ দক্ষিণ ভাৰত ভ্ৰমণৰ ইচ্ছা সিমানতে সামৰিব লগা হয়। 

কাঁপশ্বেৰ ব্যাখ্যা অনুসৰি হেচেৰ ভ্ৰমণটোৱে তেওঁক আশ্চৰ্যচকিত কৰাৰ লগতে হতাশো কৰে, কিয়নো লেখকজনে তেওঁৰ ইণ্ডোনেছিয়া অথবা শ্ৰীলংকা ভ্ৰমণ কালত ভাৰতৰ আদৰ্শমূলক ৰূপ এটা বিচাৰি পোৱা নাছিল (যিহেতু হেচেৰ দৃষ্টিত এই ঠাইবোৰ ভাৰতৰ অংশ আছিল)। 

কাঁপশ্বেই আৰু কৈছিল যে হেচেৰ সেই অনুভৱ লাহে লাহে শাম কাটিছিল। 

হেচেই অৱশেষত বিশ্বাস কৰিবলৈ লৈছিল যে “প্ৰকৃত ভাৰতখন আছিল ইয়াৰ দৰ্শনত, ইয়াৰ তপস্যাত, ইয়াৰ জীৱন সম্বন্ধীয় গভীৰ চিন্তা-ভাবনাত।”–এনেদৰে কৈছিল কাঁপশ্বেই। হেচেই বিশ্বাস কৰিছিল যে জাৰ্মান ৰমন্যাসবাদীসকলৰ দৰে প্ৰাচ্যৰ দৰ্শনেও পশ্চিমীয়া সমাজৰ আধ্যাত্মিক অৱক্ষয়ৰ সমস্যাসমূহ সমাধান কৰিব। “হিন্দু আৰু বৌদ্ধ পদ্ধতিত” তপস্যাৰ এটি ধৰণ গঢ়ি তোলা এই অৱধাৰণাটোকেই তেওঁ তেওঁৰ কিতাপখনত তুলি ধৰিবলৈ বিচাৰিছিল। এই ধাৰণাটোৱে হেচেৰ চিৰন্তন সত্যৰ অন্বেষণৰো ইংগিত দিয়ে। 

প্ৰতি-সাংস্কৃতিক বিক্ষোভৰ এখন কিতাপ: ১৯২২ চনৰ শৰৎ কালত “সিদ্ধাৰ্থ” প্ৰকাশ পাওঁতে ইয়াক সঠিককৈ বিফলতা বুলিও ক’ব পৰা নগৈছিল, কিন্তু লগে লগেই ই বিশেষ জনপ্ৰিয়তাও লভা নাছিল। জাৰ্মানীৰ সাহিত্যিক গোষ্ঠীসমূহৰ একাংশই এইখনক আৱেগপ্ৰৱণ আৰু তৰল বুলি অভিহিত কৰিছিল। 

জ্যোতি চাভাৰৱালৰ মতে কেইদশকমান পাছত হিল্ডা ৰৌজনাই কৰা ইংৰাজী অনুবাদ প্ৰকাশ পোৱাৰ পাছতেই কিতাপখনে বিশ্বজোৰা জনপ্ৰিয়তা অৰ্জন কৰে। তেওঁৰ মতে, উত্তৰ আমেৰিকা আৰু এছিয়ালৈ বিয়পি পৰা ১৯৬০ৰ দশকৰ ছাত্ৰ আন্দোলনৰ পাছতেই কিতাপখন জনপ্ৰিয় হৈ পৰে। 

ই পৰিৱৰ্তনকামী নতুন প্ৰজন্মৰ আৰু ভিয়েটনাম যুদ্ধ তথা পিতৃ-মাতৃৰ ৰক্ষণশীল নিয়মৰ বিৰোধিতা কৰা যুৱচামৰ বিশেষ অনুৰাগৰ পৰ্যায় পায়গৈ। তেওঁ আৰু কয়–“আন্তৰ্জাতিক পৰ্যায়ত ই আছিল এনে এটা গদ্য, যি ৬০ আৰু ৭০ৰ দশকৰ প্ৰতি-সাংস্কৃতিক বিক্ষোভৰ এখন উপন্যাস হৈ পৰে।” 

ইয়াৰ পাছতেই “ৰ্সিদ্ধাৰ্থ“ই তিম’থি লিয়েৰিৰ “দ্য চাইকেডেলিক এক্সপেৰিয়েন্স–এ মেনুৱেল বে’ছড অন দা টিবেটান বুক অব দা ডেড” (১৯৬৪), এলান ৱাটচ্চৰ “দা ৱে অব জেন” (১৯৫৭) অথবা জেক কাৰোৱাকৰ “অন দা ৰোড” (১৯৫৭) ৰ দৰে আন হিপ্পী গ্ৰন্থৰ পৰ্যায়ৰ মৰ্যাদা লাভ কৰে। 

ভাৰতত “সিদ্ধাৰ্থ”: দিল্লী বিশ্ববিদ্যালয়ৰ গৱেষক চাভাৰৱালৰ মতে, ১৯২২ চনত ইয়াৰ প্ৰকাশৰ ঠিক পাছতেই ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ জাৰ্মান ভাষা অধ্যয়নৰ বিভাগসমূহে পাঠ্যপুথিৰ তালিকাত “সিদ্ধাৰ্থ”ক অন্তৰ্ভুক্ত কৰিবলৈ আৰম্ভ কৰে। (জাৰ্মান ভাষা অধ্যয়নৰ প্ৰথমটো বিভাগ ভাৰতত স্থাপিত হয় ১৯১৪ চনত, পশ্চিম ভাৰতৰ পুনে বিশ্ববিদ্যালয়ত।)

ইংৰাজী সংস্কৰণ প্ৰকাশ পোৱাৰ পাছত ভাৰতত ইয়াৰ বিক্ৰী উৰ্দ্ধমুখী হ’বলৈ ধৰে। উপন্যাসখনৰ ভিত্তিত ১৯৭২ চনত কৰা চিনেমাৰ অভিযোজনায়ো সমানে জনপ্ৰিয়তা লভিছিল। মাৰ্কিন চিত্ৰ-নিৰ্মাতা কনৰাড ব্ৰুকছে পৰিচালনা কৰা ইংৰাজী ভাষাৰ চিনেমাখনত ভাৰতীয় অভিনেতা শশী কাপুৰ, চিমি গাড়ৱাল আৰু ৰমেশ কাপুৰে অভিনয় কৰিছিল। 

২০০৫ চনত কেৰালাৰ থালাচ্চেৰীত “হাৰ্মান হেচে ছ’চাইটি” স্থাপন হোৱাৰ পাছতেই শেহতীয়াকৈ কিতাপখনৰ অনুবাদৰ জোৱাৰ উঠিছে। মালায়ালম, পাঞ্জাবী, গুজৰাটী, উৰ্দু, বাংলা আৰু মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষালৈ “সিদ্ধাৰ্থ” অনূদিত হৈছে। 

আধ্যাত্মিকতাৰ চিৰন্তন প্ৰাসংগিকতা: চাভাৰৱালৰ মতে, “সিদ্ধাৰ্থ” এনে এখন উপন্যাস, যাৰ সৈতে প্ৰতিটো প্ৰজন্মই আপোনত্ব অনুভৱ কৰিব পাৰে। এয়া হৈছে “এজন ব্যক্তিৰ নিজৰেই সত্তাৰ ভিতৰলৈ কৰা এটি যাত্ৰা, বিশ্বজগতত নিজৰ অৱস্থিতি বিচাৰি কৰা অনুসন্ধান।” এয়া হৈছে গৃহত্যাগী সন্তান এটাৰ কাহিনী আৰু যদিও ই প্ৰাচীন ভাৰতক লৈ আধাৰিত, ই তেওঁলোকে বাস কৰি থকা সামাজিক ৰীতিৰ প্ৰতি মোহভংগ হোৱা প্ৰতিটো প্ৰজন্মকে প্ৰতিনিধিত্ব কৰে, তেওঁ কয়। 

ৰাষ্ট্ৰযন্ত্ৰৰ বিৰোধী, বাঁওপন্থী নক্সাল বিদ্ৰোহৰ উত্থানকে ধৰি ১৯৬০ আৰু ১৯৭০ৰ দশক দুটা ভাৰতীয় ছাত্ৰ আন্দোলনৰ বাবে অস্থিৰতাৰ সময় আছিল আৰু সেয়েহে “সিদ্ধাৰ্থ”য়ো ভাৰতীয় পাঠকৰ মাজত চিন্তাৰ ছন্দ বিচাৰি পাইছিল। 

পিছে যদিওবা ৰচনাকাল এতিয়াৰ পৰা এটা শতিকা আগৰ, তথাপি কিতাপখনে জীৱনৰ অৰ্থ বুজাৰ এটি পথৰ প্ৰতিনিধিত্ব কৰি যাব বুলি চাভাৰৱালে দাবী কৰে। 

“মই ভাবো, ই সদায়েই প্ৰাসংগিক হৈ থাকিব, আনকি ইয়াৰ দুশ বছৰীয়া জয়ন্তীলৈও। উত্থাপিত প্ৰশ্নসমূহত পাঠকে প্ৰাসংগিকতা বিচাৰি পাব, কিয়নো মুখ্য চৰিত্ৰ সিদ্ধাৰ্থ এজন সমাজৰ মূলসুঁতিৰ বাহিৰৰ মানুহ যি সমাজক, নিজৰ জীৱনক নিৰীক্ষণ কৰিছে দূৰৈৰ পৰা আৰু জীৱনৰ অৰ্থ বিচাৰি ওলাই গৈছে আৰু আগলৈ, অথবা সীমাৰ বাহিৰলৈ”, এই মত চাভাৰৱালৰ। 

আন কথাত, “সিদ্ধাৰ্থ”ই জীৱনৰ অস্তিত্বৰ মৌলিক প্ৰশ্নৰ উত্তৰৰ সন্ধানত মানৱ জাতিয়ে কৰি অহা চিৰন্তন আধ্যাত্মিক অন্বেষণকেই চিত্ৰিত কৰিছে। 

মাৰ্টিন কাঁপশ্বেই স্বীকাৰ কৰিছে–“আধ্যাত্মিক বিষয়বোৰ সদায়েই প্ৰাসংগিক, আৰু সেইবোৰ কাহানিও অচল হৈ নাযায়, কিয়নো সেইবোৰ সময়ৰ কোনো নিৰ্দিষ্ট বিন্দুৰে সম্পৰ্কিত নহয়। সেই অৰ্থত, সেইবোৰ কালৰ উৰ্দ্ধত আৰু “সিদ্ধাৰ্থ”ৰ কালজয়ী বৈশিষ্ট্যই ইয়াক আজিও প্ৰাসংগিক কৰি ৰাখিছে।” 



শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments