অসমীয়া চিনেমাত স্বাধীনতা আন্দোলনৰ অধ্যয়ন

লেখক- উৎপল দত্ত

স্বাধীনতাৰ অমৃত কালচোৱাত উদ্‌যাপিত হোৱা বিভিন্ন কাৰ্যক্ৰমৰপৰা দেখা গৈছে যে প্ৰেৰণা আৰু পাঠৰ চিৰস্থায়ী উৎস হিচাপে কাম কৰাৰ ক্ষেত্ৰত ভাৰতৰ স্বাধীনতা আন্দোলনে এই সময়ত সময়ত সৰ্বোচ্চ তাৎপৰ্য লাভ কৰিছে। এই আন্দোলনে ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে মূলতঃ অহিংস আৰু বহুক্ষেত্ৰত সহিংস প্ৰতিৰোধৰ শক্তিৰ উদাহৰণ দাঙি ধৰে। বৈচিত্ৰ্যময় ভাৰতৰ বিভিন্ন পটভূমিৰ বিভিন্ন লোকক একত্ৰিত কৰি এক উমৈহতীয়া লক্ষ্যৰ বাবে যুঁজিবলৈ উদ্বুদ্ধ কৰাটোও স্বাধীনতা আন্দোলনৰ এক বিশেষ শক্তি আছিল। মহাত্মা গান্ধীৰ দৰে আন্দোলনৰ নেতাসকলেও নৈতিক নেতৃত্ব আৰু শান্তিপূৰ্ণ উপায়েৰে পৰিৱৰ্তনশীল পৰিৱৰ্তন সাধন কৰাৰ ক্ষমতাৰ সাৰ্থকতা দাঙি ধৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলন জাতীয় ঐক্য আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ এক স্থিৰ শক্তিৰ প্ৰমাণ হিচাপে থিয় হৈ আছে। বৰ্তমান সময়ৰ পৃথিৱীত এই ঐতিহাসিক আখ্যানে গণতান্ত্ৰিক নীতি, সামাজিক ন্যায়, স্বাধীনতাৰ সন্ধানৰ লগত জড়িত হৈ থকা মূল্যবোধ আদি প্ৰসংগবোৰ পেলাই দিয়ে, ন্যায়সংগত আৰু সমতাপূৰ্ণ সমাজৰ বাবে এই আদৰ্শসমূহ ৰক্ষা কৰিবলৈ দেশখনক অনুপ্ৰাণিত কৰে।
বিভিন্ন ক্ষেত্ৰৰ সৃষ্টিশীল লেখক-শিল্পীসকল আজি ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিভিন্ন দিশৰ বিষয়ে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছে আন্দোলনৰ চিৰস্থায়ী প্ৰাসংগিকতা আৰু জাতিটোৰ পৰিচয়ৰ ওপৰত থকা গভীৰ প্ৰভাৱৰ বাবে। এই আন্দোলনে ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ক প্ৰতিনিধিত্ব কৰে, যি অধ্যায়ত আছে প্ৰতিকূলতাৰ বিৰুদ্ধে কৰা ত্যাগ আৰু লাভ কৰা জয়ৰ বিষয়বস্তুৰ অনুৰণন। সাহিত্য-চিনেমা আদিৰ জৰিয়তে লেখক-শিল্পীসকলে সংগ্ৰামৰ জটিলতাৰ মাজত গভীৰভাৱে সোমাই থকা অকথিত কাহিনী আৰু আদৰ্শবাদী নায়ক-নায়িকাৰ সংগ্ৰামৰ কাহিনীৰে দেশৰ স্বাভিমানক আকৌ উজ্জ্বল কৰি তুলিব পাৰে। স্বাধীনতা আন্দোলনৰ ঐক্য, অহিংসা আৰু সামাজিক পৰিৱৰ্তনৰ বাৰ্তাই সমসাময়িক সাহিত্যিক-শিল্পীসকলকো অনুপ্ৰাণিত কৰি আহিছে আৰু বৰ্তমান যুগৰ সমস্যাসমূহৰ সমাধানৰ বাবেও সেই আন্দোলনৰ অভিজ্ঞ তাৰ নতুন প্ৰয়োগৰ প্ৰসংগও আলোচিত হৈ আহিছে।
এই প্ৰেক্ষাপটত মৃণাল কুমাৰ বৰাই ৰচনা কৰা ‘অসমীয়া চিনেমাত ভাৰতৰ স্বাধীনতা আন্দোলন’ এক সময় উপযোগী গবেষণা গ্ৰন্থ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ মাজতেই অসমীয়া চিনেমাৰ জন্ম আৰু স্বাভাৱিকভাবেই স্বাধীনতা আন্দোলনৰ আদৰ্শৰ উত্তাপে ছবিৰ নিৰ্মাতাক উত্তেজিত কৰিছিল। ‘জয়মতী’ ছবিখনৰ কাহিনীৰ লগত ভাৰতৰ স্বাধীনতা আন্দোলনৰ কোনো সম্বন্ধ নাই, সম্বন্ধ আছে আদৰ্শ আৰু মানসিকতাৰ।এই কথাক সঠিকভাবে বিশ্লেষণ কৰি মৃণাল বৰাই তেখেতৰ লিখনি আগবঢ়াইছে।
চিনেমা এখন অকল কাাহিনী এটাৰ চিত্ৰৰূপেই নহয়, ই পৰিচালক গৰাকীৰ শিল্পীমন আৰু সামাজিক দায়বদ্ধতাৰো প্ৰকাশ। স্বাধীনতা আন্দোলনে উত্তেজনাৰ শীৰ্ষত থকা সময়তে ‘চিৰাজ’ ছবিখনৰ প্ৰস্তুতি আৰম্ভ হৈছিল। এই ছবিখনত কিন্তু স্বাধীনতা আন্দোলনৰ কোনো প্ৰভাৱ প্ৰকাশ হোৱা নাছিল। ‘জয়মতী’ৰ স্ৰষ্টা জ্যোতিপ্ৰসাদ আছিল স্বাধীনতা আন্দোলনৰ একনিষ্ঠ কৰ্মী। কিন্তু তেখেতৰ সহযোগী ফণী শৰ্মা স্বাধীনতা আন্দোলনৰ লগত গভীৰভাৱে জড়িত থকাৰ তথ্য পোৱা নাযায়। বিষ্ণুপ্ৰসাদ ৰাভা আছিল কমিউনিষ্ট দলৰ লোক, এই স্বাধীনতা মিছা বুলি তেখেতে শ্লোগান দিছিল। স্বাধীনতা আন্দোলনৰ সময়ত নিৰ্মিত ছবি এখনত কিয় স্বাধীনতাৰ উল্লেখ নাছিল এই কথাও অধ্যয়নৰ সুন্দৰ বিষয় হ’ব পাৰে। এই অধ্যয়ন চিনেমাৰো অধ্যয়ন, লগতে ই সামাজিক প্ৰেক্ষাপটৰো অধ্যয়ন।
অসমীয়া চিনেমাৰ অধ্যয়নৰ ক্ষেত্ৰত প্ৰথমে মুখামুখি হোৱা সমস্যাটি হ’ল ছবিবোৰ চোৱাৰ সুবিধা নথকাটো। অসমীয়া বহু চিনামাৰেই প্ৰিণ্ট পাবলৈ নাই, বিশেষকৈ কেইদশকমান আগৰ ছবিৰ ক্ষেত্ৰতো এই অসুবিধা, প্ৰথমভাগৰ ছবিবোৰৰ কথা ক’বই নালাগে। এনে অৱস্থাত চিনেমাখনৰ প্ৰাথমিক তথ্য সংগ্ৰহ কৰাটো টান, লেখকে নিৰ্ভৰ কৰিব লগা হয় গৌণ উৎসৰ ওপৰত। বহু সময়ত সেই তথ্যবোৰৰ শুদ্ধ ৰূপ খাটাং কৰাটো কঠিন। এনে অসুবিধাবোৰ সন্মুখত ৰাখিও মৃণাল কুমাৰ বৰাই গবেষণা কৰিছে আৰু ভালেমান তথ্য উপযুক্ত সমৰ্থনযোগ্য তথ্যৰ সহযোগেৰে প্ৰকাশ কৰিছে। স্বাধীনতা আন্দোলনে অসমৰ বিভিন্ন সম্প্ৰদায়ক বেলেগ বেলেগ ধৰণে প্ৰভাৱিত কৰিছিল। এই ভিন্নতাৰ প্ৰতি লেখক সচেতন হৈ থকা বুলি অনুমান কৰিব পাৰি।
এই গৱেষণা গ্ৰন্থখনৰ প্ৰয়োজন অকল এটা বিষয়ৰ চিনেমাৰ তথ্যৰ সংগ্ৰহতেই সীমাবদ্ধ নহয়। এটা সৰ্বভাৰতীয় আন্দোলনৰ লগত ভাৰতৰ এমূৰৰ অসমখনৰ কেনে সহযোগ আৰু কেনে দায়বদ্ধতা তাক চিনেমাৰ মাজেৰে কেনেদৰে ব্যাখ্যা কৰা হৈছে সেই দিশটিও মন কৰিবলগীয়া কথা।
আৰু এটি কথা দিশ হ’ল অসমীয়া ছবিৰ ইতিহাসৰ দৃষ্টিকোণৰ পৰা এই কিতাপখন অতীত আৰু বৰ্তমানৰ মাজত সংযোগ। গ্ৰন্থখনত লেখকে সংগৃহীত তথ্যৰ লগতে নিজা দৃষ্টিভংগীও প্ৰকাশ কৰিছে আৰু সেই কথা সম্পূৰ্ণ স্পষ্টভাৱে প্ৰকাশ কৰিছে যাতে তথ্য আৰু ব্যক্তিগত মতামতৰ মাজত কোনো সন্দেহপূৰ্ণ স্থানৰ জন্ম নহয়। আন্দোলন চলি থকা সময়ত পোনপটীয়াকৈ দেখুৱাব পৰা ইপ্সিত ফল আছিল এটাই। সেই প্ৰসংগৰ আলোচনাৰ লগতে আধুনিক ভাৰতত স্বাধীনতা, গণতন্ত্ৰ, সামাজিক ন্যায়ৰ তাৎপৰ্য আৰু এই বিষয়বোৰে অসমৰ চিনেমা জগতৰ সৃষ্টিশীললোকসকলক কেনেদৰে চিন্তা কৰিবলৈ প্ৰোৎসাহিত কৰিছে, এইবোৰ প্ৰসংগৰ আলোচনাৰ অন্তৰ্ভুক্তিৰে কিতাপখন আকৰ্ষণীয় হৈছে।
——————————

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!