অৰ্গেনিক দৈ

লেখক- প্ৰদীপ বৈশ্য

  শিৰোনামটো দেখি মোক ভুল নুবুজিব। মই দিয়া নাম নহয় –বিক্ৰেতাই দিয়া নামহে। তলৰ কথাখিনি পঢ়িলেহে আচল কথাটো গম পাব। ব’হাগ বিহুৰ সময়ত কৰ্তব্যস্থানৰ পৰা ঘৰলৈ উভতিছোঁ। বান্দৰদেৱাৰ পৰা দুজন যুৱকে শ্বোৰূমৰ নতুন মাৰুতি গাড়ীখন চলাই গুৱাহাটীলৈ নিব। তেওঁলোক দুয়ো পল্লৱী মটৰচ্ নামৰ মাৰুতি গাড়ী বিক্ৰেতা প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী। বান্দৰদেৱাত চেগ বুজি দুই এজন যাত্ৰী লগত ল’লে পকেট খৰচ ওলাব বুলি তাত ৰৈ থকা মোকো লগত ল’লে। যুৱকদ্বয়ৰ মতিগতি ভালেই হ’ব বুলি অনুমান কৰি ময়ো গৃহচহৰ তেজপুৰলৈ বুলি তেওঁলোকৰ গাড়ীত বহিলোঁ। ভালেই হ’ল, তিনি ঘণ্টাতেই ঘৰ গৈ পাম। মাকো ফোনযোগে কথাটো জনাই থ’লো। ২৩-২৫ বছৰীয়া দুয়ো যুৱক কথা-বতৰাত বেচ ভদ্ৰ। গৈ থাকোঁতে তাৰে এজনে কথা-বতৰাত ক’লে যে মোনাবাৰী(বিশ্বনাথ চাৰিআলিৰ আগত) চাহবাগিচাৰ গাতে লাগি থকা বিক্ৰীকেন্দ্ৰত তেওঁলোক দুইজনে চাহপাত কিনিব, তাৰ চাহপাত হেনো খুব ভাল! কথাখিনি জানি ময়ো হয়ভৰ দিলো, দুটামান পেকেট লগতে ময়ো কিনি ল’ম। 

     দুঘণ্টামান পাছতেই দুপৰীয়া সময়ত মোনাবাৰীৰ উক্ত বিক্ৰী কেন্দ্ৰটো গৈ পালোঁ। আটক-ধুনীয়াকৈ সজাই-পৰাই থোৱা বিক্ৰী কেন্দ্ৰ। তাত হাজিৰ হৈয়েই মনটো ভাল লাগি গ’ল। ধুনীয়াকৈ বিবিধ-চাহপাত সজাই থোৱা আছে। গ্ৰিণ-টিৰ পৰা আৰম্ভ কৰি চিটিচি চাহপাতৰ বিভিন্ন ব্ৰেণ্ড। সৰু-সৰু মোনাত আটকধুনীয়াকৈ সজাই থোৱা চাহপাতবোৰ আনকি আপুনি আনকো উপহাৰ হিচাপে দিব পাৰে। এই পথেৰে অৰুণাচল প্ৰদেশলৈ অহা-যোৱা কৰা লোকসকলে ইয়াত চাহপাত কিনাটো প্ৰায় অভ্যাস বুলিব পাৰি৷

     এতিয়া আচল কথালৈ আহোঁ। উক্ত বিক্ৰী কেন্দ্ৰটোত থিয় দি এটা কথা ভাল লাগিল। সকলো কৰ্মী মাৰ্জিত, মাতৃভাষাত কথা কয়। বিক্ৰীকেন্দ্ৰটোত দৈৰ টেকেলীও বিক্ৰীৰ বাবে সজাই থোৱা আছে। মই চাহপাতৰ কেইবাটাও পেকেট কিনি ল’লোঁ, হ’লেও চাহপাতৰ লগত দৈৰ সম্পৰ্কটো বুজি নেপালোঁ। তেওঁলোকে জানিবলৈ দিয়ামতে এক লিটাৰ, আধালিটাৰ মাটিৰ টেকেলি, মলাত ৰখা সেই দৈবোৰ তেওঁলোকৰ বাগানতে প্ৰস্তুত কৰা হয় আৰু দৈখিনি হেনো সম্পূৰ্ণ অৰ্গেনিক। মোৰ আচৰিত হোৱাৰ পাল। ভালকৈ সুধি গম লোৱাত তেওঁলোকে ক’লে যে অকল চাহপাতবোৰেই অৰ্গেনিক নহয়, তেওঁলোকৰ বাগিচাত ৰাসায়নিক সাৰৰ প্ৰয়োগ কৰা নহয় (কথাখিনি বিশ্বাস অবিশ্বাসৰ দোমোজাত)। তেওঁলোকৰ বাগানত থকা ফাৰ্মত যিবোৰ গৰু পুহিছে, সেইবোৰে অনবৰত অৰ্গেনিক ঘাঁহেই খাই থাকে। গতিকে দৈখিনিও অৰ্গেনিক বুলি কৈছে। 

     যিয়েই নহওক, চাহপাতৰ লগতে এক লিটাৰৰ অৰ্গেনিক দৈৰ এটা টেকেলি এটা কিনি আথে-বেথে গাড়ীত বহিলোঁগৈ। অৰ্গেনিক দৈখিনিয়ে  যুৱক দুজনকো বেচ আমোদ দিলে। দুয়ো পাছৰ চিটত মোৰ কোলাত আটোলটোলকৈ বহি অহা টেকেলিটোলৈ মাজে মাজে লক্ষ্য নকৰাও নহয়। বিক্ৰেতাই যিমান জহাই কৈছে, বেচেৰাহঁ‌তৰ চাগৈ অলপ লোভ নলগাও নহয় (হয়তো ঘৰত হোৱা হ’লে চামুচেৰে অলপ চাকি চাবলৈকে দিলোহেঁ‌তেন)! মাক ফোনযোগে চাহপাত আৰু দৈ কিনা কথাটো আগতীয়াকৈ জনালোঁ। নিজা গাড়ীখনৰ দৰে আৰামত বহি অহা বাবেহে দৈখিনি কিনিবলৈ সাহস কৰিলোঁ। আজিকালি বিশ্বনাথ চাৰিআলিৰ পৰা পূৰ্বৰ দুঘণ্টাৰ ঠাইত নতুন ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি তেজপুৰ পাবলৈ মাত্ৰ ৪৫ মিনিটৰ পৰা এঘণ্টা সময়হে লাগে। জীয়াভৰালী নৈৰ দলঙৰ ওপৰত থকা অৱস্থাত গাড়ীৰ চালকৰ আসনত থকা যুৱকে গাড়ীৰ ভিতৰত সুমধুৰ ঘ্ৰাণ পোৱা বুলি উল্লেখ কৰিলে। ইজন যুৱকে হাঁহি হাঁহি ক’লে-“কি হ’ব আৰু! দাদাৰ কোলাত থকা অৰ্গেনিক দৈৰ গোন্ধ আকৌ!” হয়, বন্ধ গাড়ীৰ ভিতৰত দৈৰ আমোল-মোল সুবাস বিয়পি পৰিছে। ময়ো বেচ হাঁ‌হিলোঁ। বিশেষকৈ বিক্ৰেতাই বাৰে বাৰে অৰ্গেনিক বুলি কোৱা শব্দটোৰ বাবে। তেওঁলোকে চাগে অৰ্গেনিক চাহপাতৰ কথা কওঁতে কওঁতে শব্দটোৰ প্ৰয়োগ অভ্যাসে হৈ পৰিছে। 

     পোন্ধৰ মিনিট পাছতেই মোৰ নিদিষ্ট ষ্টপেজ দোলাবাৰী পাওঁতে উৰণীয়া সেঁতুৰ তলেৰে গাড়ীখন আগবঢ়াই দি মোৰ ই-ৰিক্সাখন পোৱাত চালক যুৱকে সুবিধা কৰি দিলে। দুয়ো যুৱকক ধন্যবাদ জনাই গুৱাহাটী ভালে ভালে গৈ পোৱাৰ কামনা কৰিলোঁ। এজনে হাঁ‌হি ক’লে-“দাদা, অৰ্গেনিক দৈৰ টেকেলিটো সাৱধানে নিব কিন্তু।” ই-ৰিক্সাত মোৰ এয়াৰ বেগ আৰু একমাত্ৰ যাত্ৰী হিচাপে থকা মোৰ কোলাত অৰ্গেনিক দৈৰ টেকেলিটো। ঠিক মাকে কোলাত লোৱা কেঁচুৱাটোৰ দৰে যত্ন লৈ ঘৰ পালোগৈ। ঘৰ পাই দুপৰীয়াৰ সাঁজত অৰ্গেনিক দৈৰ বাৰুকৈ জুতি ল’লো। দেউতাই ভাল বুলি চাৰ্টিফিকেট দিয়াত, অৰ্গেনিক দৈৰ কদৰ বাঢ়িল। ময়ো টকলিয়াই টকলিয়াই অৰ্গেনিক দৈৰ সোৱাদ ল’লো।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!