আত্মপাঠ

লেখক- জ্যোতিমণি দেৱী

লিহলিহাই বাঢ়ে কলমৌ লতা
অজানিতে শিপাই খামোচে
পানী হেলচীৰ গা
বাধাহীনতাৰে বাঢ়ি যোৱাৰো যে
কি এক অনিৰ্বচনীয় সুখ!
দুই কৰ্ণকুহৰৰ এৰাল মোকলাই কওঁ
যাঃ! যাগৈ বহুদূৰ।
এন্ধাৰত ৰাউচি জোৰে
কুকুৰৰ জাকে
পুৱা উঠি চাওঁ
হেঁপাহক ৰ’দে পোৰে
বুকুৰ কেঁচেলুৱা ঘা
ৰ’দে তামবৰণীয়া কৰে
বাঢ়ি অহা ক্ষয় ৰোগটোৱে
কপালত ৰেখা আঁকে
নেট খুলি চাৰ্চ কৰোঁ—
ষ্ট্ৰেপট’মাইচিন ইজ এন এণ্টিবায়টিক
ইট কেন ট্ৰিট এগেইন্‌ষ্ট নাম্বাৰ অৱ মাইক্ৰ’বেক্টেৰিয়েল ইনফেক্‌ছন
বাট
ইট হেজ ভেৰিয়াচ চাইদ এফেক্ট
ভেৰিয়াচ চাইদ এফেক্ট
এই যেন আবেগেৰে সাৱটি ওঁঠত ঢালি দিয়া
গৰম স্নেহ চুম্বনটোৱেই
মধুৰ
অথচ লেলাৱতিত বীজাণুৰ ভৰ
কাগজ কলমেৰে ক’ৰবাত বৃত্ত আঁকি
ক’ৰবাত ৰেখা আঁকি
আত্মজ সপোনহঁতক বুজাওঁ–
এবচন শুনিবিহক
ককাই সদায়ে কৈছিল
“য’তে ত’তে নৰ’বি
নাবাঢ়িবি যেনি-তেনি
এনেকৈ বাঢ়
এনে ঠাইত ৰ’
য’ত তই নিৰাপদে থাক”
ষ্ট্ৰেপট’মাইচিন হাতত লৈ মন্ত্ৰপাঠৰ দৰেই বিৰবিৰাওঁ—
“ইট হেজ ভেৰিয়াচ চাইদ এফেক্ট”
ই অপকাৰী বেক্টেৰিয়া মাৰে
ই উপকাৰী বেক্টেৰিয়ায়ো মাৰে,
চ’ উই মাষ্ট ৰিমেমবাৰ ডেট—
“প্ৰিভেনচন ইজ বেটাৰ ডেন কিউৰ।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!