অপাংক্তেয়

লেখক- জ্যোতিমণি দেৱী

ঘৰটো মানে মই থকা কোঠাটো কিজানিবা দীঘলে পুতলে দহ-বাৰফুটৰ হ’ব। এই দহ-বাৰ ফুটৰ মাজতেই মোৰ চলে উৰণ, বুৰণ, গজন, ভ্ৰমণৰ সমস্ত সেউজীয়া পৃথিৱীখন। অ অৱশ্যে মই ৱাকাৰখন লৈ পুৱা আৰু আবেলি দুটামান খোজ খহটা টালিযুক্ত বাৰাণ্ডাখনত দিওঁ। কোঠাটোত আচবাব বুলিবলৈ মই শোৱা বিছনাখন, এখন মেজ, এখন কাঠৰ ৰেক আৰু এটা বেচিন। ৰেকখনত মোৰ ডাক্তৰৰ কিছুমান পুৰণি প্ৰেচক্ৰিপচন, পুৰণি মাটিৰ কাগজপত্ৰ আৰু কেইযোৰমান হাতে-বোৱা মেখেলাচাদৰ বুকুৰ ভিতৰত সুমুৱাই লৈ নীৰৱে বহি আছে এটি পুৰণি টিনৰ বাকচ। তাৰ কাষতে মোৰ এচিডিটি নিয়ন্ত্ৰণ, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ আদি ঔষধেৰে ভৰা এটি পলিথিনৰ টোপোলা। বেচিনটোৰ কাষৰ কোণটোত ময়েই ৰোহিনীৰ হতুৱাই টাব এটাত ভিতৰত থ’বপৰা লাকী বেম্বৰ গছ এজুপি ৰোৱাই ৰখাইছিলোঁ। সেইডাল পৰিপুষ্টিহীনভাবে মৰোঁ জীউ সোঁ অধিকৈ জীয়াই আছে মোৰ কোঠাত সেউজীয়া পৃথিৱীৰ গজন নামৰ জীৱ-প্ৰকাৰৰ অস্তিত্ব জাহিৰ কৰি।
আৰু ৰ’বা, মোৰ পৃথিৱীখনৰ বাসিন্দাকেইটিমানক মই চিনাকি কৰি নিদিলে হ’ব জানো! মোৰ গোন্ধ পাই পুৱা-গধূলি মহ দুটিমান আহে, কুনকুনাই কাণত কাষত গান গাই মোক অতিষ্ঠ কৰে। মই অ’ত থাপৰিয়াওঁ, ত’ত থাপৰিয়াওঁ, সিহঁতৰ একো নহয়। বৰং ওলোটাই জোকালে মাৰিবলৈ খেদি যোৱা শিশুৱে দৌৰি আগত গৈ নচাৰ দৰে দুগুণ উৎসাহেৰে মোৰ আশে-পাশে নাচি নাচি গীত জোৰে। কাম কৰা বাইজনী আহে দিনত, পুৱাৰপৰা আবেলিলৈ তাই ৰন্ধা-বঢ়াৰপৰা ধোৱা-পখলা, সৰা-পোচা, মচা-কচা সকলো কৰি গুচি যায়গৈ। বিনিময়ত মাহৰ মূৰত তাই কোনোমতে চলিবপৰাকৈ দৰমহা অলপ পায়। সেয়া মই দিবলৈ নালাগে, মোৰ জী-জোঁৱায়ে দিয়ে। যাবলৈ ওলোৱাৰ আগত তাইক মই চিঞৰি মাতোঁ— “ৰোহিনী, অ’ ৰোহিনী” তাই লৱৰি আহে আৰু মই কওঁ— যোৱাৰ আগতে মোৰ কোঠাত মহ মৰা ধূপ এডাল লগাই থৈ যাবিচোন। মহৰ উৎপাতত অলপ মুকলিকৈ বহিবলৈ সুখ নাই। তাই তাকে কৰি গুচি যায়। ইয়াৰ বাহিৰে মোৰ দহ-বাৰফুটীয়া পৃথিৱীখনত দিনত দেখা নোপোৱা, কিন্তু ৰাতি লাইট জ্বলালে দেখিবলৈ পোৱাকৈ আছে কেইখনমান মকৰাৰ জাল আৰু তাত আহাৰ সংগ্ৰহৰ বাবে খাপ পিতি থকা ধুৰন্ধৰ মকৰাকেইটা, চিলিঙৰ ওপৰত, বেৰত লাইট জ্বলালেই উৰি আহি বাল্বৰ মুখত ভীৰ কৰা পোকবোৰ ধৰিবলৈ অহা জেঠী কেইডালমান। কেতিয়াবা সিহঁতৰ দুই তিনিডালে মুখামুখি হৈ কথা পাতে, মই চাই থাকোঁ। তাৰে এজনী বৰ চতুৰ, দীঘলীয়া দেহৰ। বেছিভাগেই পিলপিলাই অকলে ঘূৰি ফুৰে, মই ইকাটি-সিকাটি কৰিলেই মোৰ ফালে মূৰ তুলি চায় আৰু মোৰ মাত কথা সকলোতে তাই আগধৰি শলাগে —’ঠিক ঠিক ঠিক’। তাইৰ এই পিলপিলীয়া স্বভাৱটোৰ বাবে মই তাইৰ নাম দিছোঁ পিলি। আজিকালি তাইক পিলি বুলি মাতিলে মোৰফালে মূৰ তুলি চায়। যেন মোৰ সাধুকথা শুনা সৰু নাতিনীজনীহে। মোৰ নাতি-নাতিনীহঁত নিজৰ নিজৰ পঢ়া শুনা লৈ কোনোটো যদি বাহিৰত আছে, কোনোটো আকৌ ঘৰৰে কোনোবা কোঠাত ব্যস্ত থাকে। মই কাচিৎহে বাট হেৰুৱাই কোঠালৈকে সোমাই আহি খৰখৰাই উঠা গাগিনীটোৰ দৰে চকামকাকৈ সিহঁতক দেখিবলৈ পাওঁ। কেতিয়াবা মোৰ নাতিহঁতক সাধু ক’বলৈ মন গ’লেও সিহঁতৰ ব্যস্ততা চাই মই একো ক’ব নোৱাৰোঁ, ক’ব নোৱাৰোঁ “আহচোন এবাৰ মোৰ কোলাত বহাহি” বুলি। এদিন পিলিয়ে মোলৈ তেনেকৈ চাই থাকোঁতে সুধিলোঁ —-“ সাধু শুনিবি?” তেৰাতেৰিকৈ তাই এবাৰ ইফালে এবাৰ সিফালে চাই মোক উত্তৰ দিলে —“ঠিক ঠিক ঠিক।” অজানিতে মোৰ হাঁহি এটি ওলাই গ’ল। সাধুনো আৰু কি, তাইক মই মোৰ কথাকে ক’বলৈ ধৰিলোঁ—

“শুন তেন্তে!
সোতৰ বছৰত বিয়া হৈ আহি মই মোৰ স্বামীৰ ঘৰখন সত্তৰ বছৰলৈকে ধৰিলোঁ। তাৰপাছত তেওঁ এদিন গুচি গ’ল মোক এৰি, ল’ৰা সন্তান নোহোৱা ঘৰখন ছোৱালী চাৰিজনী বিয়া দি উলিয়াই দিয়াৰ পিছত তেৱোঁ গুচি যোৱাত তেনেই উদং হৈ পৰিল। বয়সে অকলে চম্ভালিবলৈ আপত্তি কৰিবলৈ লোৱাৰ সময়তে এদিন কলৰ পাৰত পৰি মোৰ ভৰি এখন ভাঙিল। ছোৱালীহঁতে হস্পিতাললৈ নি চিকিৎসা কৰালে আৰু এসময়ত মই পিতৃপ্ৰদত্ত চাকৰিটো লোৱা জীৰ লগতে জোৱাইৰ দায়িত্ব হৈ সিহঁতৰ পৰিয়ালৰে সদস্য হৈ পৰিলোঁ। কিন্তু মোক লৈ সিহঁতক ব্যস্ত থাকিবলৈ মই দিব নোৱাৰোঁ। সেয়ে লাহে লাহে সিহঁতক মুকলি কৰি দি মই কাম কৰা বাইজনীৰ আলপৈচানত চলিবলৈ আৰম্ভ কৰিলোঁ। মোৰ স্বামীৰ ঘৰখন নেদেখা দহ বছৰ পাৰ হ’ল। ঘৰখন চাগৈ ঘৰ গুচি জংঘল হ’ল। কেতিয়াবা মন গ’লে যাবলৈয়ো ইহঁতৰ কামৰ লৰালৰি দেখি মোৰ আব্দাৰ কৰিবলৈ মন নাযায়।”
ইমানখিনিলৈকে পিলিয়ে যেন নীৰৱে মোৰ কথা শুনি আছিল আৰু শুনাৰ শেষত তাই শলাগিলে —“ঠিক ঠিক ঠিক।” তাৰপাছতে তাই লৰ মাৰিলে বেৰখন বগাই পোক ধৰিবলৈ।
তাই এইমুহূৰ্তত মোৰ চকুৰ আগৰপৰা গ’ল যদিও মোৰ এটি নিচা আৰম্ভ হ’ল– নিতৌ পিলিৰ লগত কথা পতা। মোৰ খোৰা ভৰিখনেৰে, ৱাকাৰৰ সহায়ত খোজকঢ়া মই কেৱল মোৰ কোঠা সংলগ্ন গা-ধোৱা ঘৰটোলৈ গৈ গাটো ধুই অহাৰ বাহিৰে একো কাম কৰিব নোৱাৰোঁ। মোৰ কোঠাৰ পূৱ-পশ্চিম, উত্তৰ-দক্ষিণ, বায়ু -অগ্নি, ঈশান- নৈঋত, উৰ্দ্ধ – অধঃ দহোদিশে একো একোটি পৰিয়াল থাকিব পৰাকৈ কোঠালি সংলগ্ন আছে। মোক মোৰ ভৰিখনে ক’লৈকো যাবলৈ অনুমতি নিদিয়ে। মোৰ দহ-বাৰফুটীয়া পৃথিৱীখনলৈ বিনা প্ৰয়োজনত মানুহৰ আগমন নঘটে। কিন্তু মোৰ মুখখনে বিচাৰি ফুৰে কথা পতা সংগী। দিনত কেতিয়াবা কামৰপৰা আজৰি হৈ বাইজনী অলপ সময়ৰ বাবে বহিলে মই যি কথা পাতোঁ, তাৰপাছত তাইক ইফালে মাতে — “বাই, ভাতকেইটা বাঢ়ি দিয়া“, সিফালে মাতে —“বাই বাহিৰত কোনোবাই কলিংবেল টিপিছে, চাই আহাচোন কোন আহিছে। ঘৰভাড়া বিচৰা মানুহ আহিলে বাহিৰতে বহিবলৈ ক’বা আৰু আলহী আহিছে যদি ড্ৰয়িংৰূমলৈ লৈ আহা।”
মই অভ্যস্ত হৈ পৰিছোঁ এইবোৰৰ লগত। মই তাইক কওঁ —“তোক মাতিছে, যাগৈ যা।” মই কোৱাখিনি শেষ হোৱালৈ নৰৈ তাই ইতিমধ্যে গন্তব্য স্থান পায়গৈ। তাই যোৱাৰ পিছত সন্ধিয়াৰপৰা মই সম্পূৰ্ণ বন্দী হওঁ মোৰ দহ-বাৰফুটৰ পৃথিৱীত। মোৰ খোৱা-বোৱা ইয়াতেই চলে। বিছনাৰ কাষতে পৰা পুৰণি চাৰিকোণীয়া কোণাকটা মেজখনেই মোৰ খোৱা বোৱা ঠাই। বয়স হৈ অহা বাবে মোৰ টোপনিটো কমি আহিছে, বিছনাখনত বাগৰি বৰ আমনি লাগে, বহি লৈ পিলিক চাওঁ। তাই নিজৰ খাদ্য সংগ্ৰহত ব্যস্ত হৈ কেতিয়াবা যদি স্থিৰ হৈ ৰৈ আছে, কেতিয়াবা আকৌ দৌৰ মাৰি বেৰত পৰা পোকটো ধৰিছে। মই তাইৰ সফলতাত হাত তালি দিওঁ, তাই মোলৈ ঘূৰি চায়, সঁহাৰি দিয়ে মোক—“ঠিক ঠিক ঠিক।”

প্ৰায় এমাহমান হ’ল, এই বিশাল ঘৰটোত মই অকলে আছোঁ। মোৰ জী-জোঁৱাই, নাতি-নাতিনী সকলো বাহিৰলৈ ফুৰিবলৈ গৈছে। দিনত বায়ে আহি সকলো কৰি যায়, মোৰ দিনৰ খোৱা যোগাৰ দিয়াৰ লগতে ৰাতিৰ খোৱা বোৱাৰ যোগাৰো টিফিনত ভৰাই থৈ যায়, মই তাকে খাওঁ। অৱশ্যে প্ৰায়খিনি প্ৰয়োজনেই মোৰ বাই-সৰ্বস্ব। গা ধোৱাৰ পিছত কাপোৰখিনি ধুই মেলি দিয়া, মোৰ কোঠাটো চাফা কৰা, খোৱা-বোৱাৰ যোগাৰ দিয়া, আজৰি সময়ত মোৰ লগত কথা পতা আদি সকলো তাইৰেই দায়িত্ব। ঔষধ পাতিখিনি মাত্ৰ সিহঁতে আনে। বাই যোৱাৰ পিছত এই বিশাল ঘৰটোত মোক মাতিবলৈ কোনো নাথাকে। বাৰাণ্ডাত খোজ কঢ়া সময়ত দুই এগৰাকী ভাড়াতীয়াই ওপৰলৈ অহা যোৱা কৰোঁতে সমুখা-সমুখি হ’লে মাত লগায়, সিমানেই। মাজে মাজে এইদৰে অকলে থাকিব লাগেই, মোৰ অভিযোগ আপত্তি একো নাই। মোক লৈ যে কোনেও ব্যস্ত হৈ থাকিব নোৱাৰে সেয়া মই বুজি পাওঁ। সকলোৰে এখন নিজৰ জগত আছে, তাত মই হস্তক্ষেপ কৰা অনুচিত। বুজি পাওঁ মই, বুজি পাওঁ! অৱশ্যে মোৰো এতিয়া তেনে এখন জগত পিলিৰ লগত গঢ়ি উঠিছে।

ইমানদিনে মই গম পোৱা নাছিলোঁ পিলি মতা নে মাইকী। কিন্তু হঠাতে এদিন মন কৰিলোঁ যে পিলিৰ পেটটো অলপ বাঢ়ি অহা যেন লাগিছে। প্ৰথমে মই পোক বেছি খোৱাৰ বাবে তেনে হোৱা বুলি ভাবিছিলোঁ যদিও পিচদিনাও তেনেকৈ দেখি নিশ্চিত হ’লোঁ যে তাইৰ পেটত পোৱালি জন্ম দিবলৈ কণী জমা হৈছে। তাৰমানে তাই মাক হ’ব! তাইৰ পিলপিলীয়া স্বভাৱটোত অলপ যতি পৰিছে, গহীন যেন লগা হৈছে। বেৰত বহুতসময় তাই হেটকেট নোহোৱাকৈ ৰৈ থাকে। মোৰ মনত পৰিল বিয়া হোৱা বছৰৰপৰা দুবছৰৰ মূৰে মূৰে গৰ্ভৱতী হৈ চাৰিজনীকৈ ছোৱালী ডাঙৰ কৰাৰ কথা। পিলিৰ চিন্তা নাই, তাই কণী পাৰিয়েই মুক্ত হ’ব, আকৌ আগৰদৰে পিলপিলাই ঘূৰি ফুৰিব। কিন্তু মানুহৰ জানো তেনেকুৱা? মই পিলিক ক’লোঁ—“মানুহৰ সন্তান ডাঙৰ কৰা বৰ টান কাম অ’ পিলি। তাতে মোৰ প্ৰথম সন্তানটো জন্মৰ পিছতে পোৱাতী জ্বৰে পাইছিল। কঁপি কঁপি জ্বৰ উঠে। প্ৰায় এমাহ মই সেই বেমাৰত ভুগি যমৰ লগত যুঁজি যুঁজি পুনৰ জী উঠিলোঁ। দ্বিতীয়জনীৰ জন্মৰ সময়ত বায়ু ৰোগত হাত-ভৰি ফুলি গৈছিল। হামিয়াই-হিকতিয়াই থাকোঁ, মোৰ পিতায়ে কৰবাৰপৰা অসমীয়া দৰৱ আনি মোৰ স্বামীৰ হাতত দিছিল, তাকে খাইছিলোঁ। তৃতীয়বাৰতো মোৰ গৰ্ভপাত হৈ জীৱনৰ লগত টনা-আঁজোৰা চলিছিল। তৃতীয়জনী ছোৱালী তাৰপাছত অহা। ইমানৰ পিছতো ঘৰত ল’ৰা সন্তান এটিৰ আশা এৰি দিয়া নাছিল। সেয়ে পুনৰ চতুৰ্থ সন্তানৰ বাবে সাজু হৈছিলোঁ। এইবাৰো ছোৱালীয়েই আহিছিল। তাই জন্মোতে আকৌ মোৰ লগতে তাইকো পিত বেমাৰে পাইছিল। তথাপি বাচি থাকিলোঁ, নেদেখাজনে চাৰিওটিকে বচাই ৰখালে। তেতিয়াতো আজিৰ দৰে হস্পিতাল, ডাক্তৰ, ফাৰ্মাচী আদি বৰকৈ পোৱাকে নাছিল। গাঁৱৰে ধাই মাতি ঘৰতে সকলো চাফা কৰে। ঘৰত দমকল নাছিল, খোৱাপানী পুখুৰীৰপৰা কলহত ভৰাই আনিব লাগে। পিছলৈ অৱশ্যে মোৰ স্বামীয়ে দমকল এটা বহুৱাই ঠাইখিনি পকা কৰি দিছিল। ঘৰকেইটা হাফৱাল কৰি সজাইছিল, মজিয়া আছিল কেঁচা। মই ঘৰৰ সন্মুখ, বাট সকলোতে গোলাপ, তগৰ খৰিকাজাঁই, হাচনাহানা, পাতাবাহাৰ য’তে যি পায় সঁচ আনি ৰুই দিছিলোঁ। চাৰিজনীকৈ ছোৱালী আৰু ফুল-ফকাৰেৰে ঘৰখন উৎসৱমুখৰ হৈ থাকিছিল। নিকা মাটিৰে কাঠি মজিয়া মচি থোৱাৰ দিনা ৰ’দত শুকাই পকি থাকে, তেতিয়া তেওঁৰ লগৰ কোনোবা আহিলে ঘৰখনক আশ্ৰম বুলি শলাগিছিল। চাৰিটিকৈ সন্তানক উচ্চ শিক্ষা দিবলৈ আমি অভাৱৰ লগত মোকাবিলা কৰিছিলোঁ। কোনোদিনে ফুৰিবলৈ বাহিৰলৈ ক’লৈকো যোৱাই নহ’ল। যাবলৈ যে মন নাযায়, তেনেতো নহয়! কিন্তু আজি কি বোলে ইজনীৰ ফৰ্ম ফিল আপ, কাইলৈ সিজনীৰ বহী-কিতাপ, আকৌ কোনোজনীৰ ঘৰত পিন্ধা কাপোৰ, বেমাৰ দৰৱ এইবোৰে দৰমহাৰ টকাকেইটাৰে জোৰা-টাপলি মাৰিবলৈকে অসুবিধাত পেলাইছিল। সেয়ে নাদৰ ভেকুলী নাদতে পৰি থাকিলোঁ। অৱশ্যে মুড়ি-লালচাহেৰে খোৱা চাহ পানীটোপাও আমি বৰ পৰিতৃপ্তিৰে খাইছিলোঁ। তই যে পোক ধৰি টপকৈ গিলি নেজডাল আনন্দতে নচুৱাই দিয়, তেনেকুৱাই আনন্দ লাগিছিল”। মই অনৰ্গল কৈ আছোঁ পিলিয়েও বহুত সময় মোৰ ফালে মুখখন ঘূৰাই চাই থাকি হঠাতে কিবা জৰুৰী কামলৈ মনত পৰাৰ দৰে ততাতৈয়াকৈ “ঠিক ঠিক ঠিক “কৰি আঁতৰি গ’ল। মোৰ মনে মনে হাঁহি উঠিল— স্বগতোক্তি কৰিলোঁ–ইছ! তাইৰনো আকৌ কি জৰুৰী কামডাল ওলাল।

ৰোহিনী আজি অলপ দেৰিকৈ পালেহি। তাইৰ বোলে ল’ৰাটোৰ জ্বৰ। তাইৰ দৰমহাৰ পইচাকেইটা শেষ হৈছে। ইফালে কামৰ পইচা আগতীয়াকৈ বিচাৰি ল’বলৈয়ো পইচা দিয়া মানুহ ঘৰতেই নাই। মোৰ হাতত পইচা নাথাকে। এটা কথা নহয়, কোঠাতে সোমাই থকা মানুহক আকৌ পইচা কিয় লাগে। সেয়ে তাই হেনো চুবুৰীয়া কাৰোবাৰপৰা পইচা বিচাৰি ফাৰ্মাচীৰপৰা দৰৱ আনি খুৱাই বুৱাই আহোঁতে দেৰি হ’ল। তাইৰ মতাটোও বেমাৰী, কাম কৰা পইচাকেইটাৰে তাইৰ কষ্ট হয় বুলি মই বুজোঁ। কেইবাদিনৰপৰাই মই ভাবি আছিলোঁ কোঠাটোৰ মকৰাৰ জালকেইখন তাইক আঁতৰাবলৈ দিম, সময়ত পাহৰোঁ। আজি মনত পৰিলে যদিও দেৰী হোৱা বাবে সেয়া কৰিবলৈ নকৈ সোনকালে সৰা-পোচা শেষ কৰি খোৱা যোগাৰ কৰিবলৈ ক’লোঁ। তাই মোক বিস্কুট দুখনেৰে লাল চাহ একাপ দি কামত লাগিল। চাহকাপ হাতত লৈ দেখিলোঁ যে পিলিয়ে মোৰ বাকচটো থোৱা ঠাইৰ তলৰপৰা ওলাই লৰ মাৰি বেৰত উঠিছে। মন কৰিলোঁ তাইৰ পেটটো খালী, আকৌ আগৰ দৰে পিলপিলাই বগাবপৰাকৈ মুক্ত। তাৰমানে তাই কণী এৰিলে, মাক হ’ল। মই মোৰ ভৰি দুখনলৈ চালোঁ, সেইযে ভাগিছিল, তেতিয়াৰেপৰা হাড় জোৰা লাগিল কি নালাগিল, মই বিষমুক্ত নহ’লোঁ। নহ’লোঁ এই দহ-বাৰফুটীয়া পৃথিৱীখনৰপৰা মুক্ত হ’বলৈ। নহ’লোঁ সমৰ্থ মই ৱাকাৰৰ সহায় অবিহনে নিজৰ ভৰিত পুনৰ জোৰ দি খোজ দিবলৈ। পিলিতকৈ মোক নিজকে বৰ নিশকতীয়া প্ৰাণী যেন লাগিল। এবাৰ, মাত্ৰ এবাৰো যদি পিলিৰ দৰে দৌৰি যোৱাদি গৈ বাহিৰৰ পৃথিৱীখন চাই আহিবলৈ পাৰিলোঁহেঁতেন! পাৰিলোঁহেঁতেন যদি স্বামীৰ সৈতে লগ লাগি গঢ়ি তোলা ঘৰখন আকৌ এবাৰ চাবলৈ। মইচোন ফুলৰ বাহিৰে চোতালত বন এডালো গজিবলৈ নিদিছিলোঁ। সদায়ে মচি-কাচি থোৱা ঘৰখনৰ জৰাজীৰ্ণ ৰূপটোৰ কল্পনাই মোক বৰ ব্যথিত কৰি তুলিলে।

সন্ধিয়ালৈ বতৰটো গোমা হৈ আহিল, অসুখীয়া ল’ৰাটোৰ চিন্তাত ৰোহিনীও সোনকালেই গ ’ল। গোমা বতৰৰ কোবত মোৰ মূৰটো বিষোৱা যেন লাগি আহিছে। ৰাতিপুৱা প্ৰেচাৰৰ টেবলেটটো খালোঁ নে নাই মনত নপৰিল। মই মূৰৰ বিষৰপৰা পৰিত্ৰাণ বিচাৰি দৰৱৰ টোপোলাটোত বামৰ টেমাটো চালোঁ। বামৰ বটলটোও খালী হৈ আছে। মোৰ ওকালি ওকালি লাগিল, ৱাকাৰখনত ধৰি বেচিনটোৰ আগত ৰৈ হালি দিলোঁ। টেঙা পানীৰে এসোপা বমি ওলাই গ’ল। ওকালি কমি অহাত ধুই মেলি মই বিছনাত দীঘল দি পৰিলোঁ। লাইটৰ চুইচটো মোৰ হাতে ঢুকি পোৱাকৈ বিছনাৰ কাষতে আছে, সেইটো অফ কৰি আন্ধাৰত বহুসময় চকুকেইটা মুদি পৰি থাকিলোঁ। এটা সময়ত বিষটো কিছু কমাত হাতেৰে খেপিয়াই লাইটৰ চুইটটো অন কৰিলোঁ আৰু পিলিক দেখোঁ নেকি বুলি চকু মেলি বেৰৰফালে চালোঁ। পিলিয়ে খালী পেটটো ভৰাবলৈ আহাৰৰ সন্ধানত বেৰত বগাই ফুৰিছে। মই তাইক নাম ধৰি মাতিলোঁ—’পিলি’
তাই তৎক্ষণাত মূৰ ঘূৰাই মোৰ ফালে চালে। তাইক মই ক’লোঁ—“তই আজি মাক হ’লি, মুক্ত হ’লি হয়নে?”

অলপ বিৰতিৰ মূৰত বুজিবলৈ চেষ্টা কৰি মাত দিয়াৰ দৰে তাই জিভাডাল লৰাই কৈ উঠিল “ঠিক ঠিক ঠিক”

মই স্বগতোক্তি কৰিলোঁ— মোকো মুক্তি লাগিছিল অ’ পিলি। এই দহ-বাৰফুটীয়া পৃথিৱীখনৰপৰা মোকো মুক্তি লাগিছিল। পিলি দৌৰি যোৱাদি অস্থিৰভাবে বগাই চিলিঙত উঠিল। তাৰপৰাই তাই মোক সঁহাৰি দিলে। আজি মাত্ৰ মই নুবুজিলোঁ তাই মোৰ কথাত সন্মতি জনালে নে অসন্মতি প্ৰকাশ কৰিহে আঁতৰি গ’ল।
কাণত বাজি ৰ’ল কেৱল তাইৰ মাতষাৰ—“ঠিক ঠিক ঠিক।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!