সম্পাদকীয়: মিতালী নাৰায়ণি

লেখক- মিতালী নাৰায়ণি

মহাকাশত সাফল্যৰ এখোজ
‘আমি চাৰি বছৰ ধৰি এই মিছনৰ বাবে জীয়াই আছোঁ, খাওঁতে-শুওঁতে, উঠোঁতে-বহোঁতে মাথোঁ এই মিছনটোৰ কথাই চলি আছিল। ইয়াৰ বাবে ইছৰোৰ দলটোৱে যি প্ৰচেষ্টা চলাইছে সেয়া কল্পনাতীত। ইছৰোৰ অংশ হোৱাৰ বাবে মই গৌৰৱ অনুভৱ কৰিছোঁ। আজিৰএই সাফল্যই আমাৰ অধিক দায়বদ্ধ কৰি তুলিলে, কাৰণ আমি নিজে নিজৰ বাবে সীমা অতি উচ্চ স্থানত নিৰ্দ্ধাৰণ কৰিলোঁ।’ – এম শংকৰণ, ইছৰো
২০২৩ চনৰ ২৩ আগষ্টত সন্ধিয়া ৬:০৪ বজাত চন্দ্ৰযান-৩ চন্দ্ৰত সফলতাৰে অৱতৰণ কৰি ভাৰতে ইতিহাস ৰচনা কৰিছে। ভাৰতবৰ্ষ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে। চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰৰ প্ৰজ্ঞান ৰ’ভাৰে ইতিমধ্যে চন্দ্ৰপৃষ্ঠত এলুমিনিয়াম, কেলছিয়াম, ছালফাৰ, আয়ৰণ, ক্ৰ’মিয়াম, টাইটানিয়াম, মেংগানিজ আৰু অক্সিজেনৰ সন্ধান পাইছে। চন্দ্ৰযান-৩ৰ এই সন্ধানক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। যদিহে প্ৰজ্ঞান ৰ’ভাৰে চন্দ্ৰপৃষ্ঠত হাইড্ৰ’জেনৰ উপস্থিতি বিচাৰি উলিয়াব পাৰে তেন্তে পানীৰ সন্ধানৰ দৰে অতি গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান এটিকো পাৰ কৰিব পাৰিব বুলি আশা কৰিব পাৰি। এই সাধনাতে ইছৰোৰ বৈজ্ঞানিকসকল নিৰন্তৰ ব্ৰতী হৈ আছে।
চন্দ্ৰযান-৩ অৱতৰণৰ সাফল্যৰ পাছত ইছৰ’ই সফলতাৰে প্ৰথমটো Sun Mission PSLV-C57/Aditya-L1 মিছন আৰম্ভ কৰিছে । ২০২৩ চনৰ ২ ছেপ্টেম্বৰ তাৰিখে পুৱা ১১:৫০ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো উৎক্ষেপণ স্থানৰপৰা ইয়াক উৎক্ষেপণ কৰা হৈছে। এই উৎক্ষেপণ PSLV-XL ৰকেটৰ সহায়ত কৰা হৈছে। Aditya-L1 মহাকাশযানে সৌৰ ধুমুহা, সৌৰ তৰংগ সংঘটিত হোৱাৰ কাৰণ আৰু এইবোৰৰদ্বাৰা পৃথিৱীৰ বায়ুমণ্ডলত কি প্ৰভাৱ পৰে সেই বিষয়ে অনুসন্ধান কৰাৰ লগতে সূৰ্য্যৰ ক’ৰ’নাৰপৰা নিৰ্গত হোৱা উত্তাপ আৰু গৰম বতাহৰ বিষয়ে অধ্যয়ন কৰিব। তদুপৰি সৌৰ বতাহৰ বিতৰণ আৰু উষ্ণতাৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে সৌৰ বায়ুমণ্ডলো বুজিবলৈ চেষ্টা কৰিব। সমগ্ৰ বিশ্বৰ সমুখত ভাৰতবৰ্ষক এখন আগশাৰীৰ তথা শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বৈজ্ঞানিকসকলে কৰা এই নিৰৱচ্ছিন্ন সাধনা আৰু প্ৰয়াসৰ বাবে ধন্যবাদৰ পাত্ৰ।

জি-২০ শীৰ্ষ সন্মিলনৰ সফল আয়োজন
G-20 মানে হ’ল Group of Twenty; এই গ্ৰুপত ১৯খন দেশ আৰু ইউৰোপীয় সংঘৰ লগতে আফ্ৰিকান সংঘ সদস্য হিচাপে আছে। এই সন্মিলনত গ্ৰুপটোৰ সদস্য দেশসমূহৰ ৰাষ্ট্ৰপতিসকলক নিমন্ত্ৰণ কৰা হয় আৰু লগতে আন কিছুমান দেশকো আমন্ত্ৰণ জনোৱা হয়। ইয়াত দেশসমূহৰ ৰাষ্ট্ৰপতিসকলে নানা বিষয়ৰ বিষয়ে আলোচনা কৰে। চলিত বৰ্ষত ভাৰতবৰ্ষই জি-২০ শীৰ্ষ সন্মিলনৰ সভাপতিত্ব কৰিছে। ৯ আৰু ১০ ছেপ্টেম্বৰ, ২০২৩-ত নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত এই সন্মিলনৰ আয়োজন কৰা হয়। এইবাৰ জি-২০ শীৰ্ষ সন্মিলন ২০২৩ৰ বিষয়বস্তু হ’ল “বসুধৈৱ কুটুম্বকম”। ইয়াৰ অৰ্থ হৈছে এখন পৃথিৱী, এটা পৰিয়াল, এক ভৱিষ্যত। এইবাৰৰ সন্মিলনৰ ল’গ’ আছিল পদুম ফুলৰ লগতে পৃথিৱীখন; ল’গ’টো ভাৰতৰ জাতীয় পতাকাৰ গেৰুৱা, বগা, সেউজীয়া আৰু নীলা এই চাৰিটা ৰঙৰ সমাহাৰ।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে জি-২০ সন্মিলনৰ সফলতাৰে আয়োজন কৰা বাবে ভাৰতক প্ৰশংসা কৰিছে আৰু এই সন্মিলনৰ ফলত বিশ্বদৰবাৰত ভাৰতবৰ্ষৰ প্ৰভাৱ বিস্তাৰৰ বাবে চাঁপ সৃষ্টি কৰাত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ ৰাজনৈতিক বিজয় বুলি অভিহিত কৰিছে। ব্ৰাজিল, দক্ষিণ আফ্ৰিকা আৰু ইণ্ডোনেছিয়াৰ দৰে উদীয়মান অৰ্থব্যৱস্থাৰ দেশৰ সৈতে ধাৰাবাহিকভাৱে ব্যাপক আলোচনাৰ জৰিয়তে ভাৰতে জি-২০ দেশসমূহৰ মাজত বিতৰ্কিত ৰুছিয়া-ইউক্ৰেইনৰ যুদ্ধক লৈ এক অভূতপূৰ্ব সহমত সৃষ্টি কৰিবলৈ সক্ষম হয়। ইয়াৰ বাবেই সন্মিলনৰ প্ৰথম দিনাই ‘New Delhi Summit Declaration’ সন্দৰ্ভত চুক্তিত উপনীত হোৱাত দেশখনে অগ্ৰণী ভূমিকা পালন কৰিছে।
সন্মিলনত অন্যান্য নানা বিষয়ৰ আলোচনাৰ লগতে সদস্য দেশসমূহে গ্ল’বেল বায়’ফুৱেল এলায়েন্স গঠন কৰিছে যিয়ে জৈৱ ইন্ধনৰ সৰ্বাধিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। বায়’ফুৱেল মানে হ’ল গছ-গছনি, শস্য, পতান, শেলুৱৈ আৰু পেলনীয়া খাদ্যসামগ্ৰীৰে প্ৰস্তুত কৰা ইন্ধন। ইয়াত কাৰ্বনৰ পৰিমাণ কমকৈ থাকে। যদিহে ইয়াৰ ব্যাপকভাবে ব্যৱহাৰ হয় তেন্তে পৃথিৱীত পেট্ৰোল-ডিজেলৰ প্ৰয়োজন কমি আহিব যাৰ ফলত পৰিৱেশ প্ৰদূষণ যথেষ্ট পৰিমাণে হ্ৰাস হোৱাৰ সম্ভাৱনা থাকিব। পৰৱৰ্তী জি-২০ সন্মিলনখন ২০২৪ চনৰ ১২-১৪ জুলাইত ব্ৰাজিলত অনুষ্ঠিত হ’ব। ২০২৪চনৰ জি-২০ শীৰ্ষ সন্মিলনত বিত্ত, বহনক্ষম আন্তঃগাঁথনি, জলবায়ু পৰিৱৰ্তন আদি বিষয়ৰ ওপৰত আলোচনা অব্যাহত ৰখাৰ সম্ভাৱনা আছে।

খেলৰ পৃথিৱীত দেশৰ কৃতিত্ব
ভাৰতীয় খেলুৱৈ নীৰজ চোপ্ৰাই ২৮ আগষ্ট, ২০২৩-ত হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত হোৱা বিশ্ব এথলেটিকছ ছেম্পিয়নশ্বিপ ২০২৩-ত পুৰুষৰ জেভেলিন নিক্ষেপ ইভেণ্টত সোণৰ পদক লাভ কৰি ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম যুগমীয়া কৰিলে। ৮৮.১৭ মিটাৰ বেষ্ট থ্ৰ’ৰে অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰা ছিনিয়ৰ বিশ্ব ছেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়। নীৰজ চোপ্ৰাই এতিয়ালৈকে নিজৰ ক্ৰীড়াত সম্ভৱপৰ প্ৰতিটো সৰ্বোত্তম খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ আৰু ডাইমণ্ড লীগ খিতাপ লাভ কৰাৰ উপৰি নীৰজ চোপ্ৰা এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ (২০১৭), এছিয়ান গেমছ (২০১৮) আৰু কমনৱেলথ গেমছৰো (২০১৮) চেম্পিয়ন।

বিজ্ঞান, ৰাজনীতি, ক্ৰীড়া- এই বিষয়সমূহত দেশে অৰ্জন কৰা সাফল্য প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়। প্ৰতিটো সফলতাই ভাৰতীয় হিচাপে আমাক বিশ্বৰ আগত সন্মানৰ পাত্ৰ কৰি তুলিছে। এই সাফল্যৰ ধাৰা অব্যাহত হৈ থাকক, তাৰেই কামনাৰে,

সাহিত্য ডট অৰ্গৰ সম্পাদনা সমিতিৰ হৈ
মিতালী নাৰায়ণি

এই সংখ্যাটোৰ আঁৰত-

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!