অসমত গণিত আৰু বিজ্ঞান শিক্ষা

লেখক- নৱদীপ শইকীয়া

পৰীক্ষাৰ বতৰ প্ৰায় শাম কাটিছে। সাধাৰণতে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহ দুটাত আমাৰ বহুতৰে ঘৰত এটা উৎকণ্ঠাৰ পৰিৱেশ থাকে। পৰীক্ষা কেনেকুৱা হ’ব বা ফলাফল কি আহিব সেই লৈ জল্পনা-কল্পনা চলি থাকে। এপ্ৰিল মাহটো অহাৰ লগে লগেই নতুন শিক্ষাবৰ্ষ আৰম্ভ হয়। আগতে এনে নাছিল। জানুৱাৰী মাহত আৰম্ভ হৈছিল শিক্ষাবৰ্ষ আৰু ডিচেম্বৰত বছৰেকীয়া পৰীক্ষাৰে শেষ হৈছিল। সময়সূচী সলনি হোৱাৰ লগে লগে আন বহুতো কথা সলনি হৈ পৰিল। অসমত শেহতীয়াকৈ স্কুলীয়া শিক্ষাৰ্থীসকলৰ মাজত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতিও সজাগতা বাঢ়ি অহা দেখা গৈছে। অভিভাৱকসকলৰ মাজত এই সচেতনতা বৃদ্ধি পাইছে। অনলাইন ব্যৱস্থাৰ যোগেদি চলি থকা বিজ্ঞাপন বা কোচিং প্ৰতিষ্ঠান বোৰৰ ডাঙৰ ডাঙৰ ফলকবোৰে ইয়াত সাৰ-পানী যোগাইছে। নতুনকৈ জনপ্ৰিয় হৈছে উচ্চতৰ মাধ্যমিকত ব’ৰ্ড পৰীক্ষাৰ সমান্তৰালকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পাঠদানৰ ব্যৱস্থা, বিশেষকৈ NEET/JEE পৰীক্ষাৰ প্ৰস্তুতি। এই সকলোবোৰ আমি দেখি আছোঁ আৰু আন এনেকুৱা বহুত কথাই কিছুমান মিশ্ৰিত অনুভৱৰ সৃষ্টি কৰে। 

শিক্ষাবৰ্ষৰ সময় সলনি হোৱাত অসমৰ প্ৰেক্ষাপটত বা অসমৰ শিক্ষকসকলৰ সময়সূচীত কিঞ্চিত আউল লাগিছে। এপ্ৰিলত শিক্ষাবৰ্ষ আৰম্ভ হৈয়েই বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ হয়। মাৰ্চৰ শেষৰফালে আমাৰ গাত বিহু লাগেই আৰু কৃষ্টি-সংস্কৃতিৰ প্ৰতি অধিক সচেতন অসমৰ সমাজে প্ৰায় এমাহ জোৰা বিহু পালনৰ পৰিৱেশ গঢ়ি তুলিছে। চুবুৰিয়ে চুবুৰিয়ে আয়োজন কৰা বিহুৰ অনুষ্ঠানসমূহে অধ্যয়ন আৰু সংস্কৃতি পালনৰ কাম দুটাৰ মাজত ভাৰসাম্য ৰক্ষাত বহুতো শিক্ষাৰ্থীক অসুবিধাত পেলাইছে। নিশাৰ সংগীতানুষ্ঠানেও হয়তো অসুবিধাৰ সৃষ্টি কৰে। মূলতঃ কথাটো হ’ল যে শিক্ষাবৰ্ষটো আৰম্ভ কৰিয়েই আমাৰ শিক্ষাৰ্থীসকলে এটা উৎসৱ মুখৰ পৰিৱেশ পায় আৰু ই একাগ্ৰতাত হয়তো ব্যাঘাত জন্মায়। বিদ্যালয়ৰ উপস্থিতিত প্ৰভাৱ পেলায়, নিয়মিত অধ্যয়নত প্ৰভাৱ পেলায়। এনে বিহু সমিতিবোৰত কেতিয়াবা বিদ্যালয়ৰ প্ৰধান, অধ্যক্ষ বা আন সংস্কৃতিবান শিক্ষকো মূল মূল দায়িত্বত জড়িত হৈ থাকে। তেওঁলোকৰ বাবেও মৌলিক দায়িত্ব আৰু সাংস্কৃতিক দায়িত্ব পালনৰ ভাৰসাম্য অনাত অসুবিধা হয়। আগতে জানুৱাৰীত পাঠদান আৰম্ভ হওঁতে এই অসুবিধা নাছিল। মাৰ্চৰ প্ৰথম সপ্তাহত গোট পৰীক্ষা দি শিক্ষক-শিক্ষাৰ্থী সকলোৱেই বিহু আদৰাত ব্যস্ত হ’ব পাৰিছিল, অন্ততঃ শিক্ষাবৰ্ষৰ প্ৰথম তিনিটা মাহৰ অধ্যয়ন সুকলমে হোৱাৰ পিছতহে উৎসৱ মুখৰ পৰিৱেশটো আহিছিল। এতিয়া শিক্ষক-শিক্ষাৰ্থী সকলোকে এই নতুন ব্যৱস্থাৰ সৈতে খাপ খাবলৈ কিছু অতিৰিক্ত সময়ৰ প্ৰয়োজন হৈছে। ই অধ্যয়নত প্ৰভাৱ পেলাইছে। CBSE ব্যৱস্থাৰ বিদ্যালয়সমূহ এই সময়সূচীত অৱশ্যে অভ্যস্ত। গ্ৰামাঞ্চলত এই সময়সূচীত অভ্যস্ত হ’বলৈ দুটা মান শিক্ষাবৰ্ষৰ প্ৰয়োজন হয়তো হ’ব। বিদ্যালয় পৰ্যায়ত গণিত আৰু বিজ্ঞানৰ পাঠদান বা পাঠগ্ৰহণৰ ক্ষেত্ৰতো এনে গৌণ সমস্যাই কিছু আহুকালৰ সৃষ্টি কৰিছে। সেয়া যিয়েই নহওক, মই বেলেগ এটা অনুভৱহে আলোচনা কৰিব বিছাৰিছোঁ। ৰাষ্ট্ৰীয় শিক্ষা নীতি – ২০২০ ৰ চৰ্চা খুব চলিছে, আমাৰ শিক্ষা ব্যৱস্থাত ই লাহে লাহে সোমাই পৰিছে। শিক্ষক আৰু অভিভাৱক এই দুয়োটা গোটেই কিছু কথা নতুনকৈ অনুভৱ কৰিব লাগিব। এই সময়ত বিদ্যালয় পৰ্যায়ত দেশত বা বিশ্বত গণিত আৰু বিজ্ঞান শিক্ষা কিদৰে চলি আছে সেয়া অনুসন্ধান কৰিব লাগিব। পাঠদান কেনেদৰে কৰিছোঁ বা চলিছে, শিক্ষাৰ্থীয়ে কিদৰে বিষয় দুটাত আগবাঢ়িছে আৰু সেয়া অন্ততঃ ৰাষ্ট্ৰীয় পৰ্যায়ত চলিছেনে সেয়া বিচাৰ কৰিবলগীয়া বিষয়। সমগ্ৰ পৰিৱেশটো খুব খৰ গতিত সলনি হৈছে। আমি খাপ খাইছোঁনে তাৰ লগত সেয়াও চাবলগীয়া। 

বিজ্ঞান আৰু গণিত পাঠদানৰ এটা সহজ প্ৰক্ৰিয়া আছে। ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ বিজ্ঞানৰ শ্ৰেণীত পাঠ্যপুথিৰ শাৰীবোৰৰ আভিধানিক সহজ ভাঙনি কৰি পাঠ এটা শেষ কৰিব পাৰি। কোনো কোনো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ইংৰাজীৰ পৰা অসমীয়ালৈ ভাঙনি কৰি কৈয়েই পাঠ শেষ কৰিব পাৰি বা কৰিছে। ক’ৰবাত হয়তো চকুত পৰিব হাতত কিতাপখন লৈ শাৰীবোৰ পঢ়ি গৈছে, ভাঙনি কৰি গৈছে, পৰীক্ষাত সততে অহা কথাবোৰ চিন দিবলৈ কোৱা হৈছে ইত্যাদি। তাৰপাছতে পাঠৰ প্ৰশ্নসমূহৰ উত্তৰ কৰাই দিয়া হৈছে, গাণিতিক সমস্যাৰ সমাধানলৈকে শিক্ষকজনে নিজে কৰি দিছে। এই ব্যৱস্থা আজিৰ সময়ত প্ৰয়োগ কৰা উচিত নহয়। চূড়ান্ত পৰীক্ষাৰ নতুন ৰূপৰ প্ৰশ্নৰ উত্তৰ কৰিবলৈ কেৱল প্ৰশ্নোত্তৰ সমূহ মুখস্থ কৰি কিমান ফলপ্ৰসূ হ’ব? গণিততো অনুশীলনীৰ প্ৰতিটো প্ৰশ্নৰ সমাধান শিক্ষকজনে বৰ্ডত কৰি গৈছে, শিক্ষাৰ্থীয়ে টুকিছে। এই ব্যৱস্থাত শিক্ষাৰ্থীৰ গাণিতীক দক্ষতা কিমান বৃদ্ধি পাইছে সেয়া বিগত মেট্ৰিক পৰীক্ষাৰ গণিতৰ পৰীক্ষাত অনুভৱ কৰিব পৰা হৈছিল। যিহেতু দশম শ্ৰেণী পৰ্যন্ত গণিত আৰু বিজ্ঞানৰ ধাৰণা সমূহ আজিকালি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাতেই দৰকাৰী সেয়েহে সেইখিনি বৰ্তমানৰ লগত বা ভৱিষ্যতৰ সৈতে খাপ খোৱাকৈ শিকি অহাটো বা শিকাই দিয়াটো অত্যন্ত জৰুৰী। বিজ্ঞান বা গণিতৰ প্ৰশ্ন শিক্ষাৰ্থীয়ে নিজেই সমাধান কৰিব পৰাকৈ পাঠদান কৰা উচিত। সকলো প্ৰশ্নৰ উত্তৰ সকলোৱে নোৱাৰিব, কিন্তু এটাও যদি নিজে নোৱাৰে বুলি ধৰিলৈ শ্ৰেণীত পাঠদান কৰিছোঁ তেন্তে আমি সামগ্ৰিকভাৱে সকলোৱেই বিফল। অন্ততঃ ষষ্ঠ শ্ৰেণীৰ পৰাই সমাধান বা উত্তৰ কৰাত শিক্ষাৰ্থীজন স্বনিৰ্ভৰশীল হোৱাকৈ গঢ় দিয়াৰ চেষ্টা শিক্ষক আৰু অভিভাৱকে কৰিব লাগিব। একেদৰে আমাৰ শিক্ষাৰ্থীৰ আন আন বিষয়সমূহত উত্তৰ লিখন শৈলীৰ অভাৱ বাৰুকৈয়ে দেখা গৈছে। সৰুৰে পৰা ধুনীয়া উত্তৰবোৰ বৰ্ডত লিখাই আমি তেওঁলোকক সেই শৈলী শিকাত বাধা দিছোঁ। বানানৰ ভুল, বাক্যৰ গাঁথনিৰ ভুল, মনতে ভবা কথাটো শুৱলাকৈ প্ৰকাশ কৰাত অজ্ঞতা আজিৰ শিক্ষাৰ্থীৰ মূল সমস্যা। ইয়াত কোনো কোনো অভিভাৱকৰো দোষ থাকে। শিক্ষকে উত্তৰ লিখাই নিদিয়ে, শিক্ষক জনৰ বিষয়ত গোট পৰীক্ষাত নম্বৰ নাপায়ৰ দৰে কথাবোৰে শিক্ষক জনকো নম্বৰ পোৱাৰ চমু পথ লোৱাত বাধ্য কৰায়। এইক্ষেত্ৰত শিক্ষক জনৰ দৃঢ়তা থকা উচিত। নম্বৰ নোপোৱাৰ কাৰণৰ পৰ্যালোচনা কৰি অভিভাৱকৰ সৈতে আলোচনা কৰি দীৰ্ঘম্যাদী ব্যৱস্থা লোৱাটো বিদ্যালয়ৰ প্ৰধানগৰাকীৰ লগতে সকলো শিক্ষকৰে দায়িত্ব। লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতিত উত্তৰ লিখন শৈলী এটা গুৰুত্বপূৰ্ণ অংগ। আজিৰ শিক্ষাৰ্থীয়ে ভাষাৰ পৰীক্ষাৰ প্ৰশ্নকাকতত আগতে কেতিয়াও নহা বিষয় এটাত ৰচনা এখন লিখিবলৈ দিলে নিজাকৈ হয়তো এটা দফা শুৱলাকৈ লিখাত ব্যৰ্থ হ’ব। ই আমাৰ সামগ্ৰিক ব্যৰ্থতাৰ বাহিৰে আন একো নহয়। 

গণিত, বিজ্ঞান বা আন বিষয়ত নিজাকৈ প্ৰশ্ন সমাধান কৰিবলৈ প্ৰয়োজন হোৱা গুণ খিনিৰ কৰ্ষণ কৰোৱাত শিক্ষক আৰু অভিভাৱক বহু ক্ষেত্ৰত বিফল হৈছোঁ। আমি কেৱল পাঠ্যপুথিখন বছৰটোত যেনেতেনে শেষ কৰোঁ। NCERT ৰ পাঠ্যক্ৰমৰ ভিত্তিত SCERT বা আমাৰ ৰাজ্যিক শিক্ষা সংসদে পাঠ্যপুথি প্ৰণয়ন কৰি থৈছে। চৰকাৰী বিদ্যালয়ত সেইখিনি ব্যৱহাৰ হয়, কিন্তু বেচৰকাৰীত একে পাঠ্যক্ৰমৰে আন বেলেগ কিছুমান কিতাপ ব্যৱহাৰ হয়। পৰাপক্ষত সকলোৱে NCERT বা SCERT ৰ কিতাপ কেইখন ব্যৱহাৰ কৰিব লাগে। CBSE পাঠ্যক্ৰমৰ বিদ্যালয় সমূহত শিক্ষকসকলে আমাৰ দৰে একে সময়তে একে কিতাপৰ পাঠদান কৰিয়ো আন কিছুমান সহায়ক পুথিৰ পৰা ভিন ভিন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰিবলৈ সময় পায়। তেওঁলোক সেয়া কৰিবলৈ বাধ্য, কাৰণ CBSE ৰ চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নকাকত সমূহত আগতে নহা বা নতুনকৈ সাজি দিয়া প্ৰশ্ন আহেই। সেয়েহে তাত পাঠ্যক্ৰমৰ বাহিৰৰ বা কিতাপত নথকা বুলি কোনেও অভিযোগ কৰিব নোৱাৰে। তেনেকুৱা পৰিৱেশ আমাৰো হ’ব লাগে। বিগত পৰীক্ষাত সেয়া হৈছে। আমিও শ্ৰেণীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সহায়ক বা সমল পুথিৰ সহায় লোৱা উচিত। আৰ্থিকভাৱে টনকিয়াল লোকসকলে সেই কিতাপ সমূহ সন্তানক কিনি দিয়া উচিত। সচেতন লোক বা পৰিয়ালৰ লোকসকলে তেন্তে সমল পুথিসমূহ জন্মদিনৰ উপহাৰ হিচাপে দিব পাৰে। যিখন বিদ্যালয়ৰ প্ৰায়সকল শিক্ষাৰ্থীয়েই আৰ্থিকভাৱে দুৰ্বল, তেনে বিদ্যালয়ে বিদ্যালয়ৰ পুথিভঁড়ালত সেই কিতাপ সমূহ ৰাখিব লাগে। এই কিতাপসমূহ সাধাৰণতে ইংৰাজী মাধ্যমৰ। সেয়েহে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ শিক্ষকে নিজাকৈ কিনি প্ৰশ্নসমূহ শ্ৰেণীত দুয়োটা ভাষাতে উপস্থাপন কৰিব লাগে। CBSE ৰ বিদ্যালয়ে যেতিয়া সময় মিলাব পাৰে, আমিও পাৰিব লাগে। অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাত অৱশ্যে উৎসৱ বা অবিদ্যায়তনিক কাম-কাজৰ পয়োভৰ আছে। শিক্ষকসকল শিক্ষকতাৰ চাকৰিত থাকিও পাঠদানৰ মৌলিক দায়িত্বৰ বাহিৰেও আন এশ-এবুৰি দায়িত্ব পালন কৰি থকা আমি দেখিবলৈ পাওঁ। সেয়াও চিন্তাৰ বিষয়। আকৌ বহুতো শিক্ষকে অপ্ৰয়োজনীয় ভাৱে সভা-সমিতিত গুৰু দায়িত্ব লৈ ঘূৰি ফুৰাও দেখিবলৈ পোৱা যায়। বছৰটো দিহিঙে-দিপাঙে ঘূৰি সামাজিক মাধ্যমত আলোকচিত্ৰ বিলাই থকা শিক্ষকৰ উদাহৰণো আছে। বৰ্তমান অভিভাৱকসকল সজাগ হৈ এই কথাবোৰ চকু দিয়া উচিত। অসমত যোৱা এক দশক কালত গণিতত এশ শতাংশ নম্বৰ পোৱাৰ উজান উঠিছিল। আমি কেতিয়াবা আচৰিত হওঁ, এইটো কম ডাঙৰ কথা নহয়। এখন ৰাজ্যিক বৰ্ডে পতা চূড়ান্ত পৰীক্ষাত শ-শ ল’ৰা-ছোৱালীয়ে ১০০ নম্বৰ পায়। তেওঁলোকে দশম শ্ৰেণী পৰ্যায়ৰ গণিতৰ সকলো জানে নেকি? আচলতে গণিতৰ প্ৰশ্নৰ একঘেয়ামি ধৰণে প্ৰশ্নৰ পূৰ্বানুমান কৰাত সহায় কৰিছিল। অভিজ্ঞতাই বহুত শিক্ষকক ১০০% পূৰ্বানুমান কৰাত সহায় কৰিছিল। বহুতে ১০০ পাইছিল, কমন পেলোৱা শিক্ষকজন জনপ্ৰিয় হৈছিল। বৰ্ড পৰীক্ষাৰ প্ৰশ্নৰ অনিশ্চয়তা একেবাৰে ম্লান পৰিছিল। শেহতীয়াকৈ প্ৰশ্ন কমন পেলাই ইউটিউব চেনেলো জনপ্ৰিয় হৈছে ৰাতিৰ ভিতৰতে। গণিতৰ ১০০টোৱে বহুতৰে বাবে মেধাৰ এটা সামাজিক স্বীকৃতিৰ ভূমিকা লৈছিল, যেন ৯৯ পোৱা মানেই বিফল। শিক্ষকজনে ১০০ পোৱাব নোৱাৰিলেই অভিভাৱকৰ দৃষ্টিত এজন অসফল বা অযোগ্য গণিতৰ শিক্ষকৰ পৰ্যায়লৈ অৱনমিত হৈছিল। এনে ধাৰণাসমূহ গঢ় লৈছিল বা এতিয়াও আছে, আমি তেনেই ওচৰৰ পৰা সেয়া দেখিছোঁ। বিগত মেট্ৰিকৰ গণিতৰ পৰীক্ষাত বহুতো শিক্ষাৰ্থী হতাশ হোৱাৰ প্ৰথম কাৰণ আছিল এই ১০০ নম্বৰ। ৮০% বা ৯০% বহুতে পাব, কিন্তু ১০০% কম শিক্ষাৰ্থীয়ে পাব। অনুত্তীৰ্ণ কোনা কাৰণতে নহয়, সেয়া বিশ্বাস ব্যৱস্থাটোৰ ওপৰত আমাৰ আছে। ফলাফল ঘোষণাৰ সময়ত আমি গম পাম যে গণিতৰ ১০০ নম্বৰটোৰ সামাজিক প্ৰভাৱ বা দাম কি? মোৰ দৃষ্টিত ই এক অসুস্থতাহে, অৰ্থাৎ ১০০ পাবই লাগিব কথাটো নিৰৰ্থক। ইয়াৰ পৰা শিক্ষাৰ্থী-অভিভাৱক মুক্ত হ’ব লাগে। ৯০ নম্বৰৰ এখন প্ৰশ্নত চিন্তা কৰিবলগীয়া ১০ নম্বৰ অহাটো স্বাভাৱিক বুলি শিক্ষাৰ্থীক শিকাব লাগিব। তেনে প্ৰশ্নৰ সমাধানৰ বাবে মানসিকভাৱে কিদৰে সাজু হ’ব লাগিব সেয়াও শিকাব লাগিব। জটিল প্ৰশ্নৰ ভয়ে সহজ প্ৰশ্নৰ সমাধানত আউল লগালে যে পৰীক্ষা বেয়া হয়, তাৰ বাবে প্ৰশিক্ষণ দিব লাগিব। তেতিয়াহে ভৱিষ্যতৰ বাবে শিক্ষাৰ্থীসকল সাজু হ’ব। এইখিনিতে মানুহৰ মুখে মুখে শুনিবলৈ পোৱা কথা এটা কওঁ। আমাৰ কোনো কোনো বিদ্যালয়ত হেনো পৰীক্ষাত চমু প্ৰশ্নৰ উত্তৰ শিকাই দিয়াৰ পৰিৱেশ এটা গঢ় লৈছে। মানে বস্তুনিষ্ঠ বহুবিকল্পী প্ৰশ্নৰ কোনটো বিকল্প শুদ্ধ সেয়া পৰীক্ষাত শিকাই দিয়া হয়, সেয়া তেনেই সৰু শ্ৰেণীৰ পৰাই হেনো কৰা হয়। আজিলৈকে অৱশ্যে নিজে দেখা নাই, কিন্তু এয়া শুনিবলৈ পোৱাও দুৰ্ভাগ্যৰ কথা। যদি আমি এনে ব্যৱস্থাৰ মাজেৰে আগবাঢ়িছোঁ, তেন্তে অসমৰ শিক্ষা ব্যৱস্থাক ধ্বংস কৰাত পুৰ্ণোদ্যমে অৰিহণা যোগাইছোঁ। এনে অনিয়মত বেচৰকাৰী বিদ্যালয়ে ধনবলৰ প্ৰয়োগ কৰে বুলি শুনিবলৈ পোৱা অভিযোগ-প্ৰতিঅভিযোগ বোৰো অতি দুৰ্ভাগ্যজনক। শেহতীয়াকৈ চৰ্চাত থকা 12th Failed বোলছবি খনৰ দুটামান দৃশ্য মনলৈ আহে এনে কথাবোৰ শুনিলে। 

বিষয়সমূহ আয়ত্ত কৰাৰ বয়সত বেচৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা আন এটা সমস্যা হৈছে সঘনাই শিক্ষক সলনি হোৱা ঘটনা। ব্যক্তিগত খণ্ডত গণিত বা বিজ্ঞানৰ শিক্ষকতা কৰা ব্যক্তিৰ অভাৱ আছে। তাতে মালিকানাধীন বিদ্যালয়ৰ নিম্ন নিৰিখৰ মাননি এটা প্ৰধান কাৰণ। বহুতো বিদ্যালয়ত সন্তুলিত শৈক্ষিক পৰিৱেশৰ অভাৱ। এনে বিভিন্ন কাৰণত মফচলীয় ঠাইসমূহত থকা বিদ্যালয়সমূহত কোনোবা এটা বছৰত চাৰি-পাঁচবাৰ পৰ্যন্ত বা তাতোকৈ বেছিবাৰ শিক্ষক সলনি হয়। এই শিক্ষক সলনি হোৱাটো যদি নিয়মিত চলি থাকে, তেন্তে বিদ্যালয়খনত সুস্থ শৈক্ষিক পৰিৱেশ বা সু-ব্যৱস্থাপনাৰ অভাৱ থকাটোৱেই সূচায়। শিক্ষা ব্যৱস্থাত অত্যধিক বিজ্ঞাপনেও সন্দেহৰ সৃষ্টি কৰে। গতিকে অভিভাৱক সচেতন হোৱা উচিত। গণিত-বিজ্ঞানৰ নতুন নতুন ধাৰণাবোৰ বছৰটোত একাধিক নতুন ব্যক্তিৰ পৰা শিকিব লগাটোৱে শিক্ষাৰ্থীৰ মনঃস্তত্ত্বত প্ৰভাৱ পেলায়। শিকন প্ৰক্ৰিয়া ফলপ্ৰসূ নহয়। বিদ্যালয় কৰ্তৃপক্ষ আৰু অভিভাৱকে এনে সমস্যা গুৰুত্ব সহকাৰে লোৱা উচিত। অসমত বহুত শিক্ষাৰ্থী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰি আছে। এনে সমস্যা সকলো ঠাইতে নিশ্চয় আছে, সেয়া গঠনমূলকভাৱে সমাধান হোৱা উচিত। 

মেট্ৰিকৰ দেওনা অতিক্ৰম কৰাৰ পিছতেই বহুতৰে বাবে গণিত অপ্ৰয়োজনীয় যেনেই হয়, অন্ততঃ এইটো এটা প্ৰচলিত ধাৰণা। কিন্তু বৰ্তমান যিকোনো চৰকাৰী চাকৰিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাসমূহত গণিতে অন্ততঃ এক-চতুৰ্থাংশ নম্বৰ বহন কৰি থাকে। একেদৰে বিজ্ঞানৰ প্ৰশ্নও থাকে। সেয়েহে দশম শ্ৰেণীলৈকে থকা গণিত আৰু বিজ্ঞানৰ ধাৰণা অতি প্ৰয়োজনীয়। প্ৰতিবছৰে মেট্ৰিক শেষ হোৱাৰ লগেই এটা অতি গুৰুত্বপূৰ্ণ সময় আহে সকলোৰে ঘৰলৈ। সেইটো হৈছে উচ্চতৰ মাধ্যমিকৰ বাবে শাখা নিৰ্বাচন। গণিতৰ সমাধানবোৰ ব’ৰ্ডৰ পৰা টুকি আনি ঘৰত বাৰে বাৰে কৰি কৰি বহুতৰে মনত ৰৈ যায়। কেতিয়াবা একেধৰণৰে আন প্ৰশ্ন দিলে উত্তৰ উলিয়াব নোৱৰাও দেখা যায়। বিজ্ঞানৰ প্ৰশ্নোত্তৰ মুখস্থ কৰিও ভাল নম্বৰ পোৱা দেখা যায়। তেনে নম্বৰৰ ভিত্তিত বহুলোকে বিজ্ঞান শাখাৰ নিৰ্বাচন কৰে। বিদ্যালয়ত বিজ্ঞান কিতাপখন পঢ়ি বা উত্তৰ মুখস্থ কৰি নম্বৰ পোৱাৰ বাবে বহুতে ভাৱে উচ্চতৰ মাধ্যমিকতো ‘বিজ্ঞান’ পাৰিব। এই ভুল প্ৰতিবছৰে হাজাৰ হাজাৰ অভিভাৱক-শিক্ষাৰ্থীয়ে কৰি আছে। উচ্চতৰ মাধ্যমিকৰ গণিতৰ সমস্যা দেখি ভয় খোৱা বহুত শিক্ষাৰ্থী লগ পাইছোঁ, অথচ মেট্ৰিকত ৯০-১০০ নম্বৰ পাইছিল গণিতত। আচলতে গণিত শিকাওঁতেই ভুল হৈছিল। গণিত বিষয়টোৰ সৈতে খাপ খাবলৈ আমি শিকোৱাত ব্যৰ্থ হৈছিলোঁ। গণিত অবিহনে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান অধ্যয়ন অতি কষ্টকৰ বা অসম্ভৱ বুলি ক’ব লাগিব। এনে ব্যক্তিও আমি লগ পাইছোঁ যাৰ মতে ডাক্তৰ হ’বলৈ গণিত কিয় লাগে। অৰ্থাৎ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান পঢ়িলেই হৈ যাব। সেইজনে আকৌ বিজ্ঞান শাখাত কেতিয়াও পঢ়াই নাছিল। তেনে ব্যক্তিয়ে এইটো অনুভৱ কৰা উচিত যে গণিতৰ ভাষাৰেই বিজ্ঞানক অধ্যয়ন কৰা হয়। ব্যৱহাৰিক ক্ষেত্ৰত আমি প্ৰায় ৯০% এনে শিক্ষাৰ্থী লগ পাওঁ যি উচ্চতৰ মাধ্যমিকত গণিতক চতুৰ্থ ঐচ্ছিক বিষয় হিচাপে আগতীয়াকৈ নিৰ্বাচন কৰি লয়, অৰ্থাৎ সেই বিষয়ত অনুত্তীৰ্ণ হ’লেও কোনো কথা নাই। এনে ব্যৱস্থা বা ধাৰণাই স্বাভাৱিকতেই গণিত বিষয়টোৰ প্ৰতি অনীহাৰ সৃষ্টি কৰে। যিবোৰ শিক্ষানুষ্ঠানত আজিকালি বৰ্ড আৰু এণ্ট্ৰেন্সৰ সমন্বিত প্ৰস্তুতিৰ ব্যৱস্থা আছে তেওঁলোকে পোনে পোনে PCM (Physics-Chemistry-Mathematics) বা PCB (Physics-Chemistry-Biology) ৰ ব্যৱস্থা কৰি দিয়ে। JEE ৰ বাবে প্ৰস্তুতি কৰিলে জীৱবিজ্ঞান অপ্ৰয়োজনীয় আৰু NEET ৰ বাবে প্ৰস্তুতি কৰিলে গণিত অপ্ৰয়োজনীয়। এইটো কৰা অনুচিত যেন অনুভৱ হয়। বিজ্ঞানত জীৱবিজ্ঞান আৰু গণিত দুয়োটাৰে প্ৰাসংগিকতা সদায় থাকিব। আমি সকলোৱে নিশ্চিত ভাৱে ক’ব পাৰিম নে যে বিজ্ঞান শাখাৰ প্ৰতিজন শিক্ষাৰ্থীয়েই হয় ডাক্তৰ নহ’লে ইঞ্জিনিয়াৰ হ’বগৈ? যিসকলে চেষ্টা চলায়, তেওঁলোকৰো ৫৪%-৫৬% শিক্ষাৰ্থীহে প্ৰতিবছৰে সফল হয়। গতিকে ভালকৈ ভাৱি চিন্তি সামৰ্থ্য, ৰুচি অনুযায়ী সিদ্ধান্ত নোলোৱাকৈ এই ঢৌত উটি যোৱা অনুচিত। গণিত যিদৰে শিকিব লাগে, সেইদৰে শিকি নহাৰ ফলতেই উচ্চতৰ মাধ্যমিকত স্বাভাৱিকতেই গণিত বহুত জটিল যেন লগা হয়। উচ্চতৰ মাধ্যমিকত প্ৰশ্নৰ অনিশ্চয়তাও আছে, অৰ্থাৎ আগতীয়াকৈ অনুমান কৰা সহজ নহয়। বিষয় বস্তু অনুমান কৰিলেও হুবহু প্ৰশ্ন অনুমান কৰাটো জটিল। সেয়েহে বহুত কম সংখ্যক ছাত্ৰ-ছাত্ৰীয়েহে গণিত বিষয়টো অধ্যয়ন কৰা দেখা যায়। এইক্ষেত্ৰত তলৰ শ্ৰেণীৰ শিক্ষক সকলৰ কৰণীয় আছে। নিজে পাঠদান কৰা শ্ৰেণীৰ পৰীক্ষাত নম্বৰ পোৱাব পাৰিলেই কাম শেষ বুলি ভৱাতকৈ ভৱিষ্যতৰ বাবে পৰিকল্পিত ভাৱে পাঠদান কৰা উচিত। বৰ্তমানৰ শ্ৰেণীত কম নম্বৰ পালে চমু পথেৰে নম্বৰ পোৱাত সহায় কৰাতকৈ ভৱিষ্যতে যাতে অসুবিধাত নপৰে সেয়া চিন্তা কৰা উচিত। 

বৰ্তমানৰ পৰীক্ষা এটাত নম্বৰ পোৱাই দিলেই নিজৰ দায়িত্ব শেষ বুলি ভৱা কথাটোৰ আন এটা উদাহৰণ আছে। আমাৰ এনে কেইবাগৰাকীও শিক্ষকৰ সৈতে কথা-বতৰা হৈছে যিসকলে ইঞ্জিনিয়াৰিং অথবা বিশ্ববিদ্যালয়ৰ শ্ৰেণীত বা স্নাতকৰ শ্ৰেণীত পাঠদান কৰায়। তেখেতসকলে এনে বহুত শিক্ষাৰ্থী শ্ৰেণীত লগ পায় যাৰ বিজ্ঞান বা গণিতৰ মৌলিক ধাৰণা বোৰ খুব থুনুকা অথচ সেইসকল শিক্ষাৰ্থীয়ে JEE পৰীক্ষা উত্তীৰ্ণ হৈ অহা বা উচ্চতৰ মাধ্যমিকৰ সময়ত কোচিং কৰা। সেই শিক্ষক সকলৰ মতে এনে ছাত্ৰই একোখন আসনৰ বাবে হোৱা এণ্ট্ৰেন্স পৰীক্ষা বোৰৰ বাবে অনুশীলন কৰোঁতে মূল বিষয় বস্তুৰ মৌলিক ধাৰণাবোৰ লোৱাত ব্যৰ্থ হয়। উচ্চতৰ মাধ্যমিকৰ শ্ৰেণীত নামভৰ্তি কৰাৰ সময়ৰে পৰাই তেওঁলোকৰ একমাত্ৰ লক্ষ্য হয় কেনেকৈ নিৰ্দিষ্ট নম্বৰটোৰে আসন এখন লোৱা হয়, গতিকে বিষয়বস্তুৰ বিশ্লেষণ, গভীৰতাক কম গুৰুত্ব দিয়াৰ বাবে পিছৰ পৰ্যায়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। যদি তেনে এজন শিক্ষাৰ্থীয়ে কেনেবাকৈ ইঞ্জিনিয়াৰিং বা মেডিকেলত আসন লোৱাত ব্যৰ্থ হয়, তেন্তে তেওঁৰ বিজ্ঞানৰ স্নাতকৰ শ্ৰেণীত অসুবিধা হোৱাটো ধুৰুপ। কোচিং প্ৰতিষ্ঠানবোৰৰো দায়িত্ব সিমানেই, অৰ্থাৎ নিৰ্দিষ্ট আসন এখন পোৱাই দিয়াত সহায় কৰিব পাৰিলেই হ’ল। পিছৰ পৰ্যায়ত হ’বলগীয়া যিকোনো অসুবিধাৰ বাবে তেওঁলোক জগৰীয়া নহয়। গতিকে এইক্ষেত্ৰত শিক্ষাৰ্থী আৰু অভিভাৱক সচেতন হোৱাটো অতি জৰুৰী। সেই দৃষ্টিকোণৰ পৰা ক’ব পাৰি যে ব’ৰ্ড আৰু এণ্ট্ৰেন্সৰ সমন্বিত প্ৰস্তুতি চলোৱা ব্যৱস্থাটো সাধাৰণ ভাৱে সকলোৰে বাবে উপযোগী নহয়। ৫০০জনে নামভৰ্তি কৰা কোচিং প্ৰতিষ্ঠান এটাৰ পৰা যদি ৫০ জনেও আসন লোৱাত সফল হয়, তেন্তে সেয়াই বিজ্ঞাপনৰ পত্ৰিকাত প্ৰকাশ কৰিবলৈ যথেষ্ট। আন ৪৫০ জনৰ সফলতা-বিফলতাৰ লেখ গৌণ হৈ পৰে। সেয়েহে বিদ্যালয়ত অধ্যয়নৰ সময়তেই নিজ সামৰ্থ্যৰ শুদ্ধ ধাৰণাৰ বিষয়ে সচেতন হোৱা উচিত। আৰম্ভণিৰে পৰা সঠিক পৰিকল্পনাৰে অধ্যয়ন কৰা উচিত। গণিত আৰু বিজ্ঞান শিক্ষা যেন কেৱল ডাক্তৰ, ইঞ্জিনিয়াৰ হোৱাৰ আহিলাহে তেনে সাধাৰণীকৰণ জনমানসত দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত নতুন ঢৌ এটা হৈছে অনলাইন নামভৰ্তি, অৰ্থাৎ এখন বিদ্যালয়ত নামভৰ্তি কৰাৰ সমান্তৰালকৈ আৰম্ভণিৰে পৰা JEE/NEET প্ৰস্তুতিৰ বাবে অনলাইন কোচিঙত নামভৰ্তি। বহুতে বেলেগে কৰা দেখিয়েই কৰি আছে। বিদ্যালয়ৰ নিয়মিত পাঠদান, গৃহকাৰ্য আৰু দৈনিক নিজৰ অধ্যয়নৰ বাবেই সময়ে নোকোলায়, তেনেস্থলত দৈনিক ২-৩ ঘণ্টাৰ অনলাইন কোচিঙে শিক্ষাৰ্থীৰ দিনপঞ্জীত বৰ আহুকালৰ সৃষ্টি কৰে। এই সম্পৰ্কেও শিক্ষাৰ্থী-অভিভাৱকে সময় নিবন্ধিত পৰিকল্পনা কৰা উচিত। আচলতে আৰম্ভণিৰে পৰা পাঠ্যপুথিৰ স্ব-অধ্যয়ন নিয়মিত কৰিব লাগে আৰু এণ্ট্ৰেন্স পৰীক্ষাৰ প্ৰস্তুতি সম্বলিত, বিগত বৰ্ষৰ প্ৰশ্ন থকা কিতাপ গোটাই লৈ নিয়মিত উত্তৰৰ অনুশীলন কৰিলেই বহুখিনি কাম কোচিং অবিহনেই সমাধান হয়। অৱশ্যে আমি কোচিং বা বিশেষ প্ৰস্তুতি ব্যৱস্থা অপ্ৰয়োজনীয় বুলি ক’ব নোৱাৰোঁ। ৰচনাধৰ্মী প্ৰশ্নৰ বাবেও যিদৰে প্ৰস্তুতি লাগে, সেইদৰে বহুবিকল্পী প্ৰশ্নৰ বাবেও প্ৰস্তুতিৰ প্ৰয়োজন। উচ্চতৰ মাধ্যমিকত এই দুইধৰণৰ পৰীক্ষাৰেই পাঠ্যক্ৰম আকৌ একেই। গতিকে পাঠ্যক্ৰম আয়ত্ত কৰাৰ পিছতহে পৰীক্ষাৰ ধৰণ অনুযায়ী প্ৰস্তুতি চলাব লাগে, অন্যথা প্ৰস্তুতি মসৃণ নহয়। 

আমাৰ সমাজত মেট্ৰিক পৰীক্ষাৰ এক সামাজিক স্বকীয়তা আছে। বৰ্তমান ই এক অহেতুক গুৰুত্ব পাই আছে। ফলাফলৰ লগে লগেই একো একোজন শিক্ষাৰ্থীক সকলোৱে বীৰোচিত সন্মান প্ৰদৰ্শন কৰে। উৎসাহ যোগোৱাটো অতি জৰুৰী, কিন্তু অপ্ৰয়োজনীয় হৈ-চৈ কৰি এটা অদ্ভুত পৰিৱেশৰ সৃষ্টি কৰা হয়। একেখন অসমতে CBSE ৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণসকলক সেই একেটা সন্মান প্ৰদৰ্শন কৰা দেখা নাযায়। আচলতে যিকোনো পৰীক্ষাৰ সৰ্বোত্তম গুৰুত্ব হ’ল ই শিক্ষাৰ্থীজনক নিজৰ সামৰ্থ্য আৰু প্ৰস্তুতি সম্পৰ্কে এক দৃঢ় ধাৰণা দিয়ে, যিয়ে শিক্ষাৰ্থীজনৰ আত্মবিশ্বাস বঢ়োৱাত সহায়ক হয়। সেই পৰীক্ষা দশম শ্ৰেণীৰে হওক বা পঞ্চম শ্ৰেণীৰে হওক। বছৰ যোৰা প্ৰস্তুতি, নিজৰ মেধা সম্পৰ্কে শিক্ষাৰ্থীজনে পৰীক্ষা দিয়াৰ পিছতে বুজি উঠে। সেয়েহে পৰীক্ষাটো বা ইয়াৰ ফলাফলৰ দিনটোক উৎসৱলৈ সলনি কৰিলে অনাহক উৎকণ্ঠাৰ জন্ম দিয়াহে হয়। দশম শ্ৰেণীৰ পৰীক্ষাৰ দৰে একাদশ শ্ৰেণীৰ পৰীক্ষাটোকো গুৰুত্ব দিয়া উচিত। একাদশ শ্ৰেণীৰ পৰীক্ষাই সামাজিক গুৰুত্ব নোপোৱাৰ ফল আমি ওচৰে-পাজৰে খবৰ ল’লেই গম পাম। গতিকে আমি শিক্ষাৰ্থী আৰু অভিভাৱকক পৰীক্ষাসমূহৰ প্ৰকৃত গুৰুত্ব বুজাই দিব লাগে, ফলাফলসমূহৰ প্ৰয়োজনীয়তা বা ব্যাৱহাৰিক গুৰুত্ব ব্যাখ্যা কৰিব লাগে। এনে কৰিলে পৰীক্ষাৰ লগত জড়িত মানসিক চাপ, সন্মানৰ মানদণ্ড আদি সমস্যাবোৰ বহুলাংশে কমিব। চাপ কমাৰ লগে লগে শিক্ষাৰ্থীয়ে বিষয় আয়ত্ত কৰাত বেছি গুৰুত্ব দিব পাৰিব। 

শিক্ষকেই হওক বা অভিভাৱকেই হওক, সমাজৰ অংগ হিচাপে আমি আমাৰ শিক্ষা ব্যৱস্থাত থকা আসোঁৱাহবোৰৰ সমাধানৰ চিন্তা কৰা উচিত। নিজৰ ঘৰখনতেই এটা চাপমুক্ত অধ্যয়নৰ পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা কৰিব লাগে। নিজৰ সন্তানে নপঢ়িলেও আনৰ সন্তানৰ ভৱিষ্যতৰ বাবে হ’লেও মাত মতাৰ চেষ্টা কৰিব লাগে। যেনেকৈয়ে হওক অধ্যয়নত সহায়ক হোৱাৰ চেষ্টা কৰিব লাগে, লাগিলে সেয়া নিশা উৎসৱত বাজি থকা উচ্চ স্বৰৰ গানেই নহওক কিয়। অধ্যয়নৰত নতুন প্ৰজন্মৰ প্ৰতি সংবেদনশীল হ’ব লাগিব। কেৱল গণিত আৰু বিজ্ঞান অধ্যয়নৰ ক্ষেত্ৰতেই নহয়, অসমত আজিকালি বছৰৰ যিকোনো সময়তেই অধ্যয়ন কৰি থকা ল’ৰা-ছোৱালী আছে। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অধ্যয়ন কৰি থকা বহুত শিক্ষাৰ্থী আছে। তেওঁলোকৰ সহায়ক হ’ব পাৰিলে ভাল। নিজৰ পৰিয়াল বা অঞ্চলটোত গণিত-বিজ্ঞানৰ অধ্যয়নত শিক্ষাৰ্থী অসুবিধা যদি হৈ আছে, সেয়া সমাধানৰ চেষ্টা কৰিবলৈ মনস্থ কৰিব লাগে। অনলাইন মাধ্যমত কোনো মোটা অংকৰ দান নিদিয়াকৈ বহুতো ভাল ভাল পাঠদানৰ উৎস পোৱা যায়। তাৰ বিষয়ে শিক্ষক-শিক্ষাৰ্থী-অভিভাৱকে খবৰ ৰখা উচিত। দান-বৰঙনি দিব পৰা ব্যক্তিসকলে বিদ্যালয় সমূহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৈক্ষিক সমলৰ যোগান ধৰাৰ কথাও ভাৱিব পাৰে। এনে ধৰণৰ আলোচনা আৰু কামে শৈক্ষিক দিশত নতুন প্ৰজন্মক উপকৃত কৰিব বুলি আমাৰ ভাৱ হয়

এই সংখ্যাটোৰ আঁৰত-

এটা দশকৰো অধিক কাল ডিজিটেল মাধ্যমত স্বকীয়তা ৰক্ষা কৰি পাঠকৰ সমাদাৰ লাভ কৰা এই আলোচনী খনৰ সম্পাদকৰ দায়িত্ব অন্ততঃ ডেৰ শতাধিক লেখকে আজিলৈকে পালন কৰিলে। সেই সকলৰ ভিতৰত কেইবাগৰাকীও জন-সমাদৃত লেখক আৰু সাহিত্যৰ নিয়মিত চৰ্চা কৰা ব্যক্তি আছিল। ইয়াৰ লগতে কাৰিকৰী দিশত ওতপ্ৰোতভাৱে জড়িত হৈ আছে কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তি। অসমীয়াত কথা-বতৰা গোটৰ সেই ব্যক্তি সকলৰ নিৰালস্য প্ৰচেষ্টাৰ ফচল এই আলোচনীখনৰ মানদণ্ডৰ পৰম্পৰা ৰক্ষাৰ গুৰু দায়িত্ব বহন কৰিবলৈ পাই মই সকলোৰে ওচৰত কৃতজ্ঞ হৈছোঁ। এই সংখ্যাৰ দায়িত্ব পালনৰ কথাবোৰ ভালদৰে বুজি উঠাত কিছু পলম হৈছিল যদিও অসমীয়াত কথা-বতৰা গোটৰ কেইবাগৰাকী সদস্যৰ সুন্দৰ লেখা আৰু দিহা-পৰামৰ্শৰে পুষ্ট হৈ ত্ৰয়োদশ বৰ্ষৰ অষ্টম সংখাটো পাঠক ৰাইজলৈ আগবঢ়াবলৈ সক্ষম হ’লোঁ। সেয়েহে এই যাত্ৰাত মোক আৰম্ভণিৰে পৰা প্ৰায় সকলো দিশৰে দিহা-পৰামৰ্শ দিয়া মৃদুল কুমাৰ শৰ্মাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সেই একে ধৰণৰে সহায় সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিজিৎ দত্তক। বৰ্ণাশুদ্ধিত সহযোগ কৰা মৃদুল কুমাৰ শৰ্মা, কলচুম বিবি, জুপিতৰা ফুকন, অভিজিৎ দত্ত, ৰূপম বৈশ্য আৰু কাৰিকৰী দিশত সহায়ৰ হাত আগবঢ়োৱা হিতেশ্বৰ শৰ্মা আৰু দীপজ্যোতি বৰালৈ কৃতজ্ঞতা জনাইছোঁ। অসমীয়াত কথা-বতৰা গোট আৰু সাহিত্য ডট অৰ্গৰ জৰিয়তে ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ এই অনন্য সাহিত্য চৰ্চা আৰু সৃষ্টিকৰ্ম হওক নিৰৱধি তাৰেই মানসেৰে সকলোলৈকে মোৰ আন্তৰিক কৃতজ্ঞতা জনাই এই সংখ্যাটো আগবঢ়ালোঁ। অনিশ্চাকৃত আসোঁৱাহ আৰু ভুল-ত্ৰুটিবোৰ আমাক আঙুলিয়াই দিয়াৰ লগতে মাৰ্জনা কৰিব। অনাগত সময়ত আলোচনীখনৰ সৌষ্ঠৱ বৃদ্ধিত আপোনালোকৰ বহুমূলীয়া অৱদান কামনা কৰিলোঁ। 

কৃতজ্ঞতাৰে

নৱদীপ শইকীয়া

সম্পাদক, সাহিত্য ডট অৰ্গ

অষ্টম সংখ্যা, ত্ৰয়োদশ বৰ্ষ

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!