আদি-ইত্যাদি

লেখক- পৰাগ শইকীয়া

অনুগ্ৰহ কৰি সভ্যতাৰ নামত আপোনাৰ আইক আকৌ এবাৰ ধৰ্ষণ নকৰিব
প্ৰাণৰ মমতাত ৰাজপথত উলংগ হৈ দৌৰোতে
নাৰীৰ অন্তৰত কি জাগে মই নাজানো;
কিন্তু জানো তেনে এগৰাকী নাৰীক মই আই বুলি মাতো।

অনুগ্ৰহ কৰি আপোনালোকৰ সভ্যতাৰ উন্মাদনাত
নিজৰ আইকে ধৰ্ষণ নকৰিব

পত্নীৰ নামত তাজমহল সজোৱা ছাহজাহান
কিমান প্ৰেমিক আছিল মই নাজানো
কিন্তু জানো তাজমহলৰ শুভ্ৰতাৰ আঁৰত
মোৰ পিতাইৰ দৰে এজাক মাটিৰ মানুহৰ
বছৰজোৰা দেহৰ ঘাম আৰু তেজ আছে
আৰু সেই মানুহজাকৰ পানী হোৱা তেজৰ বিনিময়ত
আন এজাক ছাহজাহানে যুগে যুগে নাম কিনে

অনুগ্ৰহ কৰি প্ৰেমৰ নামত নিজৰে পিতাইৰ তেজ বিক্ৰী কৰি
নিজকে ছাহজাহান নসজাব

ধৰ্ম, ভাষা, স্বাধীনতা অথবা ৰাজনীতি
কাক কয় মই নাজানো
মই নাজানো কোনে কাৰ তেজৰ পূজা ভাল পায়
আল্লাই হিন্দুৰ নে ভগৱানে মুছলমানৰ;
মই ইয়াকো নাজানো
কেনেকৈ একেখন চোতালতে দুখন জেওৰা হ’লেহে
আপোনালোকৰ স্বাধীনতা আহে

কিন্তু বুজি পাওঁ
দিনটোৰ হাড়ভঙা শ্ৰমৰ অন্তত:
তেজৰ দামৰ সমান মহঙা কেৰাচিনটোপাৰ পোহৰত
দুমুঠি শুকান ভাতত সৰগ দেখা মানুহজাকৰ বুকুত
আপোনালোকৰ সভ্যতাৰ জটিলতাবোৰ নাথাকে

অনুগ্ৰহ কৰি এই মানুহজাকৰ মাজত
আপোনালোকৰ ধৰ্ম, ৰাজনীতি অথবা স্বাধীনতাৰ বিলাসিতাবোৰ নিসিঁচিব

মাটিৰ মানুহৰ বুকুতেই নিৰলে পৃথিৱী এখন জী আছে
অনুগ্ৰহ কৰি আপোনালোকৰ চলনাৰে মোহাৰি নেপেলাব

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!