সম্পাদকীয় - আমি সজাগ হ’বৰ হ’ল

লেখক- জুপিতৰা ফুকন

যোৱা বছৰটোত অসমৰ বিভিন্ন ঠাইত বিশেষকৈ ডিব্ৰুগড়, ধেমাজি আৰু লক্ষীমপুৰ জিলাত হঠাতে অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে জিলাকেইখনৰ বিস্তৰ অঞ্চলৰ ক্ষতিসাধন কৰিলে। অসমত গ্ৰীষ্মকালত ধুমুহা, বৰষুণ স্বাভাৱিক প্ৰাকৃতিক পৰিঘটনা যদিও এনেধৰণৰ কাহানিও নোহোৱা প্ৰচণ্ড বা-মাৰলী কিন্তু অস্বাভাৱিক। যাৰ ক্ষয়-ক্ষতি আজিও পূৰণ কৰিব পৰা হোৱা নাই। ইয়াৰ বিপৰীতে একে সময়তে গোলাঘাটৰ বহু অঞ্চল খৰাঙে কোবাই গ’ল। এই সকলো ঘটনা এটা সম্ভাব্য বৃহৎ ঘটনাৰ ‘বাটৰফ্লাই ইফেক্ট’ মাথোঁ।  

২১ শতিকাত জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ স্বাস্থ্যৰ বাবে এক ভাবুকিস্বৰূপ হৈ পৰিছে। সৃষ্টিৰ আৰম্ভণিৰে পৰা গোলকীয় পৰিসৰত জলবায়ুৰ পৰিৱৰ্তন হৈ আহিছে যদিও সেয়া আছিল প্ৰাকৃতিক কাৰণবশতঃ। আনহাতে বৰ্তমানত ঘটা জলবায়ুৰ পৰিৱৰ্তন মানৱসৃষ্ট। জলবায়ু পৰিৱৰ্তন আৰু পৃথিৱীৰ ভৌগোলিক অৱস্থাৰ মাজত এক ওতপ্ৰোত সম্পৰ্ক আছে। হৰপ্পা সভ্যতাৰ পতনৰ অন্যতম কাৰণ আছিল সিন্ধু নদীৰ জলস্তৰৰ পৰিৱৰ্তন। ৯০০ বছৰীয়া এটা দীঘল খৰাঙে হৰপ্পা সভ্যতাৰ পতনৰ অনুঘটক হোৱাৰ লগতে সমগ্ৰ অঞ্চলটোক এটা সেউজ অঞ্চলৰ পৰা মৰু অঞ্চললৈ ৰূপান্তৰিত কৰিলে। 

যদি এনে এক সময় আহে যেতিয়া নদীবোৰ শুকাই যাব, মেৰু অঞ্চলৰ বৰফবোৰ গলি যাব আৰু সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈ দ্বীপবোৰ পানীৰ তলত ডুব যাব, মেৰু অঞ্চল আৰু পৰ্বতৰ উচ্চ শিখৰৰ বৰফবোৰ গলি যোৱাৰ লগে লগে ভূমণ্ডলৰ বতাহ শীতলীকৰণ ব্যৱস্থাটো ধ্বংস হৈ পৃথিৱীৰ উষ্ণতা বঢ়াই তুলিব। এই সমগ্ৰ পৰিৱৰ্তনে পৃথিৱীৰ ভূমিভাগৰ শ্ৰেণী পৰিৱৰ্তন কৰি কৃষি উপযোগী ভূমিক অনুৰ্বৰ ভূমিলৈ পৰিণত কৰিব আৰু কৃষি উৎপাদন হ্ৰাস পাব। ইতিমধ্যে পৃথিৱীত কৃষিৰ মুঠ উৎপাদন উদ্বেগজনকভাৱে কমি আহিছে। 

জলবায়ু পৰিৱৰ্তন, ভৌগোলিক অৱস্থা আৰু কৃষি— মানৱ সভ্যতাৰ শৃংখলাটোৰ একো একোটা উপাদান। ইয়াৰ একোটা উপাদানৰ সামান্য পৰিৱৰ্তনে সম্পূৰ্ণ শৃংখলাটোকে পংগু কৰি তুলিব পাৰে। আমি কৰা সৰু ডাঙৰ প্ৰত্যেকটো কামেই জলবায়ু পৰিৱৰ্তনত ধনাত্মক বা ঋণাত্মকভাৱে ক্ৰিয়া কৰে। আপাততঃ সমস্যাটো যিহেতু বৃহৎ ইয়াত সমাজৰ প্ৰত্যেকজন মানুহে যথাসম্ভৱ সহযোগিতা আগবঢ়োৱাৰ সময় আহি পৰিছে। জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰিবলৈ আমি কিছুমান পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ—

১) বিদ্যুতৰ অপচয় ৰোধ কৰা: 

বিদ্যুৎ উৎপাদন কৰোঁতে বিপুল পৰিমাণৰ জৈৱ ইন্ধন দহন কৰা হয়। এই ইন্ধন দহনে প্ৰচুৰ তাপ আৰু ধোঁৱাৰ সৃষ্টি কৰে। 

২) বজাৰ কৰিবলৈ যাওঁতে পলিথিনৰ পৰিৱৰ্তে হাতমোনা লৈ যোৱা: 

পলিথিনৰ অপকাৰিতা বিষয়ে আমি কম বেছি পৰিমাণে সকলো জ্ঞাত। ‘মিন্দেৰ’ মনাক’ কমিশ্যন অন প্লাষ্টিকছ এণ্ড হিউমেন হেল্‌থ-২০২৩’ ৰ প্ৰতিবেদন অনুসৰি ২০১৫ চনত প্লাষ্টিক উৎপাদন প্ৰক্ৰিয়াটোত ১.৯৬ গিগাটন কাৰ্বন-ডাই-অক্সাইড আৰু অন্যান্য সেউজগৃহ গেছ বায়ুমণ্ডললৈ নিৰ্গমন হৈছিল। 

৩) খাদ্যৰ অপচয় ৰোধ কৰা: 

খাদ্য উৎপাদন কৰোঁতে বহু পৰিমাণে সেউজগৃহ গেছ নিৰ্গমন হয় তথা বহু পৰিমাণে জৈৱ ইন্ধন দহন কৰিব লগা হয়। খাদ্যৰ অপচয়ে এই গেছবোৰৰ নিৰ্গমন আৰু ইন্ধন দহনৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰে। 

৪) অত্যধিক কাপোৰ ক্ৰয় কৰাৰ পৰা বিৰত থকা: 

জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰখনত বস্ত্ৰ উদ্যোগক মানৱ সৃষ্ট দ্বিতীয়টো কাৰকৰূপে গণ্য কৰা হয়। পৃথিৱীৰ সৰ্বমুঠ কাৰ্বন নিৰ্গমনৰ ৮ৰ পৰা ১০ শতাংশ কাৰ্বন তথা ২০% পৰিবৰ্জিত জল বস্ত্ৰ উদ্যোগৰ পৰাই সৃষ্টি হয়। 

৫) বিদেশী সঁচৰ গছ-বন ৰোপণ কৰাৰ অভ্যাস ত্যাগ কৰা: বিদেশী সঁচৰ গছ-বনবোৰে জৈৱ বৈচিত্ৰ্যত বিৰূপ প্ৰভাৱ পেলায়। প্ৰকৃতিয়ে ইয়াৰ উপাদানসমূহ শৃংখলাবদ্ধভাৱে সজাই ৰাখে। তেনে ক্ষেত্ৰত একোজোপা বিদেশী মূলৰ গছে পৰিৱেশতন্ত্ৰটোত বিষম আঘাত হানিব পাৰে। 

৬) যিমান সম্ভৱ নিৰামিষ আহাৰ গ্ৰহণ কৰা: 

২০২২ চনৰ ৰাষ্ট্ৰসংঘৰ এক সমীক্ষাত প্ৰকাশ যে আমিষ আহাৰৰ বাবে পালন কৰা বিভিন্ন জীৱ-জন্তুৰ পামবোৰৰ পৰা পৃথিৱীৰ মুঠ ন শতাংশ সেউজগৃহ গেছ নিৰ্গমন হয়। এই পৰিমাণ পৃথিৱীৰ সকলো মটৰ গাড়ীয়ে উৎপন্ন কৰা সেউজগৃহ গেছতকৈ বহু বেছি। তাৰ তুলনাত কৃষি কাৰ্যত কম পৰিমাণে গ্ৰীণহাউচ গেছ নিৰ্গমন হয়। 

৭) যিমান পাৰি থলুৱা সঁচৰ শাক-পাচলি ক্ৰয় কৰা: 

বৰ্ণসঙ্কৰ শস্য বিশেষকৈ হাইব্ৰীড শস্য উৎপাদনত প্ৰচুৰ পৰিমাণে কীটনাশক আৰু ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়। তাৰ সমানুপতিক ভূ-গৰ্ভস্থ জলৰো অবাধ ব্যৱহাৰ কৰা হয়। এই ৰাসায়নিক সাৰ আৰু কীটনাশকবোৰে পৰিৱেশতন্ত্ৰক ব্যাপকভাৱে প্ৰদূষিত কৰি তোলে। 

৮) পানীৰ অপচয় ৰোধ কৰা: 

 ভূ-গৰ্ভস্থ জলৰ অপব্যৱহাৰ পৰিবেশ ধ্বংসৰ অন্যতম কাৰক। সেয়ে অতি উন্নত মহানগৰসমূহত ব্যৱহৃত পানীৰ পৰিশোধন প্ৰকল্প গঢ় লৈ উঠিছে। 

মানৱ সভ্যতাৰ ক্ষুদ্ৰতম অংশ হিচাপে আমি জলবায়ু পৰিৱৰ্তনৰ বিপক্ষে নিজকে সজাগ কৰাৰ সময় আহি পৰিছে। ১৭৫০ চনৰ পাছৰপৰা মানৱ সভ্যতাই গোলকীয় উষ্ণতা বৃদ্ধিত মূল অনুঘটকৰ ভূমিকা গ্ৰহণ কৰিছে বুলি বৈজ্ঞানিকসকলে মত প্ৰকাশ কৰিছে। সূৰ্যৰ উত্তাপ হয় স্থিৰ হৈ আছে অথবা ক্ৰমাৎ হ্ৰাস হৈছে। ইয়াৰ বিপৰীতে গোলকীয় উষ্ণতা ক্ৰমাৎ বৃদ্ধি পাইছে। পৃথিৱীৰ উত্তাপ বৃদ্ধিয়ে প্ৰথমেই পৃথিৱীৰ সেউজ আৱৰণখনৰ বিস্তৰ ক্ষতিসাধন কৰিছে। ফলত মৰুকৰণ প্ৰক্ৰিয়া দ্ৰুত গতিত বৃদ্ধি পাইছে। বিশেষকৈ ক্ৰান্তীয় অঞ্চলত এই সমস্যাটোৱে ভয়াবহ ৰূপ ধাৰণ কৰিছে। অনাবৃষ্টি, খৰাং, অতিবৃষ্টি আবতৰীয়া বৰষুণ আদি নানা সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছে কৃষিক্ষেত্ৰখনত। বিশেষকৈ কৃষি অৰ্থনীতিত ই মোক্ষম আঘাত হানিছে। 

জলবায়ু পৰিৱৰ্তন ভাৰতৰ বাবেও এক চিন্তনীয় সমস্যা হৈ পৰিছে। জলবায়ু পৰিৱৰ্তনে ক্ষতিগ্ৰস্ত কৰা দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান চতুৰ্থ। জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা স্বাভাৱিক বৃষ্টিপাতৰ তাৰতম্যৰ ফলত ভাৰতত শস্য উৎপাদন প্ৰক্ৰিয়াত ব্যাঘাত জন্মিছে, যাৰ বাবে খাদ্য মুদ্ৰাস্ফীতিৰ সৃষ্টি হৈছে। ২০১৯ চনত ভাৰতৰ ১৪খন ৰাজ্যত হোৱা ব্যাপক বানপানীত প্ৰায় ১.৮ মিলিয়ন লোক ক্ষতিগ্ৰস্ত হয়। ২০২৩ চনৰ মাৰ্চ মাহতো ভাৰতৰ বহু ঠাইত আবতৰীয়া বৰষুণ হোৱাৰ ফলত শস্যৰ ব্যাপক ক্ষতি হয়। জলবায়ু পৰিৱৰ্তনে অদূৰ ভৱিষ্যতে দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ ধান উৎপাদনকাৰী দেশসমূহ যেনে ভাৰত, ম্যানমাৰ ভিয়েটনাম, কম্বোডিয়া, লাওছ থাইলেণ্ড আদি দেশসমূহৰ ধান উৎপাদনত ব্যাপক প্ৰভাৱ পেলাব। পৃথিৱীৰ মুঠ জনসংখ্যাৰ অৰ্ধসংখ্যক লোকৰে প্ৰধান খাদ্য হৈছে ভাত। সেয়ে বিশ্বত খাদ্য সংকটৰ সৃষ্টি হ’ব। ইতিমধ্যে উত্তৰ ভাৰতত অস্বাভাৱিক তাপমাত্ৰা বৃদ্ধিৰ ফলত পঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যসমূহত পূৰ্বৰ তুলনাত ঘেঁহু উৎপাদন যথেষ্ট হ্ৰাস পাইছে। তদুপৰি জলবায়ু পৰিৱৰ্তনে সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ এই তিনিখন নদীৰ স্বাভাৱিক জলস্তৰৰ পৰিৱৰ্তন সাধন কৰিছে। কাৰণ গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত এই নদীসমূহৰ উৎস হিমবাহবোৰৰ গলনৰ মাত্ৰা বৃদ্ধি পাইছে আৰু ই উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ আৰ্থ-সামাজিক দিশটোলৈ ভাবুকি কঢ়িয়াই আনিছে। উত্তৰ ভাৰতৰ এই বিশাল সমভূমি অঞ্চলটোতে ভাৰতৰ মুঠ জনসংখ্যাৰ অৰ্ধ শতাংশ লোক বাস কৰে। এই সমভূমি অঞ্চলটো ভাৰতৰ কৃষি অৰ্থনীতিৰ মূল আধাৰ। দেশৰ খাদ্যৰ ভঁৰাল। এই নদীকেইখনৰ ওপৰত নিৰ্ভৰ কৰিয়েই সমভূমিখনৰ বাসিন্দাসকলৰ জীৱন ধাৰণ প্ৰণালী গঢ় লৈ উঠিছে। প্ৰতিবছৰে বানপানীয়ে সমগ্ৰ উপত্যকা অঞ্চলটোৰ কৃষিৰ লগত ধন-জনৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। জলবায়ু পৰিৱৰ্তনৰ এই ধাৰা অব্যাহত থাকিলে এই তিনিওখন নদীৰে জলপ্ৰৱাহ বৃদ্ধি পাব আৰু বৰ্তমানৰ তুলনাত বানপানীয়ে এই সমগ্ৰ উপত্যকা অঞ্চলটোত আৰু অধিক ভয়াবহ ৰূপ ধাৰণ কৰি কৃষি অঞ্চলসমূহ ধংস কৰি পেলাব। যিয়ে অঞ্চলটোৰ আৰ্থ-সামাজিক দৃশ্যপট সলনি কৰি পেলাব। আনহাতে সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি পালে উপকূল অঞ্চললৈ সাগৰৰ লুণীয়া পানী সোমাই আহিব আৰু উপকূলীয় কৃষিক্ষেত্ৰসমূহৰ ক্ষতি কৰিব। লুণীয়া পানীৰ প্ৰভাৱত কৃষিভূমিসমূহত লৱণৰ মাত্ৰা বৃদ্ধি পাব। জলবায়ু পৰিৱৰ্তনে কোনো ঠাইৰ জনগাঁথনিতো প্ৰভাৱ পেলায়। প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহৰপৰা সুৰক্ষিত অঞ্চললৈ মানুহৰ প্ৰব্ৰজন ঘটে। এনে প্ৰব্ৰজনকাৰীক ‘জলবায়ু শৰণাৰ্থী’ (ক্লাইমেট ৰিফিউজি) বুলি কোৱা হয়। ২০১৯ চনত বংগোপসাগৰত সৃষ্টি হোৱা ‘বুলবুল’ নামৰ ক্ৰান্তীয় ঘূৰ্ণীবতাহজাকে সুন্দৰবন ব-দ্বীপৰ দাঁতিকাষৰীয়া অঞ্চলটো সমুলঞ্চে ধ্বংস কৰে। ফলত এশৰো অধিক পৰিয়াল অন্য সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হ’বলগীয়া হয়। ‘ষ্টেট অব ইণ্ডিয়া’চ এনভাইৰনমেণ্ট-২০২২’ ৰ প্ৰতিবেদন অনুসৰি ২০২০-২১ বৰ্ষত ভাৰতৰ তিনি নিযুতৰো অধিক লোক জলবায়ু পৰিৱৰ্তনসৃষ্ট দুৰ্যোগৰ কবলত পৰি অন্য স্থানলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছে। ইয়াৰ উপৰিও জলবায়ু পৰিৱৰ্তনে দুখন চুবুৰীয়া দেশৰ ৰাজনীতিত অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে। ভূগৰ্ভৰ জলপৃষ্ঠ ক্ৰমান্বয়ে নিম্নগামী হৈ অহাৰ পৰিপ্ৰেক্ষিতত ভূ-গৰ্ভৰ পানীৰ ব্যৱহাৰ কমাই অনাৰ স্বাৰ্থত নদীৰ পানী ব্যৱহাৰ কৰিব লাগিব। এনে পৰিস্থিতিত দুখন দেশৰ আন্তঃসীমান্ত নদীৰ পানীৰ ভাগ-বাটোৱাৰাক লৈ কোনো কোনো ক্ষেত্ৰত চুবুৰীয়া দেশসমূহৰ মাজত ৰাজনৈতিক সংঘাতৰ সৃষ্টি হ’ব পাৰে। 

সেয়ে বৰ্তমানৰ পৃথিৱীখনক সুস্থিৰ কৰি ৰাখিবলৈ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখনক সুৰক্ষিত কৰি ৰাখিবলৈ সকলো সজাগ হোৱাৰ সময় হ’ল।

এই সংখ্যাটোৰ আঁৰত-

‘সাহিত্য ডট অৰ্গ’ৰ ত্ৰয়োদশ বৰ্ষৰ সপ্তম সংখ্যাটো আগবঢ়াই দিয়াত যিসকল ব্যক্তিয়ে সহায়-সহযোগিতা আগবঢ়ালে, সকলোলৈকে সম্পাদিকাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

এই সংখ্যাৰ সাক্ষাৎকাৰটি গ্ৰহণ কৰিলে অভিজিত দত্ত, জুপিতৰা ফুকন আৰু ধ্ৰুৱজ্যোতি অৰ্জুনাই। সাক্ষাৎকাৰটি লিপিবদ্ধ কৰিলে অভিজিত দত্ত আৰু জুপিতৰা ফুকনে।

লেখাসমূহৰ বৰ্ণাশুদ্ধি কৰিলে মৃদুল কুমাৰ শৰ্মা, মণ্টু কুমাৰ বৰঠাকুৰ, মৌচুমী বড়ি, কলচুম বিবি , আৰু ৰূপম বৈশ্যই।

কাৰিকৰী দিশত সহায় কৰিলে হিতেশ্বৰ শৰ্মা আৰু দীপজ্যোতি বৰাই।

আলোচনীখনৰ সমূহ লেখক-লেখিকা আৰু ‘অসমীয়াত কথা-বতৰা’ গোটৰ সমূহ সদস্য-সদস্যাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!