লেখক- মনালিছা পাঠক নেওগ

অভিযোগ থাকিলেও চিঠি দিবা। 

কাৰণ মৌনতা সবাতোতকৈ ভয়ংকৰ, 

ই ভাঙি দিয়ে সম্পৰ্কৰ ভৰসা। 

যদিও অভিযোগৰ কথাবোৰে আঘাত দিছিল, 

তথাপি তোমাৰ, তাত উপস্থিতি আছিল। 

খঙাল শব্দ এটাও বহুত বেছি মূল্যৱান; 

অপ্ৰয়োজনীয় মৌনতাতকৈ। 

অভিযোগ থাকিলেও চিঠি দিবা! 

কাৰণ চিঠি মানে কেৱল লিখাই নহয়, 

তাত থাকে, জীয়াই থকাৰ প্ৰমাণ। 

যিয়ে কয় – তুমি এতিয়াও মোৰ কথা ভাবা। 

অভিযোগ থাকিলেও, 

কিন্তু চিঠি পঠাবা, 

কাৰণ অভিযোগৰ ভিতৰত, 

লুকাই থাকে

অন্য এক ভালপোৱা।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments