অমৰাৰ লগত ভাঙোন মাছৰ জুতি

লেখক- পিংকি বৰুৱা

উপকৰণঃ
কেঁচা অমৰা পাঁচটা
আলু এটা (ঐচ্ছিক)
পানী প্ৰয়োজনমতে
ভাঙোন মাছ তিনিটা
কেঁচা জলকীয়া দুটা
মানধনিয়া পাত ৫-৬ খিলা
মেথিগুটি ১/৩ চাহ চামুচ
হালধি প্ৰয়োজনমতে
নিমখ স্বাদ অনুযায়ী
মিঠাতেল প্ৰয়োজনমতে

প্ৰণালীঃ
আলুৰ বাকলি গুচাই দুফাল কৰি ল’ব। বাকলি গুচাই লোৱা আলু আৰু অমৰাকেইটা ভালদৰে ধুই এগিলাচ পানীৰ লগত প্ৰেচাৰ কুকাৰত দি কুকাৰটো জুইৰ ওপৰত দিব। দুটা হুইচেল মাৰিলে গেছৰ জুই নুমুৱাই কুকাৰটো ঠাণ্ডা হ’বলৈ দিব। কুকাৰটো ঠাণ্ডা হ’লে আলুটো উলিয়াই পিটিকা কৰি ল’ব। আনহাতে, কুকাৰত থকা পানীখিনিৰ লগতে অমৰাকেইটা ভালদৰে খচি অমৰাৰ মঙহখিনি এৰুৱাই ল’ব। ভাঙোন মাছকেইটাৰ পেটু আৰু বাকলি গুচাই ধুই লৈ নিমখ আৰু হালধি সানি ল’ব। কেৰাহীত প্ৰয়োজনমতে তেল গৰম কৰি তাতে মাছকেইটা দি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজি প্লেট এখনত নমাই থ’ব। এতিয়া কেৰাহীত মাছৰ আঞ্জা ৰান্ধিবৰ জোখাৰে তেল ৰাখি তাতে মেথিগুটিৰ ফোৰণ দি তাতে কেঁচা জলকীয়া দুটা ফালি লৰাই দিব। এতিয়া তাত আলুখিনি দি প্ৰয়োজনমতে নিমখ আৰু হালধি দি ভালদৰে লৰাই প্ৰায় দুই মিনিটমান সময় ভাজিব। তাৰপিছত আলুখিনিৰ ওপৰত অমৰাৰ গুটিৰে সৈতে পানীখিনি ঢালি দিব। আঞ্জাখন ডাঠ হোৱা যেন দেখিলে তাত গৰম পানী আৰু অলপমান ঢালি আঞ্জাখন ঢাকি ভালদৰে উতলিবলৈ দিব। তাৰপিছত তাত ভজা মাছখিনি দি আঞ্জাখন আকৌ ভালদৰে উতলিবলৈ দিব। আঞ্জাখন অলপ সময় উতলোৱাৰ পিছত তাত মানধনিয়াৰ পাতখিনি মিহিকৈ কুটি দি আকৌ প্ৰায় এক মিনিটমান সময় উতলাই গেছৰ জুই নুমুৱাই দিব। গৰমে গৰমে ভাতৰ লগত অমৰাৰ লগত ৰন্ধা মাছৰ আঞ্জাৰ জুতি ল’ব। অমৰাৰ লগত ৰন্ধা মাছৰ এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!