আত্মাত অমৃত

লেখক- পৰিস্মিতা বৰদলৈ

(“সকলো সময়তে শাৰীৰিক স্হিতি লৈ প্ৰেম জীয়াই নাথাকে। প্ৰকৃত প্ৰেম পোৱা-নোপোৱাৰ উৰ্দ্ধত।
There are still some people who fall in without any expectation. But they are often misunderstood or misjudged.
ভাঙি-ছিঙি যোৱাৰ পিছতো যিখিনি ৰৈ যায়, সেইখিনিতে থাকি যায় প্ৰেম। মৰি যোৱাৰ পিছতো যদি কৰবাত কিবা এটা জীয়াই থাকে, বুজিব, সেয়া প্ৰেম।
কোনোবা প্ৰাচীন চহৰত প্ৰেমৰ মূৰ্তি সাজি সাজি কুশলে থাকক ধুনীয়া মানুহবোৰ, প্ৰেমিক মনবোৰ।”_চন্দনা পাঠক)

ক’ৰপৰা কেনেকৈ আৰম্ভ হৈছিল কথাখিনি! ঠিক মনত পৰা নাই। অৱশ্যে অলপ অলপমান মনত আছে। কিন্তু সেই মনত পৰাখিনি আচলতে কি আছিল সেয়া এটায়ো নাজানিছিল সেইসময়ত। দুয়োটা খুব ভাল বন্ধু আছিল। দুয়োটাৰ বাবে দুয়ো সময়ত সকাহ হৈছিল,সাহ হৈছিল আৰু শক্তিও হয়তো মাজেমাজে। কিন্তু ভালপোৱা! ওঁহো মনত নপৰে এটাৰো। ভালপাওঁ বুলিতো কোনোদিনেই কোৱাই নাছিল এটাই আনটোক। মাত্ৰ তাই যেতিয়া হোৱাই নোহোৱাই এসোপামান ল’ৰাৰপৰা প্ৰস্তাৱ পাইছিল,দম বন্ধ হৈ যোৱাৰ উপক্ৰম হৈ তাৰ কাষ চাপিছিল।
: কি হ’ল তোৰ? ইমান ফোপাই-জোপাই আহিছ যে!
: ৰহ অ’ সেইপাতে আজি আকৌ প্ৰ’পোজেল দিছে।
: হাঃহাঃহাঃ। ভালহে যা আকৌ ইয়েচ কৰগৈ। মোৰ মূৰডাল কেলৈ চোবাবলৈ আহিছ।
: হেঃ ৰ না। জানইচোন । প্ৰেম-ত্ৰেম এইসবত মোৰ বিশ্বাস নাই। ভাল ৰিজাল্ট এটা আৰু তাৰপাছত এটা চাকৰি। বিন্দাআআছ লাইফ!
বিন্দাছ শব্দটো কওঁতে তাই আ টোত দীঘলীয়া সুৰ টানিছিল। সি বাকীখিনি শুনিবলৈ ৰৈ থকা নাছিল। চাইকেলখন লৈ কোনোবাখিনি পাইছিলগৈ। তাই খঙতে গুজৰি-গুমৰি ৰৈছিল।

দিনবোৰ বেহিচাপী কিন্তু যথেষ্ট ধুনীয়া আছিল। কোনোধৰণৰ কতৃত্ব নাছিল সঁচা কিন্তু কিবা আপোনমনে এটাই আনটোৰ প্ৰতি যেন কৰ্তব্য কৰি গৈছিল। বান্ধোন নাছিল সঁচা কিন্তু টান এটা সদায়ে ৰৈ গৈছিল। পোৱা-নোপোৱাৰ অংক সিহঁতে কোনোদিনেই নকৰিলে। আনকি তাৰ শৈশৱৰ ক্ৰাছ জনীক লগ কৰাই দিয়াৰ গুৰিতেও তাই আছিল। তাৰ সৰু সৰু লগাবোৰ গোটোৱাত তাই সদায়ে সহায় কৰিছিল আৰু একেদৰে সিও তাইৰ। এনেদৰে দুয়ো দুয়োকে লগাবোৰ বিচাৰি দিয়াত সহায় কৰোঁতে কৰোঁতে কেতিয়া দুয়োটাৰে দুয়োটাক লগা হৈ থাকিল সিহঁতে গমেই নাপালে। যেতিয়া গম পালে তেতিয়ালৈ কথাবোৰ বেলেগ হৈ গৈছিল বহু পৰিমাণে।

এনে নহয় যে সিহঁত অবুজন আছিল। বুজি সকলো পাইছিল দুয়ো। নিজৰ সীমাবদ্ধতাসমূহ,প্ৰাচীৰ খন যিখন ভেদি দুয়োটাই দুয়োকে পাব সঁচা কিন্তু তাৰ বিনিময়ত হেৰুৱাব লাগিব আপোন সকলোকে। আচলতে যুদ্ধ এখন সিহঁতে বিচৰা নাছিল। কিন্তু আচল যুদ্ধ একোখন প্ৰতিনিয়ত চলি থাকিছিল নিজৰ নিজৰ বুকুত,যাৰ উমান কেৱল সিহঁত দুয়োৱেহে পাইছিল।

কত ফাগুন,কত শৰত আৰু কত বসন্তই বাগৰ সলাইছিল। অথচ সিহঁত সলনি হোৱা নাছিল। বাৰটা বছৰ! অৰ্থাৎ মাজৰ এটা যুগ কোনো যোগাযোগ নাছিল দুয়োৰে। সি গুচি গৈছিল অসমৰ বাহিৰলৈ কোচিং কৰিবলৈ। তাই হোমটাউনৰপৰা গুৱাহাটীভিমুখী হৈছিল। অৰকুটত এদিন চাৰ্চ কৰিছিল তাই তাক। তাৰপাছত আৰু নাই। বাদ দিছিল তাই। সিয়ো ব্যস্ততাবোৰক অভ্যাস কৰি লৈছিল। তাৰমাজতে চ’নালী আহিছিল তাৰ জীৱনলৈ। উচ্চল,সপ্ৰতিভ আৰু ডেলহী ইউনিভাৰ্চিটিৰ ব্ৰিলিয়াণ্ট গাৰ্ল চ’নালী। অৰিজিনেলী ওৱেষ্ট বেংগলৰ আছিল তাই। তাইৰ আগ্ৰহত হয়তো কিছুপৰিমাণে সি তাইৰ কাষ চাপিছিল। কিন্তু দিনটো ঘূৰিফুৰি পুনৰ ৰূমত যেতিয়া অকলশৰীয়া হৈ পৰে, খিৰিকীত ওলমি ৰোৱা শীতল স্নিগ্ধ জোনটোৰ মুখখন চায়,আপোনাআপুনি তাইৰ মুখখন ভাঁহি আহে। আচৰিত পাইছিল সি! এনেকুৱা কিয় হয়! কিয়!

আৰু তাই! মাল্টিনেচনেল কোম্পানীৰ এক্সিকিউটিভ অফিচাৰ তাইৰ দিনবোৰো ব্যস্ততাৰেই কাটি গৈছিল। অৱশ্যে আগৰেপৰাই ফ্ৰেণ্ডলী স্বভাৱৰ হোৱা হেতুকে তাইৰ ফ্ৰেণ্ড চাৰ্কলটো যথেষ্ট ডাঙৰেই আছিল। উইকেণ্ডবোৰত তাই বাৰ্থডে’ পাৰ্টি এটেণ্ড,গুৱাহাটীৰ ৰিলেটিভচবোৰৰ ঘৰ ভিজিট আৰু বাকী ফ্ৰী টাইমখিনি দি দিছিল নেটফ্লিক্স নাইবা চচিয়েল মিডিয়াক। চচিয়েল মিডিয়াত ফ’ল’ৱাৰচ বাঢ়িছিল তাইৰ ধাৰাসাৰে। কিন্তু এই বিজি চিডিউলচৰ ফাঁকে-ফাঁকে তাইৰ বুকুৱে যেন আন এক কিবাক অনুসৰণ কৰি ফুৰিছিল। কাকো ক’ব নোৱাৰা,বুজাব নোৱাৰা কথাবোৰ গাপ দি ৰাখিছিল মনৰ মাজতে।
হয়তো সময়বোৰ তেনেকৈয়ে গ’লহেঁতেন। দূৰেদূৰেই ৰ’লহেঁতেন দুয়ো। খবৰো নোলোৱাকৈয়ে থাকিলেহেঁতেন। কিন্তু এনে এছোৱা কালিকা লগা সময় আহিল, যেতিয়া মানুহবোৰ ক্ৰমান্বয়ে একো একোটা খবৰ হ’বলৈ ধৰিছিল। হোৰাহোৰে মানুহবোৰ নাইকিয়া হ’বলৈ ধৰিছিল। মাৰিমৰক, হতাশা, দুৰ্ভিক্ষ! চাৰিওপিনে মৃত্যুৰ প্ৰচ্ছায়া! মৰিশালিত লানি-লানি মৃতদেহ। পুৰিবলৈ জেগা নাই। আগদিনা ঘৰৰপৰা হস্পিতাললৈ যোৱা মানুহজন পাছদিনা নীলা পলিথিনৰ মাজত নুৰ খাই পোনেপোনেই শ্মশানমুখী হয়। আনকি পৰিয়ালৰ কোনো মানুহে চুব নোৱাৰে, চাব নোৱাৰে দিন বা ৰাতিটোৰ ভিতৰতে ‘শ’ হৈ পৰা মানুহজনক। দোকান-পোহাৰ বন্ধ হৈ পৰিল। জাৰী হয় সান্ধ্যআইন। ঘৰে প্ৰতি মানুহ নোহোৱা হোৱাৰ খবৰ। তেনে এক স্থবিৰ সময়তে তাইৰ তালৈ সাংঘাতিকধৰণে মনত পৰে। যেন কিবা এক ভয়ে খুলিখুলি খায়। দিল্লীৰ খবৰবোৰে তাইক ভিতৰি মাৰি পেলায়। সিহঁতৰ ‘ওৱৰ্ক ফ্ৰম হোম’ চলি থকাৰ বাবে ঘৰলৈ গুচি আহে তাই। ঘৰলৈ আহিয়েই অতদিনে যোগাযোগ নকৰা নাম্বাৰটো ডায়েল কৰে। ‘নাম্বাৰ নট ইন ইউজ’ বুলি কয়। তাই চচিয়েল মিডিয়াত বিচাৰে তাক। নাই ফেইচবুক কৰা বহুদিনৰ আগতেই বাদ দিয়ে সি। কথাটো জানিও বলিয়াৰ দৰে বিচাৰি ফুৰে তাই। সন্ধিয়া সময়ত গা-মূৰ তিয়াই গোঁসাইঘৰত সোমায় তাই। মাটিৰ চাকিৰ হালধীয়া পোহৰে ধুমুহাপ্ৰায় হৈ থকা মনটোক অলপমান শান্ত কৰে। বহুদিনৰ মূৰত তাইৰ কণ্ঠেৰে নিগৰে
“কিমতে ভকতি কৰিবো তোমাক হৰি এ
মই মূঢ়মতি নাজানো তাৰ উপায় ৰাম ৰাম।” কঁপি কঁপি যোৱা সুৰটোত হয়তো কান্দোনৰ সুৰ এটাও বিয়পি থাকে। তাই এইমুহূৰ্তত এটা খবৰ বিচাৰে তাৰ। সি ভালে থকাৰ খবৰ! সি কুশলে থকাৰ খবৰ! এই মুহূৰ্তত ইয়াতকৈ বেছি একোৱেই নিবিচাৰে তাই। তাই মূৰ দোঁৱাই থাকোঁতে চকুৰ পানী আৰু তাইৰ ভিজা চুলিৰ পৰা টোপ টোপকৈ পৰা পানীয়ে থাপনাৰ মজিয়া তিয়াই পেলায়। প্ৰাৰ্থনাত বিশ্বাস আছে তাইৰ সৰুৰেপৰাই। তাই জানে একো মিৰাকল কৰিব নোৱাৰিলেও অন্ততঃ প্ৰাৰ্থনাৰ শক্তিয়ে যিকোনো বিপদৰ সৈতে মোকাবিলা কৰাৰ সাহস যোগায়। কিন্তু এইখিনি মুহূৰ্তত কেৱল তাই সি ভালে থকাটো কামনা কৰে। সেয়া কি ভালপোৱা! তাই জানিব নিবিচাৰে,একো বুজিবও নিবিচাৰে। মাত্ৰ বিচাৰে যে সি ভালে থাকক, ভালে ৰাখক তাইৰ প্ৰাৰ্থনাই। সি ভালে থকাটো জৰুৰী, বহুত জৰুৰী।

ক’ৰবাত কিবা এটা ঘটিছিল। কি হৈছিল সিয়ো ঠিক ধৰিব পৰা নাছিল। কিন্তু আত্মাৰপৰা অহা সেই আহ্বানক উপেক্ষা কৰা সিমান সহজো নাছিল। সি গুচি আহিছিল দিল্লীৰপৰা,একেবাৰেই। বাৰটা বছৰ কটোৱাৰ পাছত একেবাৰে অসমলৈ ঘূৰি অহা কথাটো বেলেগৰ বাবে অলপমান আচহুৱা যেনেই আছিল, কিন্তু কিবা এটা আছিল যি তাক বাৰেবাৰে অসমলৈ আহিবলৈ ভিতৰৰপৰা সঁকিয়াই আছিল। তাতে পৰিবেশ পৰিস্থিতিবোৰ নিয়ন্ত্ৰণৰ বাহিৰত আছিল। নিতৌ মাকহঁতৰ খবৰ পাই আছিল ঠিকেই। কিন্তু আৰু কাৰোবাৰ মুখ এখনে সেই সময়ত তাক আমনি কৰিবলৈ লৈছিল। অতবছৰে যাক পাহৰি থকা বুলি নিজকে পতিয়ন নিওৱাৰ চেষ্টা কৰিছিল,বাৰেবাৰে সেইখন মুখেই আহি ধৰা দিবলৈ লৈছিল। আনকি চ’নিয়াৰ দৰে অনিন্দ্য সুন্দৰীৰ চকু চাৎ মাৰি যোৱা উজ্জ্বলতাৰ ওচৰতো সেই স্নিগ্ধ কোমল মুখখন যেন অধিক প্ৰৌজ্জ্বল হৈ পৰিছিল। শৰীৰৰ কান্তিতকৈও যে আত্মাত ঢালি দিয়া অমৃত স্থায়ী আৰু অক্ষত সেই কথা সি মুৰ্হূমুৰ্হূ উপলব্ধি কৰিবলৈ ধৰিলে। অসমৰ মাটিত ভৰি দিয়েই সি আগৰ নাম্বাৰটো সক্ৰিয় কৰিলে আৰু তাইৰ নাম্বাৰটো ডায়েল কৰিলে।

এই অধ্যায়ৰ আৰম্ভণি অলপ বেলেগ ধৰণৰ আছিল। সচৰাচৰ কাহিনীবোৰৰ দৰে সিহঁতৰ মাজত কোনো প্ৰতিশ্ৰুতি নাছিল,কোনো অধিকাৰবোধো নাছিল। অথচ কিবা এটা আছিল যিয়েই দুয়োকে জীয়াই ৰাখিছিল। মহামাৰীৰ সেই নিৰাশাজনক সময়বোৰতে পৰস্পৰৰ বাবে যেন আশাৰ প্ৰদীপ হৈ জ্বলি ৰৈছিল দুয়ো। বাৰ বছৰৰ আগতে কলমত সাফৰ লগোৱা ল’ৰাটোৱে পুনৰ লিখিবলৈ আৰম্ভ কৰিছিল আৰু তাই এদিন তাক আচৰিত কৰি সি কোনোবা যুগতে তাইলৈ বুলি লিখা কবিতা এটা হোৱাটচএপ কৰি পঠিয়াই দিছিল তালৈ। সি আচৰিত হৈছিল। তাতোতকৈও আচৰিত হৈছিল যেতিয়া সি তাইৰ ঘৰলৈ যাওঁতে দেখিছিল স্কুলীয়া দিনতে তাইক দিয়া সৰুসুৰা কিছুমান লাংখালিংখি বস্তুকো তাই সযতনে থৈ দিছে। কথাবোৰ এটায়ো আনটোক নোকোৱাকৈ যেন বুজি উঠিছিল দুয়ো। অথচ কোনেও দাবী কৰা নাছিল একোকে পৰস্পৰৰ ওচৰত। সিহঁতে জানিছিল কেতিয়াবা দায়িত্ববোধ আৰু কৰ্তব্যবোধ,মাক-বাপেকে ৰখা আস্থাবোৰৰ বিপৰীতে অন্তৰৰ অনুভৱবোৰ তীব্ৰ হৈয়ো উহ্য হৈয়ে থাকে। সিহঁতে জানিছিল সম্পৰ্ক এটা নহ’বৰ বাবে কাৰক অনেকেই হ’ব পাৰে,কিন্তু ভালপোৱাৰ বাবে একা! এনে কোনো কাৰক জানো আছে যি ভালপোৱাক ৰুধিব পাৰে! তদুপৰি ভালপোৱাত ভালপাওঁ বুলি কৈ থকাটো জৰুৰী একেবাৰেই নহয়,মাত্ৰ জৰুৰী ভালে থকাটো আৰু ভালে ৰখাটো। ভালপোৱা লগত থাকিলে দুজন মানুহ একেলগে নাথাকিলেও চলি যায়।

সেই দিনবোৰতে এৰাসুঁতি হ’বলৈ ধৰা দুটি সোঁত যেন পুনৰ একেটা সোঁতেৰে ববলৈ ধৰিছিল।
: তোৰ কামবোৰ কেতিয়া আৰম্ভ কৰিবি?
: তাকে কৰিবতো লাগেই। পাছে লকডাউন খুলিলে যদিও পৰিস্থিতি নিয়ন্ত্ৰণলৈ এতিয়াও অহা নাই। এনে অৱস্থাত কাম আৰম্ভ কৰিবলৈ গ’লে নিজৰে বিপদ।
: এৰা!
: তই কেতিয়ালৈ যাবিগৈ?
:যাম আৰু। ইমানদিন ৱৰ্ক ফ্ৰম হোম কৰি কৰি এতিয়া অফিচ যাবলৈকে আখজা লাগিব।
:অকল সেইটোৱেই কাৰণ নে?
: অফকোৰ্চ!নহ’লে আন কি কাৰণ থাকিব পাৰে!
: আৰু?
: আৰু কি? ভালদৰে থাকিবি বচ।
: এইবাৰ আকৌ পাগলী নহৱতো মোৰ খবৰ নাপাই।
: গৰজ পৰিছে!
: সঁচাকৈ?
: চা বাবা এইবোৰ পাতি এতিয়া আৰু কি লাভ ক?
: আমি কোনোদিনেইতো লাভ-লোকচানৰ অংক কৰাই নাছিলো।
: অঁ নাছিলো। কিন্তু বিচৰা কাৰোবাক পায়ো নিজৰ কৰি নোপোৱাৰ কষ্টখিনিয়ে বিন্ধে।
: তই কি ভাব? ভালপালেই মানুহ সদায়ে কি একেলগে থকাটো জৰুৰী নেকি?
: জৰুৰী বুলি নাই কোৱা। কিন্তু কেতিয়াবা অলপমান বেছি কাষত বিচৰা যায়। সঁচাসঁচিকৈয়ে তই মোৰ মূৰটো পিহি দিবি বা তোৰ কঁকাল বিষালে মই মলম লগাই দিম।
: হাঃহাঃহাঃ জমাইছ। কেৱল বাম আৰু মলম লগাবলৈকে মানুহে একেলগে থাকিব লাগে ন?বেলেগ একো আৰ্জ নাথাকে?
: হয়তো থাকে। তই যদি ফিজিকেল আৰ্জৰ কথা কৈছ। সেয়াও প্ৰেক্টিকেলি চাবলৈ গ’লে সঁচা। কিন্তু সেয়াই আল্টিমেট কেতিয়াও নহয়।
: মইতো সেয়াই কৈছো না? আজি তই আৰু মই যদি সেইদৰে কাষ চাপি যাওঁ। সেয়া আমাৰ অভ্যাস হৈ পৰিব। হয়তো বেচ কিছুদিনলৈ আমাৰ এৰিবলৈ কষ্ট হ’ব। কিন্তু সেই কষ্ট সদায়ৰ বাবে নাথাকিব। কিন্তু এই যে বুকুখন খালী হৈ যায় কিন্তু কিবা এটাৰে ভৰি থাকে, এই যে ভাল লাগি থাকে তই আছ বুলি ভাবি কাষতে সেইখিনি কিন্তু সেই ফিজিকেল এটাচমেণ্টৰ বাবে নহয়। ড্যেটচ এ ডিভাইনেল কানেকচন ইন বিটুইন।
: সেইখিনি কথা মই তোৰ দৰেই ভাবোঁ। মাত্ৰ কেতিয়াবা অলপমান আৱেগিক হৈ যাওঁ। ৰিলেশ্যনশ্বিপ বা ব্ৰেকআপ জাতীয় কথাবোৰ আমাৰ মাজত প্ৰযোজ্য নাছিলেই বুলি জানিও কেতিয়াবা আঁতৰি থকাৰ জুয়ে দহে।
: সেইখিনি জানো। সেই দহনখিনি আছে বাবেই জীয়াই থাকি ভাল লাগি আছে। বিয়াই যদি ভালপোৱাৰ শেষ পৰিণতি হ’লহেঁতেন,সুখ হ’লহেঁতেন। তেনেহলে প্ৰতিটো বিবাহিত দম্পতী হ’লহেঁতেন ভালপোৱাৰ প্ৰতীক।
: কিন্তু সেইবুলি তই জানো ক’ব পাৰিবি যে বিবাহিত দম্পতী মাত্ৰেই ভালপোৱা শূন্য।
: আস্ হা,সেইটো কোৱাই নাই মই। মাত্ৰ কথাখিনি বুজাবলৈ চেষ্টা কৰিছোঁ যে বিয়া হ’লেই ভালপোৱা জীয়াই থাকিব বুলি ভবাটো একেবাৰেই ভুল। সেইবুলি বিবাহিত সুখী দম্পতীবোৰো কিন্তু আদৰ্শ।
: কথাবোৰ অলপমান কনফিউজিং। তথাপি অলপ বুজা বুজা যেন লাগিছে। এইযে আমাৰ মাজৰ প্ৰাচীৰবোৰ নথকা হ’লেতো আমিও সুখী দম্পতী হ’লো হয়।
: কথাবোৰ এনেকৈয়ো ভাবিব নোৱাৰিনে যে দম্পতী নোহোৱাকৈও আমি সুখী হ’ব পাৰিম। কথাবোৰ সাধাৰণীকৰণ সকলো ক্ষেত্ৰতে কৰা নাযায় অ’ বান্দৰী।

এৰা! কথাবোৰ সাধাৰণীকৰণ কৰা নাযায় কেতিয়াবা। কিয়নো সকলোৰে ক্ষেত্ৰতে একেষাৰ কথা সমানেই প্ৰযোজ্য নহ’বও পাৰে। নহ’বও পাৰে নহয় আচলতে নহয়েই। জীৱনটো জীয়াই থাকিবলৈ,ঠিকেই থাকিবলৈ প্ৰাথমিক প্ৰয়োজনখিনি হ’লেই হয়। তথাপি মনে কেতিয়াবা অকণমান বেছিকৈ বিচাৰে,সেয়া কিজানি বিলাস নহয়,মনৰ পৰিতৃপ্তি সেয়া,য’ত সুখে বাহৰ পাতে। সুখ বিচাৰি ল’বলৈ অনেকেই নাজানে,অৱশ্যে সুখ নিবিচৰাকৈয়ো কেতিয়াবা নিজে আহি ধৰা দিয়েহিয়েই। এতিয়া অন্ততঃ কথাবোৰ তাই তেনেকৈ ভাবে। এইযে তাই দেউতাকৰ হাৰ্টৰ অসুখটো হোৱাৰেপৰা যিকোনো কথাতেই সাৱধান আৰু সন্ত্ৰস্ত হৈ থকা হ’ল যাতে বাপেকক সৰ্বতো প্ৰকাৰে সুখী কৰি ৰাখিব পাৰে। এইযে নিজাকৈ সুখ বিচাৰি হাহাকাৰ কৰি থকাতকৈ সকলোৰে সুখবোৰত তাই বিচাৰি ল’বলৈ শিকিলে সুখবোৰ,সেয়াও জানো আখৰা নহয় সুখী হৈ থকাৰ! এই সকলোবোৰৰ উপৰিও সুখী হ’ব পৰাকৈ আৰু এটা কাৰণ এতিয়া তাইৰ ওচৰত আছে,থাকিব। সেই কাৰণটোৱেইতো সি। তাই বহুত দেৰিকৈ কথাখিনি বুজি পালে। প্ৰথমে এজনী সাধাৰণ ছোৱালী বা এগৰাকী প্ৰেয়সীৰ দৰেই কথাবোৰ ভাবিছিল তাই। ভাবিছিল তাই তাৰ লগত সংসাৰ এখন কৰিব। সৰু সংসাৰখনত টকা-পইচা হয়তো পৰ্যাপ্ত নাথাকিব। হ’লেও মনৰ জোখাৰে সুখী হ’ব পৰাকৈ সিহঁতৰ ভালপোৱা থাকিব। বন্ধবাৰবোৰত ঘৰৰ কামবোৰ মিলিজুলি কৰিব। নৰমেল ফেমিলিৰ দৰেই সিহঁতৰো সন্তান হ’ব। সিহঁতে সাধ্যানুসাৰে তাক বা তাইক ‘মানুহ’ কৰাৰ প্ৰয়াস কৰিব। বাৰী এখন পাতিব, ফুলনিত ফুলবোৰ ফুলিব। বাৰীৰ ফচলবোৰ চহৰৰ বেপাৰীক বেচিব পৰাকৈ লহপহকৈ বাঢ়িব। লগতে সিহঁতৰ সংসাৰখনো বাঢ়িব লহপহীয়া হৈ। দিনবোৰ এনেকৈয়ে যাব। তাইৰ বিচৰাবোৰ ইয়াতেই সীমিত আছিল। কিন্তু এতিয়া বুজি পাইছে এইবোৰ একো নোহোৱাকৈও দুয়ো দুয়োৰে বাবে থাকিব পাৰি। হ’ব পাৰি সংগী পৰস্পৰৰ আমৃত্যু। কিয়নো আনক কষ্ট দি নিজলৈ সুখ যে আৰ্জিব নোৱাৰি সেইকথা ইতিমধ্যে তাই বুজি উঠিছে। একেধৰণেৰে কথাবোৰ সিয়ো বুজি পাইছে। তাৰ মনত গজালি মেলিছে নিজৰ মাটিত
সেউজীয়া সপোন এটা ৰোপন কৰা। দিল্লী এৰি অহাৰ পাছত এতিয়া নতুনকৈ কৃষিপাম এখন খোলা সপোনটোৱে উক দি উঠিছে। লগত ভায়েক আছেই লগতে তাইৰ প্ৰাৰ্থনাখিনিও ।
কামবোৰ ছিজিল লাগি আহিছিল লাহেলাহে। সি ব্যস্ত হ’বলৈ ধৰিছিল তাৰ নতুন প্ৰজেক্টটোত। উন্নত বীজ সংগ্ৰহ, বীজ সিঁচিবৰ বাবে মাটিৰ পৰীক্ষা, সাৰ প্ৰস্তুতকৰণ, কীটনাশক দ্ৰব্য আহৰণৰপৰা আৰম্ভ কৰি জলসিঞ্চন প্ৰক্ৰিয়াৰ পুংখানুপুংখ অধ্যয়ন সি কৰিছিল। তাৰবাবে কৃষিপামখন গঢ়ি তোলাটো হৈ পৰিছিল চেলেঞ্জ। যিটো চেলেঞ্জ সি নিজকে নিজে দিছিল। অতবছৰে আনৰ তলত কাম কৰি কৰি তাকো অসমৰ মাটিৰপৰি আঁতৰত থাকি তাৰ একপ্ৰকাৰ অনীহা হৈ গৈছিল। অতিমাৰীয়ে কঢ়িয়াই অনা দুৰ্ভিক্ষ, নিবনুৱা সমস্যা আদিয়ে তাক ভিতৰৰপৰা মাৰি আনিছিল। তাৰ বাবে জীয়াই থকাৰ অৱলম্বনৰ প্ৰয়োজনতকৈ গুৰুত্বপূৰ্ণ কথা আছিল জীৱনটোক এটা গতি দিয়া, যিটো গতিৰে গৈ থাকিলে উমলিব পাৰি মুঠি মুঠি সেউজীয়াৰ সৈতে। ব্যস্ততাৰ ফাঁকে ফাঁকেও উমাল এখিনি অনুভৱ আছিল যি তাক বাহিৰে-ভিতৰে সেউজীয়া কৰি ৰাখিছিল। ব্যস্ততাৰ সেই দিনবোৰতে এদিন তাই আহিছিল। তাইৰ হাতত চিঠি এখন আছিল। ‘প্ৰজাপতয়েঃ নমঃ’ লিখা চিঠিখনৰ বাকীখিনি আখৰ সি পঢ়িবলৈ আগ্ৰহ কৰা নাছিল সেইসময়ত। কিন্তু ইয়াকো বুজিছিল সেই সময়ত তাইৰ সেই সিদ্ধান্ত ভুল একেবাৰেই নহয়। তাৰ বাবে তেতিয়া তাৰ সেউজীয়া সপোনটো তেনেই চালুকীয়া আৰু তাইৰ বাবে থুনুকা আছিল দেউতাকৰ কলিজাখন, যি যিকোনো মুহূৰ্ততে স্তব্ধ হৈ যাব পাৰে। আচলতে সেই মুহূৰ্তত তাই গুচি যোৱাৰ বাহিৰে গত্যন্তৰ নাছিল একো। সিহঁতে কিন্তু এটা কথা ঠিকেই বুজিছিল এই আঁতৰি অহা বা গুচি যোৱা এইধৰণৰ কথাবোৰ Formalities মাথোঁ। কিয়নো যিজন ৰৈ যায় তেওঁ আঁতৰিও আঁতৰ নহয়। বুকুত পতা ঘৰখন কি ইমান সহজেই ভাগে!
সকলো ভাগি-ছিগি যোৱাৰ পাছতো ৰৈ যোৱা অস্তিত্বত উশাহবোৰ থাকে আমৃত্যু। এটা সম্পৰ্কৰ শেষ বুলি ক’ব পৰাকৈ সিহঁতৰ মাজত সম্পৰ্ক নাছিলেই, যি আছিল বা থাকিও যাব সেয়া হৈছে অনুভৱ হৃদয়ৰ। অনুভৱবোৰক প্ৰকাশ নকৰিলে বুলিয়েইতো শেষ হোৱা বুলি কৈ দিব পৰা নাযায়।
শেষ মানেই শেষ কেতিয়াও নহয়। প্ৰতিটো শেষৰপৰাই একোটা আৰম্ভণিৰ পাতনি হ’ব পাৰে। প্ৰতিটো আৰম্ভণিৰে শেষ থাকিবই লাগিব বুলি কোনো কথা নাথাকে। আচলতে কিছুমান আৰম্ভণিৰ শেষ নাথাকে।

(প্ৰায় ত্ৰিশ বছৰৰ মূৰত)
নৈখন আপোনমনে বৈ আছে সদায়ৰ দৰেই। নাতিদূৰৈৰ মন্দিৰটোৰপৰা ভাঁহি আহিছে পৱিত্ৰ ঘণ্টাধ্বনি। মন্দিৰৰ চিৰিটোৰে দুয়ো নামি আহিছে। মহিলাগৰাকীয়ে এখন হাত চিৰিটোৰ কাষৰ ৰেলিঙত দি আৰু আনখন হাত মানুহজনৰ হাতত দি নামি আহিছে। এইবাৰ দুয়ো নৈখনৰ ফাললৈকে খোজ লৈছে হাতত ধৰাধৰিকৈ।
: কেতিয়াবা ভাবিছিলানে এনেকৈ আমি লগ পাব পাৰিম কোনোবাদিনা?
:আজি যে তুমি বুলিলি মোক?
: আজি মাতিব নোৱাৰিম নে তেনেকৈ?
: পাৰি পাৰি অ’
: এতিয়া উত্তৰটো দিয়া মই সোধা।
: অঃ লগ পোৱাৰ কথাটো? এই বিষয়ে কেৱল ভবাই নহয় কমল, সম্পূৰ্ণ বিশ্বাস আছিল যে আমি লগ পাম।
: বিশ্বাস? কাৰ ওপৰত?
: সময়ৰ ওপৰত। থাপনাত নিতৌ জ্বলাই অহা বন্তিগছিৰ ওপৰত। আমাৰ ভালপোৱাৰ ওপৰত।
: অত বছৰৰ মূৰতো তোমাৰ সেই বিশ্বাসৰ অলপমানো হেৰফেৰ নহ’ল।
: ওঁহো। নহ’ল। হোৱা হ’লে আমি জানো লগ হ’লোঁ হয় এনেকৈ?
: এৰা!
: আচ্ছা কোৱাচোন তোমাৰ কথা, তোমাৰ পৰিয়ালৰ কথা।
: মোৰ পৰিয়ালত এজনী পত্নী আৰু এহাল ল’ৰা-ছোৱালী।
: (হাঁহি হাঁহি) মানুহ মাৰিবা দেই তুমি! পত্নীতো মানুহৰ এজনীয়েই থাকে। বাৰু ৰ’বা ল’ৰা-ছোৱালীহালৰ কথা কোৱা।
: এৰা! পত্নী এজনীয়েই থাকে। আৰু প্ৰেয়সীয়ো এজনীয়েই থাকে (অলপমান অন্যমনস্ক হৈ)। আচ্ছা ইহঁতহালৰ কথা সুধিছিলা নহয়। পঢ়া-শুনা ল’ৰাটোৱে সম্পূৰ্ণ কৰি চাকৰিৰ বাবে লাগি আছে। ছোৱালীজনীও এইবাৰ ইউনিভাৰ্চিটিত।
: বৰ ভাল লাগিল দিয়া। সিহঁতৰ ভাল হওক। তুমি জানাই। মই মোৰ ‘আলোক’ৰ দৰেই সিহঁত দুটাৰ বাবেও গোঁসাইঘৰত চাকি দিওঁ। তোমাৰ সন্তান মানেই…
: জানো অ’ বান্দৰী। ইমানকৈ নক’লেও বুজোঁ।
: ‘বান্দৰী’ বুলি কিমানদিনৰ মূৰত মাতিলা তুমি!
: সদায়েইতো মাতো। তুমিহে নুশুনা।
: মানে?
: তোমাৰ লগত সদায়েই কথা পাতি থাকোঁ।
: ময়ো।
: হা?
: উম। সঁচাকৈয়ে। দায়িত্ব, কৰ্তব্যৰ মেৰপাকত সোমাই পৰিলেও পাৰ হৈ যোৱা জীৱনটোৰ এটা দিনো এনে নাছিল যিদিনা তোমাক মনত পেলোৱা নাছিলো। আছিল, সংসাৰৰ অনেক লেঠা আছিল। ধুমুহা অনেক গ’ল আৰু আহিল। তাৰমাজতো এচাটি জুৰ মলয়াৰ দৰেই তুমি বা দি থাকিছিলা।
: হয়নে?
: হয়তো। মনত আছেনে আমাৰ চিনাকিৰ পাচৰ প্ৰথমটো ফাগুনতে এখন চিঠি দিছিলা, সেই চিঠিখনত লিখা কথাখিনি মোৰ বাবে জীৱনৰ মহৌষধ হৈ পৰিছিল। তোমাক বাৰেবাৰে সুধি থাকিছিলো ‘লিখা কথাখিনি সঁচানে?’ বুলি। তুমি যিমানেই কোৱা সঁচা বুলি সিমানেই বিশ্বাস বাঢ়ি আহিছিল। কি জানা? যোৱা অতবোৰ বছৰত যেতিয়াই বিপদবোৰৰ সন্মুখীন হৈছোঁ, লুটিয়াই চাইছোঁ তোমাৰ চিঠিখন। কিবা এক সাহস পাওঁ। এনে লাগে যেন তুমি ওচৰতে ৰৈ সাহস দি আছা। সেয়ে সঁচাকৈ কওঁ কোনোদিনেই আঁতৰি থকা যেন নালাগিলেই দেখোন।
: ইমান দিনৰ পাছতো তুমি একেই থাকিলা মই ভবাৰ দৰেই।
: কিয়? নিজেওতো একেই থাকিলা। সংসাৰৰ সকলো দায়িত্ব পালন কৰিও জানো মোক মনত পেলোৱা নাছিলা? অকলে নিজান পৰত চকু মুদিলে মোৰ ছবিখন জানো ভাঁহি অহা নাছিল!
: কেনেকৈ গম পাই যোৱা কথাবোৰ। আগতেও আৰু এতিয়াও।
: নাজানো।
: তেন্তে কি জানা?
: জানো যে কোনো দূৰত্ব কোনোদিনেই আমাৰ মাজত নাছিল। নাথাকিবও। আমি একেলগে নাথাকিও লগেলগেই থাকিলোঁ। কোনেও কাকো প্ৰতাৰণা নকৰাকৈ কেৱল ভালেইতো পালোঁ।
: এনে লগা নাছিল নে মোক ভালপাই হয়তো কাৰোবাৰ প্ৰতি অন্যায় কৰিছা।
: নাছিল মুঠেও। কিয়নো ভালপোৱা মোৰ বাবে সূৰ্যৰ দৰেই। সত্য আৰু শক্তিশালী। যি ভালপোৱাক সূৰ্য বুলি মানিছে, যাৰ সকলো চকুপানী ভালপোৱাৰ সূৰ্যই শুহি লৈ মনৰ আকাশত তৰি দিছে ৰ’দৰ পোহাৰ, কেৱল তেওঁহে জানে ভালপোৱাৰ শক্তি কিমান! এই শক্তি অপাপ, অক্ষয়।
: বুজিছোঁ দিয়া।
: বাৰু উঠিবৰ হ’ল এতিয়া।
: আৰু অলপমান দেৰি নবহা?
: সন্ধিয়া হ’বৰে হ’ল। যাওঁ দিয়া। আজিৰ সন্ধিয়াটো মনত থাকিব জীৱনৰ অন্তিমটো দিনলৈকে।
: হাতখন নিদিয়া তোমাৰ?
তাই হাতখন আগবঢ়াই দিয়ে তেওঁৰ ফাললৈ। নিবিড় মুহূৰ্তকণক পশ্চিমাকাশত ডুব যাব খোজা বেলিটিয়ে চুই যায়। কান্ধ দুখন ভিজি যায় দুয়োৰে চকুলোৰে। সেই স্পৰ্শত পাপ নাথাকে, কোনো কালিমাই চুব নোৱাৰে। নাতিদূৰৈৰ মন্দিৰৰপৰা ভাঁহি অহা সান্ধ্যআৰতীৰ সুৰৰ দৰেই ই পৱিত্ৰ,নিষ্পাপ।

উপসংহাৰঃ গল্পবোৰত সত্য থাকে নে সত্যবোৰেৰে গল্প হয়, সেয়া কথক বা পাঠকৰ উপৰি আৰু কোনে জানে! জানে কৰাল মৰা কলিজাৰ কেঁচা তেজৰ টোপালবোৰে!

(গল্পটো তুলি দিলো প্ৰেমক প্ৰাৰ্থনা আৰু তপস্যা বুলি হৃদয়ত থাপি জীৱনৰ আৰাধনা কৰা প্ৰতিজন ধুনীয়া মানুহৰ হাতত)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!